দ্বিতীয় অধ্য়ায়

আগমনৰ ভিত্তি

সম্ভাব্য প্রশ্নাৱলী 

• অতি চমু প্রশ্ন 

১। আগমনৰ ভিত্তি কিমান প্ৰকাৰৰ? 

২। 'প্রকৃতিৰ একৰূপতা বহুতো নহয়'— তুমি কথাটো মানি লোৱা নে? 

৩। ‘কার্যকাৰণৰ নীতি হ’ল আগমনৰ এক বস্তুগত ভিত্তি — তুমি একমত নে?

৪। পৰিস্থিতিৰ অধীনত প্ৰকৃতিয়ে একে ধৰণে আচৰণ কৰে। 

৫। ‘কাৰণ হ’ল সদর্থক আৰু নঞর্থক উপকাৰণৰ সমষ্টি'— কোনে কৈছিল ? 

৬। কাৰ মতে ‘কাৰণ হ'ল কাৰ্যৰ নিয়ত পূর্ববর্তী ঘটনা? 

৭। যদি এটা ঘটনাক যিকোনো পূৰ্বৰ্ৱৰ্তী ঘটনাৰ কাৰণ বুলি কোৱা হয় তেতিয়া --ৰ সৃষ্টি হয়। 

৮। কাৰ মতে ‘নিৰীক্ষণ হ’ল ঘটনাৰ আৱিস্কাৰ আৰু পৰীক্ষণ হ’ল ঘটনাৰ সৃষ্টি'। 

৯। কোনে কৈছিল— ‘নিৰীক্ষণ আৰু পৰীক্ষণৰ পাৰ্থক্য প্ৰকাৰত নহয়, কেৱল মাত্ৰাতহে ভিন্ন।' 

১০। নিৰীক্ষণাৰ বিভিন্ন দোষবোৰ কি কি? 

১১। যিকোনো ঘটনাৰ কাৰণ গুণগতভাৱে কাৰ্যৰ সমান নে? 

১২। কার্যকাৰণৰ নীতি আৰু প্ৰাকৃতিৰ একৰূপতাৰ বিধি কোনটো আগমনৰ ভিত্তি? 

১৩। 'আগমনৰ বিৰোধাভাস প্রকৃতিৰ একৰূপতাৰ নীতিৰ সৈতে সংযোজিত'— শুদ্ধনে? 

১৪। 'আগমনৰ ভিত্তিয়েই আগমনৰ ফল'– কোন তর্কশাস্ত্রবিদে এনেদৰে কৈছিল? 

১৫। গুণগত দিশৰ পৰা কাৰণ কাৰ্যৰ চৰ্তহীন নিয়ত অব্যবহৃত পূৰ্বৰ্ৱৰ্তী ঘটনা আৰু পৰিমাণগতভাৱে কাৰণ আৰু কাৰ্য সমান এই উক্তিৰে সৈতে জড়িত তর্কশাস্ত্রবিদ গৰাকীৰ নাম লিখা। 

১৬। ‘কাৰণ হ’ল সদৰ্থক আৰু নঞর্থক উপকাৰণৰ সমষ্টি'— এই উক্তিৰ সৈতে জড়িত তর্কশাস্ত্রবিদ গৰাকীৰ নাম লিখা। 

১৭। 'নিৰীক্ষণ হ’ল নিষ্ক্রিয়, অভিজ্ঞতা আনহাতে পৰীক্ষণ হয় সক্রিয় অভিজ্ঞতা’–কাৰ উক্তি? 

১৮। কাৰ্যকাৰণৰ নীতি হ’ল আগমনৰ বস্তগত ভিত্তি’— শুদ্ধনে? 


•চমু প্রশ্ন 

১। আগমনৰ ভিত্তি বুলিলে কি বুজা? 

২। প্রকৃতিৰ একৰূপতাৰ নীতি বুলিলে কি বুজা? 

৩। কাৰণ কি? 

৪। উপাদানগত কাৰণৰ সংজ্ঞা দিয়া। 

৫। কাৰণৰ নানাকাৰণবাদ মত বুলিলে কি বুজা? 

৬। এৰিষ্ট'টলৰ মতে কাৰণ কেই প্ৰকাৰৰ? সেইবোৰ কি কি? 

৭। উপকাৰণৰ সংজ্ঞা দিয়া। বিভিন্ন প্ৰকাৰৰ উপকাৰণবোৰ কি কি? 

৮। কাৰণৰ সংযোজন বুলিলে কি বুজা? 

৯। নিমিত্ত কাৰণৰ উদাহৰণসহ সংজ্ঞা দিয়া। 

১০। সৰল পর্যবেক্ষণৰ দুটা সুবিধা উল্লেখ কৰা। 

১১। প্ৰকৃতিৰ একৰূপতা অর্থ কিমান প্ৰকাৰৰ আছে? সেইবোৰ কি কি?

১২। কার্য সংমিশ্ৰণৰ প্ৰকাৰ কিমানটা আৰু সেইবোৰ কি কি? 

১৩। নানাকাৰণবাদ আৰু কাৰণ সংযোজনৰ দুটা পার্থক্য লিখা। 

১৪। আগমনৰ বিৰোধাভাস বুলিলে কি বুজা? 

১৫। প্রযোজক আৰু সংস্থাৰ মাজৰ পাৰ্থক্য নিৰূপণ কৰা। 

১৬। নিৰীক্ষণৰ সাধাৰণ চৰ্তবোৰ কি কি? 

১৭। নানাকাৰণবাদ হ’ল কাৰণৰ প্রকৃতি সম্পৰ্কীয় এটা ভুল ধাৰণ– কিয়? 

১৮। প্রজোযক শক্তি আৰু সংস্থাৰ উদাহৰণসহ সংজ্ঞা দিয়া। 

১৯। কাৰণ সংযোজন বুলিলে কি বুজা? উদাহৰণসহ ব্যাখ্যা কৰা। 

২০। পৰীক্ষণৰ তুলনাত পৰীক্ষণৰ তিনিটা সুবিধা উল্লেখ কৰা। 

২১। নিৰীক্ষণৰ তুলনাত পৰীক্ষণৰ তিনিটা সুবিধা উল্লেখ কৰা। 

২২। অনবেক্ষণ দোষ আৰু ভ্ৰান্ত পর্যবেক্ষণ দোষৰ মাজৰ দুটা পার্থক্য উলিওৱা। ব্যাখ্যা কৰা। 

২৩। সৰল পর্যবেক্ষণ সম্পূৰ্ণৰূপে নিষ্ক্রিয় অভিজ্ঞতানে? 

২৪। নিৰীক্ষণ আৰু পৰীক্ষণক কিয় আগমনৰ বস্তুগত ভিত্তি বুলি কিয় কোৱা হয়? 

২৫। অনবেক্ষণ দোষৰ বিভিন্ন প্রকাৰবোৰ কি কি?উদাহৰণসহ প্রত্যেকৰে ব্যাখ্যা কৰা। 

২৬। কাকতালীয় দোষ বুলিলে কি বুজা? এটা উদাহৰণ দিয়া। 

২৭। আকাৰগত ভিত্তি আৰু বস্তুগত ভিত্তিৰ মাজৰ পাৰ্থক্য নিৰূপণ কৰা। 

●ৰচনাধর্মী প্রশ্ন 

১। কাৰ্য্যকাৰণ বিধিক কিয় আগমনৰ আকাৰগত ভিত্তি বোলা হয়? 

২। কাৰণৰ পৰিমাণগত লক্ষণবোৰ উল্লেখ আৰু ব্যাখ্যা কৰা। 

৩। উপকাৰণ কি? বিভিন্ন প্ৰকাৰৰ উপকাৰণবোৰ কি কি? উদাহৰণসহ ব্যাখ্যা কৰা। 

৪। কাৰণ আৰু উপকাৰণৰ মাজৰ পাৰ্থক্য নিৰূপণ কৰা। 

৫। উপযুক্ত উদাহৰণৰ সহায়ত কাৰণ আৰু উপকাৰণৰ সম্পৰ্ক ব্যাখ্যা কৰা।

৬। নিৰীক্ষণ আৰু পৰীক্ষণৰ মাজৰ পাৰ্থক্য নিৰূপণ কৰা। 

৭। কাৰণৰ সংযোজন আৰু নানাকৰণবাদৰ মাজৰ পাৰ্থক্য উলিওৱা। 

৮। আগমনৰ বিৰোধাভাসৰ বিষয়ে এটা চমুটোকা লিখা। 

৯। কাৰণৰ সংযোজন আৰু কাৰ্য সংমিশ্ৰণৰ মাজৰ পাৰ্থক্য নিৰূপণ কৰা। 

১০। প্রকৃতিৰ একৰূপতাৰ নীতি বুলিলে কি বুজা? ইয়াক কিয় আগমনৰ আকাৰৰ্গত ভিত্তি বুলি কোৱা হয়। 

১১। কাৰণ কি? কাৰণৰ পৰিমাণগত লক্ষণবোৰ কি কি? 

১২। নানাকাৰণবাদ মতবাদ বুলিলে কি বুজা? ই বিজ্ঞানসন্মতভাৱে গ্রহণযোগ্য নে? 

১৩। এৰিষ্ট'টলৰ মতে কাৰণ কেই প্রকাৰৰ? উদাহৰণসহ প্রত্যেকৰে ব্যাখ্যা কৰা। 

১৪। নিৰীক্ষণ কি? ইয়াৰ বৈশিষ্ট্যবোৰ কি কি? 

১৫। পৰীক্ষণ কি? নিৰীক্ষণৰ তুলনাত পৰীক্ষণৰ সুবিধাবোৰ কি কি? 

১৬। ‘নিৰীক্ষণ আৰু পৰীক্ষণৰ মাজত পাৰ্থক্য মাত্রা পৰিমানগতহে, মূলগত নহয়’— উক্তিটো ব্যাখ্যা কৰা।


হিৰক জ্য়োতি বৰা।

****