অধ্যায়ঃ ৫ 

ডাক্তৰ আৰু ৰোগী

1.

ডাক্তৰঃ কওকচোন বাৰু দুৰ্ঘটনাটো কেনেকৈ হ'ল।

ৰোগীঃ বৰ দীঘলীয়া কাহিনী ছাৰ। মই প্ৰথমে এখন টেম্পোক চাইড দিলোঁ। ইয়াৰ পিছত এখন বাইক। পুনৰ এখন ট্ৰেভেলাৰ চাইড দি শেষত যেতিয়া দলং এখন চাইড দিবলৈ গ'লো তেতিয়াই মোৰ এই অৱস্থা।

2.

ডাক্তৰঃ তুমি মদক খোৱা নে তোমাৰ মদে খায়?

ৰোগীঃ খাওঁতে ময়ে মদক খাওঁ ।

ডাক্তৰঃ নাই, এতিয়া মদে তোমাক খাবলৈ লৈছে।

3.

ৰোগীঃ ডাক্তৰ বাবু, মোৰ বৰ ভয় লাগিছে, এয়া মোৰ জীৱনৰ প্ৰথম অপাৰেচন।

ডাক্তৰঃ চিন্তা নকৰিব, এয়া মোৰ জীৱনৰো প্ৰথম অপাৰেচন।

4.

ডাক্তৰঃ (ৰোগীক উদ্দেশি) আপুনি মোক পাঁচজনৰ ফিচ এক্সট্ৰাকৈ দিব লাগিব।

ৰোগীঃ আপুনি মোৰহে দাঁত সৰুৱাইছে।

ডাক্তৰঃ কাৰণ আপোনাৰ চিঞৰত মোৰ চেম্বাৰৰ পৰা পাঁচজন ৰোগী পলাল, তেওঁলোকৰ পইচাটো মোক কোনে দিব?

5.

এজন ব্য়ক্তিয়ে ডাক্তৰৰ ওচৰলৈ গৈ ক'লে-

ব্য়ক্তিঃ ডাক্তৰ বাবু, মোৰ এটা ডাঙৰ বেমাৰ হৈছে, ভাত খোৱাৰ সময়ত মুখখন আপোনা-আপুনি খোল খাই যায়।

ডাক্তৰে চিন্তা কৰি দহটা টেবলেট লিখি দি ক'লে-

ডাক্তৰঃ এই টেবলেটকেইটা দিনে দুটাকৈ খাব। এটা শোৱাৰ পিছত যিকোনো সময়ত আৰু এটা শুই উঠাৰ আগতে, বুজিলেতো।

6.

এজন পাগলে লগৰ পাগল এজনক পানীত পৰি থকা অৱস্থাৰ পগলা ফাটেকৰ সহায়িকা এজনীয়ে মানসিক চিকিৎসকক ক'লে-

পাগলঃ ছাৰ, এই পাগলজনক যাব দিব পাৰি নেকি, যিজনে অলপ আগতে পানীত পৰি থকা অন্য এজন পাগলক উদ্ধাৰ কৰি আনিলে ।

ডাক্তৰঃ অ' অৱশ্যে কথাটো ভাবিব পাৰি। এনেতে উধাতুখাই লৰি আহিল অন্য এজন পাগল ।

পাগলঃ ছাৰ সব্ৰনাশ, এইমাত্ৰ উদ্ধাৰ কৰি অন্য পাগলজন উদ্ধাৰ কৰাজনে ওলমাই শুকাবলৈ দিছে ।

7.

চকু অপাৰেশ্বনৰ পিছত পত্নীয়ে নিজৰ স্বামীক চিনি নোপোৱাত স্বামীয়ে ডাক্তৰক প্ৰশ্ন কৰিলে-

স্বামীঃ ডাক্তৰ বাবু, পত্নীৰ এই দশা কিয় হ'বলৈ পালে?

ডাক্তৰঃ আমি তেওঁৰ আগৰ চকু দুটা গুচাই তাৰ ঠাইত এগৰাকী অভিনেত্ৰীৰ চকু দি দিছো বাবেই।

8.

অসুস্থ পত্নীক পৰীক্ষা কৰি ডাক্তৰে তেওঁৰ স্বামীক ক'লে-

ডাক্তৰঃ কে'ছটো বৰ জটিল, লাষ্ট ষ্টেজ। এতিয়া ৰোগী আমাৰ হাতত নাই। ভগৱানৰ দয়াৰ ওপৰত নিৰ্ভয় কৰিছে। মোৰ মতে আৰু চাৰি-পাঁচদিন মানুহ হয়তো জীয়াই থাকিব।

গিৰিয়েকে এটা দীঘল হুমুনিয়াহ কাঢ়ি ক'লে-

গিৰিয়েকঃ সকলো ভগৱানৰ ইচ্ছা ছাৰ, তেওঁৰ লগত পঁইত্ৰিছ বছৰ পাৰ কৰিলোঁ আৰু চাৰি-পাঁচদিন কিবাকৈ সহ্য কৰি থাকিম আৰু।

9.

এজন ৰোগীয়ে চিকিৎসকজনক বৰ আগ্ৰহেৰে সুধিলে-

ৰোগীঃ ছাৰ, মই ক্ষীৰ, পেলাও খাব পাৰিমনে?

ডাক্তৰঃ নোৱাৰিবা ।

ৰোগীঃ তিলপিঠা, চিৰা-দৈ?

ডাক্তৰঃ সেইবোৰো নোৱাৰা।

ৰোগীঃ লুচি, কঁঠাল ভাজি আদি?

ডাক্তৰঃ চোৱা ভাই, তুমি এটা বস্তু বাদ দি যি মন যায় সকলো খাব পাৰা।

ৰোগীঃ সেইটোনো কি ছাৰ ? 

ডাক্তৰঃ (খঙেৰে) মোৰ মগজু।

10.

ডাক্তৰঃ (ৰোগ নিৰ্ণয়ৰ বাবে) আপুনি কি খায়- চাহ, কফি নে আন কিবা ?

ৰোগীঃ ডাক্তৰ বাবু আপুনি কষ্ট কৰিব নালাগে। পলম হয় বুলি ঘৰতে শুদাই-নিকাই ভাত এমুঠি খাই আহিছোঁ।

11.

ডাক্তৰঃ এই মদেই তোমাৰ জীৱনটো শেষ কৰিলে। মদ নোখোৱাহেঁতেন তোমাৰ স্বাস্থ্য এনেদৰে হানি নহ'লহেঁতেন।

মদাহীঃ ধন্যবাদ ডাক্তৰ চাহাব, আপুনিহে আচল বস্তুটো ধৰিব পাৰিছে। বাকী সকলো মানুহে দোষটো মোৰ ওপৰতেই জাপি দিয়ে। আচলতে দোষটো মদৰহে, মোৰ নহয়।

12.

ডাক্তৰঃ (ৰোগীৰ প্ৰতি) আপোোনাৰ মূৰৰ বিষ এৰি এৰি হয় নে একেৰাহে হয় ? 

ৰোগীঃ এৰি এৰি হয়। যেতিয়া পত্নীৰ মাত শুনোঁ, তেতিয়াই আৰম্ভ হয় আৰু মনে-মনে থাকিলে নহয়।

13.

এগৰাকী মহিলাই তেওঁৰ স্বামীক ডাক্তৰৰ ওচৰলৈ লৈ গ'ল । ডাক্তৰজনে ক'লে-

ডাক্তৰঃ আপোনাৰ ভুল হৈছে। মই পশু ডাক্তৰহে।

মহিলাঃ মই ঠিকেই সোমাইছোঁ। মোক আপোনাকহে লাগে, কাৰণ, এওঁ শোৱাৰ পাছত ঘোঁৰাৰ দৰে শব্দ কৰে আৰু লথিয়াই থাকে।

14.

এগৰাকী মহিলাই ডাক্তৰক ক'লে- 

মহিলাঃ ডাক্তৰ বাবু আপুনি মোক পৰীক্ষা কৰাৰ সময়ত আপোনাৰ নাৰ্ছগৰাকীকো ভিতৰলৈ মাতি আনিব।

ডাক্তৰঃ (খঙেৰে) তাৰ মানে আপুনি মোক বিশ্বাস নকৰে নেকি?

মহিলাঃ বিশ্বাস কৰো, কিন্তু নাৰ্ছগৰাকীৰ লগত বহি থকা মোৰ স্বামীকহে বিশ্বাস নকৰো।

15.

দুজন পেছাত বেলেগ-বেলেগ ব্যক্তি, এজন উকীল আৰু আনজন ডাক্তৰ।

উকীলঃ (ডাক্তৰক উদ্দেশি) আপোনাৰ এটা ভুলে এজন মানুহক মাটিৰ তল কৰিব পাৰে।

জোকৰ মুখত চূণ দিবলৈ

ডাক্তৰঃ আপোনাৰ এটা ভুল সিদ্ধান্তই এজন মানুহক  মাটিৰ ওপৰ (অৰ্থাৎ ফাঁচি) কৰিব পাৰে।


সংগ্ৰাহকঃ অপূৰ্ব কাকতি (Apurba Kakati)





Post ID : DABP004973