গীতাত যোগৰ ধাৰণাঃ জানযোগ, কৰ্মযোগ আৰু ভক্তিযোগ

অধ্য়ায়ঃ৩


MODEL QUESTION & ANSWER CHAPTER

প্ৰশ্নাৱলীঃ

Short Questions / চমু প্রশ্ন: 

1. What is the literal meaning of Yoga? 

‘যোগ’ শব্দৰ আক্ষৰিক অর্থ কি? 

উত্তৰঃ  'যোগ' শব্দৰ আক্ষৰিক অৰ্থ হল- 'মিলন' বা 'যুক্ত হোৱা'।

2 What is the meaning of Yoga, according to Gita? 

গীতা মতে ‘যোগ’ৰ অৰ্থ কি?

উত্তৰঃ গীতা মতে, 'যোগ'ৰ অৰ্থ হল- জীৱাত্মাৰ লগত পৰমাত্মাৰ মিলন।


3. What is the meaning of Yoga, according to Yoga Philosophy?

যোগ দৰ্শন মতে ‘যোগ’ৰ অৰ্থ কি? 

উত্তৰঃ যোগ দৰ্শন মতে 'যোগ'ৰ অৰ্থ হল- চিত্তবৃত্তি নিৰোধ।

 

4 . What are the three types of Yoga, according to Gita? 

গীতা মতে তিনিটা যোগ কি কি? 

উত্তৰঃ গীতা মতে তিনিটা যোগ হল-জ্ঞানযোগ, কৰ্মযোগ আৰু ভক্তিযোগ।


5 . What are the three types of jnana, according to Gita? 

গীতা মতে তিনি প্ৰকাৰৰ জ্ঞান কি কি? 

উত্তৰঃ গীতা মতে তিনি প্ৰকাৰৰ জ্ঞান হল- তামসিক, ৰাজসিক আৰু সাত্ত্বিক।


6. What is tamasika jnana? 

তামসিক জ্ঞান কাক বোলে? 

উত্তৰঃ যি জ্ঞানৰ দ্বাৰা কোনো ব্য়ক্তি সামগ্ৰিকভাৱে একেটা কামতে নিয়োজিত হৈ থাকে, যি জ্ঞানৰ মাজত সত্য় তত্ত্ব নিহিত নাথাকে আৰু যি জ্ঞান পৰিমাণত অলপীয়া, সেই জ্ঞানক তামসিক জ্ঞান বোলা হয়।


7. What is rajasika jnana? 

ৰাজসিক জ্ঞান কাক বোলে? 

উত্তৰঃ যি জ্ঞানৰ সহায়ত কোনো এজন ব্য়ক্তিয়ে দেখে যে প্ৰতিটো বেলেগ বেলেগ দেহতে একোটাকৈ পৃথক জীৱসত্তা আছে, সেই জ্ঞানকে ৰাজসিক জ্ঞান বোলা হয়।


8. What is sattvika jnana? 

সাত্ত্বিক জ্ঞান মানে কি? 

উত্তৰঃ যি জ্ঞানৰ সহায়ত অসংখ্য় বেলেগ বেলেগ ৰূপলৈ বেলেগ বেলেগ হৈ থকা জীৱসমূহৰ মাজত এটা অবিভিক্ত আধ্য়াত্মিক তত্ত্বক দেখিবলৈ পোৱা যায়, তাক সাত্ত্বিক জ্ঞান বোলা হয়।


9. According to Gita .............. the highest type of jnana. (fill in the blank) 

গীতা মতে ...... হ’ল সৰ্বশ্ৰেষ্ঠ জ্ঞান। (খালী ঠাই পূৰণ কৰা) 

উত্তৰঃ গীতা মতে সাত্ত্বিক হল সৰ্বশ্ৰেষ্ঠ জ্ঞান।


10. What are the two stages of jnana, according to Gita? 

গীতা মতে জ্ঞানৰ দুটা স্তৰ কি কি? 

উত্তৰঃ গীতা মতে জ্ঞানৰ দুটা স্তৰ হল- সকলো জীৱতে এক আত্মা দৰ্শন আৰু নিজৰ আত্মাক সকলো ভূততে দৰ্শন।


11. State any two qualities of jnani as mentioned in Gita. 

গীতাত উল্লেখ কৰা মতে জ্ঞানীৰ দুটা লক্ষণ উল্লেখ কৰা। 

উত্তৰঃ গীতাত উল্লেখ কৰা মতে জ্ঞানীৰ দুটা লক্ষণ হল- 

i) সেই ব্য়ক্তিয়ে জ্ঞানী যিয়ে সমস্ত জীৱৰ মাজত একে পৰমাত্মাৰ উপস্থিতি উপলব্ধি কৰিব পাৰে।

ii) তেৱেঁই প্ৰকৃত জ্ঞানী,যি ব্য়ক্তিয়ে সকলো বস্তু আৰু জীৱৰ মাজত এটা তত্ত্বৰ দৰ্শন কৰে।


12. What do you mean by Brahmi - sthiti?

 ‘ব্রাহ্মী- স্থিতি  মানে কি বুজা? 

উত্তৰঃ আত্মা আৰু পৰমাত্মাৰ একাত্মই ব্ৰহ্মজ্ঞান।মোক্ষ লাভ কৰিলে আত্মা স্বয়ং ব্ৰহ্মৰ লগত লীন হৈ যায় আৰু তেতিয়া ব্ৰহ্মজ্ঞান ব্ৰহ্মস্বৰূপ হৈ পৰে। এনে ব্য়ক্তিয়ে ব্ৰহ্মনিৰ্বাণৰূপ মোক্ষ স্বতঃই প্ৰাপ্ত হয়। ইয়াকে ব্ৰাহ্মীস্থিতি বোলে।


13. What is karma yoga? 

কর্মযোগ কাক বোলে? 

উত্তৰঃ কৰ্মমাৰ্গৰ সহায়ত ঈশ্বৰৰ লগত যুক্ত হোৱাই কৰ্মযোগ। গীতাৰ মুখ্য় উপদেশ হল কৰ্মযোগ। গীতাৰ প্ৰতিপাদিত বিষয় হল নিষ্কাম কৰ্মযোগ, যাক আমি কৰ্মযোগ বুলি জানো।


14. What is jnana yoga? 

জ্ঞানযোগ কাক বোলে?

উত্তৰঃ 

15. What Bhakti yoga? 

ভক্তিযোগ কাক বোলে? 

উত্তৰঃ


16. What is the etymological/ literal meaning of ' Bhakti'? 

‘ভক্তি’ৰ আক্ষৰিক অর্থ কি? 

উত্তৰ 'ভক্তি' শব্দৰ অৰ্থ হৈছে ভজন, অনুৰাগ, পূজা, আৰাধনা, উপাসনা আদি।


17. What is bhakti? 

ভক্তি কাক বোলে? 

উত্তৰঃ ঈশ্বৰৰ প্ৰতি গভীৰ আনুগত্য় আৰু শ্ৰদ্ধাই ভক্তি। ঈশ্বৰৰ ওচৰত একান্তভাৱে, নিঃস্বাৰ্থভাৱে কায়মনোবাক্য় আত্মসমৰ্পন কৰাটোৱে হৈছে ভক্তি।


18. What are the four types of bhakta, according to Gita?

 গীতা মতে চাৰি প্ৰকাৰৰ ভক্ত কোন কোন?

উত্তৰঃ গীতা মতে চাৰি প্ৰকাৰৰ ভক্ত হল- আৰ্ত, অৰ্থাথী, জিজ্ঞাসু আৰু জ্ঞানী।


19. Who is Arta bhakta ? 

আর্ত ভক্ত কাক বোলে?

উত্তৰঃ ৰোগত নিপিড়ীত ব্য়ক্তি নিজৰ ৰোগমুক্তিৰ বাবে ঈশ্বৰ ভক্তি কৰে। এনে ভক্তক আৰ্তভক্ত বোলে। অৰ্থাৎ যি ভক্তই কেৱল ৰোগ বা যন্ত্ৰণাৰ পৰা পৰিত্ৰাণ পোৱাৰ উদ্দেশ্য়ে ঈশ্বৰ ভক্তি কৰে, তাকে আৰ্ত ভক্ত বুলি কোৱা হয়।


20. Who is Artharthi bhakta? 

অর্থার্থী ভক্ত কাক বোলে? 

উত্তৰঃ যি ভক্তই সাংসাৰিক বস্তু বা সম্পত্তিৰ বাবে ঈশ্বৰ ভক্তি কৰে,তাক অৰ্থাৰ্থী ভক্ত বোলে।


21. Who is Jignasu bhakta? 

জিজ্ঞাসু ভক্ত কাক বোলে? 

উত্তৰঃ যি ভক্তই জ্ঞান লাভৰ উদ্দেশ্য় ঈশ্বৰ ভক্তি কৰে। তাকে জিজ্ঞাসু ভক্ত বোলে।


22. Who is Jnani bhakta? 

জ্ঞানী ভক্ত কাক বোলে? 

উত্তৰঃ যিয়ে পৰমেশ্বৰৰ জ্ঞান লাভ কৰি কৃতাৰ্থবোধ কৰে, যি ভক্ত তত্ত্বদৰ্শী, ভগৱানৰ তত্ত্ব যিয়ে জানিছে, তাকে জ্ঞানী ভক্ত বোলে।


23. Who is the best bhakta, according to Gita?

গীতা মতে কোন গৰাকী ভক্ত শ্রেষ্ঠ?

উত্তৰঃ গীতা মতে জ্ঞানী ভক্ত শ্ৰেষ্ঠ।


24. According to Gita, ............ is the best bhakta and dear to God. (Arta / Artharthi / Jignasu / Jnani) 

গীতা মতে ....…...…... হ’ল শ্ৰেষ্ঠ ভক্ত আৰু ভগৱানৰ প্ৰিয়।(আর্ত / অর্থার্থী / জিজ্ঞাসু / জ্ঞানী) 

উত্তৰঃ গীতা মতে জ্ঞানী হল শ্ৰেষ্ঠ ভক্ত আৰু ভগৱানৰ প্ৰিয়।


25. What is ananya bhakti? 

অনন্য ভক্তি কাক বোলে? 

উত্তৰঃ যি ভক্তিত সকলো সময়তে ঈশ্বৰৰ চিন্তা মন নিমগ্ন থাকে, ঈশ্বৰকে পূজা কৰা হয়, শ্ৰদ্ধা কৰা হয়, ঈশ্বৰতে নিজৰ সমস্ত কৰ্ম অৰ্পন কৰি সম্পূৰ্ণৰূপে ঈশ্বৰৰ প্ৰতি অনুৰক্ত থকা হয় তাকে অনন্য় ভক্তি বোলে।


26. Who is ananya bhakta, according to Gita? 

গীতা মতে অনন্য ভক্ত কোন? 

উত্তৰঃ গীতা মতে অনন্য় ভক্ত অৰ্জুন।


27. State one chracteristics of ananya bhakti.

অনন্য ভক্তিৰ এটা লক্ষণ উল্লেখ কৰা।

উত্তৰঃ অনন্য় ভক্তিৰ এটা লক্ষণ হল- অনবৰতে ঈশ্বৰৰ কথা চিন্তা কৰি থকা, তেওঁৰ ভক্তি কৰা,তেওঁ পূজা কৰা আদি।


28. Knowledge, action and love go / do not go hand in hand, according to the Bhagavadgita. 

ভাগবৎগীতাৰ মতে, জ্ঞান, কৰ্ম আৰু প্ৰেমে একেলগে যায় / নাযায়। 

উত্তৰঃ যায়।


 29. How many types of bhaktas are recognised in Gita? 

গীতাত কিমান প্ৰকাৰৰ ভক্তৰ কথা কোৱা হৈছে? 

উত্তৰঃ গীতাত চাৰি প্ৰকাৰৰ ভক্তৰ কথা কোৱা হৈছে।


30. What are the margas of Moksa? 

মোক্ষ লাভৰ মাৰ্গ কেইটা কি কি? 

উত্তৰঃ মোক্ষ লাভৰ মাৰ্গ তিনিটা- জ্ঞানযোগ, কৰ্মযোগ আৰু ভক্তিযোগ।


Broad Questions / ৰচনাধর্মী প্রশ্ন: 

1. What is Yoga, according to Gita ? Explain Gita's concept of yoga.

 গীতা মতে যোগ কাক বোলে? গীতাৰ যোগৰ ধাৰণাটো ব্যাখ্যা কৰা ৷

উত্তৰঃ 'যোগ' শব্দৰ আক্ষৰিক অৰ্থ হল 'মিলন' বা 'যুক্ত হোৱা'।গীতাত যোগ শব্দৰ ব্য়ৱহাৰ জীৱাত্মৰ লগত পৰমাত্মাৰ মিলনৰ অৰ্থত কৰা হৈছে যাৰ ফলত জীৱাত্মৰ দুখ সংযোগৰ বিয়োগ হয়। জীৱাত্মাৰ লগত পৰমাত্মাৰ মিলন ইমানেই গভীৰ যে দুয়ো দুটা নাথাকি এক আৰু অভিন্ন হৈ পৰে যোগত।

            শ্ৰীমদ্ভগৱদগীতা 'যোগ' শব্দ ব্য়াপক অৰ্থত ব্য়ৱহৃত হৈছে আৰু গীতাৰ যোগত ধ্য়ান, জ্ঞান, কৰ্ম আৰু ভক্তিৰ সমন্বয় হৈছে। ধ্য়ানমাৰ্গ সাধনৰ মাৰ্গ যি জ্ঞান, কৰ্ম, ভক্তি এই তিনিটাতে উপস্থিত থাকে। ধ্য়ান মানসিক ক্ৰিয়া হোৱা হেতু ই কৰ্মৰ লগত সম্বন্ধিত, উপাসনা ভগৱানৰ ধ্য়ান বা স্মৃতি হোৱাৰ কাৰণে ই ভক্তিৰ লগত সম্বন্ধিত।গীতাত যোগৰ ব্য়ৱহাৰ পৰমাত্মাৰ লগত মিলনৰ অৰ্থতে হৈছে। গীতা নিৰ্দেশিত যোগত দুখৰ ঐকান্তিক বিয়োগ আৰু অনন্ত আনন্দৰ ঐকান্তিক সংযোগ ঘটে। যোগ ধাৰণা-ধ্য়ান-সমাধি,যোগ স্থিতপ্ৰজ্ঞৰ দ্বন্দাতীত ব্ৰাহ্মী স্থিতি, যোগ নিষ্কাম কৰ্মৰ কৰ্ম কৌশল অৰ্থাৎ কামনাৰহিত কৰ্ম, ভক্তিৰ দ্বাৰা ভগৱততত্ত্বৰ সম্য়ক জ্ঞান আৰু ভগৱত প্ৰৱেশ হল যোগ। গীতা মতে,যোগী হল আদৰ্শ সন্ন্য়াসী, যিয়ে সুখ-দুখ, উষ্ণ-শীত, মান অভিমান আদিত অবিচল থাকে, সমদৃষ্টি আৰু সমবুদ্ধিসম্পন্ন হয়।

            যোগ বুলিলে যি অৱস্থাত যোগাভ্য়াসৰ দ্বাৰা চিত্ত নিৰুদ্ধ হয়, আত্মাই আত্মাক প্ৰত্য়ক্ষ কৰি সন্তোষ লাভ কৰে, যি অৱস্থাত কেৱল শুদ্ধ বুদ্ধিগ্ৰাহ্য় অতিশয় সুখ অনুভৱ কৰা হয়, যি অৱস্থাত স্থিতি লাভ কৰি আত্মাই স্বৰূপৰ পৰা বিচলিত নহয়, সেইৰূপ অৱস্থাই যোগ।      শ্ৰীমদ্ভগৱদগীতাক যোগশাস্ত্ৰ বুলি কোৱা হয়। মনৰ তিনি অৱস্থা জ্ঞানাত্মক, ভাবাত্মক আৰু ক্ৰিয়াত্মক অনুৰূপে গীতাত জ্ঞানযোগ, ভক্তিযোগ আৰু কৰ্মযোগৰ সম্বন্বয় হৈছে। আত্মাৰ বন্ধন অৱস্থা বিনাশ যোগৰ দ্বাৰাই সম্ভৱ। যোগ আত্মাৰ বন্ধাৱস্থাক দূৰ কৰি আত্মাক ঈশ্বৰ অভিমুখী কৰি তুলে। গীতাত জ্ঞান, কৰ্ম আৰু ভক্তিক মোক্ষমাৰ্গ বুলি অভিহিত কৰা হৈছে।

    

2. What is Jnana Yoga, according to Gita? Explain briefly. 

গীতা মতে জ্ঞানযোগ কাক বোলে? চমুকৈ ব্যাখ্যা কৰা।

উত্তৰঃ 'জ্ঞান' হল শাস্ত্ৰ অধ্য়য়নৰ দ্বাৰা উৎপন্ন হোৱা পৰমাত্মাৰ জ্ঞান।ই হল পৰোক্ষ বৌদ্ধিক জ্ঞান। বিজ্ঞান আত্মাৰ সাক্ষাৎ জ্ঞান বা অপৰোক্ষ অভিজ্ঞতা। আত্মা হল ব্ৰহ্ম। শ্ৰদ্ধাৰ দ্বাৰা জ্ঞানৰ উদয় হয়, শ্ৰদ্ধা বা ভক্তি হল জ্ঞানৰ পূৰ্বচৰ্ত। যিয়ে সত্য়ৰ জ্ঞান লাভ কৰিছে তাৰ পৰাও জ্ঞান লাভ কৰিব পাৰি। ঈশ্বৰৰ প্ৰতি ভক্তি, মানৱ সেৱা আদিৰ দ্বাৰাও জ্ঞান লাভ কৰিব পাৰি।   

            গীতাত জ্ঞানযোগৰ ওপৰত অত্য়াধিক গুৰুত্ব দি কোৱা হৈছে যে, জ্ঞানবিহীন যোগ শাৰিৰীক আৰু মানসিক ব্য়ায়াম মাত্ৰ। জ্ঞানহীন যোগত ইন্দ্ৰিয়ক তাৰ বিষয় আসক্তিৰ পৰা কিছু সময়ৰ কাৰণে দূৰত ৰখা যায় যদিও ক্ষন্তেক পিছত ইন্দ্ৰিয়ত আকৌ বিষয়ৰ প্ৰতি আসক্তি জন্মে। এনে বিষয়াসক্তি আত্মজ্ঞানৰ পৰা নিবৃত্ত নহয়। যিদৰে প্ৰজ্জ্বলিত অগ্নি কাঠ খৰিক ভস্মীভূত কৰে,তেনেদৰে জ্ঞানী আত্মাই কৰ্মৰাশিক বিনাশ কৰে। কৰ্মৰ পৰিসমাপ্তি জ্ঞানেৰে হয়, ভৱসংসাৰৰ মায়া-মোহৰ পৰা মুক্তি জ্ঞানেৰে হয়। জ্ঞানেৰে পৰমশান্তি আৰু আনন্দ লভিব পাৰি। জ্ঞান অমৃত সন্মান। জ্ঞানৰ দৰে পবিত্ৰ আন একো নাই। ভক্তৰ ভিতৰতো জ্ঞানীজনেই সৰ্বশ্ৰেষ্ঠ। যিয়ে ঈশ্বৰক জানে তেওঁ ঈশ্বৰৰে আৰাধনা কৰে। শ্ৰীকৃষ্ণ ই জ্ঞানীকে নিজৰ আত্মা বুলি কৈছে। জ্ঞানী পুৰুষ সকলো সময়তে ঈশ্বৰকে সৰ্বজগতত প্ৰত্য়ক্ষ কৰে আৰু সৰ্বজগতক ঈশ্বৰৰূপে প্ৰত্য়ক্ষ কৰে। গতিকে দেখা যায় যে, শ্ৰীমদ্ভগৱতগীতাত জ্ঞানমাৰ্গ বা জ্ঞানযোগ গুৰুত্ব অপৰিসীম।

            জ্ঞানৰ মহত্বৰ সন্দৰ্ভত গীতাত কোৱা হৈছে যে, যেতিয়া মানুহৰ মন-বুদ্ধিত সাত্ত্বিক জ্ঞানৰ প্ৰভাৱ পৰে, তেতিয়া দৈহিক স্বভাৱতো সমবুদ্ধি স্বৰূপ পৰিণাম প্ৰতিবিম্বিত হব আৰম্ভ কৰে। অৰ্থাৎ যেতিয়া বিনম্ৰতা, দম্ভহীনতা, অহিংসা, সহিষ্ণুতা সৰলতা, সদগুৰুৰ সেৱা, শুচিতা বা পবিত্ৰতা, স্থিৰতা, আত্মাসংযম, ইন্দ্ৰিয়াসক্তি পৰিত্য়াগ, অহংভাৱ, ত্য়াগ, জন্ম-মৃত্য়ু-জৰা ব্য়াধিৰ দুখ যে দোষযুক্ত সেই ধাৰণা, বৈৰাগ্য়, পুত্ৰ-পত্নী গৃহ আদিৰ প্ৰতি অনাসক্তি, শুভ-অশুভ ঘটনাৰ প্ৰতি সমভাৱ ঈশ্বৰৰ প্ৰতি অনন্য় ভক্তি, নিৰ্জন ঠাইত বাস কৰা ইচ্ছা, বিষয়াক্ত মানুহৰ সমাগমৰ প্ৰতি অনীহা, আধ্য়াত্মিক জ্ঞানৰ গুৰুত্ব স্বীকাৰ আৰু পৰমতত্ত্বৰ দাৰ্শনিক অনুসন্ধান -এই কুৰিটা গুণক শ্ৰীকৃষ্ণই মোক্ষ প্ৰাপ্তিৰ সাধন বা উপায় 'জ্ঞান' বুলি কৈছে। ইয়াৰ বাহিৰত যি আছে সেই সকলোবোৰ 'অজ্ঞান'। জ্ঞানৰ গুৰুত্ব ব্য়াখ্য়া কৰি গীতাত স্পষ্টকৈ কোৱা হৈছে যে, জগতত জ্ঞানৰ সমান পবিত্ৰ আন একোৱে নাই। পৰমজ্ঞানৰ উপলব্ধি ব্য়ক্তিৰ সমগ্ৰ সাধনাৰ প্ৰতিফলন। যি ব্য়ক্তি নিজৰ সাধনাত সিদ্ধি লাভ কৰে,তেওঁ যথাসময়ত নিজৰ ভিতৰত সেই প্ৰজ্জ্বলিত জ্ঞানৰ জীৱন্ত অনুভূতি লাভ কৰে।


3. What is Yoga , according to Gita ? What are the Yogas? Explain briefly. 


4. Explain Jnanayoga as a path to attain moksa. 

মোক্ষমার্গ হিচাপে জ্ঞানযোগৰ বিষয়ে ব্যাখ্যা কৰা ৷ 

উত্তৰঃ শ্ৰীমদ্ভগৱদগীতাত মোক্ষ লাভৰ মাৰ্গ হিচাপে জ্ঞানযোগৰ কথা উল্লেখ কৰিছে।গীতা মতে,যোগীৰ লক্ষ্য় হল অপৰোক্ষ অনুভূতিৰ দ্বাৰা আত্মোপলব্ধি কৰা।জ্ঞানৰ লক্ষ্য় হল আত্মাৰ ঐক্য়ত বা অভিন্নতাৰ উপলব্ধি।ভগৱান নিজৰ ভক্তক কৃপা কৰি জ্ঞানযোগ প্ৰদান কৰে যাৰ সহায়ত তেওঁলোকে আত্মজ্ঞান লাভ কৰিব পাৰে।ব্ৰহ্মলোক যিদৰে এই জগতৰ হেতু অনুৰূপভাৱে আত্মাও দেহৰ হেতু। গতিকে সমস্ত প্ৰাণীত নিজৰ আত্মাক দৰ্শন আৰু নিজ আত্মাক সমস্ত প্ৰাণীৰ মাজত দৰ্শন কৰা এনে সমদৰ্শীৰ মনোভাৱ অৰ্জন কৰাই প্ৰকৃত জ্ঞান।

                    সাংখ্য় দৰ্শনত জ্ঞানক মোক্ষ লাভৰ সাধন হিচাপে স্বীকাৰ কৰা হৈছে। এই দৰ্শনত চিৎ-অচিৎ, প্ৰকৃতি পুৰুষৰ বিৱেকজ্ঞানকে পৰমজ্ঞান বুলি কোৱা হৈছে। কিন্তু গীতাৰ জ্ঞান ইয়াৰ পৰা পৃথক। গীতাত জ্ঞান মানে সমস্ত আত্মাৰ একতাৰ উপলব্ধি। ইয়াৰ অৰ্থ হল,বিভক্তৰ মাজত অবিভক্ত, অনেকতাৰ মাজত ঐক্য়তা,সমস্ত প্ৰাণীৰ মাজত এক আত্মাৰ স্বৰূপ দৰ্শন কৰাই হল গীতা স্বীকৃত জ্ঞান।জগতত আমি যি বিভিন্নতা লক্ষ্য় কৰো, সেইবোৰ সত্য় নহয়, এই জগতত এটা তত্ত্বই সৰ্বত্ৰ সমৰূপত উপস্থিত আছে। যাৰ মন ব্ৰহ্মত স্থিৰ তেওঁ সকলো ভূততে আত্মাক দৰ্শন কৰে।যি ব্য়ক্তিয়ে এই সমৰূপতা দৰ্শন কৰিব নোৱোৰে, তেওঁ জন্ম-মৃত্য়ুৰ বন্ধনত আৱদ্ধ হয়।আনহাতে, যি ব্য়ক্তিয়ে সকলো বস্তু আৰু জীৱৰ মাজত এটা তত্ত্বৰ দৰ্শন কৰে,তেৱেঁই প্ৰকৃত জ্ঞানী।

        এই জগতত জ্ঞানৰ দৰে পবিত্ৰ আন একো বস্তু নাই।জ্ঞান সকলো যোগৰ পৰিপক্ক ফল। সেৱা ভক্তিৰ পথত সিদ্ধি লাভ কৰাজনে কালক্ৰমত নিজৰ ভিতৰত সেই জ্ঞানৰ আস্বাদ লাভ কৰিব পাৰে। গীতা মতে, যি ব্য়ক্তিয়ে আত্মা আৰু পৰমাত্মাৰ অভিন্নতাৰ জ্ঞান লাভ কৰিব পাৰিছে,তেৱেঁই জীৱন্মুক্ত। কাৰণ এনে জ্ঞান কৈৱল্য় অৰ্থাৎ মোক্ষৰ হেতু।জ্ঞানৰ উপলব্ধিয়েই মানৱ জীৱনৰ সাৰ্থকতা। আত্মা আৰু পৰমাত্মাৰ একাত্মই ব্ৰহ্মজ্ঞান।মোক্ষ লাভ কৰিলে আত্মা স্বয়ং ব্ৰহ্মৰ লগত লীন হৈ যায় আৰু তেতিয়া ব্ৰহ্মজ্ঞান ব্ৰহ্মস্বৰূপ হৈ পৰে। এনে ব্য়ক্তিয়ে ব্ৰহ্মনিৰ্বাণৰূপ মোক্ষ স্বতঃই প্ৰাপ্ত হয়।


5. What is Karma Yoga, according to Gita? Explain briefly. 

গীতা মতে কর্মযোগ কাক বোলে ? চমুকৈ ব্যাখ্যা কৰা। 

উত্তৰঃ শ্ৰীমদ্ভগৱদগীতা এখন কৰ্মযোগ শাস্ত্ৰ।কৰ্মমাৰ্গৰ সহায়ত ঈশ্বৰৰ লগত যুক্ত হোৱাই কৰ্মযোগ।গীতাৰ মুখ্য় উপদেশ হল কৰ্মযোগ। গীতা ৰচনাৰ মূল উদ্দেশ্য়ই আছিল নিষ্ক্ৰিয় আৰু কিংকৰ্তব্য়বিমূঢ় অৰ্জুনক কৰ্মৰ মাহাত্ম্য়ক উপলব্ধি কৰোৱা। শ্ৰীকৃষ্ণই অৰ্জুনক নিৰন্তৰ কৰ্ম কৰিবলৈ উপদেশ দিছে।গতিকে গীতাৰ মূখ্য় বিষয় কৰ্মযোগ বুলি কলে বঢ়াই কোৱা নহব।ড˚ ৰাধাকৃষণে কৰ্মযোগকে গীতাৰ মৌলিক উপদেশ বুলি স্বীকাৰ কৰিছে।

        গীতাৰ মতানুসাৰে কৰ্মই মানুহৰ ধৰ্ম। কৰ্মবিহীন জীৱন-যাপন কোনোপধ্য়েই সম্ভৱ নহয়।কৰ্মবিহীন হৈ মানুহে এক বিন্দুও থাৰিব নোৱাৰে।প্ৰাকৃতিক বা স্বাভাৱিক গুণৰ বাবে মানুহে কৰ্ম কৰে বা কৰিবলৈ বাধ্য় হয়।প্ৰকৃতিৰ পৰিণাম,সত্ত্ব,ৰজঃ আৰু তমোগুণে মানুহক কৰ্ম কৰিবলৈ বাধ্য় কৰায়।মানৱ শৰীৰ ধাৰণ কৰাটোও কৰ্মৰ ওপৰতে নিৰ্ভৰ কৰে।সেইকাৰণে গীতাৰ মতে, কৰ্ম নকৰাতকৈ কৰ্ম কৰাই শ্ৰেয়।গীতাই কৰ্মত্য়াগ বা সন্ন্য়াসৰ উপদেশ দিয়া হোৱা নাই,এই শাস্ত্ৰত কৰ্মক কৰ্ম-সন্ন্য়াসতকৈ শ্ৰেষ্ঠ বুলি স্বীকাৰ কৰা হৈছে।মোক্ষ লাভৰ সাধন বা উপায় কৰ্ম-সন্ন্য়াস নহয়, বৰং লোক-কল্য়াণৰ বাবে সম্পাদিত নিষ্কাম কৰ্মই মোক্ষ লাভৰ উপায়। গীতাৰ কৰ্মযোগত সত্য়প্ৰাপ্তিৰ বাবে কৰ্ম কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।যি কৰ্মই অসত্য় আৰু অধৰ্মৰ বাবে সম্পাদিত হয়,সেই কৰ্ম সফল কৰ্ম নহয়।কৰ্ম কৰোতে কৰ্মফল বা কৰ্মৰ পৰিণামৰ প্ৰতি চিন্তা কৰা উচিত নহয়। সেইকাৰণে গীতাত নিষ্কাম কৰ্মৰ শিক্ষা দি কোৱা হৈছে যে,কৰ্মফলৰ আশা নকৰি আমি কেৱল আমাৰ কৰ্তব্য় কৰ্ম সম্পদান কৰা উচিত।যিয়ে কৰ্মফল ত্য়াগ কৰি কেৱল কৰ্ম কৰি যায় তেৱেঁই প্ৰকৃত কৰ্মযোগী।

                গীতাত নিজ নিজ গুণানুসৰি কৰ্ম কৰাৰ পোষকতা কৰা দেখা যায়।গুণানুসৰি গীতাত চাৰি বৰ্ণৰ কথা পোৱা যায়-ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য় আৰু শূদ্ৰ।মানুহৰ কৰ্ম তেওঁ গুণানুসৰি হোৱা উচিত।সমাজত মানুহৰ গুণ অনুসৰি সকলোৰে কৰ্ম নিৰ্দিষ্ট কৰি দিয়া থাকে।নিজৰ স্বভাৱ অনুসৰি নিজ নিজ কৰ্তব্য় অৰ্থাৎ স্বধৰ্ম পালন কৰা উচিত। নিজৰ গুণ আৰু সামৰ্থ অনুসৰি সকলোৱে নিজ নিজ কৰ্তব্য় কৰি যোৱাটোৱে কৰ্মযোগ।গীতাৰ কৰ্মযোগত কোৱা হৈছে-ব্য়ক্তিয়ে নিজৰ নিয়মত কৰ্মই কৰা উচিত,ইয়াত প্ৰত্য়াখ্য়ান কৰিলে পাপ হয়;মানৱ সমাজৰ ৰক্ষাৰ্থে যুদ্ধ কৰা ক্ষত্ৰিয়ৰ ধৰ্ম।ধৰ্মযুদ্ধতকৈ অৰ্জুনৰ যিদৰে আন কোনো কৰ্তব্য় থাকিব নোৱাৰে,তেনেদৰে নিজৰ স্বধৰ্মতকৈ মানুহৰ আন কোনো ডাঙৰ কৰ্তব্য় নাই।


6. Explain Karmayoga as a path to attain moksa.

মোক্ষমার্গ হিচাপে কর্মযোগৰ বিষয়ে ব্যাখ্যা কৰা । 

উত্তৰঃ

7. What is Bhakti Yoga , according to Gita? Explain briefly. 

গীতা মতে ভক্তিযোগ কাক বোলে? চমুকৈ ব্যাখ্যা কৰা ৷ 

উত্তৰঃ'ভক্তি' শব্দটো 'ভজ' ধাতুত 'ক্তিন্' প্ৰত্য়য় যোগ হৈ উৎপত্তি হৈছে। ভজ ধাতুৰ অৰ্থ হৈছে 'ভজ' বা 'সেৱা কৰা'। গতিকে ভক্তি শব্দৰ অৰ্থ ভজন, অনুৰাগ,পূজা,আৰাধনা,উপাসনা আদি।পাণ্ডিল্য় সূত্ৰত ঈশ্বৰৰ প্ৰতি অনাবিল,একনিষ্ঠ আত্মসমৰ্পনকেই ভক্তি বুলি কোৱা হৈছে।শাণ্ডল্য় ভক্তিসূত্ৰ মতে, ঈশ্বৰৰ প্ৰতি গভীৰ অনুৰক্তিয়ে ভক্তি।নাৰদীয় ভক্তিসূত্ৰ মতে, ঈশ্বৰৰ প্ৰতি থকা পৰম প্ৰেমেই ভক্তি।ঈশ্বৰৰ প্ৰতি গভীৰ আনুগাত্য় আৰু শ্ৰদ্ধাই ভক্তি।ঈশ্বৰৰ ওচৰত একান্তভাৱে,নিঃস্বাৰ্থভাৱে কায়মনোবাক্য়ে আত্মসমৰ্পন কৰাটোৱে হৈছে ভক্তি। ভক্তিৰ যোগেদি ভক্তই ভগৱন্তৰ ওচৰত নিজকে সমৰ্পন কৰি ঐশ্বৰিক আনন্দ লাভ কৰে।

                ভক্তিমাৰ্গ উপনিষদৰ উপাসনাৰ সিদ্ধান্তৰ পৰা নিঃসৃত হৈছে। ভক্তিমাৰ্গ অনুসৰণ কৰিলে সাধকৰ ঐশ্বৰিক অনুভূতি স্বতঃস্ফূৰ্তভাৱে হবলৈ ধৰে। ভক্তিৰ পথ সকলোৰে বাবে মুকলি।জ্ঞানমাৰ্গ কেৱল জ্ঞানীয়ে অবলম্বন কৰিব পাৰে,কৰ্মমাৰ্গ কেৱল কৰ্মীয়ে অনুসৰণ কৰিব পাৰে।কিন্তু ভক্তিমাৰ্গ ধনী-দুখীয়া, জ্ঞানী-মূৰ্খ, উচ্চ-নীচ সকলো স্তৰৰ মানুহে অবলম্বন কৰিব পাৰে।ভক্তিমাৰ্গৰ এই বিশেষত্বই ইয়াক আন আন মাৰ্গতকৈ স্বতন্ত্ৰ মাৰ্গ হিচাপে প্ৰতিষ্ঠা কৰিছে। গীতাত জ্ঞান আৰু ভক্তিৰ নিকট সম্বন্ধৰ কথা কোৱা হৈছে। জ্ঞানতে ভক্তি আৰু ভক্তিতে জ্ঞানৰ বীজ নিহিত আছে। গতিকে জ্ঞান আৰু ভক্তিৰ মাজত কোনো বিৰোধ নাই। প্ৰকৃততে ভক্তিযোগ জ্ঞান আৰু কৰ্মৰ দ্বাৰা অনুপ্ৰাণিত।পৰভক্তি, পৰজ্ঞান আৰু নিষ্কাম কৰ্ম বস্তুতঃ একেই।কাৰণ তিনিওটাৰ অৰ্থ হল নিৰ্বিকল্প অপৰোক্ষ আত্মানুভূতি। ভক্তিৰ সাধাৰণ অৰ্থ ভগৱানৰ ভজন,পূজন,সেৱা, স্মৰণ আদিয়ে ভক্ত আৰু ভগৱানৰ দ্বৈততাৰ ওপৰত নিৰ্ভৰশীল,কিন্তু পৰভক্তিৰ অখণ্ড জ্ঞানানান্দস্বৰূপত ভক্ত আৰু ভগৱান একাকাৰ হৈ পৰে।

        ভক্তিযোগ গীতাৰ আটাইতকৈ লোকপ্ৰিয় তত্ত্ব। অৰ্থাৎ গীতাৰ জনপ্ৰিয়তাৰ মূল কাৰণ ভক্তিতত্ত্ব।যদি গীতাত কেৱল জ্ঞানযোগ বা কেৱল কৰ্মযোগৰ ওপৰত গুৰুত্ব দিয়া হলহেতেন,তেনেহলে আজি গীতা যিদৰে জনপ্ৰিয় হৈছে, সেইটো হলেহেঁতেন নে নাই তাক কব নোৱাৰি। দাৰ্শনিক তিলক তেওঁৰ 'গীতা ৰহস্য়'ত এই কথাটো উল্লেখ কৰি কৈছে,গীতাত যি মধুৰতা, প্ৰেম বা ৰস পৰিপূৰ্ণ হৈ আছে, ই মূলত এই শাস্ত্ৰত প্ৰতিপাদিত ভক্তিামাৰ্গৰে পৰিণাম।

 

8. Explain Bhaktiyoga as a path to attain moksa. 

মোক্ষমার্গ হিচাপে ভক্তিযোগৰ বিষয়ে ব্যাখ্যা কৰা। 

 9 . What are the twenty qualities of jnani, according to Gita? 

গীতা মতে জ্ঞানীৰ কুৰিটা গুণ বা লক্ষণ কি কি? 

উত্তৰঃ জ্ঞানৰ মহত্বৰ সন্দৰ্ভত গীতীত কোৱা হৈছে যে, যেতিয়া মানুহৰ মন-বুদ্ধিত সাত্ত্বিক জ্ঞানৰ প্ৰভাৱ পৰে,তেতিয়া দৈহিক স্বভাৱতো লমবুদ্ধি স্বৰূপ পৰিণাম প্ৰতিবিম্বিত হব আৰম্ভ কৰে। অৰ্থাৎ যেতিয়া বিনম্ৰতা,দম্ভহীনতা, অহিংসা, সহিষ্ণুতা, সৰলতা, সদগুৰুৰ সেৱা, শুচিতা বা পবিত্ৰতা, স্থিৰতা, আত্মাসংযম, ইন্দ্ৰিয়াসক্তি পৰিত্য়াগ, অহংভাৱ ত্য়াগ, জন্ম-মৃত্য়ু-জৰা-ব্য়ধিৰ দুখ যে দোষযুক্ত সেই ধাৰণা, বৈৰাগ্য়, পুত্ৰ-পত্নী-গৃহ আদিৰ প্ৰতি অনাসক্তি, শুভ-অশুভ ঘটনাৰ প্ৰতি সমভাৱ, ঈশ্বৰৰ প্ৰতি অনন্য় ভক্তি, নিৰ্জন ঠাইত বাস কৰা ইচ্ছা, বিষয়াক্ত মানুহৰ সমাগমৰ প্ৰতি অনীহা, আধ্য়াত্মিক জ্ঞানৰ গুৰুত্ব স্বীকাৰ আৰু পৰমতত্ত্বৰ দাৰ্শনিক অনুসন্ধান- এই কুৰিটা গুণক শ্ৰীকৃষ্ণই মোক্ষ প্ৰাপ্তিৰ সাধন বা উপায় 'জ্ঞান' বুলি কৈছে।ইয়াৰ বাহিৰত যি আছে সেই সকলোবোৰ 'অজ্ঞান'।


10. What is Bhakti according to Gita? Explain the nature of Bhakti.

গীতা মতে ভক্তি কাক বোলে? ভক্তিৰ স্বৰূপ ব্যাখ্যা কৰা ৷

 

11. Write a short note on Gita's concept Ananya Bhakti. 

গীতাৰ অনন্য ভক্তি সম্পর্কে এটি চমুটোকা লিখা।

উত্তৰঃ শ্ৰীমদ্ভগৱদগীতাৰ ভক্তিযোগৰ আলোচনাৰ পৰা এইটো স্পষ্ট হৈছে যে গীতাত অনন্য় ভক্তিৰ এক গুৰুত্বপূৰ্ণ স্থান আছে।শ্ৰীকৃষ্ণই অৰ্জুনক স্পষ্টকৈ কৈছে যে,কেৱল অনন্য় ভক্তিৰ দ্বাৰাহে ঈশ্বৰক উপৱব্ধি কৰিব পৰা যায়।ঈশ্বৰৰ তাত্ত্বিক জ্ঞান লাভৰ মাধ্য়ম হল অনন্য় ভক্তি।যি ভক্তিত সকলো সময়তে ঈশ্বৰৰ চিন্তাত মন নিমগ্ন থাকে,ঈশ্বৰকে পূজা কৰা হয়,শ্ৰদ্ধা কৰা হয়,ঈশ্বৰতে নিজৰ সমস্ত কৰ্ম অৰ্পন কৰি সম্পূৰ্ণৰূপে ঈশ্বৰৰ প্ৰতি অনুৰক্ত থকা হয় তাকে অনন্য় ভক্তি বোলা হয়।সমস্ত বিদ্য়াৰ সাৰ হিচাপে সুগভীৰ জ্ঞানৰ ৰূপত ভগৱানে অনন্য় ভক্তিৰ শিক্ষা দিছে।গীতাত কোৱা হৈছে যে,ভগৱতপ্ৰাপ্তিৰ বাবে ভগৱানৰ অনন্য় ভক্তিৰ বাহিৰে আন কোনো ডাঙৰ মাৰ্গ নাই।কেৱল অনন্য় ভক্তিৰ দ্বাৰা ঈশ্বৰ ভক্ত এজনে স্বৰ্গ-অপবৰ্গ আদি সমস্ত সুখ অৰ্জন কৰিব পাৰে। অনন্য় ভক্তিৰে ঈশ্বৰ সেৱা কৰা ব্য়ক্তিয়ে মৃত্য়ু সাগৰকো পাৰ কৰি মোক্ষ লভিব পাৰে।

                ভগৱান শ্ৰীকৃষ্ণই কৈছে যে, যি ব্য়ক্তি তেওঁৰ ঐশ্বৰ্য আৰু যোগৰ বিষয়ে পৰিচিত কেৱল তেৱেঁই অনন্য় ভক্তিৰ প্ৰতি আগ্ৰহী হয়।আধ্য়াত্মিক সিদ্ধি অনন্য় ভক্তিৰ চৰম পৰিণতি। অনন্য় ভক্তিৰ বাবে প্ৰপত্তি অৰ্থাৎ সমৰ্পণ আৰু শৰণাগতি অত্য়ন্ত আৱশ্য়ক। যি ব্য়ক্তিয়ে নিজৰ সকলো কৰ্ম আৰু চিন্তাক ঈশ্বৰত অৰ্পণ কৰে,সেই ব্য়ক্তিৰ সকলো 'যোগক্ষেম' পৰমাত্মাই বহন কৰে।তেওঁ পৰমাত্মাৰ পৰম কৃপাৰে পৰমপদ লাভ কৰে। অনন্য় ভক্ত অৰ্জুনৰ হিতৰ কাৰণে ভগৱান নিজে এই গভীৰ জ্ঞানৰ বিষয়ে অৰ্জুনক বিবৰি কৈছিল। অনবৰত ঈশ্বৰৰ কথা চিন্তা কৰি থকা,তেওঁৰ ভক্তি কৰা, তেওঁ পূজা কৰা আদিয়ে অনন্য় ভক্তৰ লক্ষণ।অনন্য় ভক্তিৰ সৈতে প্ৰেমপূৰ্ণ হৃদয়ৰে ঈশ্বৰৰ উপাসনা কৰিব লাগে।ঈশ্বৰক নমন আৰু মনন কৰিলে মানুহ পবিত্ৰ হৈ যায়।সমস্ত ধৰ্ম আৰু কৰ্মক পৰিত্য়াগ কৰি ঈশ্বৰৰ শৰণাপন্ন হব লাগে।ইয়ে আমাৰ সমস্ত পাপ মোচন কৰি উদ্ধাৰ কৰাত সহায় কৰিব।এইদৰে মন,বচন আৰু কৰ্মৰে-যজ্ঞ-দান-তপৰে,শয়ন-ভজন-ভোজনেৰে ব্য়ক্তিয়ে সেই পৰমপিতা ব্ৰহ্মক সমৰ্পনৰ ভাবেৰে অনন্য় ভক্তিৰে উপাসনা কৰিব লাগে।ইয়াৰ দ্বাৰা তেওঁ পুণ্য় আৰু পাপ কৰ্মৰ পৰা মুক্তি লাভ কৰিব পাৰে।ভগৱতপ্ৰাপ্তিৰ বাবে অনন্য় ভক্তিতকৈ ডাঙৰ আন একো নাই।

             গীতাৰ ভক্তিযোগৰ আলোচনা কৰিলে দেখা যায় যে,ঈশ্বৰ লগত তাদাত্ম্য় সম্বন্ধ স্থাপনৰ বাবে ইয়াত অনন্য় ভক্তিৰ ওপৰত অত্য়ধিক জোৰ দিয়া হৈছে।শ্ৰীকৃষ্ণই কৈছে,কেৱল অনন্য় ভক্তিৰে ঈশ্বৰৰ যথাযথ ৰূপৰ জ্ঞান লাভ কৰিব পাৰি,ঈশ্বৰক দৰ্শন কৰিব পাৰি,ঈশ্বৰক দৰ্শন কৰিব পাৰি আৰু ঈশ্বৰৰ মাজত থকা গভীৰ ৰহস্য়ৰ জ্ঞানত প্ৰৱেশ কৰিব পাৰি।

             


12. What are the four types of Bhakat, according to Gita? Explain the nature of them in bhakti.

চাৰি প্ৰকাৰৰ ভক্ত কি কি? ভক্তিৰ ক্ষেত্ৰত তেওঁলোকৰ স্বৰূপ কি ব্যাখ্যা কৰা। 

13. Explain the ways to attain the highest goal in the Bhagvadgita. 

পৰমাৰ্থ বা মোক্ষ লাভৰ উপায়সমূহ ব্যাখ্যা কৰা। 

14. Is there a synthesis of Jnana, karma and bhakti in the Bhagvadgita? Which one is the appropriate path to attain moksa? Explain in the light of Gita's concept of Yoga. 

ভাগৱগীতাত জ্ঞান, কৰ্ম আৰু ভক্তিৰ সমন্বয় আছে নে? ইয়াৰ ভিতৰত কোনটো মোক্ষ লাভৰ বাবে সঠিক পথ? গীতাৰ যোগতত্ত্বৰ আলমত ব্যাখ্যা কৰা। 

15. How does Gita synthesize jnana, karma and bhakti margas? Explain. 

ভাগৱগীতাত জ্ঞান, কৰ্ম আৰু ভক্তিৰ সমন্বয় কেনেদৰে কৰা হৈছে? ব্যাখ্যা কৰা। 

18. "Karma 'and' Moksa' are not contrast to each other. "Explain the statement from 'Karma yoga' of Bhagavad gita. 

“কৰ্ম’ আৰু ‘মোক্ষ’ পৰস্পৰ বিৰোধী নহয়।” গীতাৰ কৰ্মযোগৰ আলমত উক্তিটো ব্যাখ্যা কৰা।


Explain the significance of the flollowing verse of Bhagabatgita: শ্ৰীমদ্ভগৱদ্‌গীতাৰ তলত দিয়া শ্লোকসমূহৰ তাৎপর্য ব্যাখ্যা কৰাঃ


1. সর্বভূতস্থমাত্মানং সর্বভূতানি চাত্মনি। 

ঈক্ষতে য়োগয়ুক্তাত্মা সর্বত্র সমদর্শনঃ ।। (শ্রীমদ্ভগৱদ্‌গীতা, ৬/২৯)

উত্তৰঃ সৰ্বভূতস্থমাত্মানং সৰ্বভূতানি চাত্মনি।

           ঈক্ষতে য়োগয়ুক্তাত্মা সৰ্বত্ৰ সমদৰ্শনঃ।।

অৰ্থাৎ''এজন প্ৰকৃত যোগীয়ে সকলো জীৱতে মোক দেখা পায় আৰু মোতেই সকলো জীৱক দেখা পায়।প্ৰকৃতে আত্মাজ্ঞানী এজনে পৰমেশ্বৰৰূপে মোকেই সকলোতে দেখা পায়।'' সকলো জীৱতে পৰমাত্মাক দৰ্শন কৰা আৰু পৰমাত্মাতে সকলো বস্তুক দৰ্শন কৰা এটা আনটোৰ পৰিপূৰক। বিশ্বচৰাচৰ জগতৰ ৰূপত ঈশ্বৰ অপৰা অৰ্থাৎ ব্য়ক্ত প্ৰকৃতি। সৰ্বব্য়াপ্ত বায়ু যিদৰে আকাশত স্থিত,তেনেকৈ সমস্ত ভূত বা জীৱ ঈশ্বৰ অৱস্থিত।ভগৱানৰ এই বিৰাট স্বৰূপ দৰ্শনৰ পিছত অৰ্জুনৰ আত্ম-কৰ্ত্য়বৰ জ্ঞান হৈছিল। এইদৰে সমস্ত ভূত বা জীৱত যিয়ে ঈশ্বৰ দৰ্শন কৰে, তেৱেঁই প্ৰকৃত জ্ঞানযোগী। এনে জ্ঞানী পুৰুষ সদায় ঈশ্বৰৰ হৃদয়ত বাস কৰে আৰু তেওঁলোকৰ হৃদয়ত ঈশ্বৰ বাস কৰে। এনে জ্ঞানী সাধু পুৰুষ ঈশ্বৰৰ সেৱা বিহীন একো নুবুজে আৰু ঈশ্বৰেও তেওঁলোকক কেতিয়াও পাহৰি থাকিব নোৱাৰে। জ্ঞানযোগী অৰ্থাৎ জ্ঞানী পুৰুষৰ লগত ঈশ্বৰৰ সৰ্বদা ঘনিষ্ঠ সম্বন্ধ স্থাপিত হয়। জ্ঞানী পুৰুষ কেতিয়াও আধ্য়াত্মিক সম্পৰ্কৰ পৰা আঁতৰত নাথাকে।সেয়ে জ্ঞানী পুৰুষ ঈশ্বৰৰ বাবে আটাইতকৈ প্ৰিয়।


2. ৱিদ্যাৱিনয়সম্পন্নে ব্রাহ্মণে গৱি হস্তিনি।  

শুনি চৈৱ শ্বপাকে চ পণ্ডিতাঃ সমদর্শিনঃ ।। (শ্ৰীমদ্ভগৱদ্গীতা, ৫/১৮)

উত্তৰঃ ৱিদ্য়াৱিনয়সম্পন্নে ব্ৰাহ্মণে গৱি হস্তিনি।

            শুনি চৈৱ শ্বপাকে চ পণ্ডিতাঃ সমদৰ্শিনঃ।।

অৰ্থাৎ ''যথাৰ্থ জ্ঞানসম্পন্ন বিনয়ী পণ্ডিতসকলে বিদ্বান আৰু সুশীল ব্ৰাহ্মণসকলক, গৰু, হাতী,কুকুৰ আৰু চণ্ডালসকলকো সমদৃষ্টিৰে চায়।''যিয়ে ঈশ্বৰৰ জ্ঞান আৰু বিজ্ঞান লাভ কৰিছে তেওঁ মাটি, পাথৰ আৰু স্বৰ্ণক সমান দৃষ্টিৰে চায়, তেওঁ শত্ৰু আৰু মিত্ৰক,পাপী আৰু পুণ্য়াত্মাক সমদৃষ্টিৰে চায়।কাৰণ জ্ঞানযোগীয়ে এইটো জানে যে, সকলো জীৱতে একেই পৰমাত্মা বিৰাজ কৰে। প্ৰত্য়েক জীৱৰ হৃদয়ত একেই পৰমাত্মাই বাস কৰে। পৰমসত্তা সম্পৰ্কীয় এই জ্ঞান যথাৰ্থ জ্ঞান।এইটো ঠিক যে, সকলো জীৱৰ শৰীৰ একে নহয়,তেওঁলোকৰ মাজত গঠনগত পাৰ্থক্য় আছে। কিন্তু শাৰীৰিক এই পাৰ্থক্য় প্ৰাকৃতিক গুণৰ কাৰণে হয়,শৰীৰৰ ভিতৰত যি আত্মাৰ বাস কৰে সেই আত্মা পৰমাত্মাৰ দৰে আধ্য়াত্মিক গুণৰ অধিকাৰী। জ্ঞানী পুৰুষ এই তথ্য় সম্পৰ্কে জ্ঞাত,সেয়ে তেওঁ সমদৰ্শী হয়।ব্য়ক্তিৰ আত্মা লিংগগত ভেদ অনুসৰি কোনো বিশেষ শৰীৰত উপস্থিত থাকে, কিন্তু পৰমাত্মা প্ৰত্য়েক শৰীৰত সমানভাৱে থাকে। জ্ঞানযোগীৰ ব্য়ক্তি-আত্মা আৰু পৰমাত্মা সম্পৰ্কীয় পূৰ্ণ জ্ঞান থাকে,আত্মা আৰু পৰমাত্মা উভয়েই যে চেতন, শাশ্বত আৰু আনন্দয় এই জ্ঞান জ্ঞানযোগীয়ে লাভ কৰে।পাৰ্থক্য় কেৱল এয়ে যে, আত্মা কেৱল এটা শৰীৰৰ ভিতৰত সচেতন থাকে আৰু পৰমাত্মা সকলো শৰীৰতে সচেতন থাকে। পৰমাত্মা বাসুদেৱ সৰ্বব্য়াপী আৰু সৰ্বাত্মক সত্তা। 


3. তেষাং জ্ঞানী নিতাযুক্ত একভক্তিবিশিষ্যতে। 

প্রিয়ো হি জ্ঞানিনোহত্যৰ্থমহং স চ মম প্ৰিয়ঃ ।। (শ্রীমদ্ভগৱদ্‌গীতা, ৭/১৭) 

উত্তৰঃ তেষাং জ্ঞানী নিতাযুক্ত একভক্তিবিশিষ্য়তে।

            প্ৰিয়ো হি জ্ঞানিনোহত্য়ৰ্থমহং স চ মম প্ৰিয়ঃ।।

অৰ্থাৎ ''সকলো ব্য়ক্তিৰ ভিতৰত জ্ঞানী ভক্তই শ্ৰেষ্ঠ।তেওঁ সতত ঈশ্বৰৰ মাজতেই যুক্তচিত্ত আৰু একমাত্ৰ ঈশ্বৰকে ভক্তি কৰে। ঈশ্বৰ জ্ঞানীৰ অত্য়ন্ত প্ৰিয় আৰু জ্ঞানী ব্য়ক্তিও ঈশ্বৰৰ প্ৰিয়।''

        গীতাত জ্ঞানযোগৰ ওপৰত অত্য়ধিক গুৰুত্ব দি কোৱা হৈছে যে, জ্ঞানবিহীন যোগ শাৰীৰিক আৰু মানসিক ব্য়ায়াম মাত্ৰ। জ্ঞানহীন যোগত ইন্দ্ৰিয়ক তাৰ বিষয় আসক্তিৰ পৰা কিছু সময়ৰ কাৰণে দূৰত ৰখা যায় যদিও ক্ষন্তেক পিছত ইন্দ্ৰিয়ত আকৌ বিষয়ৰ প্ৰতি আসক্তি জন্মে।এনে বিষয়াসক্তি আত্মজ্ঞানৰ পৰা নিবৃত্ত নহয়।যিদৰে প্ৰজ্জ্বলিত অগ্নি কাঠ-খৰিক ভস্মীভূত কৰে,তেনেদৰে জ্ঞানী আত্মাই কৰ্মৰাশিক বিনাশ কৰে।কৰ্মৰ পৰিসমাপ্তি জ্ঞানেৰে হয়, ভৱসংসাৰৰ মায়া-মোহৰ পৰা মুক্তি জ্ঞানেৰে হয়। জ্ঞানেৰে পৰমশান্তি আৰু আনন্দ লভিব পাৰি।জ্ঞান অমৃত সমান। জ্ঞানৰ দৰে পবিত্ৰ আন একো নাই। ভক্তৰ ভিতৰতো জ্ঞানীজনেই সৰ্বশ্ৰেষ্ঠ।যিয়ে ঈশ্বৰক জানে তেওঁ ঈশ্বৰৰে আৰাধনা কৰে।শ্ৰীকৃষ্ণই জ্ঞানীকে নিজৰ আত্মা বুলি কৈছে।জ্ঞানী পুৰুষ সকলো সময়তে ঈশ্বৰকে সৰ্বজগতত প্ৰত্য়ক্ষ কৰে আৰু সৰ্বজগতক ঈশ্বৰৰূপে প্ৰত্য়ক্ষ কৰে।শ্ৰীমদ্ভাগৱতগীতাত জ্ঞানমাৰ্গ বা জ্ঞানযোগ গুৰুত্ব অপৰিসীম।


4. ন হি জ্ঞানেন সদৃশং পৱিত্ৰমিহ ৱিদ্যতে। 

তৎ স্বয়ং য়োগসংসিদ্ধঃ কালেনাত্মনি ৱিন্দতি ।। (শ্রীমদ্ভগৱদ্‌গীতা, ৪/৩৮) 

উত্তৰঃ ন হি জ্ঞানেন সদৃশং পৱিত্ৰমিহ ৱিদ্য়তে।

            তৎ স্বয়ং য়োগসংসিদ্ধঃ কালেনাত্মনি ৱিন্দতি।।

অৰ্থাৎ ''এই জগতত জ্ঞানৰ দৰে পবিত্ৰ আন একো বস্তু নাই।জ্ঞান সকলো যোগৰ পৰিপক্ক ফল।সেৱা ভক্তিৰ পথত সিদ্ধি লাভ কৰাজনে কালক্ৰমত নিজৰ ভিতৰত সেই জ্ঞানৰ আস্বাদ লাভ কৰিব পাৰে।''

        গীতা মতে,যি ব্য়ক্তিয়ে আত্মা আৰু পৰমাত্মাৰ অভিন্নতাৰ জ্ঞান লাভ কৰিব পাৰিছে,তেৱেঁই জীৱন্মুক্ত। কাৰণ এনে জ্ঞান কৈৱল্য় অৰ্থাৎ মোক্ষৰ হেতু।জ্ঞানৰ উপলব্ধিয়েই মানৱ জীৱনৰ সাৰ্থকতা। আত্মা আৰু পৰমাত্মাৰ একাত্মই ব্ৰহ্মজ্ঞান।মোক্ষ লাভ কৰিলে আত্মা স্বয়ং ব্ৰহ্মৰ লগত লীন হৈ যায় আৰু তেতিয়া ব্ৰহ্মজ্ঞান ব্ৰহ্মস্বৰূপ হৈ পৰে।এনে ব্য়ক্তিয়ে ব্ৰহ্মনিৰ্বাণৰূপ মোক্ষ স্বতঃই প্ৰাপ্ত হয়।ইয়াকে ব্ৰহ্মীস্থিতি বুলি কোৱা হয়।


5. কৰ্মণ্যেৱাধিকাৰস্তে মা ফলেষু কদাচন।  

মা কর্মফলহেতুভূমা তে সংগোহস্তকর্মণি ।। (শ্রীমদ্ভগৱদ্‌গীতা, ২/৪৭)

উত্তৰঃ কৰ্মণ্য়েৱাধিকাৰস্তে মা ফলেষু কদাচন।

            মা কৰ্মফলহেতুৰ্ভূৰ্মা তে সংগোহস্তকৰ্মণি।।

অৰ্থাৎ''কৰ্মতেই তোমাৰ অধিকাৰ, কৰ্মফলত তোমাৰ কোনো অধিকাৰ নাই। কৰ্মফল যেন তোমাৰ কৰ্ম প্ৰবৃত্তিৰ হেতু নহয়, কৰ্মত্য়াগো যেন তোমাৰ প্ৰবৃত্তি নহয়।''কেৱল শাস্ত্ৰবিহিত কৰ্মবোৰ কৰি যোৱাৰ অধিকাৰ মানুহৰ আছে।কিন্ত সেই কৰ্মফলৰ ওপৰত মানুহৰ কোনো অধিকাৰ নাথাকে।সেইকাৰণে আমি কেতিয়াও সম্পাদিত কৰ্মৰ কৰ্তা হিচাপে নিজকে ভাবিব নালাগে আৰু কৰ্মৰ পৰা বিৰত থকাৰ কথাও চিন্তা কৰিব নালাগে।


6. পত্রং পুষ্পং ফলং তোয়ং য়ো মে ভক্তা প্রয়চ্ছতি। 

তদহং ভক্ত্যুপহৃতমশ্বামি প্ৰয়তাত্মনঃ ।। (শ্রীমদ্ভগৱদ্‌গীতা, ৯/২৬)

উত্তৰঃ পত্ৰং পুষ্পং ফলং তোয়ং য়ো মে ভক্তা প্ৰয়চ্ছতি।

             তদহং ভকত্য়ুপহৃতমশ্বামি প্ৰয়তাত্মনঃ।।

ঈশ্বৰৰ ভক্তৰ কেতিয়াও বিনাশ নহয়। ভক্তিৰ দ্বাৰা ভক্তই কেৱল তেওঁৰ বেয়া কৰ্মৰ ফল ক্ষয় কৰে, ভক্ত বিনষ্ট নহয়। অতি দূৰাচাৰ ব্য়ক্তিও যদি অনন্য়চিত্তৰে ঈশ্বৰ ভজন কৰে, তেনেহলে ঈশ্বৰে তাক সাধু বুলিয়ে গণ্য় কৰে-যিহেতু তেওঁৰ অধ্য়ৱসায় উত্তম। এনেকুৱা দূৰাচাৰী ব্য়ক্তিও শীঘ্ৰে ধৰ্মাত্মা হয় আৰু নিত্য় শান্তি লাভ কৰে। ঈশ্বৰ সৰ্বভূতৰ কাৰণে সমান। ঈশ্বৰৰ শত্ৰুও নাই,প্ৰিয়ও নাই।যিয়ে ঈশ্বৰক ভক্তিপূৰ্বক ভজন কৰে ঈশ্বৰ তাতে অৱস্থান কৰে আৰু সেই ভক্তও ঈশ্বৰত অৱস্থান কৰে।


7. মন্মনা ভৱ মদ্ভক্তো মদ্‌য়াজী মাং নমস্কুক।  

মামেৱৈষ্যসি য়ুৱুৈৱমাত্মানং মৎপৰায়ণঃ ।। (শ্ৰীমদ্ভগৱদ্‌গীতা, ৯/৩৪)

উত্তৰঃ মন্মনা ভৱ মদ্ভক্তো মদয়াজী মাং নমস্কুক।

           মামেৱৈষ্য়সি য়ুৱৈুৱমাত্মানং মৎপৰায়ণঃ।।

অৰ্থাৎ''তোমাৰ মনটো সদায় মোৰ চিন্তাতে নিমগ্ন কৰি ৰখা,মোৰ ভক্ত হোৱা,মোক পূজা কৰা,মোক নমস্কাৰ কৰা। সম্পূৰ্ণৰূপে মোৰ প্ৰতি অনুৰক্ত হৈ থাকিলে তুমি নিশ্চিতভাৱে মোৰ ওচৰলৈ উভতি আহিব পাৰিবা।''


৪. ভক্তা ত্বনন্যয়া শক্য অহমেবংবিধোহর্জুন।  

জ্ঞাতুং দ্রষ্টুঞ্চ তত্ত্বেন প্ৰৱেষ্টুঞ্চ পৰস্তপ ।। (শ্ৰীমদ্ভগৱদ্‌গীতা, ১১/৫৪)

উত্তৰঃ ভক্তা ত্বনন্য়য়া শক্য় অহমেবংবিধোহৰ্জন।

            জ্ঞাতুং দ্ৰষ্টঞ্চ তত্ত্বেন প্ৰৱেষ্টুঞ্চ পৰস্তপ।।

অৰ্থাৎ 'হে অৰ্জুন! কেৱল অনন্য় ভক্তিৰ দ্বাৰাহে মোৰ তাত্ত্বিক জ্ঞান লাভ কৰিব পৰা যায়,মোক প্ৰত্য়ক্ষ কৰিব পৰা যায়, মোত প্ৰৱেশ কৰিব পৰা যায়''।সহজ কথাত, অনন্য় ভক্তিৰে ঈশ্বৰৰ স্বৰূপ উপলব্ধি কৰি ঈশ্বৰৰ লগত একাত্ম হব পাৰি।  

      

9. য়ে য়থা মাং প্ৰপদ্যন্তে তাংস্তথৈৱ ভজাম্যহম। 

মম ৱৰ্ত্মানুৱৰ্তন্তে মনুষ্যাঃ পাৰ্থ সৰ্ৱশ ।। (শ্ৰীমদ্ভগৱদ্‌গীতা, ৪/১১)

উত্তৰঃ য়ে য়থা মাংপ্ৰপদ্য়ন্তে তাংস্তথৈৱ ভজাম্য়হম।

            মম ৱৰ্ত্মানুৱৰ্তন্তে মনুষ্য়াঃ পাৰ্থ সৰ্ৱশ।।

অৰ্থাৎ''হে পাৰ্থ,যিয়ে মোক যিদৰে উপাসনা কৰে,মই তেওঁক সেইদৰে তুষ্ট কৰোঁ। সকলো মানুহে সৰ্বপ্ৰকাৰে মোৰ পথকে অনুসৰণ কৰে অৰ্থাৎ মানুহে যি পথেই অনুসৰণ নকৰক কিয়,সকলো পথেৰে মোক লাভ কৰিব পাৰে।''

  

10. শ্ৰেয়ো হি জ্ঞানমভ্যাসাজ জ্ঞানাদ্ধ্যানং ৱিশিষ্যতে। 

ধ্যানাৎ কৰ্মফলত্যাগস্ত্যাগাচ্ছান্তিৰনন্তৰম্। (শ্ৰীমদ্ভগৱদ্‌গীতা, ১২/১২)

উত্তৰঃ শ্ৰেয়ো হি জ্ঞানমভ্য়াসাজ জ্ঞানাদ্ধ্য়ানং ৱিশিষ্য়তে।

            ধ্য়ানাৎ কৰ্মফলত্য়াগস্ত্য়াগাচ্ছান্তিৰনন্তৰম্।

অৰ্থাৎ''নিৰন্তৰ অভ্য়াসৰ তুলনাত জ্ঞান শ্ৰেষ্ঠ,জ্ঞানৰ তুলনাত ভক্তি শ্ৰেষ্ঠ, ভক্তিৰ তুলনাত কৰ্মফলত্য়াগ শ্ৰেষ্ঠ। কাৰণ ফলাসক্তি ত্য়াগৰ মাধ্য়মে শান্তি লাভ কৰা যায়।''

          গীতাত মানুহৰ স্বভাৱ আৰু গুণানুসাৰে জ্ঞান,কৰ্ম আৰু ভক্তিমাৰ্গৰ কথা কোৱা হলেও পৰিবশেষত সকলো মাৰ্গৰে সমন্বয় সাধন কৰা হৈছে।কৰ্মযোগ,জ্ঞানযোগ আৰু ভক্তিযোগ-তিনিটাই পৰস্পৰ সম্বন্ধিত।যি ব্য়ক্তি অনাসক্তি হৈ অহংকাৰশূণ্য়ভাৱে ফলাকাংক্ষা ত্য়াগ কৰি সকলো কৰ্ম ঈশ্বৰত অৰ্পণ কৰে,তেওঁ ঈশ্বৰৰ জ্ঞান লাভ কৰে আৰু ঈশ্বৰ-প্ৰেমত নিমগ্ন হয়। যি ব্য়ক্তি সকলোকে ঈশ্বৰ বুলি ভাবে আৰু ঈশ্বৰকে সমস্ত ভূততে দৰ্শন কৰে,তেওঁ নিজৰ সমস্ত কৰ্ম ঈশ্বৰকে অৰ্পন কৰে আৰু তেওঁৰ পৰমভক্ত হৈ পৰে।যিয়ে অনন্য় ভক্তিৰে ঈশ্বৰৰ উপাসনা কৰে,তেওঁ ঈশ্বৰৰ বাবে সকলো কৰ্ম কৰে আৰু তেওঁৰ স্বৰূপজ্ঞান লাভ কৰে।


Type: Apurba Kakati





Post ID : DABP005379