অধ্যাযঃ ৯ 

পিতা আৰু পুত্ৰ


1.

পুত্ৰঃ দেউতা এটি ভাল খবৰ আছে।

পিতৃঃ কি ভাল খবৰ?

পুত্ৰঃ এই বছৰ তুমি মোৰ বাবে নতুন কিতাপ নিকিনিলেও হ'ব।

পিতৃঃ কিয়, চৰকাৰে ফ্ৰিতে দিব নেকি?

পুত্ৰঃ নহয় দেউতা, এবেলি মোৰ যোৱা বছৰৰ কিতাপেৰে হ'ব। কাৰণ মই ফেইল কৰিছোঁ।

2.

পিতৃঃ তুমি কিয় এই ৰ'দ খনত বহি আছা বোপাই?

পুত্ৰঃ ৰ'দত মোৰ দেহৰ ঘামবোৰ শুকাই আছোঁ।

3.

বাপেকে পুতেকক সুধিলে-

বাপেকঃ তহঁতৰ  শ্ৰেণীৰ আটাইতকৈ পৰিয়শ্ৰমী ছাত্ৰ কোন?

পুতেকঃ ময়ে দেউতা।

বাপেকঃ কাৰণ কিয় ?

পুতেকঃ কাৰণ মই ৰাতি পুৱাৰ পৰাই কাণত ধৰি থিয় হৈ থাকোঁ।

 3.

পুতেকঃ অহংকাৰ কি বস্তু, দেউতা?

দেউতাকঃ সেইটো তোমাক মই কেনেকৈ বুজাম? এই বস্তুটো আগতে মোৰো আছিল। তোমাৰ মায়াৰাক বিয়া কৰাই অনাৰ পাছত পঞ্চাশ শতাংশ কমিল। তুমি জন্মৰ পিছত বাকী পঞ্চাশ শতাংশ কমিল।

সংগ্ৰাহকঃ অপূৰ্ব কাকতি 






Post ID : DABP005710