পাঠঃ ২ 

পৃথিৱীৰ অভ্য়ন্তৰ ভাগ 


(১) আজিৰ পৰা প্ৰায় কিমান বছৰ আগতে পৃথিৱীখনৰ সৃষ্টি হৈছিল ? 

উত্তৰঃ-- আজিৰ পৰা প্ৰায় ৪৫০ কোটি বছৰ আগতে পৃথিৱীখনৰ সৃষ্টি হৈছিল । 


(২) ভূত্বক কাক বোলে ? 

উত্তৰঃ-- পৃথিৱীৰ উপৰিভাগৰ কঠিন আৱৰণটোক ভূত্বক বুলি কোৱা হয় । 


(৩) পৃথিৱীখনৰ ব্য়াসাৰ্ধ কিমান কিল'মিটাৰ ? 

উত্তৰঃ-- পৃথিৱীখনৰ ব্য়াসাৰ্ধ ৬,৩৭৮ কিল'মিটাৰ । 


(৪) ভূ-বিজ্ঞানীসকলে অনুমান কৰা মতে পৃথিৱীৰ কেন্দ্ৰভাগৰ উত্তাপ কিমান ? 

উত্তৰঃ-- ভূ-বিজ্ঞানীসকলে অনুমান কৰা মতে পৃথিৱীৰ কেন্দ্ৰভাগৰ উত্তাপ ৬০০০॰ চেলছিয়াছতকৈ বেছি । 


(৫) পৃথিৱীৰ পৃষ্ঠৰ পৰা অভ্যন্তৰ ভাগলৈ মূল কেইটা স্তৰ বা তৰপত ভাগ কৰা হৈছে ? 

উত্তৰঃ-- পৃথিৱীৰ পৃষ্ঠৰ পৰা অভ্যন্তৰ ভাগলৈ মূল তিনিটা স্তৰ বা তৰপত ভাগ কৰা হৈছে । 


(৬) এই তিনিটা স্তৰৰ নাম কি ? 

উত্তৰঃ--  এই তিনিটা স্তৰৰ নাম (১) ভূত্বক, (২) গুৰুমণ্ডল, (৩) কেন্দ্ৰ মণ্ডল । 


(৭) ফলক কাক বোলে ? 

উত্তৰঃ-- পৃথিৱীৰ খোলা কেইটামান ভাগত বিভক্ত । ইয়াৰ প্ৰতিটো ভাগক ফলক বোলে । 


(৮) পৃথিৱীৰ মুঠ আয়তনৰ ভূত্বক, গুৰুমণ্ডল আৰু কেন্দ্ৰমণ্ডল কিমান শতাংশৰে আৱি আছে ? 

উত্তৰঃ-- পৃথিৱীৰ মুঠ আয়তনৰ ০.৫ শতাংশ ভূত্বক, ১৬.০ শতাংশ গুৰুমণ্ডল আৰু ৮৩.০ শতাংশ কেন্দ্ৰমণ্ডল । 


(৯) ভূত্বকত থকা মূল পদাৰ্থসমূহ কি কি ? 

উত্তৰঃ-- অক্সিজেন, ছিলিকন, আইৰণ, এলুমিনিয়াম, কেলছিয়াম, ছ'ডিয়াম, পটাছিয়াম, মেগনেছিয়াম আদি । 


(১০) ভূ-ত্বকৰ প্ৰায় কিমান শতাংশ এনেবোৰ পদাৰ্থৰে গঠিত ? 

উত্তৰঃ-- ভূ-ত্বকৰ প্ৰায় ৯৮ শতাংশ এনেবোৰ পদাৰ্থৰে গঠিত ।  


(১১) ভূ-ত্বকৰ ঠিক তলৰ দ্বিতীয় স্তৰটোৰ নাম কি ? 

উত্তৰঃ-- ভূ-ত্বকৰ ঠিক তলৰ দ্বিতীয় স্তৰটোৰ নাম গুৰুমণ্ডল । 


(১২) গুৰুমণ্ডল স্তৰটো প্ৰায় কিমান কিল'মিটাৰ ডাঠ ? 

উত্তৰঃ-- গুৰুমণ্ডল স্তৰটো প্ৰায় ২,৯০০ কিল'মিটাৰ ডাঠ । 


(১৩) কেন্দ্ৰমণ্ডল স্তৰটো প্ৰায় কিমান কিল'মিটাৰ ডাঠ ? 

উত্তৰঃ-- কেন্দ্ৰমণ্ডল স্তৰটো প্ৰায় ৩,৪৮৬ কিল'মিটাৰ ডাঠ । 


(১৪) উৎপত্তি অনুযায়ী শিলক কেই প্ৰকাৰত ভাগ কৰিব পাৰি ? 

উত্তৰঃ--উৎপত্তি অনুযায়ী শিলক তিনি প্ৰকাৰত ভাগ কৰিব পাৰি । 


(১৫) এই তিনি প্ৰকাৰৰ শিলৰ নামসমূহ কি কি ? 

উত্তৰঃ-- এই তিনি প্ৰকাৰৰ শিলৰ নামসমূহ (১) আগ্নেয় শিল, (২) গেদীয় শিল, (৩) ৰূপান্তৰিত শিল । 


(১৬) মাটিৰ জৈৱিক উপাদান বুলিলে সাধাৰণতে কাক বুজায় ? 

উত্তৰঃ-- মাটিৰ জৈৱিক উপাদান বুলিলে সাধাৰণতে হিউমাছক বুজায় । 


(১৭) মাটিত প্ৰধানকৈ কেইটা উপাদান থাকে ? 

উত্তৰঃ-- মাটিত প্ৰধানকৈ চাৰিটা উপাদান থাকে । 


(১৮) সেই চাৰিটা উপাদানৰ নাম কি ? 

উত্তৰঃ-- সেই চাৰিটা উপাদানৰ নাম- মণিক বা খনিজ বা অজৈৱিক পদাৰ্থ, জৈৱিক পদাৰ্থ, পানী আৰু বায়ু । 


(১৯) আয়তন হিচাপে মাটিত সাধাৰণতে কিমান শতাংশ মণিক, জৈৱিক পদাৰ্থ, পানী আৰু বায়ু থাকে ? 

উত্তৰঃ-- আয়তন হিচাপে মাটিত সাধাৰণতে ৪৫ শতাংশ মণিক, ৫ শতাংশ জৈৱিক পদাৰ্থ, ২৫ শতাংশ পানী আৰু ২৫ শতাংশ বায়ু থাকে । 


(২০) পৃথিৱীৰ গৰ্ভ বুলি কাক কোৱা হয় ? 

উত্তৰঃ-- পৃথিৱীৰ গৰ্ভ বুলি কেন্দ্ৰমণ্ডলক কোৱা হয় ।