পাঠঃ ২৩ 

নিৰ্বাচন আৰু নিৰ্বাচনী প্ৰক্ৰিয়া 



(১) নিৰ্বাচন কেই প্ৰকাৰৰ ? আৰু কি কি ? 
উত্তৰঃ-- নিৰ্বাচন দুই প্ৰকাৰৰ । আৰু সেইবোৰ হ'ল- (ক) প্ৰত্যক্ষ নিৰ্বাচন আৰু (খ) পৰোক্ষ নিৰ্বাচন । 

(২) প্ৰত্যক্ষ নিৰ্বাচন কাক বোলে ? 
উত্তৰঃ-- যি নিৰ্বাচনত ভোটাৰসকলে পোনপটীয়াভাৱে ভোটদান কৰি প্ৰতিনিধি নিৰ্বাচন কৰে তাকে প্ৰত্যক্ষ নিৰ্বাচন বোলে । 

(৩) পৰোক্ষ নিৰ্বাচন কাক বোলে ? 
উত্তৰঃ-- যি নিৰ্বাচনত ভোটাৰসকলে নিজে অংশ গ্ৰহণ কৰাৰ সলনি তেওঁলোকৰ দ্বাৰা নিৰ্বাচিত প্ৰতিনিধিসকলে নিৰ্বাচনত অংশগ্ৰহণ কৰে তেনে নিৰ্বাচনক পৰোক্ষ নিৰ্বাচন বোলে । 

(৪) গণতন্ত্ৰৰ এক অন্যতম অংগ কি ? 
উত্তৰঃ-- গণতন্ত্ৰৰ এক অন্যতম অংগ হ'ল- ৰাজনৈতিক দল । 

(৫) অসমত বিধানসভাৰ সদস্য়ৰ সংখ্যা কিমান ? 
উত্তৰঃ-- অসমত বিধানসভাৰ সদস্যৰ সংখ্যা ১২৬ জন । 

(৬) বৰ্তমান ক'ত ত্ৰয়োদশ বিধানসভাৰ কাৰ্যকাল চলি আছে ? 
উত্তৰঃ-- বৰ্তমান অসমত ত্ৰয়োদশ বিধানসভাৰ কাৰ্যকাল চলি আছে । 

(৭) অসমত হোৱা প্ৰথম মুখ্যমন্ত্ৰীজনৰ নাম কি ? 
উত্তৰঃ-- অসমত হোৱা প্ৰথম মুখ্যমন্ত্ৰীজনৰ নাম হ'ল- গোপীনাথ বৰদলৈ । 

(৮) ১৯৫০ চনৰ পৰা ১৯৫৭ চনলৈ কোন অসমৰ মুখ্য়মন্ত্ৰী হৈছিল ? 
উত্তৰঃ-- ১৯৫০ চনৰ পৰা ১৯৫৭ চনলৈ বিষ্ণুৰাম মেধি অসমৰ মুখ্যমন্ত্ৰী হৈছিল । 

(৯) তৰুণ গগৈ কিমান চনৰ পৰা কিমান চনলৈ অসমত মুখ্য়মন্ত্ৰী হৈছিল ? 
উত্তৰঃ-- তৰুণ গগৈ ২০০১ চনৰ পৰা ২০১৬ চনলৈ অসমত মুখ্যমন্ত্ৰী হৈছিল । 

(১০) ৰাজ্য়পালে চৰকাৰ গঠনৰ পৰা আমন্ত্ৰণ জনোৱা দলটোৰ নেতাজনক কি হিচাপে নিযুক্তি দিয়ে ? 
উত্তৰঃ-- ৰাজ্য়পালে চৰকাৰ গঠনৰ পৰা আমন্ত্ৰণ জনোৱা দলটোৰ নেতাজনক মুখ্য়মন্ত্ৰী হিচাপে নিযুক্তি দিয়ে । 

(১১) বিধানসভাৰ কাৰ্যকাল কেইবছৰ ? 
উত্তৰঃ-- বিধানসভাৰ কাৰ্যকাল পাঁচ বছৰ । 

(১২) লোকসভাৰ সদস্য়ৰ সংখ্যা কিমান গৰাকী ? 
উত্তৰঃ-- লোকসভাৰ সদস্য়ৰ সংখ্যা ৫৪৫ গৰাকী । 

(১৩) ৰাজনৈতিক দল কেই ধৰণৰ ? 
উত্তৰঃ-- ৰাজনৈতিক দল দুই ধৰণৰ । 

(১৪) সেই দল কেইটাৰ নাম কি ? 
উত্তৰঃ-- সেই দল কেইটাৰ নাম হ'ল- (ক) ৰাষ্ট্ৰীয় দল আৰু (খ) আঞ্চলিক দল । 

(১৫) ৰাষ্ট্ৰীয় দলৰ দুটাৰ নাম লিখা । 
উত্তৰঃ-- ৰাষ্ট্ৰীয় দল দুটাৰ নাম হ'ল- (১) ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু (২) ভাৰতীয় জনতা পাৰ্টি ।