পাঠ ঃ ৭ 

অসমৰ সম্পদ 


(১) চৰকাৰী তথ্য় অনুসৰি অসমৰ মুঠ মাটিকালিৰ কিমান শতাংশ ঠাই অৰণ্য়ই আগুৰি আছে ? 

উত্তৰঃ চৰকাৰী তথ্য় অনুসৰি অসমৰ মুঠ মাটিকালিৰ ২০.৬ শতাংশ ঠাই অৰণ্য়ই আগুৰি আছে । 


(২) অসমত থকা বিৰল প্ৰজাতিৰ প্ৰাণী কোনবিলাক ? 

উত্তৰঃ  অসমত থকা বিৰল প্ৰজাতিৰ প্ৰাণী হ'ল- হলক, গিবন, নল গাহৰি, সোণালী বান্দৰ আৰু দেওহাঁহ আদি । 


(৩) বাঘ সংৰক্ষণৰ বাবে ক'ত দুটা ব্য়ঘ্ৰ প্ৰকল্প আছে ? 

উত্তৰঃ বাঘ সংৰক্ষণৰ বাবে নামেৰি আৰু মানাহত দুটা ব্য়ঘ্ৰ প্ৰকল্প আছে । 


(৪) ভাৰতবৰ্ষৰ ভিতৰতে আটাইতকৈ অধিক সংখ্যক প্ৰজাতিৰ চৰাইৰ বাসভূমি ক'ত ? 

উত্তৰঃ ভাৰতবৰ্ষৰ ভিতৰতে আটাইতকৈ অধিক সংখ্যক প্ৰজাতিৰ চৰাইৰ বাসভূমি হ'ল অসমত । 


(৫) কিমান চনত ইংৰাজসকলে ভাৰতৰ ভিতৰতে প্ৰথমত ডিগবৈত খাৰুৱা তেলৰ সন্ধান পায় ? 

উত্তৰঃ ১৮৮৯ চনত চনত ইংৰাজসকলে ভাৰতৰ ভিতৰতে প্ৰথমত ডিগবৈত খাৰুৱা তেলৰ সন্ধান পায় ।  


(৬) অসমত অসংখ্য় নদী-উপনদীয়ে ভৰি থকা বাবে অসমক কি বুলি কোৱা হয় ? 

উত্তৰঃ অসমত অসংখ্য় নদী-উপনদীয়ে ভৰি থকা বাবে অসমক নদীমাতৃক দেশ বুলি কোৱা হয় । 


(৭) বৰাক নৈত কেইখন উপনৈ মিলিত হৈছে ? 

উত্তৰঃ বৰাক নৈত ৯ খন উপনৈ মিলিত হৈছে । 


(৮) পৰ্ণপাতী উদ্ভিদ কাক বোলে ? 

উত্তৰঃ বছৰি বৰষুণ প্ৰায় ১০০ৰ পৰা ২০০ ছেণ্টিমিটাৰৰ ভিতৰত হোৱা অঞ্চলসমূহত বসন্তকালত বতৰ শুকান হৈ গছৰ পাত সৰি যায় । এই শ্ৰেণীৰ উদ্ভিদক পৰ্ণপাতী উদ্ভিদ বোলে । 


(৯) অসমৰ প্ৰধান কৃষিজাত দ্ৰব্য় কি ? 

উত্তৰঃ অসমৰ প্ৰধান কৃষিজাত দ্ৰব্য় ধান । 


(১০) ৰাজ্য়খনৰ মুঠ কৃষিভূমিৰ কিমান ভাগ মাটিত ধান খেতি কৰা হয় ?  

উত্তৰঃ ৰাজ্য়খনৰ মুঠ কৃষিভূমিৰ ৬৪.৫২ ভাগ  মাটিত ধান খেতি কৰা হয় । 


(১১) অসমৰ মুখ্য় ধান উৎপাদন অঞ্চল দুটাৰ নাম কি ? 

উত্তৰঃ অসমৰ মুখ্য় ধান উৎপাদন অঞ্চল দুটাৰ নাম ব্ৰহ্মপুত্ৰ আৰু বৰাক ।

 

(১২) ভাৰতৰ অন্য়ান্য় ৰাজ্য়ৰ জনসংখ্য়াৰ তুলনাত অসমৰ স্থান কিমান ? 

উত্তৰঃ  ভাৰতৰ অন্য়ান্য় ৰাজ্য়ৰ জনসংখ্য়াৰ তুলনাত অসমৰ স্থান ১৪তম । 


(১৩) কিমান চনৰ লোকপিয়ল মতে অসমৰ সৰ্বমুঠ জনসংখ্যা ৩,১১,৬৯,২৭২ জন । 

উত্তৰঃ ২০১১ চনৰ লোকপিয়ল মতে অসমৰ সৰ্বমুঠ জনসংখ্যা ৩,১১,৬৯,২৭২ জন । 


(১৪) বৰ্তমান অসমৰ কোন জিলাত সৰ্বাধিক লোকে বাস কৰে ? 

উত্তৰঃ বৰ্তমান অসমৰ নগাঁও জিলাত সৰ্বাধিক লোকে বাস কৰে । 


(১৫) ২০১১ চনৰ লোকপিয়ল মতে অসমৰ জনসংখ্যাৰ ঘনত্ব (প্ৰতি বৰ্গ কিল'মিটাৰত) কিমান ? 

উত্তৰঃ ২০১১ চনৰ লোকপিয়ল মতে অসমৰ জনসংখ্যাৰ ঘনত্ব (প্ৰতি বৰ্গ কিল'মিটাৰত) ৩৯৭ গৰাকী ।