অধ্যায়ঃ ১০ 

বাটৰুৱা আৰু বাটৰুৱা


1.
বাটৰুৱাঃ আপুনি এই এন্ধাৰ ৰাতি হাতত লেম্প আৰু লাখুঁটি লৈ ক'লৈ যায়?
অচিনাকি বাটৰুৱাঃ মৰিবলৈ যাওঁ। নদীত জঁপিয়াই প্ৰাণ ত্যাগ কৰিম।
বাটৰুৱাঃ কিন্তু! হাতত যে লেম্প আৰু লাখুঁটি।
অচিনাকিঃ বাটত বিষাক্ত সৰ্প বা পগলা কুকুৰ ওলাব পাৰে বাবেই যোগাৰখিনি লৈ আহিছোঁ।

2.
বাটৰুৱাঃ হে'ৰি, মোৰ এজনী গাই গৰু হেৰাইছে। আপোনাৰ চকুত পৰিছিল নেকি?
গাঁৱলীয়াঃ (চকু দুটা বহলকৈ মেলি দি ) চাওকচোন চকুত পৰিছেনে?
3.
পথৰ দাঁতিত দুজন লেবাৰ, এজনে গাঁত খান্দে আন এজনে গাঁতটো পুৰ্ণ কৰে বিৰক্ত হৈ এজন মানুহে প্ৰশ্ন কৰিলে-

বাটৰুৱাঃ হে'ৰি আপোনালোকে কি কৰিছেহে? এজনে গাঁত খান্দিছে, এজনে গাঁত পূৰ্ণ কৰিছে।

লেবাৰঃ নাই, নক'ব দিয়ক। আমাৰ তৃতীয়জন আহি নাপালে। চৰকাৰী কাম, গঠ পুলি ৰোপণ কৰিব লাগে । মই গাঁত খান্দো, এওঁ গাঁত মাৰিব লাগে আৰু এজনে গছৰ পুলিটো ৰোপণ কৰিব লাগে তেওঁ নাহিল। গতিকে আমি আমাৰ দায়িত্ব শেষ কৰিলোঁ। কাৰণ, হাজিৰাৰ কথা আছে।

4.
বাটৰুৱাঃ (ভিক্ষাৰী প্ৰতি) তুমি কেনেকৈ ভিক্ষাৰী হ'লা?
ভিক্ষাৰীঃ আগতে ভিক্ষা দিয়ক পিছত ক'ম।
বাটৰুৱাঃ জেপৰ পৰা পাঁচ টকীয়া এটা উলিয়াই দি ক'লে, কোৱা এতিয়া তোমাৰ ভিক্ষাৰী হোৱাৰ কাহিনী।
ভিখাৰীঃ আগতে মইও তোমাৰ দৰে উদাৰ আছিলোঁ। লোকক দি দি আজি ভিক্ষাৰী হ'লোঁ। গতিকে সাৱধান হ'বা।

5.
ভিক্ষাৰীঃ অ' মাই কিবা সহায় পাম নেকি?
বাটৰুৱাঃ ইমান ডেকা ডেকা তিৰোতাই ভিক্ষা মাগিবলৈ আহে, কাম কৰিব নোৱাৰানে?
ভিক্ষাৰীঃ ডেকা তিৰোতা নহয়দে বাপা।
বাটৰুৱাঃ কিয় ডেকা নহোৱা?
ভিক্ষাৰীঃ ডেকা যদি বিয়াপাতিল'।


সংগ্ৰাহকঃ অপূৰ্ব কাকতি (Apurba Kakati)







Post ID : DABP005707