পাঠঃ ২৪ 

গণতন্ত্ৰ আৰু প্ৰচাৰ মাধ্যম 

(১) ঘনশ্যামৰ ঘৰ ক'ত ? 
উত্তৰঃ-- ঘনশ্যামৰ ঘৰ বগৰীবাৰী গাঁৱত । 

(২) ভাৰতবৰ্ষৰ প্ৰথম প্ৰকাশিত বাতৰিকাকতখনৰ নাম কি ? 
উত্তৰঃ-- ভাৰতবৰ্ষৰ প্ৰথম প্ৰকাশিত বাতৰিকাকতখনৰ নাম হ'ল- বেংগল গেজেট । 

(৩) অসমৰ পৰা প্ৰকাশিত প্ৰথম বাতৰি কাকতখনৰ নাম কি ? 
উত্তৰঃ-- অসমৰ পৰা প্ৰকাশিত প্ৰথম বাতৰি কাকতখনৰ নাম হ'ল- অৰুণোদয় । 

(৪) ভাৰতৰ কেইখনমান আন্তৰ্জাতিক খ্যাতিসম্পন্ন বাতৰি কাকতৰ নাম লিখা । 
উত্তৰঃ-- ভাৰতৰ কেইখনমান আন্তৰ্জাতিক খ্যাতিসম্পন্ন বাতৰি কাকতৰ নাম হ'ল- দ্য় টাইমছ অব ইণ্ডিয়া, দ্য হিন্দু, সমাচাৰ, দি টেলিগ্ৰাফ আদি । 

(৫) কাৰ এটা ৰেডিঅ' আছিল ? 
উত্তৰঃ-- ক্ষীৰেণ খুড়াৰ এটা ৰেডিঅ' আছিল । 

(৬) কম্পিউটাৰক অসমীয়াত কি বুলি কোৱা হয় ? 
উত্তৰঃ-- কম্পিউটাৰক অসমীয়াত পৰিকলন যন্ত্ৰ বুলি কোৱা হয় । 

(৭) কম্পিউটাৰ কোনে আৱিষ্কাৰ কৰিছিল ? 
উত্তৰঃ-- কম্পিউটাৰ ছাৰ্লছ বেবেজে আৱিষ্কাৰ কৰিছিল । 

(৮) প্ৰচাৰ মাধ্যমক কি বুলি হয় ? 
উত্তৰঃ-- প্ৰচাৰ মাধ্যমক ৰাইজৰ কণ্ঠ বুলি কোৱা হয় । 

(৯) প্ৰচাৰ মাধ্য়ম কেই প্ৰকাৰৰ ? আৰু কি কি ? 
উত্তৰঃ-- প্ৰচাৰ মাধ্যম দুই প্ৰকাৰৰ । আৰু সেইবোৰ হ'ল- মুদ্ৰিত আৰু ইলেকট্ৰ'নিক । 

(১০) মুদ্ৰিত প্ৰচাৰ মাধ্য়মসমূহ কি কি ? 
উত্তৰঃ-- মুদ্ৰিত প্ৰচাৰ মাধ্যমসমূহ হ'ল- বাতৰিকাকত, আলোচনী, কিতাপ আদি ।  

(১১) ইলেকট্ৰ'নিক মাধ্যমসমূহ কি ? 
উত্তৰঃ-- ইলেকট্ৰ'নিক মাধ্যমসমূহ হ'ল- ৰেডিঅ', টেলিফোন, ম'বাইলফোন, দূৰদৰ্শন, কম্পিউটাৰ, কৃত্ৰিম উপগ্ৰহ আদি । 

(১২) প্ৰচাৰ বুলিলে কি বুজা ? 
উত্তৰঃ-- প্ৰচাৰ হ'ল- যিকোনো খবৰ, আদেশ, অনুদেশ, উপদেশ আদি এজনৰ পৰা আনজনলৈ, এখন ঠাইৰ পৰা আন এখন ঠাইলৈ সম্প্ৰসাৰিত হোৱাকে প্ৰচাৰ বোলে । 

(১৩) কাৰ নেতৃত্বত ওলোৱা দাণ্ডিযাত্ৰাই স্বাধীনতা আন্দোলনত এক অন্য মাত্ৰা প্ৰদান কৰিছিল ? 
উত্তৰঃ-- মহাত্মা গান্ধীৰ নেতৃত্বত ওলোৱা দাণ্ডিযাত্ৰাই স্বাধীনতা আন্দোলনত এক অন্য মাত্ৰা প্ৰদান কৰিছিল । 

(১৪) অতীজত দুৰ্গম অৰণ্য পাৰ হৈ বাতৰি পঠিয়াব লগা হ'লে ক'ত পঠিয়াই দিছিল ? 
উত্তৰঃ-- অতীজত দুৰ্গম অৰণ্য পাৰ হৈ বাতৰি পঠিয়াব লগা হ'লে চৰাইৰ ঠেঙত চিঠি বান্ধি দি উৰুৱাই দিছিল । 

(১৫) কিমান শতিকাত জাৰ্মানীৰ জোহান গুটেনবাৰ্গে ছপাশাল আৱিষ্কাৰ কৰিছিল ? 
উত্তৰঃ-- ১৬ শ শতিকাত জাৰ্মানীৰ জোহান গুটেনবাৰ্গে ছপাশাল আৱিষ্কাৰ কৰিছিল ।