অধ্যায়ঃ ১৩
যাত্ৰী আৰু যাত্ৰী
1.
যাত্ৰীঃ এইটো মোৰ চিট । মই ইয়াত বহু সময় ধৰি এখন ৰুমাল দি থৈছোঁ ।
অন্য যাত্ৰীঃ সৌ তিৰোতাগৰাকী দেখিছেনে আপুনি ?
যাত্ৰীঃ অ' দেখিছোঁ, তাতে কি হ'ল ?
অন্য যাত্ৰীঃ মই যদি তাইৰ মূৰত এখন ৰুমাল দি থওঁ, তাই কি মোৰ ঘৈণী হৈ যাব নেকি ?
2.
১ম যাত্ৰীঃ এইটো মোৰ চিত্ৰ , আপুনি উঠিব লাগিব । মই এই চিটৰ ওপৰত এখন ৰুমাল ৰাখি থৈছিলোঁ ।
২য় যাত্ৰীঃ ক্ষমা কৰিব, মই যদি গোটেই গাড়ীখনৰ ওপৰত এখন টিৰ্পাল ঢাকি থওঁ তেতিয়া গোটেই গাড়ীখন মোৰ হৈ যাব নেকি ?
3.
গাড়ীৰ ভিতৰত, কণ্ডাক্টৰে যাত্ৰীবোৰৰ পৰা ভাড়া উঠাই গৈছে।
কণ্ডাক্টৰঃ বাইদেউ, আপুনি ক'ত নামিব ?
যাত্ৰীঃ অনুৰাধাত।
কণ্ডাক্টৰঃ বাইদেউ আপুনি ?
যাত্ৰীঃ মই বন্দনাত নামিম।
(এগৰাকী গাঁৱলীয়া হোজা মহিলাই ভাবিলে আলহী ঘৰৰ তিৰোতাবোৰৰ নাম ক'ব লাগে)
কণ্ডাক্টৰঃ (যাত্ৰীক উদ্দেশি) বাইদেউ আপুনি একা?
যাত্ৰীঃ বাপা, মই কামেশ্বৰীত নামিম দে।
4.
যাত্ৰীঃ চলি থকা গাড়ীৰ পৰা কেতিয়া নামিব লাগে?
ড্ৰাইভাৰঃ হস্পিতালৰ ওচৰ পালে ।
সংগ্ৰাহকঃ অপূৰ্ব কাকতি (Apurba Kakati)