Chapter 2

দ্ৰৌপদীৰ বিলাপ

প্রশ্নাৱলী : 

অতি চমু প্রশ্নঃ 

(ক) ৰাম সৰস্বতীক কি আখ্যাৰে বিভূষিত কৰা হৈছে? 

উত্তৰঃ ৰাম সৰস্বতীক 'অসমীয়া ব্যাস বা মহাভাৰতীয় কবি' নামেৰে বিভূষিত কৰা হৈছে।

(খ) দ্রৌপদীৰ বিলাপ কবিতাটো কোনখন গ্ৰন্থৰ পৰা সংগ্ৰহ কৰা হৈছে?  

উত্তৰঃ দ্রৌপদীৰ বিলাপ কবিতাটো মহাভাৰত গ্ৰন্থৰ পৰা সংগ্ৰহ কৰা হৈছে।

(গ) ৰাম সৰস্বতীৰ পিতৃৰ নাম কি? 

উত্তৰঃ ৰাম সৰস্বতীৰ পিতৃৰ নাম হল- 'ভীমসেন চূড়ামণি'।

(ঘ) দ্রৌপদী কাৰ পত্নী আছিল ?  

উত্তৰঃ দ্রৌপদী পঞ্চপাণ্ডৱৰ পত্নী আছিল। 

(ঙ) ৰাম সৰস্বতীৰ পিতৃদত্ত নাম কি?  

উত্তৰঃ ৰাম সৰস্বতীৰ পিতৃদত্ত নাম হল- অনিৰুদ্ধ।

(চ) দ্ৰৌপদী কোন ৰজাৰ কন্যা ?

উত্তৰঃ দ্ৰৌপদী দ্ৰুপদ ৰজাৰ কন্যা ।

(ছ) ৰাম সৰস্বতীৰ অ-মহাভাৰতীয় কাব্যখনৰ নাম লিখা ?

উত্তৰঃ ৰাম সৰস্বতীৰ অ-মহাভাৰতীয় কাব্যখনৰ নাম হল- 'গীতগোৱিন্দ'।

ৰচনাধৰ্মী প্রশ্নঃ  

(ক) ৰাম সৰস্বতীৰ কোন? তেওঁৰ কাব্য প্রতিভা সম্পর্কে আলোচনা কৰা।  

উত্তৰঃ ৰাম সৰস্বতী অসমীয়া সাহিত্য জগতত এক সুকীয়া নামেৰে পৰিচিত কবি।

      ৰাম সৰস্বতীৰ কাব্য প্ৰতিভাৰ সীমা নাই। ৰাম সৰস্বতীয়ে মহাভাৰতত একলাখ শ্লোকৰ ভিতৰত সৰহ সংখ্যক শ্লোক অসমীয়ালৈ অনুবাদ কৰাৰ লগতে 'বধকাব্য' নামৰ এক শ্ৰেণীৰ কাব্য ৰচনা কৰি অসমীয়া সাহিত্যৰ ভড়াল টনকীয়াল কৰি থৈ গৈছিল। ৰাম সৰস্বতীয়ে ৰচনা কৰা সাহিত্যসমূহক দুটা ভাগত ভাগ কৰি বৰ্ণনা কৰিব পাৰি। এটা হল- অনুবাদমূলক আৰু আনটো কাব্যধৰ্মী। প্ৰথমটোত কবিয়ে মহাভাৰতৰ পৰ্ব্বসমূহ অসমীয়ালৈ অনুবাদ কৰিছে আৰু আনটোত কবিয়ে কৌৰৱ-পাণ্ডৱ সম্পৰ্কীয় আখ্যানসমূহৰ আধাৰত বধকাব্যসমূহ ৰচনা কৰিছে। তেখেতে বধকাব্য ৰচনা কৰা উপৰিও আন বহু কেবাখনমান কাব্য ৰচনা কৰিছিল। সেইকেইখন হল- গীতগোবিন্দ, ভীম-চৰিত আৰু বধকাব্যসমূহ। ৰাম সৰস্বতীৰ অ-মহাভাৰতীয় কাব্যখনৰ নাম হল- 'গীতগোৱিন্দ'।

     মুঠতে এইজনা কবি ৰাম সৰস্বতী মহাভাৰতীয় কবি আৰু অসমীয়া সাহিত্যৰ অমৰ সৃষ্টি বধকাব্যৰ স্ৰষ্টা হিচাবে অসমীয়া সাহিত্যৰ ইতিহাসত যুগ যুগ ধৰি উজ্জল নক্ষত্ৰ হৈ জিলিকি থাকিব।

(খ) দ্রৌপদীৰ বিলাপ কবিতাটোৰ মূল ভাবটো তোমাৰ ভাষাৰে বুজাই লিখা।  

উত্তৰঃ কবিতাটো দ্ৰৌপদীক কেনেদৰে ৰাজসভাত আনি দুঃশাসনে নিৰ্যাতন চলাইছিল তাক শ্ৰীকৃষ্ণৰ আগত বিলাপৰ আকাৰে বৰ্ণনা কৰিছে। এই বিলাপতিৰ পৰা জানিব পাৰিলো যে কেনেদৰে কুৰুসভাত কিদৰে দুঃশাসনে তেওঁক বিৱস্ত্ৰা কৰিছিল। কিদৰে কুলৰ সম্নানীয় বোৱাৰী সেই কুলৰে দেওঁৰেক দুঃশাসনে কেনেকৈ তেওঁখ চুলিত ধৰি ৰাজসভালৈ চোঁচৰাই লৈ আহিল। কেনেকৈ পঞ্চপতি আৰু শাহুমা গান্ধাৰীয়ে এষাৰো মাত নামতি সকলোবোৰ প্ৰত্যক্ষ কৰি থাকিল, অন্যায় পাশাত জয় লাভ কৰি কেনেকৈ দুৰ্যোধনে নিজ দাসী কৰি অপমান দিয়ালে স্বয়ং পিতামহ ভীষ্মৰ সন্মূখত। সেই সময়ত তেওঁক ৰক্ষা কৰিবলৈ কোনো নাছিল। একমাত্ৰ মাধৱৰ নাম সুমৰি সেই বিপদৰ পৰা ৰক্ষা কৰিবলৈ নাৰায়ণৰ ওচৰত নিজকে সমৰ্পণ কৰিছিল।

    কৃষ্ণৰ কৃপাত যেন দ্ৰোপদী সেই লাজৰ পৰা ৰক্ষা পৰিল আৰু ধৃতৰাষ্ট্ৰই নিজৰ লজ্জা ঢাকিবলৈ পাণ্ড পুত্ৰসকলক সমস্ত হেৰুৱা বস্তু ঘূৰাই দিছিল আৰো কৌৰৱৰ কপটতাৰ বলি কেনেকৈ পুনৰ বনবাস খাটিব লগীয়া হৈছিল তাৰ সকলো বৰ্ণনা দ্ৰৌপদীয়ে কৰি গল।এই সকলোখিনি কথা দ্ৰৌপদীয়ে কৃষ্ণৰ আগত কান্দি কান্দি আলাপৰ যোগে কৈঠিল।

গ) ৰাম সৰস্বতীৰ উল্লেখনীয় ৰচনা সম্পৰ্কে এটি প্ৰৱন্ধ যুগুত কৰা। 

উত্তৰঃ ৰাম সৰস্বতীৰ উল্লেখনীয় ৰছনা হল বধকাব্য। বধকাব্যসমূহ কবি ৰাম সৰস্বতীৰ বিষ্ণুভক্তিৰ অন্যতম স্বাক্ষৰ হিচাপে জিলিকি থাকিব। ভগৱান বিষ্ণু মহিমাৰে মহা পৰাক্ৰমী অসুৰ বা দৈত্যসকল কেনেকৈ পৰাভূত হৈ মুক্তি লাভ কৰিছে তাৰ হুবহু ছবি এখন দাঙি ধৰি জনমানসত ভক্তিৰ মহিমা প্ৰচাৰ কৰিবলৈ সক্ষম হৈছে। ভক্তি ধৰ্ম প্ৰচাৰেই এই কাব্যৰ মূল লক্ষ্য বুলি দাঙি ধৰি ব্ৰক্ষ্মা, বিষ্ণু আৰু মহেশ্বৰ আদি দেৱতাসকলৰ ভিতৰত বিষ্ণুৱেই শ্ৰেষ্ট বুলি দেখুওৱা হৈছে। এই বধ, অশ্বকৰ্ণ বধ, মহি দানৱ বধ, কুলাচল বধ, সিন্ধু যাত্ৰা, জটাসুৰ বধ আদি।

    মুঠতে এইজনা কবি ৰাম সৰস্বতী মহাভাৰতীয় কবি আৰু অসমীয়া সাহিত্যৰ অমৰ সৃষ্টি বধকাব্যৰ স্ৰষ্টা হিচাবে অসমীয়া সাহিত্যৰ ইতিহাসত যুগ যুগ ধৰি উজ্জল নক্ষত্ৰ হৈ জিলিকি থাকিব।

(ঘ) দ্রৌপদীৰ বিলাপ কবিতাটোৰ তাত্ত্বিক দিশটোৰ ওপৰত এটি টোকা যুগুত কৰা৷  

উত্তৰঃ মহাভাৰতৰ কবি ৰাম সৰস্বতীৰ 'দ্ৰৌপদীৰ বিলাপ' কবিতাটোৰ মাজেৰে কৃষ্ণ ভক্তিৰ মহিমা সুন্দৰভাৱে প্ৰকাশ লাভ কৰিছে। কবিয়ে মহাভাৰতৰ দৰে সাগৰ সংকাশ গ্ৰন্থ এখন অনুবাদ কৰাৰ মুলতে ৰজা নৰনাৰায়ণ আৰু শ্ৰীমন্ত শংকৰদেৱৰ আজ্ঞা শিৰে ধৰি ভক্তিকাব্যখন অনুবাদ কৰিবলৈ সাহস গোটাইছিল। কবি ৰাম সৰস্বতী যিহেতু নিজেই এজন বৈষ্ণৱ কবি সেয়েহে তেওঁৰ অনুবাদৰাজিৰ মাজত নিজস্ব বক্তব্যৰ কিছু পৰিমাণে প্ৰভাৱ পৰাটো লক্ষণীয়। মহাভাৰতৰ ওঠৰটা পৰ্বৰ ভিতৰত তেওঁ যিকেইটা শ্লোকৰ পদানুবাদ কৰিছে তাৰ বেছিভাগেই শ্লোকানুবাদৰ পৰিৱৰ্তে সাৰানুবাদ কৰা বুলিহে কোৱাৰ যোগ্য।

ব্যাখ্যা কৰা :  

(ক) “যাৰ সুকোমল বাক্য মধু             পাণ্ডু নৃপতিৰ কুল বধু 

             প্রিয় ভাৰ্য্যা ভৈলো পাঞ্চ ভাই পাণ্ডৱৰ।  

তুমি যাৰ সখা পদ্মপাণি                 আজি অসমর্থ কোন খানি 

              গুণি চাবা প্রভু কোন গুণে হীন-পৰ।।”

উত্তৰঃ

খ) ''পাঞ্চপতি সবে পাশা জিনি দাসী কৰি দুৰ্য্যোধন আনি 

             লাজ কৰিলেক ভীষ্ম শ্বশুৰৰ আগে। 

সি বেলাত মোৰ নাহি আন                 তোমাৰ চৰণে কৰি ধ্যান

                   নাৰায়ণ নাম সুৰিলো অনুৰাগে।।” 

উত্তৰঃ 

সহায়ক গ্রন্থ :  

(ক) শৰ্মা ডঃ হেমন্ত কুমাৰঃ অসমীয়া সাহিত্যাৰ। দৃষ্টিপাত।  

(খ) শর্মা ডঃ সত্যেন্দ্রনাথ : অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত।  

(গ) বিশ্বঃবি. প্র.বি. (গু.বিঃ)ঃ কবিতামঞ্জৰী (সম্পাদনা)

(ঘ) বৰকটকী বীৰেন : সাহিত্যৰ পটভূমি ।


Type: Krishna Bora 

Author: Leena Kakati



Post ID : DABP003149