অধ্যয়ন 5

ৰেখা আৰু কোণ

5.1 তোমালোকে ইতিমধ্যে আগৰ শ্ৰেণীত কোণৰ ধাৰণা পাই আহিছা।এতিয়া তলৰ চিত্ৰবোৰ মন কৰা, চিত্ৰবোৰত দেখা কোণবোৰ(সমকোণ, সূম্ক্ষকোণ, স্হলকোণ)চিনাক্ত কৰা।

 


চিত্ৰবোৰ (চিত্ৰ-5.2)চাই নামকৰণ কৰা (সমকোণ, সূক্ষ্মকোণ, স্হলকোণ, প্ৰবৃদ্ধকোণ, ৰেকা, ৰশ্মি, ৰেখাখণ্ড)-

 



5.2.1 কোণ:

            চিত্ৰ 5.4ৰ দুটালৈ মন কৰা। ইয়াত ‘O’ এটা বিন্দু।‘O’ ৰ পৰা দুটা ৰশ্মি OA আৰু OB ৰ উৎপত্তি হৈছে। AOB এটা কোণৰ উদাহৰম, ‘o’ ইয়াৰ শীৰ্ষবিন্দু।



                                                চিত্ৰ 5.4

5.2.2 এটা কোমৰ বিভিন্ন অংশ:

বাহু (Arms): কোণ সৃষ্টি কৰা ৰশ্মি দুটাক কোণটোৰ বাহু বোলে। ওপৰৰ চিত্ৰত AOB ৰ OA    আৰু OB         ক বাহু বুলি কোৱা হয়। কোণ লিখাৰ ক্ষেত্ৰত শীৰ্ষ বিন্দুটো মাজত লিখি্ব যেনে AOB বা BOA

শীৰ্ষবিন্দু (Vertex): দুটা ৰশ্মিয়ে য়িটো সাধাৰণ প্ৰান্তবিন্দুত মিলিত হৈ কোণ গঠন কৰে সেই সাধাৰণ বিন্দুটোৱে কোণটোৰ শাৰ্ষবিন্দু। চিত্ৰ ৫.৪ ৰ<AOB তO  হল শীৰ্ষবিন্দু।

5.3  সংম্পৰ্কিত কোণ:

5.3.1 পূৰক কোণ



মন কৰিবা:কোঠা এয়টাৰ চুকত থকা দুৱাৰ এখন খোলা৩ৰ লগে লগে দুৱাৰখনে দুটা কোণৰ সৃষ্টি কৰে। কোণ দুটাৰ যোগফল সদায় এক সমকোণৰ সমান হয়। এনেদৰে যোতিয়া দুটা কোৰ যোগফল 90০ হয় অৰ্থাৎ এক সমকোণ হয় তেতিয়া কোণ দুটাৰ এটাক আনটোৰ পূৰঁণ কোণ বুলি কোৱা হয়। তলত কেইটামান উদাহৰণ দেখুওৱা হল-





চিত্ৰ (!),(!!)আৰু (!!!)ত থকা কোণ কেইযোৰ পূৰক কোণ।

উদাহৰণ 1: এটা কোণ তাৰ পূৰক কোণৰ সমান। কোণটোৰ জোখ কিমান?

সমাধান:

     ধৰা হল, কোণটো =  X

            গতিকে,     X+X=90

            বা         2X=90

            বা        X=()=45

নিয়ৰ্ণ কোণটো45

উদাহৰণ 2:এটা কোণৰ মাপ তাৰ পূৰক কোণৰ দুগুণ। কোণকেইটা জোখ কিমান?

সমাধান:

     ধৰা হল, নিৰ্ণয় কৰিবলগীয়া কোণ  =X

            Xৰ পূৰক কোণ                      =90-X

     প্ৰশ্নমতে                           X=2(90-X)

            বা                       X=180-2X

     বা                       3X180

নিৰ্ণয় কোণ- =600

5.3.2সম্পূৰক কোণ (Supplementry Angles):

যদি দুটা কোণৰ সমষ্টি 180০ হয়, তেনেহলে কোণ দুটাৰ এটাক আনটোৰ সম্পূৰক কোণ বোলা হয়।



উদাহৰণ 3: এটা কোণৰ মাপ তাৰ সম্পূৰক কোণৰ মাপৰ সমান।কোণটোৰ মাপ কিমান?

সমাধন:

     ধৰা হল কোণটো X

            সম্পূৰক কোণটো হব 180-X

গতিকে,          X = 180-X

বা        X+X =180

বা             2X =180

বা        X =1802=90

নিৰ্ণয় কোণটোৰ মাপ= 90

উদাহৰণ 4এটা কোণৰ মাপ তাৰ সম্পূৰক কোণৰ দুগুণ। কোণটোৰ মাপ কিমান?

সমাধান:

     দৰাহল, এটা কোণ        =X

            ৰ সম্পূৰক কোণটো হব = 180-X

            প্ৰশ্নমতে               x=2(180-x)

            বা             x+2x=360

            বা             3x=360

                                                x=1200

নিৰ্ণয় কোনটো হব= 1200

৫.৩.৩ সন্নিহিত কোণ (Adjacent Angles)

সন্নিহিত কোণ হল নিচেই ওচৰা-ওচৰিকৈ থকা এযোৰ কোণ। এই কোণবোৰ এনেধৰণৰ যে-

সিহঁতৰ এটা সাধাৰণ (বা উমৈহতীয়া)শীৰ্ষ বিন্দু থাকে

সিহঁতৰ এডাল সাধাৰণ ৰশ্মি থাকে।



5.4 ৰৈখিক যুৰীয়া কোণ:

            ৰৈখিক যুৰীয়া কোণ হল এযোৰ সন্নিহত কোণ যাৰ সাধাৰণ বাহুটোৰ বাহিৰে বাকী বাহু দুটাই এডাল ৰেকাৰ সৃষ্টি কৰে অৰ্থাৎ সিহঁত এটা প্ৰান্ত বিন্দুৰ পৰা পৰম্পৰ বিপৰীতমুখী ৰশ্মি। মনত ৰাখিক যোৰ কোণৰ সমষ্টি 180



চিত্ৰ 5.9ত দ্খুৱা যুৰীয়া কোণবোৰৰ ক্ষেত্ৰত, সিহঁত:





 🔷সন্নিহিত, কিয়নো সিহঁতৰ সাধাৰণ ৰশ্মি এডাল আছে।

🔷সম্পূৰক, কিয়নো কোণবোৰ কোণযোৰাৰ সমষ্টি 180

ৰৈখিক যুৰীয়া কোণ, কিয়নো কোণ দুটাৰ সমষ্টি 180 আৰু সাধাৰণ ৰশ্মিডালৰ বাহিৰে বাকী ৰশ্মি দুডাল ৰেখাৰ সৃষ্টি কৰিছে।

উদাহৰণ 5:এযোৰ ৰৈখিক যুৰীয়া কোণৰ এটা কোণ সমকোণ; আনটো কোণৰ মান কিমান?

সমাধান:

     এযোৰ ৰৈখিক যুৰীয়া কোণৰ মাপ 90

     ধৰাহল আনটো কোণৰ মাপ =yஃ

                   ∴90+y=180

                                                বা  y=180-90

                                                =900

অৰ্থাৎ, এযোৰ ৰৈখিক যুৰীয়া কোণৰ এটা কোণ সমকোণ হলে আনটো কোণ =900

উদাহৰণ 6:<PQR আৰু < SQR ৰৈখিক যুৰীয়া কোণ। যদি <PQR=x আৰু <SQR=2X তেন্তে Xৰমান নিৰ্ণয় কৰা লগতে কোণ দুটাৰ জোখ উলিওৱা



                             চিত্ৰ 5.10

সমাধান:

     যিহেতু< PQR আৰু <SQR ৰৈখিক যুৰীয়া কোণ

     <PQR + <SQR = 180

            বা,   4X+2X=180

            বা,   6X   =180

            বা,   X    =1806

     বা,       x          =30

<PQR = 4X = (430)0 = 1200

<SQR = 2X = (230)0 = 600

5.5 বিপ্ৰতীপ কোণ (Vertically Opposite Angles):

            দুডাল ৰেকাই পৰম্পৰ  কটাকটি কৰিলে ছেদবিন্দুত চাৰিটা কোণ উৎপন্ন হয়। সিহঁতৰ বিপৰীতে কোণবোৰক বিপ্ৰতীপ কোণ বোলা হয়।

    🔹 <2 আৰু <4 এযোৰ বিপ্ৰতীপ কোণ।

     🔹<2 আৰু <4 এযোৰ বিপ্ৰতীপ কোণ।

      🔷বিপ্ৰতীপ কোণবোৰ সমান অৰ্থা<1= <3, <2 = <4



                                       

উদাহৰণ 7চিত্ৰ 5.12 ৰ পৰা <xআৰু <yৰ মান নিৰ্ণয় কৰা।



সমাধান :চিত্ৰ 5.12 ৰ পৰা

          x=1500 (বিপ্ৰতীপ কোণ)

একেদৰে,     y  =750(বিপ্ৰতীপ কোণ)

কায:

     কেইখনমান কাৰ্ডত বিভিন্ন জোখৰ কোণ আঁকি লোৱা। দুখন কাৰ্ডৰ কোণ পূৰক বা সম্পূৰক হব। খেলটো খেলিবলৈ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এখনকৈ কাৰ্ড ভগাই লোৱা।

     এজন চাত্ৰই কাৰ্ডখন দেখুৱাই কব- মোৰ হাতত- কোণ (কাৰ্ডত থকা কোণৰ মান কব) আছে। মোৰ পূৰক কোণ (বা সম্পূৰক কোণ) কোণ হবাআন ছাত্ৰ-ছাত্ৰীসকলে নিজৰ নিজৰ কাৰ্ডত পূৰক বা সম্পূৰক কোণ বিচাৰিব। পূৰক বা সম্পূৰক যাৰ লগত থাকে তেওঁ থিয় হৈ ঘোযণা কৰিব মই তোমাৰ পূৰক (বা সম্পূৰক)কোণ ইয়াৰ পাছত আন এজনে তেওঁৰ কাৰ্ডত থকা কোণৰ মাপৰ কথা কব।... এনেদৰে শেষলৈ খেলখন চলি থাকিব।





অনুশীলনী-5.1

1. তলত দিয়া কোণবোৰৰ পূৰক কোণৰ মাপ কিমান?

a) 450     b) 650   c) 410   d) 540

2)  এযোৰ পূৰক কোণৰ মাপৰ পাৰ্থক্য ২২0 হলে কোণবোৰৰ মাপ নিৰ্ণয় কৰা।

3)তলৰ কোণবোৰৰ প্ৰত্যেকৰে  সম্পূৰক কোণৰ মাপবোৰ লিখা।

a)100  b)900     c)550 d)1250

4. এযোৰ সম্পূৰক কোণৰ ডাঙৰ কোণটোৰ মাপ সৰু কোণটোৰ মাপতকৈ 44 বেছি। কোণ দুটাৰ মাপ নিৰ্ণয় কৰা।

৫. PQআৰু RS ৰেখা দুডাল ছেদবিন্দু O, যদি <POQ=500 তেন্তে বাকীবোৰ কোণৰ মাপ নিৰ্ণয় কৰা।



6. চিত্ৰৰ পৰা নিৰ্ণয় কৰা।



7. এটা কোণ নিৰ্ণয় কৰা যিটো তাৰ সম্পূৰক কোণৰ সমান।

8. এটা কোণৰ মাপ তোৰ পূৰক কোণৰ মাপতকৈ 240 বেছি।ষ কোণটোৰ মাপ নিৰ্ণয় কৰা।

9. এটা কোণৰ মাপ তাৰ পূৰক কোণৰ মাপতকৈ 320 কম। কোণটোৰ মাপ নিৰ্ণয় কৰা।

10. এটা কোণ তাৰ পূৰক কোণৰ পাছগুণ। কোণটো নিৰ্ণয় কৰা।

11. এটা কোণ তাৰ সম্পূৰক কোণৰ পাছগুণ। কোণটোৰ মাপ নিৰ্ণয় কৰা।

12. দুটা সম্পূৰক কোণৰ অনুপাত 3:2 হলে কোণ দুটচা নিৰ্ণয় কৰা।

13. দুটা পূৰক কোণৰ অনুপাত 4:5 হলে কোণ দুটা নিৰ্ণয় কৰা।

14. তলৰ চিত্ৰ দুটাৰ পৰা x আৰু নিৰ্ণয় কৰা।



 

15. তলৰ কোণৰ যোৰবোৰৰ পৰা পূৰক কোণৰ যোৰবোৰ চিনাক্ত কৰা:

a)650, 250                 b)630,270         c)1120,680               d)1300,500

16.তলৰ কোণৰ যোৰাবোৰৰ পৰা সম্পূৰক কোণৰ যোৰাবোৰ চিনাক্ত কৰা-

     a)1100,700       b)1630,270       c)1120,680        d)450,450

5.6 ৰেখাৰ যোৰ:

     5.6.1 কটাকটি কৰা ৰেখা (intersecting Lines):

     দুডাল ৰেখাৰ পৰম্পৰ কটাকটি কৰা ৰেখা বুলি কোৱা হব যদি ৰেখা দুডাল এটা মাত্ৰ সাধাৰণ বিন্দু থাকে। ৰেখা দুডাল এই সাধাৰণ বিন্দুটোৱে হল সিহঁতৰ ছেদবিন্দু।



i আৰু m দুডাল পৰম্পৰ কটাকটি কৰা ৰেখা c সিহঁতৰ চেদবিন্দু।

     5.6.2 লম্ব ৰেখা (Perpendicular Lines):

     দুডাল ৰেখাক পৰম্পৰ লম্ব বুলি কোৱা হব যদিহে ৰেখা দুডালে সিহঁতৰ ছেদবিন্দুত 900 বা সমকোণৰ সৃষ্টি কৰে।



টোকা:

     পৰস্পৰ সম্বৰেখাবোৰ সদায় কটাকটি কৰা ৰেখা যদিও, কটাকটি কৰা ৰেখাবোৰ কৰা ৰেখাবোৰ সদায় সম্বৰেখা নহবও পাৰে।

5.6.3 সমান্তৰাল ৰেখা আৰু ছেদক বা তিৰ্যক (Parallel Lines And Transversal):

তোমালোকে সমান্তৰাল ৰেখা কি জানানে?

চিত্ৰ 5.16 লৈ মন কৰাচোন। চিত্ৰসমূহৰ পৰা তোমালোকে ক্ৰিকেট খেলৰ খুঁটিকেইটা বা ৰেলৰ চিৰি যত ৰেলগাড়ী চলাচল কৰে, ফুটবল খেলৰ গল পোষ্ট বা বিজুলী বাতিৰ তাঁৰ নিশ্চয় দেখিছা। ইহঁতৰ মাজত কি



সাদৃশ্য দেখিছাক্ৰিকেট খেলৰ পিটছৰ দুইমূৰৰ খুঁটি বা ৰেলৰ চিৰি লগালগি নহয়। আকৌ ফুটবল খেলৰ গোলপষ্ট বা বিজুলীবাতিৰ তাঁৰে কেতিয়াও কটাকটি নকৰে। এতিয়া সমান্তৰাল হৈ থকা এই বস্ত্তবোৰৰ আলমত সমান্তৰাল ৰেখা, তিৰ্যক আৰু উৎপন্ন হোৱা কোণবোৰৰ বিষয়ে আলোচনা কৰিম।

     5.6.4 সমান্তৰাল ৰেখা (Parallel lines):

          এখন সমতলত থকা দুডাল ৰেকা প্ৰত্যেকে প্ৰত্যেকৰ পৰা সমদূৰত্বত থাকিলে দুডালক পৰস্পৰ সমান্তৰাল ৰেকা বুলি কোৱা হয়। দুডাল সমান্তৰাল ৰেকাই কেতিয়াও কটাকটি নকৰে। সমান্তৰাল বুজাবলৈ ‘||প্ৰতীক ব্যৱহাৰ কৰা হয়।

তলত কিছুমান সমান্তৰাল ৰেখাৰ চিএ দিয়া হল


সমান্তৰাল ৰেখা দুই বা ততোধিক হব পাৰে।

5.6.5 ছেদক (Transversal):



এখন সমতলৰ দুডাল বা তাতোধিক ৰেখাক দুটা বা ততোধিক সুস্পষ্ট বিন্দুত কটাকটি কৰিলে সেই ৰেখাডালক ছেদক বা তিৰ্যক বোলে। সমান্তৰাল বা অসমান্তৰাল যিকোনো ৰেখাৰ ক্ষেত্ৰতে ছেদক পাব পাৰি। দুডাল ৰেখাক এডাল ৰেখাই ছেদ কৰিলে উৎপন্ন হোৱা আঠটা কোণ-



 

এডাল তিৰ্যক বা দুডাল ৰেখাক ছেদ কৰোতে গঠন হোৱা কোণবোৰ তলত দিয়া ধৰণৰ-

কোণৰ প্ৰকাৰ

চিত্ৰত চোৱা

অন্ত:কোণ

<6, <5, <4, <3

বহি:কোণ

<7, <8 <1, <2

অনুৰূপ কোণ

<1আৰু <5, <2 আৰু <6

<4 আৰু <8, <3 আৰু <7

একান্তৰ অন্ত:কোণ

<3 আৰু <6, <4 আৰু <5

একান্তৰ বহি:কোণ

<1 আৰু <8, <2 আৰু <7

তিৰ্যকৰ একেফালৰ অন্ত:কোণ

<3আৰু<5, <4 আৰু <6

 

5.6.6 সমান্তৰাল ৰেখা আৰু ছেদকৰ ধৰ্ম:

এযোৰ সমান্তৰাল ৰেখাক এডাল তিৰ্যকে ছেদ কৰিলে (চিত্ৰ 5.20)তলৰ ধৰ্ম সমূহৰ দেখা যায়-

a)প্ৰত্যেকযোৰা অনুৰূপ কোণ সমান

     <3 = <7,           <4 = <8,           <1 = <5,           <2 = <6        

b) প্ৰত্যেকযু একান্তৰ অন্ত:কোণ সমান।                                          


     <3 = <6,           <4 = <5

c) একেফালৰ অন্ত:কোণ দুটাৰ সমষ্টি 1800 অৰ্থা সম্পূৰক।

            <6 + <5 =1800              <4 + <6 = 1800

5.6.7 সমান্তৰাল সৰলৰেখাৰ পৰীক্ষা :

দুডাল ৰেখাক এডাল ছেদকে কাটিলে ৰেখা দুডাল পৰস্পৰা সমান্তৰাল হব-

যদি ৰেখা দুডালত ছেদক উৎপন্ন কৰা অনুৰূপ কোণযোৰ সমান।

যদি ৰেখা দুডালত ছেদকে উৎপন্ন কৰা একান্তৰ কোণবোৰ সমান।

যদি ৰেখা দুডালত ছেদকে একেফালৰ অন্ত:কোণযোৰ সম্পূৰক।

উদাহৰণ 8: চিত্ৰ (5.21)ত/এডাল ৰেখা। Pহল/ত মথকা এটা বিন্দুষ Pৰে/ৰ সমান্তৰাল কৈ আঁকিব পৰা ৰেখাৰ সংখ্যা

(ক)এডাল

(খ)দুডাল

(গ)অসংখ্যা                                                     


(ঘ)ওপৰৰ এটাও নহয়।

সমাধান: ক)এডাল। চিত্ৰ/এডাল ৰেখাআৰু Pএটা/ত নতকা বিন্দু।Pবিন্দুৰে/ৰ সমান্তৰালকৈ মাত্ৰ এডাল ৰেখা আঁকিব পাৰি।

উদাহৰণ 9: চিত্ৰৰ পৰা প্ৰদও <X কোণটো হব-

     ক)অনুৰূপ কোণ

খ)অন্ত:কোণ                         

 



গ)একান্তৰ অন্ত:কোণ

ঘ)একান্তৰ বহি:কোণ

সমাধান: ঘ) একান্তৰ বহি:কোণ।কাৰণ কোণ দুটা ছেদকৰ বিপৰীত ফালৰ আৰু ইহঁত বহি:কোণ।

উদাহৰণ 10: যদি XY QR যত <4 = 500আৰু তেন্তে <5 = 450কোণ তিনিটা নিৰ্ণয় কৰা।

সমাধানদিয়া আছে XY ∥ QR,<4 = 500আৰু <5 = 450উলিয়াব লাগে <1,<2, আৰু <3

     চিত্ৰৰ পৰা,

     <1 + <4 + <5 = 180(সৰল কোণ)

    ð<1 = 1800 – (<4 + <5)           


            ð< = 180– (<500 + 450)

            ð<1 = 180– 950

                        ð<1 = 850

            XY ∥ QR, PR :  ছেদক

     ð<4 = <2     (একান্তৰ অন্ত:কোণ)

     ð<2 = 500

            XY  QR, PR :  ছেদক

            ð<5 = <3     (একান্তৰ অন্ত:কোণ)

            ð<3 = 450

কাৰ্য 1: সমান্তৰাল ৰেখা আৰু ছ্দক

     কেনেকৈ আগবাঢ়িবা-

∙তোমালোকে পাচঁজনীয়া এটি দল গঠন কৰা।

∙দুডাল সমান্তৰাল ৰেখা কেনেকুৱা আলোচনা কৰা। দুডাল সমান্তৰাল ৰেকা অংকনৰ কৌশল কি সিন্ধান্ত লোৱা।

∙তাৰ পিছত দুডাল সমান্তৰাল ৰেখা আঁকা। সমান্তৰাল ৰেখা দুডালক ছেদ কৰাকৈ তৃতীয় ৰেখাডাল তিৰ্যক বা ছেদক আঁকা।



এতিয়া (চিএ 5.12 ৰ পৰা)

a)        সমান্তৰাল ৰেকা দুডালৰ লগত ছেদকে কিমানটো কোণ উৎপন্ন কৰিলে ?

b)         কোণবোৰক নামকৰণ কৰা। কোনবোৰ কোণ সমান হব নিৰ্ণয় কৰা আৰু কাৰণ দৰ্শোৱা।

কাৰ্য 2: তলৰ ৰেখা কেইযোৰ সমান্তৰাল, নে লম্বভাৱে কটাকটি কৰা, নে কটাকটি কৰা চিনাক্ত কৰা।



অনুশীলনী-5.2

1. তলৰ চিত্ৰত যদি AB∥CD;X,Y আৰু নিৰ্ণয় কৰা।



2. তলৰ চিত্ৰবোৰত আৰু M দুডাল ৰেখা আৰু N ছেদক। কোনয়োৰ ৰেকা পৰস্পৰ সমান্তৰাল।



3. প্ৰদও চিত্ৰৰ পৰা ৰ মাপ নিৰ্ণয় কৰা।



4. চিত্ৰত ∥ m, t ছেদক| x ৰ মান নিৰ্ণয় কৰা।



অুশীলনী-5.3

1. যদি এযোৰ সন্নিহিত কোণ সম্পূৰক, তেন্তে সিহঁত হব-

    a) অনুৰূপ কোণ       b)বিপ্ৰতীপ কোণ

    c)ৰৈখিক যোৰ কোণ    d) এডাল ৰশ্মি

2. যদি দুটা কোণ সম্পূৰক, সিহঁতৰ যোগফল-

    a)900             b)1800          c)3600          d)450

3. যদি দুটা কোণ পূৰক, সিহঁতৰ যোগফল-

    a)450             b)1800          c)900             d)3600

4. যদি ∥ m, তেন্তে <1 = <2 কাৰণ সিহঁত......।

     a)অনুৰূপ কোণ

           


b)বিপ্ৰতীপ কোণ                                                  

            c)একান্তৰ অন্ত: কোণ

            d)সমপূৰক কোণ।

5. চিত্ৰত এযোৰ একান্তৰ অন্ত:কোণ হব..

     a)<1, <3





b)<2, <3                    

            c)<2, <5       

            d)<2,<5

6. যদি ∥ b, c এডাল তিৰ্যক, তেন্তে <y = ?

            A)900

                                                                                                            


B)1250

            C)550

            d)1800

7. যদি ∥ b, c তিৰ্যক, তেন্তে <y = ?

            A)900



B)250

            C)550

            d )350

8. 45ৰ কোণৰ পূৰক কোণৰ মাপ কিমান ?

                                a)1350                        b)250              c)350

 

           

9. তলৰ কোণটো কোণ তাৰ সমপূৰক কোণৰ সমান।

a)300                b)250                c)350                d)450

10. তলৰ কোণটো কোণ তাৰ সম্পূৰক কোমৰ সমান।

a)600                b)900                c)1080              d)এটাও নহয়       

11. যদি ∥ m, c  ছেদক, তেন্তে x নিৰ্ণয় কৰা।

     a)300

                                                                                                            


b)600

            c)900

          d)1800

12.চিত্ৰত ∥ m, c   ছেদক, x ৰ মান নিৰ্ণয় কৰা।

     a)500

                                                  


b)1300

            c)1200

d)1000                       

13.l∥ m, c  ছেদক,ৰ মান নিৰ্ণয় কৰা।

     a)100

            b)200

                                              


c)300

            d)250

14. দুডাল ৰেখা পৰস্পৰ সমদূৰৱৰ্তী হলে সিহঁত হব-।

     a)লম্ব ৰেখা                              b)অ-সমান্তৰাল ৰেখা

     c)কটা কটি কৰা ৰেখা     c)সমান্তৰাল ৰেখা

 


TYPE- BHARAT KALITA 






Post ID : DABP005385