অধ্যায়ঃ ৪
মাক আৰু পুতেক
1.
ল'ৰাঃ মা, আমাৰ পূৰ্ব পুৰুষসকল হেনো বান্দৰ আছিল, হয়নে?
মাকঃ মই ক'ব নোৱাৰিম, দেউতাৰাক সোধ। কাৰণ তেওঁলোক হ'ব পাৰে ।
2.
পুতেকঃ মা, আজি আমি পিয়ন পিয়ন খেলিছিলোঁ।
মাকঃ কেনেকৈ ?
পুতেকঃ তোমাৰ বাকচৰ চিঠিবোৰ চুবুৰিৰ প্ৰতি ঘৰত এখন এখনকৈ দি আহিলোঁ ।
মাকঃ হে' ভগৱান, মই কাইলৈ চুবুৰিত কি দৰে মুখ, দেখুৱাম।
3.
মাকঃ মন্টু, তোমাৰ 'ক্লাছ টিছাৰ'ক লগ পাইছিলোঁ।
মন্টুঃ মোৰ কথা কৈছে চাগে 'হ'মৱৰ্ক নকৰে' বুলি।
মাকঃ নাই কোৱা ।
মন্টুঃ তেন্তে নিশ্চয় কৈছে যে মই ক্লাছত উৎপাত কৰি থাকো আৰু শাস্তি পাওঁ।
মাকঃ নাই কোৱা সোণটো ।
মন্টুঃ নিশ্চয় ক'লে 'ইংৰাজী আৰু অংকত ফে'ল কৰিছে ।'
মাকঃ সেই বুলিও কোৱা নাই।
মন্টুঃ সেই গৰাকী মোৰ ক্লাছ টিছাৰ হ'বই নোৱাৰে।
4.
চহৰত থকা পুতেকৰ ঘৰত গৈ নাতিনীয়েকৰ বাৰ্থদে খাই অহা আইতাকক গাঁৱৰ পুতেকে সুধিলে-
পুতেকঃ চহৰত গৈ বাৰ্থডে খাই কেনে পালা?
মাকঃ হওতে বেয়া পোৱা নাছিলোঁ, কিন্তু এটাই চোন গান!
পুতেকঃ কি গাননো?
মাকঃ কিবা হাতী পাদে থুচ (অৰ্থাৎ 'হেপি বাৰ্থ ডে টু ইউ' গীতটো ভুল কৈ শুনিছিল)।
5.
মাকঃ সোণ, পুখৰীটোৰ কাষলৈ নাযাবা, পানীত পৰি যাবা নহয়।
সোণঃ কিন্তু মা, দেউতাচোন পুখুৰীতে আছে ।
মাকঃ সোণ, তোমাৰ দেউতাৰাৰ জীৱন বীমা আছে, তোমাৰ নাই নহয়।
6.
পুত্ৰঃ মা!মা! চুইমিং পুল নিৰ্মাণৰ বাবে সহায় বিচাৰি কেইজনমান মানুহ আহিছে ।
মাকঃ ঠিক আছে এবাল্টি পানী দিয়া । বেছিকৈ নিদিবা, টেপত পানী নাই।
সংগ্ৰাহকঃ অপূৰ্ব কাকতি (Apurba Kakati)
Post ID : DABP004969