অধ্যায়ঃ ১ 

দোকানী আৰু গ্ৰাহক বা অন্যানয় (কৌতুক)


1. 

গ্ৰাহকঃ দোকানীবাবু মোক কিছু গেলামাল লাগিছিল ।

দোকানীঃ কি কি লাগে কওকচোন

গ্ৰাহকঃ 'চ' আখৰেৰে আৰম্ভ হোৱা সকলোবোৰ মালকে দিয়া

দোকানীঃ উদাহৰণস্বৰূপে-

গ্ৰাহকঃ চাউল, চাৰ্ফ, চুজি, চাবোন, চাহপাত, চেনি আদি সকলো ।

2.

গ্ৰাহকঃ (নাপিতক উদ্দেশ্য কৰি) আপুনি কেতিয়াৱা বান্দৰৰ চুলি কাটি পাইছেনে ?

নাপিতঃ আজি প্ৰথম।

3. 

গ্ৰাহকঃ দোকানীবাবু, আপোনাৰ দোকানত এন্দুৰ মৰা ঔষধ আছে নেকি ?

দোকানীঃ আছে । আপোনাক বান্ধি দিম নে, ইয়াত খাব ?

4.

গ্ৰাহকঃ (মাছ বেপাৰীক উদ্দেশি) How Much (কিমান)

বেপাৰীঃ বাবু, ৰৌ মাছ ।

গ্ৰাহকঃ What (কি)

বেপাৰীঃ খাবলৈ সোৱাদ

5.

নাপিতঃ (এজন নাপিতে খুব খৰধৰকৈ এজন মানুহৰ দাড়ি কাঢ়ি আছিল । তাৰ মাজতে নাপিতজনে মানুহজনক সুধিলে) 'আপোনাৰ ভাই-ভনী কেইজন ?'

গ্ৰাহকঃ আজি যদি আপোনাৰ ক্ষুৰৰ পৰা বাচি যাওঁ, তেনেহ'লে পাচঁজন, নহ'লে চাৰিজন।

6.

গ্ৰাহকঃ ঐ এইবোৰ কি 'চুপ' বনাইছ? গোবৰ পানী গোবৰ পানী লাগিছে?

বয়ঃ গোবৰ পানীৰ জুতি লোৱা মানুহে অন্য চুপৰ কি সোৱাদ পাব?

7.

গ্ৰাহকঃ দোকানীবাবু, বহী আছে নেকি?

দোকানীঃ মই মোৰ দোকানত বহি নাথাকি থিয় হৈ থাকিম নেকি? কি কয় হে আপুনি?

গ্ৰাহকঃ নহয়, মানে কঁপি আছে নেকি?

দোকানীঃ হেৰি আপুনি পাগল নেকি? মই যে কঁপি থাকিম, কিবা মোৰ জ্বৰ উঠিছে নেকি?

8.

গ্ৰাহকঃ কণী দহটা দিয়কচোন । কণীবোৰ নতুন নে?

দোকানীঃ এয়া লওক, একেবাৰে নতুন।

গ্ৰাহকঃ নতুন যে কেনেকৈ গম পালে?

দোকাণীঃ কুকুৰাই পুৰণি কণী দিয়ে বুলি আপুনি ক'ত শুনিছে।

9.

গ্ৰাহকঃ (নাপিতক উদ্দেশি) চুলি কটাবলৈ আহিলে তুমি কিয় মোৰ প্ৰতিবাৰে অংকৰ কথা সোধা।

নাপতিঃ অংকৰ কথা সুধিলে তোমাৰ চুলিবোৰ থিয় হৈ যায়, তেতিয়া কাটিবলৈ সহজ হয়।

10.

গ্ৰাহকঃ মই তালিকাত লিখি দিয়া বস্তু কেইপদ আপোনাৰ দোকানত আছেনে?

দোকানীঃ বেয়া নাপাব, এপদো নাই 

গ্ৰাহকঃ ডাঙৰ তলা হ'ব নেকি?

দোকানীঃ আছে, কিয়?

গ্ৰাহকঃ মোক নালাগে। দোকানত তলা মাৰি ঘৰত শুই থাকক।

11.

এজন গ্ৰাহকে পেল্টত দিয়া গোল্লা  এটা লগত থকা চামুচ খনেৰে পিটিকি আছিল। সি ভাবিছিল যে মিঠাইটো বহু দিনৰ, নষ্ট হোৱা। তেনেতে হোটেল বয়জনে সেই দৃশ্যটো দেখি সুধিলে, যদি গোল্লা নেখাই 'পুৰি' দিম নেকি?

গ্ৰাহক (গালি পাৰি)ঃ পচা-গেলা বস্তু এটা কি পুৰি দিলে ভাল হ'ব নেকি?

12. 

দোকানীঃ কওক, কি  লাগিব?

গ্ৰাহকঃ একো নিবলৈ অহা নাই। যোবাকালি নিয়া পোক মৰা দৰবটো ওভতাই দিবলৈ আহিছোঁ।

দোকানীঃ কিয় কাম নিদিলে নেকি?

গ্ৰাহকছ ওহোঁ, মুঠেই নিদিলে আৰু দিয়াৰ আশাও নাই। দৰবৰ ওপৰতে পোকে কণী পাৰিছে আৰু বাহ সাজিছে।

13.

দোকানীয়ে তেওঁৰ নতুনকৈ অহা চেলম্যান জনক সুধিলে- দোকানীঃ মই অলপ সময়ৰ বাবে বাহিৰত যাম, তুমি দোকানৰ বস্তু ভালদৰেবিক্ৰী কৰিব পাৰিবানে?

চেলম্যানঃ কিয় নোৱাৰিম? আপুনি হুকুম দিলে মই আপোনাৰ দোকান, আপোনাৰ

14.

গ্ৰাহকঃ এই কাপোৰখনৰ ফুলৰ ডিজাইনটো ভাল লগা নাই।

দোকানীঃ বাইদেউ লৈ যাওক। এবাৰ ধুই দিলে ফুলবোৰ নাইকিয়া হ'ব।

15.

হোটেল বয়ঃ আপোনাক পুৰি দিম নে?

গ্ৰাহকঃ কি কোৱাহে, জীয়াই থকা মানুহ এজনক পুৰি দিবলৈ আহিছো!

16.

এজন গাড়ী চালকে বেটাৰী কিনিবলৈ দোকানলৈ গ'ল। দোকানীজনে ক'লে -

দোকানীঃ ভাল বেটাৰী লাগিলে 'একচাইড' লওঁক, দাম দুহাজাৰ দুশ টকা।

গাড়ী চালকঃ মই 'একচাইড', বেটাৰী লৈ কি কৰিম? বাকী ছাইডটো মোক কোনে দিব?

17.

গ্ৰাহকঃ দাদা, এই ছাতিটোৰ দাম কিমান?

দোকানীঃ নব্বৈ টকা 

গ্ৰাহকঃ দামটো অলপ বেছি হৈছে, চল্লিছ টকা হ'বনে?

দোকানীঃ ইমান কম! তাতকৈ এনেয়ে নিয়া।

গ্ৰাহকঃ তেনেহ'লে দুটা বান্ধি দিয়ক।

18.

গ্ৰাহকঃ এই বিলাহীবোৰ তাজানে?

দোকানীঃ হয়, একেবাৰে তাজা, এই মাত্ৰ শীতলীভৱনৰ পৰা উলিয়াই আনিছো।



সংগ্ৰাহকঃ অপূৰ্ব কাকতি