গুপুতে গুপুতে  (জুবিন গাৰ্গ)


গুপুতে গুপুতে অকলে এৰি থৈ

ক'তেনো থাকাগৈ তুমি 

হিয়াৰে কোণতে অশ্ৰু বাগৰে 

এতিয়া নীৰৱ নৈ তুমি।

জ্বলি জ্বলি জীৱনত 

পুৰি পুৰি সপোনক 

এতিয়া এন্ধাৰকে ল'লা সাৱটি 

চকু মেলা সাৰ পোৱা মোলে' চোৱা

আকৌ এবাৰ কথা কোৱা মোৰ হোৱা।। 


চেঁচা চেঁচা আঙুলি এয়াতো নহয় তুমি 

গধূলি গোলাপ মোৰ শুই থকা জননী 

নতুন ফাগুণ মোৰ হেৰোৱা সপোন মোৰ 

তোমাৰেই পাৰিজাত তোমাকে সামৰি।

গুপুতে...

আজিও শিশু মই গোৱা তুমি সেই গান 

এখুজি দুখুজি হাত ধৰি ধৰি 

চকু মুদি চকু নেমেলি লা 

নাচালা মোলে' নিদিয়া সঁহাৰি।।

গুপুতে...

চকু মেলা

সাৰ পোৱা মোলে' চোৱা 

আকৌ এবাৰ কথা কোৱা মোৰ হোৱা

উঠা জাগা পোৱা কথা কোৱা 

আকৌ এবাৰ মাত দিয়া মোক চোৱা।