তেজপুৰৰ ভ্ৰমণস্থলীসমূহৰ বিষয়ে চমুকৈ 

 তেজপুৰ 

তেজপুৰ আমাৰ অসমৰ ৩৩ খন জিলাৰ ভিতৰত এখন। এই জিলাখন অসমৰ এখন পৰিস্কাৰ জিলা। ইয়াত অসমৰ বহুত ধুনীয়া ধুনীয়া ঠাই আৰু পুৰণি মঠ-মন্দিৰ আছে। মহাভৈৰৱ মন্দিৰ, অগ্নিগড়, চিত্ৰলেখা উদ্যান, জিলা মিউজিয়াম, কলীয়া ভোমোৰা সেতু, নাগ শংকৰ মন্দিৰ, আদি। আমি সকলোৱে জানো যে তেজপুৰ জিলাখনে প্ৰতি বছৰে পৰিস্কাৰ জিলাৰ ভিতৰত স্থান পায়। তেজপুৰ এখন পৰ্যটনস্থলী।তেজপুৰ চহৰৰ পৰ্যটনস্থলীসমূহৰ বিষয়ে অলপ তথ্য তলত উল্লেখ কৰা হ'ল

মহাভৈৰৱ মন্দিৰ- মহাভৈৰৱ মন্দিৰ তেজপুৰ চহৰৰ উত্তৰ দিশত এটা সৰু টিলাৰ ওপৰত অৱস্থিত। এই মন্দিৰটোত হিন্দু সকলৰ আৰাধ্য দেৱতা শিৱক নিতৌ পূজা অৰ্চনা কৰা হয়। মন্দিৰৰ ভূমিৰ পৰিমাণ ১৫৯ কঠা ৩ লোচা। এই মন্দিৰটো বাণাসুৰ নামৰ এজন ৰজাই নিৰ্মাণ কৰিছিল। বাণৰজাৰ জীয়ৰী ঊষাই এই মন্দিৰটোতে পূজা-অৰ্চণা কৰিছিল। মূল মন্দিৰৰ ভিতৰত এটা বৃহত শিৱলিংগ আছে। এই লিংগটোৰ উচ্চতা প্ৰায় ৩.২ মিটাৰ আৰু প্ৰস্থ ২.৩ মিটাৰ। এই মন্দিৰটোত শিৱৰাত্ৰি বৰ ধুম-ধামেৰে পালন কৰা হয়। 

নাগ শংকৰ মন্দিৰ- নাগ শংকৰ মন্দিৰ অসমৰ শোণিতপুৰ জিলাত অৱস্থিত। সম্পূৰ্ণ ৰীতি-নীতি পালন কৰি এই মন্দিৰত দৈনিক পূজা-অৰ্চনা কৰা হয়। এই মন্দিৰটো যিটো অঞ্চলত আছে সেই অঞ্চলটোৰ নামো মান্দিৰটোৰ নামেৰেই ৰখা হৈছিল। তেজপুৰৰ পৰা এই মন্দিৰটো ৫৮ কিলোমিটাৰ আতৰত। ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দক্ষিণে এক কিলোমিটাৰ আতৰত এই মন্দ্ৰটো অৱস্থিত। এই মন্দিৰটোৰ চৌহদত এটা প্ৰকাণ্ড জলাশয় আছে। এই জলাশয়টোত গৰকা কাঠ আছে। বহাগৰ গোসাঁই বিহু দিনা এই মন্দিৰত এটা মেলা অনুষ্ঠিত কৰা হয়। আখ্যান মতে দেৱী সতীৰ নাভি অংশ এই স্থানত পৰাৰ বাবে শিৱলিংগ প্ৰতিস্থা কৰি এই মন্দিৰটো সজা হৈছে। এই মন্দিৰৰ ভূমিৰ পৰিমাণ ৮৩৩ বিঘা।

অগ্নিগড়- এই অগ্নিগড় অসমৰ এটা প্ৰসিদ্ধ আকৰ্ষণস্থলী। ই এখন ধুনীয়া পাহাৰ। এই পাহাৰখন ঊষা আৰু অনিৰুদ্ধৰ প্ৰেমৰ কাহিনীলৈ প্ৰসিদ্ধ।  অগ্নিগড় ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত। এই গড়টো বাণুজাই তেখেতৰ কন্যা ঊষাক সুৰক্ষিত কৰি ৰাখিবলৈ নিৰ্মাণ কৰিছিল। ঊষাৰ প্ৰেমিক অনিৰুদ্ধক এই গড়তে বন্দী কৰি ৰখা হৈছিল। অনিৰুদ্ধ আছিল শ্ৰী কৃষ্ণৰ নাতিনীয়েক। অগ্নিগড়ক ২০০১ চনৰ জানুৱাৰী মাহৰ পৰা নতুন ৰূপত সজাই পৰাই জাতিষ্কাৰ কৰি তোলা হৈছিল। ইয়াত হৰিহৰৰ যুদ্ধ, ঊষা অনিৰুদ্ধৰ বিবাহ, ঊষাৰ বৰ্ণনা চিত্ৰলেখাৰ অংকন আদি মূৰ্ত্তিসমূহত ফোটাই তোলা হৈছে।

চিত্ৰলেখা উদ্যান- এই উদ্যানখনক আমি কল পাৰ্ক নামেৰেও জানো। ই দেখিবলৈ বৰ মনোমোহা। এই উদ্যানখনক সৰু পাহাৰেৰে আগুৰি আছে। ইয়াত বহুতো ধুনীয়া মুৰ্ত্তি, ঊষা-অনিৰুদ্ধৰ মুৰ্ত্তি, আঠ পহীয়া পদ্ম, আদি থকাৰ উপৰিও নাও খেলো খেলিব পাৰি। ইয়াত শিশুসকলৰ বাবে এটা সৰু খেলৰ কোঠা আছে। এই পাৰ্কখনত খেলি বৰ ভাল লাগে। এই পাৰ্কখন বিশেষকৈ সৰু ল'ৰা-ছোৱালীৰ বাবে আকৰ্ষণীয়।

জিলা মিউজিয়াম- এই মিউজিয়ামটো ১৯৮৬ চনত স্থাপন কৰা হৈছিল। ইয়াত অসমৰ পুৰণি বহুত বস্তু সাচি থোৱা আছে। কিছুমাণ পৰম্পৰাগত কিছুমান সজুলি। শিলৰ মুৰ্ত্তি আদি। এই মিউজিয়ামটোৱে তেজপুৰৰ সংস্কৃতিৰ বিষয়ে কয়।

কলীয়া ভোমোৰা সেতু- এই সেতুখন ব্ৰহ্মপুত্ৰৰ ওপৰত বনোৱা হৈছে। ই শোণিতপুৰ আৰু নগাঁওক লগ লগায়। এই সেতুখন ৩০১৫ মিটাৰ দীঘল। ৰাতিৰ সময়ত এই সেতুখন দেখিবলৈ আকৰ্ষণীয় হয় পৰে। 


DIKHA BORA