অধ্যায়ঃ ১৪
অন্যান্য়
1.
লগুৱাঃ (কৃপণ মালিকক উদ্দেশি) হুজুৰ যোৱা ৰাতি দেখা এটা সপোনত আপুনি মোক টকা পাঁচশ দিছে ।
মালিকঃ ঠিক আছে, কামত ফাঁকি নিদিবি ।
2.
ইংৰাজী কোৱাৰ চখ্ থকা ডেকা এজনে গাভৰু এজনীক ক'লে- আই লাভ ইউ । গাভৰু গৰাকীয়েও ডেকাক ভাল পাইছিল বাবে ক'লে- আই লাভ ইউ টু। তেতিয়া ডেকাই আনন্দিত হৈ ক'লে- আই লাভ ইউ ফাইভ।
3.
মদাহীঃ কিন্তু জ্ঞানী লোকে কৈছে নহয়, শত্ৰুকো বুকুৰ মাজত ঠাই দিব লাগে, ই মহৎ গুণ ।
ভদ্ৰলোকঃ বুকুৰ মাজত ঠাই দিবলৈহে কৈছে, গিলিবলৈ কোৱা নাই নহয়।
4.
দ্বিতীয় কৃপণ (প্ৰথম কৃপণক উদ্দেশি) আপুনি বজাৰত চিঙৰা কিনিলে যে।
প্ৰথম কৃপণঃ চিঙৰাৰ ওপৰৰখিনি বিস্কুট হ'ব, শ্ৰীমতীয়ে আনিব দিছিল। চিঙৰাৰ ভিতৰৰখিনি ভাতৰ লগত চবজি কৰি খাম ।
5.
বিয়াৰ পিছত এদিন পতিয়ে পত্নীক ক'লে- আমি হনীমুনৰ বাবে বাবে জগন্নাথ মন্দিৰ থকা সাগৰৰ তীৰৰ পুৰীত যোৱাৰ কথা ভাবিছোঁ। অহা মাহত যাম, ঠিকট কাটিছোঁ, তুমি সাজু হ'বৰ হ'ল।
সহজ-সৰল পত্নীঃ মই যাব নোৱাৰিম, কাৰণ মোৰ বান্ধৱীৰ বিয়া। তাতকৈ তুমি তোমাৰ মায়েৰাক লৈ যোৱা, তেওঁৰ মন্দিৰ দৰ্শন কৰাও হ'ব, মনতো শান্তি পাব। বুঢ়া মানুহ মৰে, ঠিক নাই।
6.
এজন সৰু ল'ৰাই এঘৰ মানুহৰ কলিং বে'লটো টিপিবলৈ চেষ্টা কৰিছে যদিও ঢুকি পোৱা নাই। এজন বাটৰুৱা দয়া ওপজাত বাটৰুৱাজনে ল'ৰাজনক বে'লটো টিপাট সহায় কৰি দিয়াৰ পিছত ল'ৰাজনক দুৱাৰ মুখত অপেক্ষা কৰিবলৈ উপদেশ দি গুচি গ'ল।
ল'ৰাজনে ক'লেঃ মানুহ যদি ওলাই আহে, আপুনি পলাওঁক, মইও পলাওঁ।
7.
জজ্ঃ হোৱাট ইজ হুলবাৰী।
বিবাদীঃ হুলাবাৰী ইজ এ িচ অব্ বেম্বো । বোথ চাইড ইজ ভেৰি চাৰ্প ।
জজঃ অ' ভেৰি ডেনজেৰাছ ৱেপন । হি মাষ্ট বি হেং ।
8.
গোল্লাৰ অৰ্থ সোধাত এজন মিঞালোকে এনেদৰে দিছিল-
মিঞালোকঃ জলেৰ মধ্যে ভাসিয়া থাকে, তাৰ ফুংগে ফুংগে ৰস, দেখবাৰ জন্নে হাচেৰ কণী, নাম তাৰ ৰচন আল্লা (গোল্লা) ।
9.
এজন চোৰে নাৰিকল চুৰি কৰিবলৈ এঘৰত নাৰিকল গছত উঠিলে। এনেতে গৃহস্থৰ হাতত ধৰা পৰাত চোৰজনে ক'বলৈ ধৰিলে-
চোৰঃ হে প্ৰভু দয়াময়, কিনো তোমাৰ লীলা, স্বৰ্গলৈ নিব খুজি নাৰিকল গছত উঠাই দিলা।
10
এজন তামোল চোৰে হাঁতত কাচি আৰু মোনা লৈ তামোল চোৰ কৰিবলৈ এঘৰৰ বস্তিত থকা তামোল গছত উঠিল। যেতিয়া গৃহস্তৰ হাতত চোৰজন ধৰা পৰিল, তেতিয়া গৃহস্থই চোৰজনক প্ৰশ্ন কৰিলে-
গৃহস্থঃ তই কিয় তামোলৰ গছত উঠিছিল?
চোৰঃ ঘাঁহ কাটিবলৈ ।
গৃহস্থঃ তামোলৰ গছত ঘাঁহ থাকে নেকি ?
চোৰঃ নাই বাবেইটো নামি আহিছো।
সংগ্ৰাহকঃ অপূৰ্ব কাকতি (Apurba Kakati)