পাঠঃ ১৬
মোগল ৰাজত্ব কালত ভাৰতবৰ্ষ
(১) আকবৰ কোন আছিল ?
উত্তৰঃ-- আকবৰ আছিল মোগলসকলৰ তৃতীয় আৰু শ্ৰেষ্ঠ সম্ৰাট ।
(২) ভাৰতবৰ্ষত মুছলমানসকলে কিমান খ্ৰীঃত শাসনকাৰ্য আৰম্ভ কৰিছিল ? ভ
উত্তৰঃ-- ভাৰতবৰ্ষত মুছলমানসকলে শাসনকাৰ্য আৰম্ভ কৰিছিল ১২০৬ খ্ৰীঃত ।
(৩) কিমান খ্ৰীঃত ঔৰংগজেৱৰ মৃত্যু হৈছিল ?
উত্তৰঃ-- ১৭০৭ খ্ৰীঃত ঔৰংগজেৱৰ মৃত্যু হৈছিল ।
(৪) ভাৰতবৰ্ষত মোগলসকলে কিমান বছৰ কাল শাসন কৰিছিল ?
উত্তৰঃ-- ভাৰতবৰ্ষত মোগলসকলে ১৮১ বছৰ কাল শাসন কৰিছিল ।
(৫) পাণিপথৰ প্ৰথম যুদ্ধ কিমান চনত হৈছিল ?
উত্তৰঃ-- পাণিপথৰ প্ৰথম যুদ্ধ ১৫২৬ খ্ৰীঃত হৈছিল ।
(৬) ছেৰছাহৰ জন্ম কিমান খ্ৰীঃত হৈছিল ?
উত্তৰঃ-- ছেৰছাহৰ জন্ম ১৪৭২ খ্ৰীঃত হৈছিল ।
(৭) ছেৰছাহ ক'ত জন্ম হৈছিল ?
উত্তৰঃ-- ছেৰছাহ পঞ্জাৱত জন্ম হৈছিল ।
(৮) মোগলসকলে মাটিবোৰক কেই শ্ৰেণীত ভাগ কৰিছিল ?
উত্তৰঃ-- মোগলসকলে মাটিবোৰক চাৰি শ্ৰেণীত ভাগ কৰিছিল ।
(৯) আকবৰৰ শাসন কালত মনচবদাৰ কিমান আছিল ?
উত্তৰঃ-- আকবৰৰ শাসন কালত মনচবদাৰ আছিল ২৯ জন ।
(১০) ঔৰংগজেৱৰ সময়ত মনচবদাৰৰ সংখ্যা কিমান বৃদ্ধি পাইছিল ?
উত্তৰঃ-- ঔৰংগজেৱৰ সময়ত মনচবদাৰৰ সংখ্যা ৭৯ জনলৈ বৃদ্ধি পাইছিল ।
(১১) আকবৰৰ কেইজন পুতেক আছিল ?
উত্তৰঃ-- আকবৰৰ তিনিজন পুতেক আছিল ।
(১২) মোগলসকলে মাটিবোৰক কেইটা শ্ৰেণীত ভাগ কৰিছিল ? আৰু কি কি ?
উত্তৰঃ-- মোগলসকলে মাটিবোৰক চাৰিটা শ্ৰেণীত ভাগ কৰিছিল । আৰু সেই ভাগকেইটা হ'ল--
(১) পোলাজ,
(২) পাৰাউটি,
(৩) চাচ্চাৰ
(৪) বানজাৰ ।
(১৩) বানজাৰ মাটি কাক বোলে ?
উত্তৰঃ-- যিবোৰ মাটিত ৫ বছৰ বা তাতোধিক কাল খেতি নোহোৱাকৈ পৰি থাকে তাকে বানজাৰ মাটি বোলে ।
(১৪) চাচ্চাৰ মাটি কাক বোলে ?
উত্তৰঃ-- যি মাটিত ৩/৪ বছৰ খেতি কৰা নহয় তাক চাচ্চাৰ মাটি বোলে ।
(১৫) যি বিলাক মাটিত প্ৰতি বছৰে খেতি কৰা হয় সেই মাটিখিনিক কি বুলি কোৱা হয় ?
উত্তৰঃ-- যি বিলাক মাটিত প্ৰতি বছৰে খেতি কৰা হয় সেই মাটিখিনিক পোলাজ মাটি বুলি কোৱা হয় ।