ন্যায়পালিকা | (Judiciary) | Chapter 6 | Class 11 Political Science Question and Answer | 1st year Political Science Question and Answer Assamese Medium | Class 11 Political Science Question and Answer Solution |


ন্যায়পালিকা

Judiciary

Chapter 6 


প্ৰশ্নাৱলী

ৰচনাধৰ্মী প্ৰশ্নঃ

১। ভাৰতত ন্যায়পালিকাৰ স্বাধীনতা সম্পৰ্কে এটি টোকা লিখা।                                                                                        [HS(XI) 2018]

উত্তৰঃ ন্যায়ালয় আৰু বিচাৰকৰ স্বাধীনতা আৰু নিৰপেক্ষতাক গণতন্ত্ৰৰ এটি অপৰিহাৰ্য বৈশিষ্ট্য বুলি বিবেচনা কৰা হয়। বিচাৰ বিভাগৰ স্বাধীনতা আৰু নিৰপেক্ষতাৰ ওপৰতেই গণতন্ত্ৰৰ সাফল্য আৰু বিচাৰ বিভাগৰ কাৰ্যকাৰিতা নিৰ্ভৰ কৰে। বিচাৰকসকলে যদি শাসন বিভাগ আৰু বিধানমণ্ডলৰ প্ৰভাৱৰ বাহিৰত থাকিব নোৱাৰে, তেন্তে তেওঁলোকে ন্যায় আৰু নিৰপেক্ষ বিচাৰ কৰিব নোৱাৰে। গণতন্ত্ৰৰ সাফল্যৰ বাবে ন্যায় আৰু নিৰপেক্ষ বিচাৰ সুনিশ্চিত কৰি বিচাৰ বিভাগীয় স্বাধীনতা প্ৰতিষ্ঠা আৰু প্ৰসাৰিত কৰা একান্ত প্ৰয়োজন। ন্যাপালিকাৰ  স্বাধীনতা নাথাকিলে ৰাষ্ট্ৰৰ আইন যিমানেই ভাল আৰু বিচাৰকৰ দক্ষতা যিমানেই নহওক লাগে, সুবিচাৰ পাবলৈ আশা কৰিব নোৱাৰি। ভাৰত এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ। আমাৰ সংবিধানেও ন্যায়পালিকাৰ স্বাধীনতা আৰু নিৰপেক্ষতা সুনিশ্চিত কৰিবৰ বাবে কেইটামান ব্যৱস্থা গ্ৰহণ কৰিছে।

(১) নিযুক্তিঃ বিচাৰপতি নিয়োগ পদ্ধতিৰ ওপৰত ন্যায়পালিকাৰ স্বাধীনতা আৰু নিৰপেক্ষতা বহুতো পৰিমাণে নিৰ্ভৰ কৰে। ভাৰতৰ উচ্চতম আৰু উচ্চ ন্যায়ালয়সমূহৰ বিচাৰকসকলক ৰাষ্ট্ৰপতিয়ে নিয়োগ কৰে। এই ক্ষেত্ৰত তেখেতে উচ্চতম ন্যায়ালয়ৰ মুখ্য় ন্যায়াধীশ আৰু অন্যান্য জ্যেষ্ঠ ন্যায়াধীশসকলৰ পৰামৰ্শ গ্ৰহণ কৰে। এতেকে ৰাষ্ট্ৰপতিয়ে যোগ্য ব্যক্তিক এই পদত নিয়োগ কৰিব পাৰে। জনমত গঠনৰ দ্বাৰা এই ক্ষেত্ৰত ৰাজনৈতিক প্ৰভাৱো দূৰ কৰিব পাৰি।

(২) কাৰ্যকালৰ স্থায়িত্বঃ বিচাৰকৰ কাৰ্যকালৰ স্থায়িত্ব বিচাৰ বিভাগৰ স্বাধীনতাৰ পক্ষে অপৰিহাৰ্য। ভাৰতৰ সংবিধানে ইয়াৰ ব্যৱস্থা কৰিছে। ৰাষ্ট্ৰপতিয়ে অকলে বিচাৰকক পদচ্যুত কৰিব নোৱাৰে। সংসদৰ প্ৰস্তাৱ মতে বিচাৰকৰ দুৰ্নীতি আৰু অযোগ্যতাৰ বাবে ৰাষ্ট্ৰপতিয়ে তেওঁক পদচ্যুত কৰিব পাৰে। উচ্চতম ন্যায়ালয়ৰ বিচাৰকে ৬৫বছৰ বয়স পূৰ্ণ হ'লে অৱসৰগ্ৰহণ কৰিব। বিচাৰকৰ কাৰ্যকাল অন্যান্য কৰ্মচাৰীৰ তুলনাত অধিক। এতেকে দেখা যায় যে বিচাৰকৰ চাকৰিৰ স্থায়িত্ব সংবিধানে ৰক্ষা কৰিছে।

(৩) বেতন আৰু অন্যান্য সুবিধাঃ ন্যায়াধীশসকলক তেওঁলোকৰ মৰ্যাদা ৰক্ষা কৰিব পৰাকৈ উচ্চহাৰত বেতন দিয়া হয়। অৱসৰৰ পাছত তেওঁলোকৰ পেন্সনৰো ব্যৱস্থা আছে। তেওঁলোকৰ কাৰণে খৰচ কৰিবলগা ধন ভাৰতৰ সঞ্চিত নিধিৰ পৰা দিয়া হয়। তেওঁলোকক বিনা ভাড়াত চৰকাৰী বাসভৱন দিয়া হয়। সংবিধান অনুসৰি কেৱল আৰ্থিক জৰুৰী অৱস্থাৰ বাদে কোনো ন্যায়াধীশৰ কাৰ্যকালৰ ভিতৰত তেওঁৰ চাকৰিৰ চৰ্তাৱলী তথা বেতন হ্ৰাস বা কৰ্তন কৰিব নোৱাৰি।

(৪) পদচ্যুতিঃ ন্যায়ালয়ৰ স্বাধীনতাৰ কাৰণে ন্যায়াধীশসকলৰ পদৰ নিৰাপত্তাক সংবিধানে সুনিশ্চিত কৰি দিছে। কোনো সুনিৰ্দিষ্ট অভিযোগ নোহোৱাকৈ আৰু বিশেষ পদ্ধতি অৱলম্বন নকৰাকৈ ন্যায়াধীশসকলক পদচ্যুত কৰিব নোৱাৰি।

(৫) প্ৰশাসন ব্যৱস্থাঃ সংবিধান অনুযায়ী উচ্চতম ন্যায়ালয়ৰ স্বকীয় প্ৰশাসনীয় ব্যৱস্থা আছে। এই ব্যৱস্থা কাৰো ওপৰত নিৰ্ভৰশীল নহয়। ন্যায়াধীশসকলে এই প্ৰশাসনীয় ব্যৱস্থাৰ জৰিয়তে স্বাধীনভাৱে কাৰ্য সম্পাদন কৰিব পাৰে।

(৬) উন্মুক্তিঃ ন্যায়পালিকাই যাতে স্বাধীন আৰু নিৰপেক্ষভাৱে কাৰ্য সম্পাদন কৰিব পাৰে তাৰ ব্যৱস্থা তাৰ ব্যৱস্থা সংবিধানে কৰিছে। ন্যায়াধীশসকলক তেওঁলোকৰ কাৰ্য-কলাপৰ কাৰণে কোনেও সমালোচনা কৰিব নোৱাৰে। ন্যায়ালয়ে বিচাৰ কৰি থকা কোনো গোচৰৰ বিষয়ে কোনো কথা প্ৰকাশ কৰিব নোৱাৰি। ন্যায়ালয়ে ন্যায়ালয়ক অৱমাননা কৰা বাবে কোনো ব্যক্তিক শাস্তি বিহিব পাৰে।

(৭) নিয়মাৱলী ৰচনাঃ উচ্চতম ন্যায়ালয়ে নিজৰ কাৰ্য পৰিচালনাৰ বাবে নিয়ম-কানুন ৰচনা কৰি ল'ব পাৰে। ফলস্বৰূপে ন্যায়ালয়সমূহে স্বাধীনভাৱে কাৰ্য সম্পাদন কৰিব পাৰে।

(৮) শপতঃ ন্যায়াধীশসকলে কাৰ্যভাৰ গ্ৰহণ কৰাৰ সময়ত সংবিধান আৰু আইনৰ প্ৰতি আনুগত্য প্ৰদৰ্শন কৰি নিৰপেক্ষভাৱে কাৰ্য সম্পাদন কৰিবলৈ শপত ল'ব লাগে।

    এইবোৰৰ জৰিয়তে ভাৰতৰ সংবিধানে ন্যায়পালিকাৰ স্বাধীনতা আৰু নিৰপেক্ষতা ৰক্ষাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা লৈছে। বিচাৰকসকলো নিৰপেক্ষ আৰু স্বাধীন হৈ থাকিবলৈ যত্নৱান হ'ব লাগিব। তেওঁলোকে যিকোনো ধৰণৰ প্ৰভাৱৰ প্ৰতি সজাগ দৃষ্টি ৰাখিব লাগিব। সুস্থ, শক্তিশালী, স্বাধীন আৰু নিৰপেক্ষ বিচাৰব্যৱস্থাই হ'ল গণতন্ত্ৰৰ ভেঁটি। ন্যায়াপালিকা সদায় জনসাধাৰণৰ আস্থাৱান হোৱা উচিত।

২। ন্যায়পালিকাৰ স্বাধীনতা সুৰক্ষাৰ বাবে সংবিধানত কি কি ব্যৱস্থাৰ উল্লেখ আছে ?

উত্তৰঃ ন্যায়পালিকাৰ স্বাধীনতা সুৰক্ষাৰ বাবে সংবিধানত উল্লেখ কৰা ব্যৱস্থা কেইটা হৈছে-

(১) নিযুক্তিঃ বিচাৰপতি নিয়োগ পদ্ধতিৰ ওপৰত ন্যায়পালিকাৰ স্বাধীনতা আৰু নিৰপেক্ষতা বহুতো পৰিমাণে নিৰ্ভৰ কৰে। ভাৰতৰ উচ্চতম আৰু উচ্চ ন্যায়ালয়সমূহৰ বিচাৰকসকলক ৰাষ্ট্ৰপতিয়ে নিয়োগ কৰে। এই ক্ষেত্ৰত তেখেতে উচ্চতম ন্যায়ালয়ৰ মুখ্য় ন্যায়াধীশ আৰু অন্যান্য জ্যেষ্ঠ ন্যায়াধীশসকলৰ পৰামৰ্শ গ্ৰহণ কৰে। এতেকে ৰাষ্ট্ৰপতিয়ে যোগ্য ব্যক্তিক এই পদত নিয়োগ কৰিব পাৰে। জনমত গঠনৰ দ্বাৰা এই ক্ষেত্ৰত ৰাজনৈতিক প্ৰভাৱো দূৰ কৰিব পাৰি।

(২) কাৰ্যকালৰ স্থায়িত্বঃ বিচাৰকৰ কাৰ্যকালৰ স্থায়িত্ব বিচাৰ বিভাগৰ স্বাধীনতাৰ পক্ষে অপৰিহাৰ্য। ভাৰতৰ সংবিধানে ইয়াৰ ব্যৱস্থা কৰিছে। ৰাষ্ট্ৰপতিয়ে অকলে বিচাৰকক পদচ্যুত কৰিব নোৱাৰে। সংসদৰ প্ৰস্তাৱ মতে বিচাৰকৰ দুৰ্নীতি আৰু অযোগ্যতাৰ বাবে ৰাষ্ট্ৰপতিয়ে তেওঁক পদচ্যুত কৰিব পাৰে। উচ্চতম ন্যায়ালয়ৰ বিচাৰকে ৬৫বছৰ বয়স পূৰ্ণ হ'লে অৱসৰগ্ৰহণ কৰিব। বিচাৰকৰ কাৰ্যকাল অন্যান্য কৰ্মচাৰীৰ তুলনাত অধিক। এতেকে দেখা যায় যে বিচাৰকৰ চাকৰিৰ স্থায়িত্ব সংবিধানে ৰক্ষা কৰিছে।

(৩) বেতন আৰু অন্যান্য সুবিধাঃ ন্যায়াধীশসকলক তেওঁলোকৰ মৰ্যাদা ৰক্ষা কৰিব পৰাকৈ উচ্চহাৰত বেতন দিয়া হয়। অৱসৰৰ পাছত তেওঁলোকৰ পেন্সনৰো ব্যৱস্থা আছে। তেওঁলোকৰ কাৰণে খৰচ কৰিবলগা ধন ভাৰতৰ সঞ্চিত নিধিৰ পৰা দিয়া হয়। তেওঁলোকক বিনা ভাড়াত চৰকাৰী বাসভৱন দিয়া হয়। সংবিধান অনুসৰি কেৱল আৰ্থিক জৰুৰী অৱস্থাৰ বাদে কোনো ন্যায়াধীশৰ কাৰ্যকালৰ ভিতৰত তেওঁৰ চাকৰিৰ চৰ্তাৱলী তথা বেতন হ্ৰাস বা কৰ্তন কৰিব নোৱাৰি।

(৪) পদচ্যুতিঃ ন্যায়ালয়ৰ স্বাধীনতাৰ কাৰণে ন্যায়াধীশসকলৰ পদৰ নিৰাপত্তাক সংবিধানে সুনিশ্চিত কৰি দিছে। কোনো সুনিৰ্দিষ্ট অভিযোগ নোহোৱাকৈ আৰু বিশেষ পদ্ধতি অৱলম্বন নকৰাকৈ ন্যায়াধীশসকলক পদচ্যুত কৰিব নোৱাৰি।

(৫) প্ৰশাসন ব্যৱস্থাঃ সংবিধান অনুযায়ী উচ্চতম ন্যায়ালয়ৰ স্বকীয় প্ৰশাসনীয় ব্যৱস্থা আছে। এই ব্যৱস্থা কাৰো ওপৰত নিৰ্ভৰশীল নহয়। ন্যায়াধীশসকলে এই প্ৰশাসনীয় ব্যৱস্থাৰ জৰিয়তে স্বাধীনভাৱে কাৰ্য সম্পাদন কৰিব পাৰে।

(৬) উন্মুক্তিঃ ন্যায়পালিকাই যাতে স্বাধীন আৰু নিৰপেক্ষভাৱে কাৰ্য সম্পাদন কৰিব পাৰে তাৰ ব্যৱস্থা তাৰ ব্যৱস্থা সংবিধানে কৰিছে। ন্যায়াধীশসকলক তেওঁলোকৰ কাৰ্য-কলাপৰ কাৰণে কোনেও সমালোচনা কৰিব নোৱাৰে। ন্যায়ালয়ে বিচাৰ কৰি থকা কোনো গোচৰৰ বিষয়ে কোনো কথা প্ৰকাশ কৰিব নোৱাৰি। ন্যায়ালয়ে ন্যায়ালয়ক অৱমাননা কৰা বাবে কোনো ব্যক্তিক শাস্তি বিহিব পাৰে।

(৭) নিয়মাৱলী ৰচনাঃ উচ্চতম ন্যায়ালয়ে নিজৰ কাৰ্য পৰিচালনাৰ বাবে নিয়ম-কানুন ৰচনা কৰি ল'ব পাৰে। ফলস্বৰূপে ন্যায়ালয়সমূহে স্বাধীনভাৱে কাৰ্য সম্পাদন কৰিব পাৰে।

(৮) শপতঃ ন্যায়াধীশসকলে কাৰ্যভাৰ গ্ৰহণ কৰাৰ সময়ত সংবিধান আৰু আইনৰ প্ৰতি আনুগত্য প্ৰদৰ্শন কৰি নিৰপেক্ষভাৱে কাৰ্য সম্পাদন কৰিবলৈ শপত ল'ব লাগে।


৩। ভাৰতৰ ন্য়ায়িক ব্যৱস্থাৰ স্বাধীনতা সম্পৰ্কে এটি টোকা লিখা।

উত্তৰঃ ন্যায়ালয় আৰু বিচাৰকৰ স্বাধীনতা আৰু নিৰপেক্ষতাক গণতন্ত্ৰৰ এটি অপৰিহাৰ্য বৈশিষ্ট্য বুলি বিবেচনা কৰা হয়। বিচাৰ বিভাগৰ স্বাধীনতা আৰু নিৰপেক্ষতাৰ ওপৰতেই গণতন্ত্ৰৰ সাফল্য আৰু বিচাৰ বিভাগৰ কাৰ্যকাৰিতা নিৰ্ভৰ কৰে। বিচাৰকসকলে যদি শাসন বিভাগ আৰু বিধানমণ্ডলৰ প্ৰভাৱৰ বাহিৰত থাকিব নোৱাৰে, তেন্তে তেওঁলোকে ন্যায় আৰু নিৰপেক্ষ বিচাৰ কৰিব নোৱাৰে। গণতন্ত্ৰৰ সাফল্যৰ বাবে ন্যায় আৰু নিৰপেক্ষ বিচাৰ সুনিশ্চিত কৰি বিচাৰ বিভাগীয় স্বাধীনতা প্ৰতিষ্ঠা আৰু প্ৰসাৰিত কৰা একান্ত প্ৰয়োজন। ন্যাপালিকাৰ  স্বাধীনতা নাথাকিলে ৰাষ্ট্ৰৰ আইন যিমানেই ভাল আৰু বিচাৰকৰ দক্ষতা যিমানেই নহওক লাগে, সুবিচাৰ পাবলৈ আশা কৰিব নোৱাৰি। ভাৰত এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ।

৪। ন্যায়পালিকাৰ স্বাধীনতা মানে ন্যায়পালিকা কাৰো ওচৰত দায়বদ্ধ নহয় নেকি ? - আলোচনা কৰা।

উত্তৰঃ

৫। আধুনিক গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত ন্যায়পালিকাৰ প্ৰয়োজনীয়তা আলোচনা কৰা।

উত্তৰঃ স্বাধীন ন্যায়পালিকা গণতন্ত্ৰৰ এটা অপৰিহাৰ্য অংগ। গণতান্ত্ৰিক শাসনব্যৱস্থা থকা এখন দেশৰ সংবিধানত স্বাধীন ন্যায়পালিকাৰ ব্যৱস্থা থকাৰ যথেষ্ট প্ৰয়োজনীয়তা আছে।

    ন্যায়াধীশসকলৰ নিৰপেক্ষতা অটুট ৰখাৰ কাৰণে স্বাধীন ন্যায়পালিকাৰ ব্যৱস্থা অতিকৈ প্ৰয়োজন। স্বাধীনতাৰ বাতাৱৰণ থাকিলেহে ন্যায়াধীশসকলে নিৰ্ভীকভাৱে কাৰ্যনিৰ্বাহ কৰিব পাৰিব।

    কেৱল স্বাধীন ন্যায়াপালিকাইহে নিঃস্বাৰ্থভাৱে দ্ৰুত বিচাৰকাৰ্য সম্পাদন কৰিব পাৰে।

স্বাধীন আৰু নিৰপেক্ষ ন্যায়পালিকাই নাগৰিকৰ সংবিধানপ্ৰদত্ত মৌলিক অধিকাৰসমূহৰ ৰক্ষণা-বেক্ষণ দিব পাৰে। ব্যক্তিৰ মাজত হোৱা বিবাদ বা ব্যক্তি আৰু চৰকাৰৰ মাজত হোৱা বিবাদ বা চৰকাৰ আৰু আন কোনো কৰ্তৃপক্ষৰ মাজত সংঘটিত কোনো বিবাদ আইনৰ শাসনৰ নীতিৰ ভিত্তিত ন্যায়পালিকাই নিষ্পত্তি কৰিব লাগে। 

    স্বাধীন ন্যায়পালিকাই শাসন কৰ্তৃপক্ষৰ একনায়কত্ববাদী শাসনত বাধা আৰোপ কৰে। মুঠতে সকলো ধৰণৰ ৰাজনৈতিক প্ৰভাৱৰ পৰা মুক্ত থাকি নিৰপেক্ষ আৰু স্বতন্ত্ৰভাৱে নিজৰ দায়িত্ব পালনৰ বাবে স্বাধীন ন্যায়পালিকাৰ প্ৰয়োজনীয়তা আছে। 

৬। ভাৰতৰ ন্যায়পালিকাৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা। 

উত্তৰঃ ভাৰতৰ ন্যাপালিকাৰ বৈশিষ্ট্যসমূহ হৈছে-

(১) এককেন্দ্ৰিকতাঃ ভাৰতৰ শাসন যুক্তৰাষ্ট্ৰীয় আৰ্হিত গঠিত হ'লেও ইয়াৰ বিচাৰ ব্যৱস্থা এককেন্দ্ৰিক। অন্যান্য যুক্তৰাষ্ট্ৰীয় দেশৰ দৰে ভাৰত যুক্তৰাষ্ট্ৰীৰ অংগৰাজ্যসমূহ আৰু কেন্দ্ৰৰ কাৰণে সুকীয়া ন্যায়পালিকাৰ ব্যৱস্থা নাই।

(২) সমৰূপতাঃ ভাৰতৰ আইন ব্যৱস্থাত সমৰূপতাও দেখিবলৈ পোৱা যায়। এজন অপৰাধীৰ বিচাৰ সমগ্ৰ দেশত একে ধৰণৰ ন্যায় আৰু ন্যায়ালয়ৰ অধীনত কৰা হয়।

(৩) সাৰ্বজনীনতাঃ ভাৰতত মাত্ৰ এখন যুক্তৰাষ্ট্ৰীয় ন্যায়ালয় আছে- উচ্চতম ন্যায়ালয় আৰু ৰাজ্যবোৰত একোখন উচ্চ ন্যায়ালয় আছে। উভয় চৰকাৰৰ সংগঠন কেন্দ্ৰীয় চৰকাৰৰ নিয়ন্ত্ৰণাধীন। উভয় ন্যায়ালয়ৰ ন্যাযাধীশসকলক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে।

(৪) বিচাৰ বিভাগৰ নিৰপেক্ষতাঃ বিচাৰকসকলে যাতে স্বাধীন আৰু নিৰপেক্ষভাৱে নিজৰ কৰ্তব্য সম্পাদন কৰিব পাৰে তাৰ বাবে ভাৰতৰ লিখিত সংবিধানত কিছুমান ব্যৱস্থাৰ উল্লেখ আছে।

(৫) বিচাৰ ব্যৱস্থাৰ লেহেম গতিঃ আমাৰ দেশৰ বিচাৰ ব্যৱস্থাৰ লেহেম গতি ইয়াৰ এটা অন্যতম বৈশিষ্ট্য। একোটা গোচৰ নিষ্পত্তিৰ বাবে প্ৰচুৰ সময় লাগে। ইয়াৰ ফলত জনসাধাৰণ ক্ষতিগ্ৰস্ত হয়।

(৬) ব্যয়বহুলঃ ভাৰতৰ বিচাৰ ব্যৱস্থা ব্যয়বহুল। যিকোনো গোচৰ বিচাৰ কৰোতে যথেষ্ট ধন আৰু সময়ৰ অপচয় হয়।

(৭) সৰ্বব্যাপকতাঃ ভাৰতৰ উচ্চতম নায়ালয়ৰ ক্ষেত্ৰাধিকাৰ দেশৰ চাৰিওসীমাৰ ভিতৰত বিস্তিত আছে। দেশৰ সকলো ন্যায়ালয় উচ্চতম ন্যায়ালয়ৰ দ্বাৰা নিয়ন্ত্ৰণাধীন।

(৮) প্ৰশাসনিক আদালতঃ সংবিধানৰ ৪২তম আইন মতে চৰকাৰী প্ৰশাসনিক কৰ্মচাৰীসকলৰ বিচাৰৰ কাৰণে সংসদে আইন প্ৰণয়নৰ জৰিয়তে প্ৰশাসনিক আদালত গঠন কৰিব পাৰে। 

৭। ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ গঠন ক্ষমতা আৰু কার্যাৱলী আলোচনা কৰা । 

উত্তৰঃ

 গঠনঃ সংবিধানৰ ১২৪ (১) নং অনুচ্ছেদ অনুযায়ী এজন মুখ্য ন্যায়াধীশ আৰু কেইজনমান ন্যায়াধীশক লৈ উচ্চতম ন্যায়ালয় গঠিত হৈছে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশসহ মুঠ ন্যায়াধীশৰ সংখ্যা বৰ্তমান ৩১ জন। সংবিধানত কাৰ্যনিৰ্বাহক মুখ্য ন্যায়াধীশ আৰু অস্থায়ী ন্যায়াধীশৰ নিযুক্তিৰ ব্যৱস্থা আছে। সংসদে আইন যোগে উচ্চতম ন্যায়ালয় ন্যায়াধীশৰ সংখ্যা বৃদ্ধি কৰিব পাৰে। সেই অনুসৰি ১৯৫০ চনত মুখ্য ন্যায়াধীশৰ সৈতে মুঠ ন্যায়াধীশৰ সংখ্যা আছিল ৮ জন।

ক্ষমতা আৰু কাৰ্যাৱলীবোৰ হৈছে-

(১) মূল অধিকাৰ ক্ষেত্ৰঃ উচ্চতম ন্যায়ালয়ৰ মূল অধিকাৰ ক্ষেত্ৰৰ বিচাৰাধীন বিষয়সমূহ হলঃ (ক) ভাৰত চৰকাৰ আৰু এখন বা ততোধিক ৰাজ্যৰ মাজত বিবাদ, (খ) একপক্ষে ভাৰত চৰকাৰ আৰু কোনো ৰাজ্য বা ৰাজ্যসমূহ আৰু আনপক্ষে এখন বা ততোধিক ৰাজ্য চৰকাৰৰ মাজত বিবাদ আৰু (গ) দুই বা ততোধিক ৰাজ্য চৰকাৰৰ মাজত বিবাদ। বিচাৰ্য বিষয় বাদী আৰু বিবাদী পক্ষৰ আইনগত অধিকাৰ সম্পৰ্কীয় হ'ব লাগিব। সংবিধান প্ৰৱৰ্তিত হোৱাৰ পিছত যিবিলাক সন্ধি, চুক্তি আৰু অংগীকাৰ-পত্ৰ সম্পাদিত হৈছে সেইবোৰৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ বিচাৰ ক্ষমতা আছে। সংবিধানৰ ৭১-নং অনুচ্ছেদ অনুযায়ী ভাৰতৰ ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচনসংক্ৰান্তীয় যিকোনো বিবাদ মীমাংসাৰ দায়িত্ব উচ্চতম ন্যায়ালয়ৰ ওপৰত ন্যস্ত কৰা হৈছে আৰু ইয়াৰ এই ক্ষমতা মূল অধিকাৰ ক্ষেত্ৰৰ অন্তৰ্গত।

(২) আপীল সম্পৰ্কীয় ক্ষমতাঃ উচ্চতম ন্যায়ালয় ভাৰতৰ সৰ্বোচ্চ আপীল আদালত। উচ্চতম ন্যায়ালয়ৰ আপীল সম্পৰ্কীয় ক্ষমতাক তিনিটা ভাগত বিভক্ত কৰা যায়ঃ (ক) সাংবিধানিক আপীল, (খ) দেৱানী গোচৰৰ আপীল আৰু (গ) ফৌজদাৰী গোচৰৰ আপীল।

(৩) পৰামৰ্শদানৰ ক্ষমতাঃ সাংবিধানিক ফালৰ পৰা উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শদান ক্ষমতা বৰ গুৰুত্বপূৰ্ণ। সংবিধানৰ ১৪৩ (১) -নং অনুচ্ছেদত কোৱা হৈছে যে ৰাষ্ট্ৰপতিয়ে যদি কেতিয়াবা বিবেচনা কৰে যে আইন বা তথ্যসংক্ৰান্তীয় কোনো বিষয়ত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উদ্ভৱ হৈছে বা উদ্ভৱ হোৱাৰ সম্ভাৱনা আছে আৰু এই বিষয়ত উচ্চতম ন্যায়ালয়ৰ মতামত লোৱাৰ প্ৰয়োজন, তেন্তে তেওঁ সেই বিষয়টো উচ্চতম ন্যায়ালয়ৰ বিবেচনাৰ বাবে পঠিয়াব পাৰে। উচ্চতম ন্যায়ালয়ৰ এই ধৰণৰ বিষয় বিবেচনা কৰাটো পৰামৰ্শদান ক্ষমতাৰ ভিতৰত পৰে। উচ্চতম ন্যায়ালয়ৰ ওচৰত পৰামৰ্শ বিচাৰিলে ই পৰামৰ্শ দিবলৈ বাধ্য।

(৪) বিবিধ ক্ষমতাঃ ওপৰত আলোচনা কৰা তিনিবিধ অধিকাৰৰ ক্ষেত্ৰত ক্ষমতা ভোগ কৰা ক্ষমতাৰ উপৰিও উচ্চতম ন্যায়ালয়ে অন্যান্য ভালেমান ক্ষমতা ভোগ কৰে। যেনে-

(ক) সংবিধান ৰক্ষক হিচাপে কাম কৰে।

(খ) ন্যায়িক সমীৰণ।

(গ) মৌলিক অধিকাৰৰ অভিভাৱক।

(ঘ) অভিলেখ আদালত।

(ঙ) নিজৰ ৰায় পূৰ্নবিবেচনাৰ ক্ষমতা।

(চ) আদালত অৱমাননা কৰা বাবে শাস্তি প্ৰদান ইত্যাদি। 

৮। উচ্চ ন্যায়ালয়ৰ গঠন , ক্ষমতা আৰু কার্যাৱলী বর্ণনা কৰা 

উত্তৰঃ 

গঠনঃ সংবিধানৰ ১২৪ (১) নং অনুচ্ছেদ অনুযায়ী এজন মুখ্য ন্যায়াধীশ আৰু কেইজনমান ন্যায়াধীশক লৈ উচ্চতম ন্যায়ালয় গঠিত হৈছে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশসহ মুঠ ন্যায়াধীশৰ সংখ্যা বৰ্তমান ৩১ জন। সংবিধানত কাৰ্যনিৰ্বাহক মুখ্য ন্যায়াধীশ আৰু অস্থায়ী ন্যায়াধীশৰ নিযুক্তিৰ ব্যৱস্থা আছে। সংসদে আইন যোগে উচ্চতম ন্যায়ালয় ন্যায়াধীশৰ সংখ্যা বৃদ্ধি কৰিব পাৰে। সেই অনুসৰি ১৯৫০ চনত মুখ্য ন্যায়াধীশৰ সৈতে মুঠ ন্যায়াধীশৰ সংখ্যা আছিল ৮ জন। সংসদৰ ন্যায়াধীশৰ সংখ্যা বৃদ্ধি কৰিব পৰা ক্ষমতা থকাৰ কাৰণে আইন প্ৰণয়নৰ জৰিয়তে বৰ্তমান উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ সৈতে মুঠ ন্যায়াধীশৰ সংখ্যা ২৯ জনলৈ বৃদ্ধি কৰা হয়।

ক্ষমতা আৰু কাৰ্যাৱলী বোৰ হৈছে-

(১) মূল অধিকাৰ ক্ষেত্ৰঃ উচ্চতম ন্যায়ালয়ৰ মূল অধিকাৰ ক্ষেত্ৰৰ বিচাৰাধীন বিষয়সমূহ হলঃ (ক) ভাৰত চৰকাৰ আৰু এখন বা ততোধিক ৰাজ্যৰ মাজত বিবাদ, (খ) একপক্ষে ভাৰত চৰকাৰ আৰু কোনো ৰাজ্য বা ৰাজ্যসমূহ আৰু আনপক্ষে এখন বা ততোধিক ৰাজ্য চৰকাৰৰ মাজত বিবাদ আৰু (গ) দুই বা ততোধিক ৰাজ্য চৰকাৰৰ মাজত বিবাদ। বিচাৰ্য বিষয় বাদী আৰু বিবাদী পক্ষৰ আইনগত অধিকাৰ সম্পৰ্কীয় হ'ব লাগিব। সংবিধান প্ৰৱৰ্তিত হোৱাৰ পিছত যিবিলাক সন্ধি, চুক্তি আৰু অংগীকাৰ-পত্ৰ সম্পাদিত হৈছে সেইবোৰৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ বিচাৰ ক্ষমতা আছে। সংবিধানৰ ৭১-নং অনুচ্ছেদ অনুযায়ী ভাৰতৰ ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচনসংক্ৰান্তীয় যিকোনো বিবাদ মীমাংসাৰ দায়িত্ব উচ্চতম ন্যায়ালয়ৰ ওপৰত ন্যস্ত কৰা হৈছে আৰু ইয়াৰ এই ক্ষমতা মূল অধিকাৰ ক্ষেত্ৰৰ অন্তৰ্গত।

(২) আপীল সম্পৰ্কীয় ক্ষমতাঃ উচ্চতম ন্যায়ালয় ভাৰতৰ সৰ্বোচ্চ আপীল আদালত। উচ্চতম ন্যায়ালয়ৰ আপীল সম্পৰ্কীয় ক্ষমতাক তিনিটা ভাগত বিভক্ত কৰা যায়ঃ (ক) সাংবিধানিক আপীল, (খ) দেৱানী গোচৰৰ আপীল আৰু (গ) ফৌজদাৰী গোচৰৰ আপীল।

(৩) পৰামৰ্শদানৰ ক্ষমতাঃ সাংবিধানিক ফালৰ পৰা উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শদান ক্ষমতা বৰ গুৰুত্বপূৰ্ণ। সংবিধানৰ ১৪৩ (১) -নং অনুচ্ছেদত কোৱা হৈছে যে ৰাষ্ট্ৰপতিয়ে যদি কেতিয়াবা বিবেচনা কৰে যে আইন বা তথ্যসংক্ৰান্তীয় কোনো বিষয়ত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উদ্ভৱ হৈছে বা উদ্ভৱ হোৱাৰ সম্ভাৱনা আছে আৰু এই বিষয়ত উচ্চতম ন্যায়ালয়ৰ মতামত লোৱাৰ প্ৰয়োজন, তেন্তে তেওঁ সেই বিষয়টো উচ্চতম ন্যায়ালয়ৰ বিবেচনাৰ বাবে পঠিয়াব পাৰে। উচ্চতম ন্যায়ালয়ৰ এই ধৰণৰ বিষয় বিবেচনা কৰাটো পৰামৰ্শদান ক্ষমতাৰ ভিতৰত পৰে। উচ্চতম ন্যায়ালয়ৰ ওচৰত পৰামৰ্শ বিচাৰিলে ই পৰামৰ্শ দিবলৈ বাধ্য।

(৪) বিবিধ ক্ষমতাঃ সংবিধানৰ ৪২তম সংশোধন অনুসৰি উচ্চতম ন্যায়ালয়ে এখন উচ্চ ন্যায়ালয়ৰ পৰা অন্য উচ্চ ন্যায়ালয়লৈ কোনো গোচৰ স্থানান্তৰ কৰিব পাৰে। কেন্দ্ৰীয় আৰু ৰাজিক্য আইন জড়িত কোনো গোচৰ একেলগে উচ্চতম ন্যায়ালয় আৰু এক বা একাধিক উচ্চ ন্যায়ালয়ত চলি থাকিলে ভাৰতৰ এটৰ্ণী-জেনেৰেল আবেদন অনুযায়ী উচ্চতম ন্যায়ালয়ে এই গোচৰ নিজৰ হাতলৈ লৈ আহিব পাৰে।


৯। ভাৰতৰ ন্যায়িক ব্যৱস্থাত উচ্চতম ন্যায়ালয়ৰ ভূমিকা আলোচনা কৰা । 

উত্তৰঃ ভাৰতৰ শাসনব্যৱস্থাত উচ্চতম ন্যায়ালয়ৰ ভূমিকা বৰ গুৰুত্বপূৰ্ণ। উচ্চতম ন্যায়ালয় হ'ল ভাৰতীয় ন্যায়িক ব্যৱস্থাৰ সৰ্বোচ্চ ক্ষমতাৰ গৰাকী। গঠন- সংবিধানৰ ১২৪ (১) নং অনুচ্ছেদ অনুসৰি এজন মুখ্য ন্যায়াধীশ আৰু সংসদে আইনৰ জৰিয়তে বৃদ্ধি নকৰালৈকে অন্যান্য ৭ জন ন্যায়াধীশক লৈ উচ্চতম ন্যায়ালয় গঠিত হব। সেই অনুসৰি ১৯৫০ চনত মুখ্য ন্যায়াধীশৰ সৈতে মুঠ ন্যায়াধীশৰ সংখ্যা আছিল ৮ জন। এই ন্যায়ালয়ৰ প্ৰাথমিক কৰ্তব্য হ'ল আইনসমূহ যথাযথভাৱে প্ৰয়োগ আৰু প্ৰতিপালিত হৈছে নে নাই আৰু বিচাৰপ্ৰাৰ্থীক ন্যায় বিচাৰৰ পৰা বঞ্চিত কৰা হৈছে  নেকি সেই বিষয়ে সতৰ্ক ৰখা। এই উদ্দেশ্য লৈ ভাৰতৰ সংবিধানে উচ্চতম ন্যায়ালয়ক এটি অখণ্ড বিচাৰ সংগঠনৰ  সৰ্বোচ্চ শিখৰত স্থান দিছে। ভাৰতৰ উচ্চতম ন্যায়ালয় ন্যায় ব্যৱস্থাৰ ঐক্যবন্ধনৰ সহায়ক। এই আদালতৰ দ্বাৰা স্বীকৃত আৰু গৃহীত আইনসংক্ৰন্তীয় সিদ্ধান্ত দেশৰ সকলো বিচাৰালয়ে মানি চলিবলৈ বাধ্য।


১০। ভাৰতীয় উচ্চতম ন্যায়ালয়ৰ ' ন্যায়িক সমীক্ষা ' ক্ষমতাৰ বিষয়ে ব্যাখ্যা কৰা । 

উত্তৰঃ ন্যায়িক সমীক্ষা হ'ল  ভাৰতীয় উচ্চতম ন্যায়ালয়ৰ এটা বিশেষ ক্ষমতা। বিধানমণ্ডলে প্ৰণয়ন কৰা আইনৰ সাংবিধানিক বৈধতা বিচাৰ কৰিব পৰা উচ্চতম ন্যায়লয় আৰু উচ্চ ন্যায়লয়ৰ ক্ষমতাক ন্যায়িক সমীক্ষা ক্ষমতা বুলি কোৱা হয়। বিধানমণ্ডলে প্ৰণয়ন কৰা কোনো আইন যদি সংবিধানৰ পৰিপন্থী হয়, তেতিয়া ন্যায়পালিকাই তেনে আইনক অসাংবিধানিক বুলি ঘোষণা কৰি বাতিল কৰিব পাৰে। অৱশ্যে সংবিধানত ন্যায়িক সমীক্ষাৰ উল্লেখ নাই। বিধানমণ্ডলে প্ৰণয়ন কৰা আইনৰ বৈধতা বিচাৰ কৰা নাগৰিকৰ মৌলিক অধিকাৰ ৰক্ষণাবেক্ষণৰ যি ক্ষমতা উচ্চতম ন্যায়ালয়ে প্ৰয়োগ কৰে তাৰ পৰাই ন্যায়িক সমীক্ষাটো উদ্ভৱ হৈছে।

১১। ন্যায়িক সক্রিয়তা মানে কি বুজা ?- আলোচনা কৰা । 

                                                                            [HS(XI) 2018]

উত্তৰঃ আধুনিক গণতান্ত্ৰিক শাসনব্যৱস্থাত ন্যায়পালিকাৰ সক্ৰিয়তাই এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। ন্যায়িক সক্ৰিয়তাৰ ধাৰণাটো পোন প্ৰথম আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানত কাৰ্যকৰণ বা প্ৰয়োগসংক্ৰান্তীয় সমস্যাক লৈ উদ্ভৱ হোৱা দেখা যায়।

    গণতান্ত্ৰিক ৰাষ্ট্ৰত ন্যায়পালিকাৰ সক্ৰিয়তা বিশেষ তাৎপৰ্যপূৰ্ণ। দেশৰ শাসন আৰু আইন প্ৰণয়ন কাৰ্য যাতে সংবিধানে নিৰ্দিষ্ট কৰা সীমাৰেখাৰ ভিতৰত সম্পাদিত হয় তাৰ প্ৰতি ন্যায়ালয়ে সতৰ্ক দৃষ্টি ৰাখিব লাগে। ন্যায়ালয়ৰ এই ক্ষমতাকে ন্যায়পালিকাৰ সক্ৰিয়তা বুলি কোৱা হয়। ন্যায়পালিকাই সৃষ্টি কৰা নতুন আইন বা নীতিয়ে বহু সময়ত কাৰ্যপালিকা তথা বিধানমণ্ডলৰ ক্ষমতা সংকোচন বা সম্প্ৰসাৰণো কৰিব পাৰে।

সাধাৰণতে পৰিৱৰ্তিত সমাজব্যৱস্থাৰ চাহিদা মতে যেতিয়া ন্যায়পালিকাই ন্যায়িক পৰ্যালোচনা বা সমীক্ষা কৰে তেতিয়া তাক ন্যায়পালিকাৰ সক্ৰিয়তা বুলি কোৱা হয়। আমাৰ দেশ ভাৰতৰ ন্যায়িক সক্ৰিয়তাৰ মূল চালিকা শক্তি হ'ল ''ৰাজহুৱা স্বাৰ্থজনিত গোচৰ''। ন্যায়পালিকাই সদায় ন্যায়সংগতভাৱে এজন ব্যক্তি ব্যক্তিগতভাৱে ক্ষতিগ্ৰস্ত হ'লে বা তেওঁৰ অধিকাৰ খৰ্ব হ'লে ন্যায়ালয়ৰ ওচৰ চাপে। ন্যায়ালয় বা ন্যায়পালিকাৰ গতানুগতিক কাম হ'ল যিকোনো গোচৰ বিচাৰ কৰা।


১২। ভাৰতত ন্যায়িক সক্ৰিয়তাৰ ওপৰত এটা টোকা লিখা ।                                                                                     [HS(XI) 2017] 

উত্তৰঃ ভাৰতবৰ্ষৰ সংবিধানৰ ৩৯ (ক) নং অনুচ্ছেদ অনুসৰি আৰ্থিক অনগ্ৰসৰতা নাইবা আন কোনো কাৰণত নাগৰিকক ন্যায় সুবিধাৰ পৰা বঞ্চিত কৰিব পৰা নাযায়। প্ৰত্যেকজন নাগৰিকে ন্যায় বিচাৰি ন্যায়ালয়ত প্ৰৱেশ কৰিব পাৰিব।

 আধুনিক গণতান্ত্ৰিক শাসনব্যৱস্থাত ন্যায়পালিকাৰ সক্ৰিয়তাই এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। ন্যায়িক সক্ৰিয়তাৰ ধাৰণাটো পোন প্ৰথম আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানত কাৰ্যকৰণ বা প্ৰয়োগসংক্ৰান্তীয় সমস্যাক লৈ উদ্ভৱ হোৱা দেখা যায়।

    গণতান্ত্ৰিক ৰাষ্ট্ৰত ন্যায়পালিকাৰ সক্ৰিয়তা বিশেষ তাৎপৰ্যপূৰ্ণ। দেশৰ শাসন আৰু আইন প্ৰণয়ন কাৰ্য যাতে সংবিধানে নিৰ্দিষ্ট কৰা সীমাৰেখাৰ ভিতৰত সম্পাদিত হয় তাৰ প্ৰতি ন্যায়ালয়ে সতৰ্ক দৃষ্টি ৰাখিব লাগে। ন্যায়ালয়ৰ এই ক্ষমতাকে ন্যায়পালিকাৰ সক্ৰিয়তা বুলি কোৱা হয়। ন্যায়পালিকাই সৃষ্টি কৰা নতুন আইন বা নীতিয়ে বহু সময়ত কাৰ্যপালিকা তথা বিধানমণ্ডলৰ ক্ষমতা সংকোচন বা সম্প্ৰসাৰণো কৰিব পাৰে।

সাধাৰণতে পৰিৱৰ্তিত সমাজব্যৱস্থাৰ চাহিদা মতে যেতিয়া ন্যায়পালিকাই ন্যায়িক পৰ্যালোচনা বা সমীক্ষা কৰে তেতিয়া তাক ন্যায়পালিকাৰ সক্ৰিয়তা বুলি কোৱা হয়। আমাৰ দেশ ভাৰতৰ ন্যায়িক সক্ৰিয়তাৰ মূল চালিকা শক্তি হ'ল ''ৰাজহুৱা স্বাৰ্থজনিত গোচৰ''। ন্যায়পালিকাই সদায় ন্যায়সংগতভাৱে এজন ব্যক্তি ব্যক্তিগতভাৱে ক্ষতিগ্ৰস্ত হ'লে বা তেওঁৰ অধিকাৰ খৰ্ব হ'লে ন্যায়ালয়ৰ ওচৰ চাপে। ন্যায়ালয় বা ন্যায়পালিকাৰ গতানুগতিক কাম হ'ল যিকোনো গোচৰ বিচাৰ কৰা।


১৩। ন্যায়িক সক্রিয়তাই ন্যায়পালিকা আৰু কাৰ্যপালিকাৰ মাজত বিবাদৰ সৃষ্টি কৰিব পাৰে বুলি তুমি ভাবা নেকি ? ইয়াৰ কাৰণসমূহ কি কি ? 

উত্তৰঃ

১৪। মৌলিক অধিকাৰ সুৰক্ষাৰ সৈতে ন্যায়িক সক্রিয়তাৰ সম্পৰ্ক কেনেকুৱা ? ইয়ে মৌলিক অধিকাৰৰ পৰিধি সম্প্ৰসাৰণত সহায় কৰিছে নেকি ? 

উত্তৰঃ মৌলিক অধিকাৰ সুৰক্ষাৰ সৈতে ন্যায়িক সক্ৰিয়তাৰ সম্পৰ্ক ঘনিষ্ঠ।

কাৰণ ভাৰতবৰ্ষৰ সংবিধানৰ ৩৯ (ক) নং অনুচ্ছেদ অনুসৰি আৰ্থিক অনগ্ৰসৰতা নাইবা আন কোনো কাৰণত নাগৰিকক ন্যায় সুবিধাৰ পৰা বঞ্চিত কৰিব পৰা নাযায়। প্ৰত্যেকজন নাগৰিকে ন্যায় বিচাৰি ন্যায়ালয়ত প্ৰৱেশ কৰিব পাৰিব। উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ে বিশ্বাসযোগ্য আৰু নিভাজভাৱে জনস্বাৰ্থ ৰক্ষাৰ বাবে যথোচিত ব্যৱস্থা গ্ৰহণ কৰিছে। ভাৰতবৰ্ষত সাম্প্ৰতিক কালছোৱাত গণতান্ত্ৰিক অৱনতি আৰু দুৰ্নীতিৰ পয়োভৰ ঘটাত জনস্বাৰ্থ হানি হ'ব লৈ ধৰিছে। ইয়াৰ ফলশ্ৰুতিত ভাৰতৰ ন্যায়পালিকা অধিক সক্ৰিয় হ'বলৈ বাধ্য হৈছে আৰু ন্যায়পালিকাৰ ''ন্যায়িক সক্ৰিয়তা'' নীতি আচম্বিতে বহিঃপ্ৰকাশ পাইছে আৰু  বিৰ্তকৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। ''ন্যায়িক সক্ৰিয়তা'' বৰ্তমান অধিক জনপ্ৰিয় হোৱাৰ মূলতে হৈছে 'ৰাজহুৱা স্বাৰ্থজনিক গোচৰ' আৰু সামাজিক কাৰ্যপদ্ধতি গোচৰ'। ন্যায়ালয়ৰ সক্ৰিয়তা আৰু ৰাজহুৱা স্বাৰ্থজনিত গোচৰৰ বাবে ন্যায়ালয়ৰ কামৰ বোজা যথেষ্ট বৃদ্ধি পাইছে। ৰাজহুৱা স্বাৰ্থজনিত গোচৰৰ বাবে দুখীয়া লোকসকল যথেষ্ট উপকৃত হৈছে। কাৰণ তেওঁলোকে আৰ্থিক অভাৱৰ বাবে ন্যায়ালয়ৰ ওচৰত যাব নোৱাৰিলেও তেওঁলোকৰ হৈ আনে গোচৰ দিব পাৰে। ইয়াৰ ফলত সকলো নাগৰিকৰ মৌলিক অধিকাৰ সংৰক্ষণত সুবিধা হৈছে। ইয়েই মৌলিক অধিকাৰৰ পৰিলৰ সম্প্ৰসাৰণতো যথেষ্ট সহায় কৰিছে।


১৫। ন্যায়পালিকা আৰু সংসদৰ মাজৰ  সম্পর্ক আলোচনা কৰা। 

উত্তৰঃ ১৯৭৩ চনত উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা এটা ৰায়দানৰ ফলস্বৰূপে সংসদ আৰু ন্যায়াপালিকাৰ মাজৰ সম্পৰ্ক নিয়ন্ত্ৰণত বাৰুকৈ প্ৰভাৱ পৰে। এই গোচৰটো হ'ল কেশৱনন্দ ভাৰতী গোচৰ নামেৰে বিখ্যাত। এই গোচৰটো ৰায়দানৰ কালত উচ্চতম ন্যায়ালয়ে মত প্ৰকাশ কৰে যে সংসদে মৌলিক অধিকাৰ সংশোধন কৰিব পাৰিব কিন্তু সংবিধানৰ এটা মূল গাঁথনি আছে আৰু ইয়াক সংশোধন কৰিব নোৱাৰিব। আন কথাত সংবিধান সংশোধন  কৰিও মূল গাঁথনিৰ কোনো পৰিৱৰ্তন আনিব নোৱাৰিব। এই ৰায় মতে সম্পত্তিৰ অধিকাৰ সংবিধানৰ মূল গাঁথনি নহয় আৰু সংসদে ইয়াক সংশোধন কৰাত কোনো বাধা নাই। দ্বিতীয়তে, সংবিধানৰ কোন কোন অংশ মূল গাঁথনিৰ অন্তৰ্ভুক্ত সেইটো উচ্চতম ন্যায়ালয়েহে নিৰ্দিষ্ট কৰি দিব। অৰ্থাৎ এই বিষয়টো উচ্চতম ন্যায়ালয়ে নিজৰ হাতত সংৰক্ষিত কৰি ৰাখিছে। ইয়াৰ দ্বাৰা উচ্চতম ন্যায়ালয়ে সংবিধান ব্যাখ্যাৰ ক্ষমতা নিজৰ হাতত সংৰক্ষিত কৰিছে।

১৬। ভাৰতীয় সংবিধানৰ একত্রিত ন্যায়পালিকা ব্যৱস্থাৰ ব্যাখ্যা কৰা।                                                                             [HS(XI) 2019]

উত্তৰঃ 

১৭। ন্যায়পালিকা আৰু সংসদৰ মাজৰ সম্পৰ্ক উদাহৰণসহ ব্যাখ্যা কৰা । 

উত্তৰঃ ১৯৭৩ চনত উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা এটা ৰায়দানৰ ফলস্বৰূপে সংসদ আৰু ন্যায়াপালিকাৰ মাজৰ সম্পৰ্ক নিয়ন্ত্ৰণত বাৰুকৈ প্ৰভাৱ পৰে। এই গোচৰটো হ'ল কেশৱনন্দ ভাৰতী গোচৰ নামেৰে বিখ্যাত। এই গোচৰটো ৰায়দানৰ কালত উচ্চতম ন্যায়ালয়ে মত প্ৰকাশ কৰে যে সংসদে মৌলিক অধিকাৰ সংশোধন কৰিব পাৰিব কিন্তু সংবিধানৰ এটা মূল গাঁথনি আছে আৰু ইয়াক সংশোধন কৰিব নোৱাৰিব। আন কথাত সংবিধান সংশোধন  কৰিও মূল গাঁথনিৰ কোনো পৰিৱৰ্তন আনিব নোৱাৰিব। এই ৰায় মতে সম্পত্তিৰ অধিকাৰ সংবিধানৰ মূল গাঁথনি নহয় আৰু সংসদে ইয়াক সংশোধন কৰাত কোনো বাধা নাই। দ্বিতীয়তে, সংবিধানৰ কোন কোন অংশ মূল গাঁথনিৰ অন্তৰ্ভুক্ত সেইটো উচ্চতম ন্যায়ালয়েহে নিৰ্দিষ্ট কৰি দিব। অৰ্থাৎ এই বিষয়টো উচ্চতম ন্যায়ালয়ে নিজৰ হাতত সংৰক্ষিত কৰি ৰাখিছে। ইয়াৰ দ্বাৰা উচ্চতম ন্যায়ালয়ে সংবিধান ব্যাখ্যাৰ ক্ষমতা নিজৰ হাতত সংৰক্ষিত কৰিছে।

১৮। জনস্বার্থ ৰক্ষার্থে ন্যায়পালিকাই কেনে কাম কৰে । 

উত্তৰঃ

১৯। ৰাজহুৱা স্বার্থজড়িত গোচৰৰ বৈশিষ্ট্যবিলাক লিখা । 

উত্তৰঃ

চমু উত্তৰৰ প্ৰশ্ন ( Short Answer Questions ): 

১। ন্যায়পালিকাৰ প্ৰয়োজনীয়তা 

উত্তৰঃ  স্বাধীন ন্যায়পালিকা গণতন্ত্ৰৰ এটা অপৰিহাৰ্য অংগ। গণতান্ত্ৰিক শাসনব্যৱস্থা থকা এখন দেশৰ সংবিধানত স্বাধীন ন্যায়পালিকাৰ ব্যৱস্থা থকাৰ যথেষ্ট প্ৰয়োজনীয়তা আছে।

    ন্যায়াধীশসকলৰ নিৰপেক্ষতা অটুট ৰখাৰ কাৰণে স্বাধীন ন্যায়পালিকাৰ ব্যৱস্থা অতিকৈ প্ৰয়োজন। স্বাধীনতাৰ বাতাৱৰণ থাকিলেহে ন্যায়াধীশসকলে নিৰ্ভীকভাৱে কাৰ্যনিৰ্বাহ কৰিব পাৰিব।

    কেৱল স্বাধীন ন্যায়াপালিকাইহে নিঃস্বাৰ্থভাৱে দ্ৰুত বিচাৰকাৰ্য সম্পাদন কৰিব পাৰে।

স্বাধীন আৰু নিৰপেক্ষ ন্যায়পালিকাই নাগৰিকৰ সংবিধানপ্ৰদত্ত মৌলিক অধিকাৰসমূহৰ ৰক্ষণা-বেক্ষণ দিব পাৰে। ব্যক্তিৰ মাজত হোৱা বিবাদ বা ব্যক্তি আৰু চৰকাৰৰ মাজত হোৱা বিবাদ বা চৰকাৰ আৰু আন কোনো কৰ্তৃপক্ষৰ মাজত সংঘটিত কোনো বিবাদ আইনৰ শাসনৰ নীতিৰ ভিত্তিত ন্যায়পালিকাই নিষ্পত্তি কৰিব লাগে। 

    স্বাধীন ন্যায়পালিকাই শাসন কৰ্তৃপক্ষৰ একনায়কত্ববাদী শাসনত বাধা আৰোপ কৰে। মুঠতে সকলো ধৰণৰ ৰাজনৈতিক প্ৰভাৱৰ পৰা মুক্ত থাকি নিৰপেক্ষ আৰু স্বতন্ত্ৰভাৱে নিজৰ দায়িত্ব পালনৰ বাবে স্বাধীন ন্যায়পালিকাৰ প্ৰয়োজনীয়তা আছে।

২। উচ্চতম ন্যায়ালয়ৰ গঠন প্রণালী ।

উত্তৰঃ সংবিধানৰ ১২৪ (১) নং অনুচ্ছেদ অনুযায়ী এজন মুখ্য ন্যায়াধীশ আৰু কেইজনমান ন্যায়াধীশক লৈ উচ্চতম ন্যায়ালয় গঠিত হৈছে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশসহ মুঠ ন্যায়াধীশৰ সংখ্যা বৰ্তমান ৩১ জন। সংবিধানত কাৰ্যনিৰ্বাহক মুখ্য ন্যায়াধীশ আৰু অস্থায়ী ন্যায়াধীশৰ নিযুক্তিৰ ব্যৱস্থা আছে। সংসদে আইন যোগে উচ্চতম ন্যায়ালয় ন্যায়াধীশৰ সংখ্যা বৃদ্ধি কৰিব পাৰে। সেই অনুসৰি ১৯৫০ চনত মুখ্য ন্যায়াধীশৰ সৈতে মুঠ ন্যায়াধীশৰ সংখ্যা আছিল ৮ জন। সংসদৰ ন্যায়াধীশৰ সংখ্যা বৃদ্ধি কৰিব পৰা ক্ষমতা থকাৰ কাৰণে আইন প্ৰণয়নৰ জৰিয়তে বৰ্তমান উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ সৈতে মুঠ ন্যায়াধীশৰ সংখ্যা ২৯ জনলৈ বৃদ্ধি কৰা হয়।

৩। ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মৌলিক অধিকাৰ ক্ষেত্ৰই কি সুচায় ?

উত্তৰঃ বিশ্বৰ শক্তিশালী ন্যায়ালয়সমূহৰ ভিতৰত ভাৰতৰ উচ্চতম ন্যায়ালয় অন্যতম। উচ্চতম ন্যায়ালয়ৰ ক্ষমতা আৰু অধিকাৰ ক্ষেত্ৰ ইমান ব্যাপক যে পৃথিৱীৰ আন কোনো ৰাষ্ট্ৰৰ উচ্চতম ন্যায়ালয়ৰ ইমান ব্যাপক ক্ষমতা আৰু অধিকাৰ নাই। অৱশ্যে উচ্চতম ন্যায়ালয়ে সংবিধানে নিৰ্দিষ্ট কৰি দিয়া সীমাৰ ভিতৰত থাকি কাৰ্যনিৰ্বাহ কৰিব লাগে। তলত উচ্চতম ন্যায়ালয়ৰ অধিকাৰক্ষেত্ৰৰ তালিকা দিয়া হ'লঃ 



 ৪। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলক কোনে আৰু কেনেদৰে নিযুক্তি দিয়ে ? 

উত্তৰঃ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে। 

    বিচাৰপতিৰ নিয়োগ পদ্ধতিৰ ওপৰত ন্যায়পালিকাৰ স্বাধীনতা আৰু নিৰপেক্ষতা বহুতো পৰিমাণে নিৰ্ভৰ কৰে। ভাৰতৰ উচ্চতম আৰু ন্যায়ালয়সমূহৰ বিচাৰকসকলক ৰাষ্ট্ৰপতিয়ে নিয়োগ কৰে। এই ক্ষেত্ৰত তেখেতে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু অন্যান্য জ্যেষ্ঠ ন্যায়াধীশসকলৰ পৰামৰ্শ গ্ৰহণ কৰে। এতেকে ৰাষ্ট্ৰপতিয়ে যোগ্য ব্যক্তিক এই পদত নিয়োগ কৰিব পাৰে। জনমত গঠনৰ দ্বাৰা এই ক্ষেত্ৰত ৰাজনৈতিক প্ৰভাৱো দূৰ কৰিব পাৰি।

৫। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলক কি পদ্ধতিৰে অপসাৰণ কৰিব পাৰি ? 

উত্তৰঃ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু ন্যায়াধীশসকল ৬৫ বছৰ বয়সলৈ পদত অধিষ্ঠিত থাকে। তাৰ পিছত তেওঁ অৱসৰ গ্ৰহণ কৰে। এজন ন্যায়াধীশক অসদাচৰণ বা অ-সামৰ্থ্যতাৰ বাবে পদৰ পৰা অপসাৰণ কৰিব পাৰি । অকল ৰাষ্ট্ৰপতিয়ে এজন ন্যায়াধীশক পদচ্যুত কৰিব নোৱাৰে। অসদাচৰণ বা অ-সামৰ্থ্যৰ অভিযোগ সম্বলিত কোনো প্ৰস্তাৱ সমসদৰ উভয় সদনত উপস্থিত আৰু ভোটদানকাৰী সদস্যসকলৰ দুই-তৃতীয়াংশৰ আৰু প্ৰত্যেক সদনৰ মুঠ সদস্যৰ অধিকাংশৰ দ্বাৰা সমৰ্থিত হ'লে প্ৰস্তাৱটো ৰাষ্ট্ৰপতিৰ ওচৰলৈ পঠিওৱা হয়। ৰাষ্ট্ৰপতিয়ে এনে প্ৰস্তাৱ অনুযায়ী ন্যায়াধীশক পদচ্যুত কৰিব পাৰে। এজন ন্যায়াধীশে তেওঁৰ কাৰ্যকাল পূৰ্ণ হোৱাৰ আগতেও পদত্যাগ কৰিব পাৰে।

৬। উচ্চতম ন্যায়ালয়ৰ অধিকাৰক্ষেত্ৰ চমুকৈ বৰ্ণনা কৰা ৷ 

উত্তৰঃ বিশ্বৰ শক্তিশালী ন্যায়ালয়সমূহৰ ভিতৰত ভাৰতৰ উচ্চতম ন্যায়ালয় অন্যতম। উচ্চতম ন্যায়ালয়ৰ ক্ষমতা আৰু অধিকাৰ ক্ষেত্ৰ ইমান ব্যাপক যে পৃথিৱীৰ আন কোনো ৰাষ্ট্ৰৰ উচ্চতম ন্যায়ালয়ৰ ইমান ব্যাপক ক্ষমতা আৰু অধিকাৰ নাই। অৱশ্যে উচ্চতম ন্যায়ালয়ে সংবিধানে নিৰ্দিষ্ট কৰি দিয়া সীমাৰ ভিতৰত থাকি কাৰ্যনিৰ্বাহ কৰিব লাগে। তলত উচ্চতম ন্যায়ালয়ৰ অধিকাৰক্ষেত্ৰৰ তালিকা দিয়া হ'লঃ


 ভাৰতৰ সংবিধানে উচ্চতম ন্যায়ালয়ক বহুতো ক্ষমতা প্ৰদান কৰিছে। ইয়াৰ ক্ষমতাক প্ৰধানকৈ তিনি ভাগত ভগাব পাৰি, যেনেঃ (১) মূল বা মৌলিক ক্ষমতা, (২) আপীল ক্ষমতা আৰু (৩) পৰামৰ্শদান ক্ষমতা। ইয়াৰ উপৰিও এই ন্যায়ালয়ৰ মৌলিক অধিকাৰ সম্পৰ্কীয় ক্ষমতা আছে।

(১) মূল অধিকাৰ ক্ষেত্ৰঃ উচ্চতম ন্যায়ালয়ৰ মূল অধিকাৰ ক্ষেত্ৰৰ বিচাৰাধীন বিষয়সমূহ হলঃ (ক) ভাৰত চৰকাৰ আৰু এখন বা ততোধিক ৰাজ্যৰ মাজত বিবাদ, (খ) একপক্ষে ভাৰত চৰকাৰ আৰু কোনো ৰাজ্য বা ৰাজ্যসমূহ আৰু আনপক্ষে এখন বা ততোধিক ৰাজ্য চৰকাৰৰ মাজত বিবাদ আৰু (গ) দুই বা ততোধিক ৰাজ্য চৰকাৰৰ মাজত বিবাদ। বিচাৰ্য বিষয় বাদী আৰু বিবাদী পক্ষৰ আইনগত অধিকাৰ সম্পৰ্কীয় হ'ব লাগিব। সংবিধান প্ৰৱৰ্তিত হোৱাৰ পিছত যিবিলাক সন্ধি, চুক্তি আৰু অংগীকাৰ-পত্ৰ সম্পাদিত হৈছে সেইবোৰৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ বিচাৰ ক্ষমতা আছে। সংবিধানৰ ৭১-নং অনুচ্ছেদ অনুযায়ী ভাৰতৰ ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচনসংক্ৰান্তীয় যিকোনো বিবাদ মীমাংসাৰ দায়িত্ব উচ্চতম ন্যায়ালয়ৰ ওপৰত ন্যস্ত কৰা হৈছে আৰু ইয়াৰ এই ক্ষমতা মূল অধিকাৰ ক্ষেত্ৰৰ অন্তৰ্গত।

(২) আপীল সম্পৰ্কীয় ক্ষমতাঃ উচ্চতম ন্যায়ালয় ভাৰতৰ সৰ্বোচ্চ আপীল আদালত। উচ্চতম ন্যায়ালয়ৰ আপীল সম্পৰ্কীয় ক্ষমতাক তিনিটা ভাগত বিভক্ত কৰা যায়ঃ (ক) সাংবিধানিক আপীল, (খ) দেৱানী গোচৰৰ আপীল আৰু (গ) ফৌজদাৰী গোচৰৰ আপীল।

(৩) পৰামৰ্শদানৰ ক্ষমতাঃ সাংবিধানিক ফালৰ পৰা উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শদান ক্ষমতা বৰ গুৰুত্বপূৰ্ণ। সংবিধানৰ ১৪৩ (১) -নং অনুচ্ছেদত কোৱা হৈছে যে ৰাষ্ট্ৰপতিয়ে যদি কেতিয়াবা বিবেচনা কৰে যে আইন বা তথ্যসংক্ৰান্তীয় কোনো বিষয়ত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উদ্ভৱ হৈছে বা উদ্ভৱ হোৱাৰ সম্ভাৱনা আছে আৰু এই বিষয়ত উচ্চতম ন্যায়ালয়ৰ মতামত লোৱাৰ প্ৰয়োজন, তেন্তে তেওঁ সেই বিষয়টো উচ্চতম ন্যায়ালয়ৰ বিবেচনাৰ বাবে পঠিয়াব পাৰে। উচ্চতম ন্যায়ালয়ৰ এই ধৰণৰ বিষয় বিবেচনা কৰাটো পৰামৰ্শদান ক্ষমতাৰ ভিতৰত পৰে। উচ্চতম ন্যায়ালয়ৰ ওচৰত পৰামৰ্শ বিচাৰিলে ই পৰামৰ্শ দিবলৈ বাধ্য।

৭। উচ্চতম ন্যায়ালয়ৰ তিনি প্ৰকাৰৰ অধিকাৰক্ষেত্র কি কি ? তাৰে এবিধৰ বিষয়ে চমুকৈ লিখা । 

উত্তৰঃ উচ্চতম ন্যায়ালয়ৰ তিনি প্ৰকাৰৰ অধিকাৰক্ষেত্ৰ হৈছে - (১) মূল বা মৌলিক ক্ষমতা, (২) আপীল ক্ষমতা আৰু (৩) পৰামৰ্শদান ক্ষমতা।

তাৰে এটাৰ বিষয়ে চমুকৈ হৈছে-

(২) আপীল ক্ষমতাঃ উচ্চতম ন্যায়ালয় ভাৰতৰ সৰ্বোচ্চ আপীল আদালত। উচ্চতম ন্যায়ালয়ৰ আপীল সম্পৰ্কীয় ক্ষমতাক তিনিটা ভাগত বিভক্ত কৰা যায়ঃ (ক) সাংবিধানিক আপীল, (খ) দেৱানী গোচৰৰ আপীল আৰু (গ) ফৌজদাৰী গোচৰৰ আপীল।

৮। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক কোনে নিযুক্তি দিয়ে ? মুখ্য ন্যায়াধীশৰ কাৰ্যকাল কিমান ? [ HS ( XI ) 2016]

উত্তৰঃ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে। 

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্য়ায়াধীশৰ কাৰ্যকাল ৬৫ বছৰ । 

৯। উচ্চতম ন্যায়ালয়ৰ আপীল সম্পৰ্কীয় ক্ষমতা ব্যাখ্যা কৰা ।  

উত্তৰঃ উচ্চতম ন্যায়ালয়ৰ আপীল সম্পৰ্কীয় ক্ষমতাঃ  উচ্চতম ন্যায়ালয় ভাৰতৰ সৰ্বোচ্চ আপীল আদালত। উচ্চতম ন্যায়ালয়ৰ আপীল সম্পৰ্কীয় ক্ষমতাক তিনিটা ভাগত বিভক্ত কৰা যায়ঃ (ক) সাংবিধানিক আপীল, (খ) দেৱানী গোচৰৰ আপীল আৰু (গ) ফৌজদাৰী গোচৰৰ আপীল।

(ক) সাংবিধানিক আপীলঃ সংবিধানসংক্ৰান্তীয় বিষয়ত উচ্চ ন্যায়ালয়ে যি ৰায় দিয়ে, সেই ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আপীল কৰিব পাৰি। এই ক্ষেত্ৰত উচ্চ ন্যায়ালয়ে এইবুলি এখন প্ৰমাণ-পত্ৰ দিব লাগিব যে যি গোচৰৰ ৰায়ৰ বিৰুদ্ধে আপীল কৰিবলৈ বিচৰা হৈছে, তাত মৌলিক আইন নিহিত আছে আৰু তাৰ বাবে ভাৰতৰ সংবিধান ব্যাখ্যা কৰিবলগীয়া হয়। উচ্চ ন্যায়ালয়ে এনে প্ৰমাণ-পত্ৰ নিদিলে উচ্চতম ন্যায়ালয়ে এই ধৰণৰ আপীল বিচাৰৰ বাবে বিশেষ অনুমতি দিব পাৰে।

(খ) দেৱানী গোচৰৰ আপীলঃ কোনো দেৱানী গোচৰৰ ক্ষেত্ৰত উচ্চ ন্যায়ালয়ে যদি ছুপাৰিচ কৰে যে সংশ্লিষ্ট গোচৰত গুৰুতৰ আইনৰ প্ৰশ্ন জড়িত আছে, তেতিয়াহ'লে এই গোচৰৰ ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আপীল কৰিব পাৰি। ইয়াৰ হাহিৰেও উচ্চ ন্যায়ালয়ে যদি ভাবে যে কোনো দেৱানী গোচৰৰ বিচাৰ উচ্চতম ন্যায়ালয়ত হোৱা উচিত, তেন্তে সেই গোচৰৰ আপীল উচ্চতম ন্যায়ালয়ত কৰিব পাৰি। তৰ্তমানে এনে গোচৰৰ আপীল বিবাদী বস্তুৰ মূল্যৰ ওপৰত নিৰ্ভৰ নকৰে।

(গ) ফৌজদাৰী গোচৰৰ আপীলঃ ফৌজদাৰী গোচৰত উচ্চ ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত তিনিটা ক্ষেত্ৰত আপীল কৰিব পাৰিঃ (১) যদি উচ্চ ন্যায়ালয়ে নিম্ন আদালতত নিৰ্দোষী কোনো ব্যক্তিৰ মুক্তিৰ আদেশ নাকচ কৰে অথবা সেই ব্যক্তিক মৃত্যুদণ্ডৰে দণ্ডিত কৰে, (২) নিম্ন আদালতত বিচাৰাধীন কোনো গোচৰ পোনপটীয়াকৈ তুলি আনি উচ্চ ন্যায়ালয়ে অভিযুক্ত ব্যক্তিক মৃত্যুদণ্ড দিয়ে আৰু (৩) গোচৰটো উচ্চতম ন্যায়ালয়ত পুনৰ্বিবেচনাৰ যোগ্য বুলি যদি উচ্চ ন্যায়ালয়ে ছুপাৰিচ কৰে।

১০। ৰাজহুৱা স্বাৰ্থজড়িত গোচৰ কি ? 

উত্তৰঃ ১৯৭৯ চনত ন্যায়পালিকাই আৰু এক নতুন ধাৰণাৰ প্ৰৱৰ্তন কৰে। সেই চনতে ক্ষতিগ্ৰস্ত লোকসকলৰ হৈ আন ব্যক্তিয়ে আদালতত দাখিল কৰা গোচৰ এটা শুনানিৰ বাবে উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰে। এই গোচৰৰ লগত ৰাজহুৱা স্বাৰ্থ জড়িত আছিল কাৰণে ইয়াক ''ৰাজহুৱা স্বাৰ্থ-জড়িত গোচৰ'' বুলি কোৱা হয়। 

১১। উচ্চতম ন্যায়ালয়ে কেতিয়া ৰাষ্ট্ৰপতিক পৰামৰ্শ আগবঢ়াব পাৰে ? তেওঁ এই পৰামৰ্শ মানি চলাটো বাধ্যতামূলক নে ? 

উত্তৰঃ উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শ ৰাষ্ট্ৰপতিয়ে গ্ৰহণ কৰিব পাৰে বা নকৰিবও পাৰে। উচ্চতম ন্যায়ালয় পৰামৰ্শ মানি চলাটো ৰাষ্ট্ৰপতি বাধ্যতামূলক নহয়। আইনৰ শাসন হ'ল নাগৰিকৰ অধিকাৰ আৰু স্বতন্ত্ৰতাৰ ৰক্ষা কৱচ।

১২। উচ্চতম ন্যায়ালয়ৰ ন্যায়িক সমীক্ষাৰ ক্ষমতাৰ বিষয়ে লিখা । 

উত্তৰঃ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ এটা গুৰুত্বপূৰ্ণ ক্ষমতা হ'ল ন্যায়িক সমীক্ষাৰ ক্ষমতা। আইনৰ বৈধতা বিচাৰ কৰিব পৰা ক্ষমতাক ন্যায়ালয়ৰ ন্যায়িক সমীক্ষাৰ ক্ষমতা বোলা হয়। দেশৰ ন্যায়ালয়ে এই ক্ষমতাৰ বলত সংবিধানৰ পৱিত্ৰতা আৰু মৰ্যাদা ৰক্ষা কৰিব পাৰে। ভাৰতৰ কেন্দ্ৰীয় তথা ৰাজ্যিক বিধানমণ্ডলে প্ৰণয়ন কৰা কোনো আইনৰ সাংবিধানিক বৈধতা ন্যায়িক সমীক্ষাৰ জৰিয়তে উচ্চতম আৰু উচ্চ ন্যায়ালয়ে বিচাৰ কৰিব পাৰে। অৰ্থাৎ বিধানমণ্ডলে প্ৰণয়ন কৰা কোনো আইন যদি সংবিধান বিৰোধী হয় তেতিয়া সেই আইনক ন্যায়পালিকাই অ-সাংবিধানিক বুলি ঘোষণা কৰি বাতিল কৰিব পাৰে। চৰকাৰৰ প্ৰতিটো অংগই সংবিধানৰ পৰা ক্ষমতা আহৰণ কৰে আৰু সংবিধানপ্ৰদত্ত এই ক্ষমতা প্ৰত্যেক অংগই সংবিধানে বান্ধি দিয়া সীমাৰ ভিতৰত থাকি কাৰ্যনিৰ্বাহ কৰিব লাগে। সংবিধানৰ পৱিত্ৰতা ৰক্ষা কৰি বিধানমণ্ডলে প্ৰণয়ন কৰা আইনৰ বৈধতা বিচাৰ কৰা আৰু নাগৰিকৰ মৌলিক অধিকাৰ ৰক্ষণাবেক্ষণৰ যি ক্ষমতা উচ্চতম ন্যায়ালয়ে প্ৰয়োগ কৰে তাৰ পৰাই ভাৰতৰ ৰাষ্ট্ৰীয় ব্যৱস্থাত ন্যায়িক সমীক্ষাৰ ধাৰণাটো উদ্ভৱ হৈছে।

    শাসন বিভাগ আৰু আইন বিভাগৰ মাজত যাতে সাংবিধানিক সীমা অতিক্ৰম নহয় সেইপিনে দৃষ্টি ৰখা দায়িত্ব উচ্চতম ন্যায়ালয়ৰ। উচ্চতম ন্যায়ালয়ে ন্যায়িক সমীক্ষাৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মাজৰ যুক্তৰাষ্ট্ৰীয় সম্পৰ্ক বিচাৰ কৰিব পাৰে।যদি কেন্দ্ৰীয় বিধানমণ্ডলৰ কোনো আইনে সংবিধানে নিৰ্ধাৰণ কৰি দিয়া ক্ষমতা বিতৰণ নীতি উলংঘা কৰে তেনে ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে ৰাজ্যৰ অনুৰোধ মৰ্মে সেই আইনক অ-সাংবিধানিক বুলি বাতিল কৰিব পাৰে। তেনেদৰে ৰাজ্যিক বিধানমণ্ডলে প্ৰণয়ন কৰা আইনো যদি সংবিধান বহিৰ্ভূত হয় তেন্তে সেই আইন বাতিল কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ ক্ষমতা আছে। উদাহৰণস্বৰূপে, যেতিয়া ৰাজ্যিক বিধানমণ্ডলসমূহে জমিদাৰী প্ৰথাৰ উচ্ছেদ সাধন কৰিছিল তেতিয়া উচ্চতম ন্যায়ালয়ে সেই আইনক অ-সাংবিধানিক বুলি বাতিল কৰিছিল। বিধানমণ্ডলে প্ৰণয়ন কৰা কোনো আইনৰ সাংবিধানিক বৈধতা পৰীক্ষা কৰি ৰায় দিব পৰা ক্ষমতা হ'ল ন্যায়িক সমীক্ষা। 

১৩। উচ্চতম ন্যায়ালয়ে নাগৰিকৰ মৌলিক অধিকাৰ কেনেদৰে ৰক্ষা কৰে ? 

উত্তৰঃ উচ্চতম ন্যায়ালয়ে নাগৰিকৰ মৌলিক অধিকাৰ ৰক্ষা কৰা দুটা কাৰণ-

(১) সংবিধানৰ ৩২-নং অনুচ্ছদ অনুযায়ী উচ্চতম ন্যায়ালয়ে বিভিন্ন লেখ জাৰি কৰি নাগৰিকৰ মৌলিক অধিকাৰকে ধৰি সকলো অধিকাৰ ৰক্ষাৰ ব্যৱস্থা কৰিব পাৰে। এই লেখ সাধাৰণতে পাঁচ প্ৰকাৰৰ বন্দী প্ৰত্যক্ষীকৰণ, পৰমাদেশ, নিষেধাজ্ঞা, উৎপ্ৰেষণ আৰু কৈফিয়ৎ তলবী। সংবিধানৰ ২২৬-নং  অনুচ্ছেদ অনুযায়ী উচ্চ ন্যায়ালয়ে এই লেখবোৰ জাৰি কৰাৰ ক্ষমতা পাইছে।

(২) সংবিধানৰ ১৩-নং অনুচ্ছেদ অনুযায়ী উচ্চ সংসদপ্ৰণীত কোনো আইনে যদি নাগৰিকৰ মৌলিক অধিকাৰ ক্ষুণ্ণ বা খৰ্ব কৰে, তেতিয়া উচ্চতম ন্যায়ালয়ে সেই আইনক অ-সাংবিধানিক বুলি ঘোষণা কৰি বাতিল কৰি নাগৰিকৰ অধিকাৰ অটুট ৰাখিব পাৰে।

১৪। ন্যায়পালিকাৰ সক্রিয়তাই কাৰ্যপালিকা আৰু ন্যায়পালিকাৰ মাজত সংঘাত সৃষ্টি কৰা বুলি তুমি ভাবানে ? কিয় ?                                                                     [ HS ( XI ) 2015] 

উত্তৰঃ

১৫। উচ্চতম ন্যায়ালয়ৰ চাৰিটা কাৰ্য চমুকৈ লিখা । 

উত্তৰঃ উচ্চতম ন্যায়ালয়ৰ চাৰিটা কাৰ্য -

(১) মূল অধিকাৰ ক্ষেত্ৰঃ উচ্চতম ন্যায়ালয়ৰ মূল অধিকাৰ ক্ষেত্ৰৰ বিচাৰাধীন বিষয়সমূহ হলঃ (ক) ভাৰত চৰকাৰ আৰু এখন বা ততোধিক ৰাজ্যৰ মাজত বিবাদ, (খ) একপক্ষে ভাৰত চৰকাৰ আৰু কোনো ৰাজ্য বা ৰাজ্যসমূহ আৰু আনপক্ষে এখন বা ততোধিক ৰাজ্য চৰকাৰৰ মাজত বিবাদ আৰু (গ) দুই বা ততোধিক ৰাজ্য চৰকাৰৰ মাজত বিবাদ। বিচাৰ্য বিষয় বাদী আৰু বিবাদী পক্ষৰ আইনগত অধিকাৰ সম্পৰ্কীয় হ'ব লাগিব। সংবিধান প্ৰৱৰ্তিত হোৱাৰ পিছত যিবিলাক সন্ধি, চুক্তি আৰু অংগীকাৰ-পত্ৰ সম্পাদিত হৈছে সেইবোৰৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ বিচাৰ ক্ষমতা আছে। সংবিধানৰ ৭১-নং অনুচ্ছেদ অনুযায়ী ভাৰতৰ ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচনসংক্ৰান্তীয় যিকোনো বিবাদ মীমাংসাৰ দায়িত্ব উচ্চতম ন্যায়ালয়ৰ ওপৰত ন্যস্ত কৰা হৈছে আৰু ইয়াৰ এই ক্ষমতা মূল অধিকাৰ ক্ষেত্ৰৰ অন্তৰ্গত।

(২) আপীল সম্পৰ্কীয় ক্ষমতাঃ উচ্চতম ন্যায়ালয় ভাৰতৰ সৰ্বোচ্চ আপীল আদালত। উচ্চতম ন্যায়ালয়ৰ আপীল সম্পৰ্কীয় ক্ষমতাক তিনিটা ভাগত বিভক্ত কৰা যায়ঃ (ক) সাংবিধানিক আপীল, (খ) দেৱানী গোচৰৰ আপীল আৰু (গ) ফৌজদাৰী গোচৰৰ আপীল।

(৩) পৰামৰ্শদানৰ ক্ষমতাঃ সাংবিধানিক ফালৰ পৰা উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শদান ক্ষমতা বৰ গুৰুত্বপূৰ্ণ। সংবিধানৰ ১৪৩ (১) -নং অনুচ্ছেদত কোৱা হৈছে যে ৰাষ্ট্ৰপতিয়ে যদি কেতিয়াবা বিবেচনা কৰে যে আইন বা তথ্যসংক্ৰান্তীয় কোনো বিষয়ত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উদ্ভৱ হৈছে বা উদ্ভৱ হোৱাৰ সম্ভাৱনা আছে আৰু এই বিষয়ত উচ্চতম ন্যায়ালয়ৰ মতামত লোৱাৰ প্ৰয়োজন, তেন্তে তেওঁ সেই বিষয়টো উচ্চতম ন্যায়ালয়ৰ বিবেচনাৰ বাবে পঠিয়াব পাৰে। উচ্চতম ন্যায়ালয়ৰ এই ধৰণৰ বিষয় বিবেচনা কৰাটো পৰামৰ্শদান ক্ষমতাৰ ভিতৰত পৰে। উচ্চতম ন্যায়ালয়ৰ ওচৰত পৰামৰ্শ বিচাৰিলে ই পৰামৰ্শ দিবলৈ বাধ্য।

(৪) বিবিধ ক্ষমতাঃ সংবিধানৰ ৪২তম সংশোধন অনুসৰি উচ্চতম ন্যায়ালয়ে এখন উচ্চ ন্যায়ালয়ৰ পৰা অন্য উচ্চ ন্যায়ালয়লৈ কোনো গোচৰ স্থানান্তৰ কৰিব পাৰে। কেন্দ্ৰীয় আৰু ৰাজিক্য আইন জড়িত কোনো গোচৰ একেলগে উচ্চতম ন্যায়ালয় আৰু এক বা একাধিক উচ্চ ন্যায়ালয়ত চলি থাকিলে ভাৰতৰ এটৰ্ণী-জেনেৰেল আবেদন অনুযায়ী উচ্চতম ন্যায়ালয়ে এই গোচৰ নিজৰ হাতলৈ লৈ আহিব পাৰে।

১৬। ন্যায়পালিকাৰ স্বাধীনতা সুৰক্ষিত কৰা বিভিন্ন উপায়সমূহ কি কি ? ভুল উত্তৰটো চিনাক্ত কৰা । 

( ক ) উচ্চতম ন্যায়ালয়ৰ অন্যান্য ন্যায়াধীশসকলক নিযুক্ত কৰাত মুখ্য ন্যায়াধীশৰ লগত আলোচনা কৰিব লাগে । 

( খ ) ন্যায়াধীশসকলক সাধাৰণতে অৱসৰৰ বয়সৰ আগতে অপসাৰণ কৰা নহয় । 

( গ ) এখন উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশক আন এখন ন্যায়ালয়লৈ বদলি কৰিব নোৱাৰি । 

( ঘ ) ন্যায়াধীশৰ নিযুক্তিত সংসদৰ কোনো ভূমিকা নাই । 

উত্তৰঃ ( ঘ ) ন্যায়াধীশৰ নিযুক্তিত সংসদৰ কোনো ভূমিকা নাই ।

১৭। ভাৰতৰ ন্যায়িক ব্যৱস্থাৰ দুৰ্বলতা ।

উত্তৰঃ সংবিধানৰ মৌলিক অধিকাৰৰ অধ্যায়ত শোষণৰ বিৰুদ্ধে অধিকাৰৰ বিষয়ে আলোচনা কৰা হৈছে। এই অধিকাৰে  সমাজৰ দুৰ্বল শ্ৰেণীৰ লোকক যাতে শোষণ কৰিব নোৱাৰে, মানৱ বেহা, বলপূৰ্বক শ্ৰম আদায়, বিপদজনক কামত শিশু নিয়োগ, প্ৰভাৱশালী লোকে দুৰ্বলীৰ ওপৰত চলোৱা নিৰ্যাতন ইত্যাদি নিষিদ্ধ কৰা হৈছে। ধৰ্ম আচৰণৰ অধিকাৰ সকলোকে সমানে প্ৰদান কৰা হৈছে। শিক্ষাক এতিয়া নাগৰিকৰ মৌলিক অধিকাৰ হিচাপে স্বীকৃতিদিয়া হৈছে। এইবোৰ অধিকাৰ কোনোৱে উলংঘা বা খৰ্ব কৰিব বিচাৰিলে, ন্যায়িক সক্ৰিয়তা আৰু ৰাজহুৱাস্বাৰ্থজড়িত গোচৰৰ দ্বাৰা নাগৰিকৰ অধিকাৰ সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। ফলস্বৰূপে সমাজৰ দুৰ্বল, অৱহেলিত সকলো শ্ৰেণীৰ মানুহে সমানে অধিকাৰ ভোগ কৰিবলৈ সমৰ্থ হৈছে।

১৮। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ নিযুক্তি ব্যাখ্যা কৰা। 

উত্তৰঃ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু অন্যান্য ন্যায়াধীশসকলক ৰাষ্ট্ৰপতিয়ে নিয়োগ কৰে। কিন্তু ৰাষ্ট্ৰপতিয়ে এই ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বা অন্যান্য ন্যায়াধীশৰ সৈতে পৰামৰ্শ কৰে। উচ্চতমন্যায়ালয়ৰ অন্যান্য ন্যায়াধীশসকলক নিয়োগ কৰোঁতে তেওঁ এই ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ সৈতে পৰামৰ্শ কৰিবলৈ বাধ্য। আচলতে ৰাষ্ট্ৰপতিয়ে মন্ত্ৰীসভাৰ পৰামৰ্শমতেহে ন্যায়াধীশক নিয়োগ কৰে। 

১৯। ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শদান ক্ষেত্ৰাধিকাৰৰ বিষয়ে ব্যাখ্যা কৰা ।                                        [HS ( XT ) 2016]

উত্তৰঃ পৰামৰ্শদানৰ ক্ষমতাঃ সাংবিধানিক ফালৰ পৰা উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শদান ক্ষমতা বৰ গুৰুত্বপূৰ্ণ। সংবিধানৰ ১৪৩(১)-নং অনুচ্ছেদত কোৱা হৈছে যে ৰাষ্ট্ৰপতিয়ে যদি কেতিয়াবা বিবেচনাকৰে যে আইন বা তথ্যসংক্ৰান্তীয় কোনো বিষয়ত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ বা উদ্ভৱ হোৱাৰ সম্ভাৱনা আছে আৰু এই বিষয়ত উচ্চতম ন্যায়ালয়ৰ মতামত লোৱাৰ প্ৰয়োজন, তেন্তে তেওঁ সেই বিষয়টো উচ্চতম ন্যায়ালয়ৰ বিবেচনাৰ বাবে পঠিয়াব পাৰে। উচ্চতম ন্যায়ালয়ৰ এই ধৰণৰ বিষয় বিবেচনা কৰাটো পৰামৰ্শদান ক্ষমতাৰ ভিতৰত পৰে। উচ্চতম ন্যায়ালয়ৰ ওচৰত পৰামৰ্শ বিচাৰিলে ই পৰামৰ্শ দিবলৈ বাধ্য। আকৌ ৰাষ্ট্ৰপতিয়ে এই পৰামৰ্শ গ্ৰহণ কৰাটো বাধ্যতামূলক নহয়। উচ্চতম ন্যায়ালয়ে ৰাষ্ট্ৰপতিৰ  অনুৰোধক্ৰমে পৰামৰ্শ দি আহিছে। এতিয়ালৈকে কেইবাবাৰো ৰাষ্ট্ৰপতিয়ে উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শ বিচাৰিছে। ইয়াৰ পৰামৰ্শদান ক্ষমতা আন এটি ক্ষেত্ৰতো আছে। সংবিধান বলৱৎ হোৱাৰ আগেয়ে সম্পাদিত যিবিলাক চুক্তি, সন্ধি, অংগীকাৰ-পত্ৰ আৰু চনদ সংবিধান বলৱৎ হোৱাৰ পিছতো কাৰ্যকৰী হৈ আছে, যিবিলাক উচ্চতম ন্যায়ালয়ৰ মূল অধিকাৰ ক্ষেত্ৰৰ ভিতৰত নাই, সেই সম্পৰ্কে কোনো বিৰোধে দেখা দিলে ৰাষ্ট্ৰপতিয়ে সেইটো এই আদালতৰ পৰামৰ্শৰ বাবে পঠিয়াব পাৰে। এইবিলাক ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে পৰামৰ্শ দিবলৈ বাধ্য।

২০। উচ্চতম ন্যায়ালয়ৰ মূল অধিকাৰ ক্ষেত্ৰ ব্যাখ্যা কৰা ।                                                                       

উত্তৰঃ  মূল অধিকাৰ ক্ষেত্ৰঃ উচ্চতম ন্যায়ালয়ৰ মূল অধিকাৰ ক্ষেত্ৰৰ বিচাৰাধীন বিষয়সমূহ হলঃ (ক) ভাৰত চৰকাৰ আৰু এখন বা ততোধিক ৰাজ্যৰ মাজত বিবাদ, (খ) একপক্ষে ভাৰত চৰকাৰ আৰু কোনো ৰাজ্য বা ৰাজ্যসমূহ আৰু আনপক্ষে এখন বা ততোধিক ৰাজ্য চৰকাৰৰ মাজত বিবাদ আৰু (গ) দুই বা ততোধিক ৰাজ্য চৰকাৰৰ মাজত বিবাদ। বিচাৰ্য বিষয় বাদী আৰু বিবাদী পক্ষৰ আইনগত অধিকাৰ সম্পৰ্কীয় হ'ব লাগিব। সংবিধান প্ৰৱৰ্তিত হোৱাৰ পিছত যিবিলাক সন্ধি, চুক্তি আৰু অংগীকাৰ-পত্ৰ সম্পাদিত হৈছে সেইবোৰৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ বিচাৰ ক্ষমতা আছে। সংবিধানৰ ৭১-নং অনুচ্ছেদ অনুযায়ী ভাৰতৰ ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচনসংক্ৰান্তীয় যিকোনো বিবাদ মীমাংসাৰ দায়িত্ব উচ্চতম ন্যায়ালয়ৰ ওপৰত ন্যস্ত কৰা হৈছে আৰু ইয়াৰ এই ক্ষমতা মূল অধিকাৰ ক্ষেত্ৰৰ অন্তৰ্গত।

২১। ন্যায়িক সমীক্ষাৰ উদ্দেশ্য কি ? 

উত্তৰঃ

২২। যুক্তৰাজ্যত ন্যায়পালিকাৰ গুৰুত্ব আলোচনা কৰা । 

উত্তৰঃ

অতি চমু উত্তৰৰ প্রশ্ন ( Very Short Answer Type Questions ) :  

১।ন্যায়পালিকা কাক বোলে ?

উত্তৰঃ চৰকাৰৰ যিটো অংগই আইনৰ ব্যাখ্যা আৰু বিবাদ মীমাংসাৰ লগত জড়িত , সেই অংগকে 'ন্যায়পালিকা' বুলি কোৱা হয়।

২। উচ্চতম ন্যায়ালয়ৰ দুটা নিষ্কৃতি  উল্লেখ কৰা । 

উত্তৰঃ 

৩। উচ্চতম ন্যায়ালয়ৰ মূল অধিকাৰক্ষেত্ৰ কি ? 

উত্তৰঃ উচ্চতম ন্যায়ালয়ৰ মূল অধিকাৰ ক্ষেত্ৰৰ বিচাৰাধীন বিষয়সমূহ হ'লঃ (ক) ভাৰত চৰকাৰ আৰু এখন বা ততোধিক ৰাজ্যৰ মাজত বিবাদ, (খ) একপক্ষে ভাৰত চৰকাৰ আৰু কোনো ৰাজ্য বা ৰাজ্যসমূহ আৰু আনপক্ষে এখন বা ততোধিক ৰাজ্য চৰকাৰৰ মাজত বিবাদ আৰু (গ) দুই বা ততোধিক ৰাজ্য চৰকাৰৰ মাজত বিবাদ।

৪। উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শদান ক্ষমতা কি ? 

উত্তৰঃ সাংবিধানিক ফালৰ পৰা উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শদান ক্ষমতা বৰ গুৰুত্বপূৰ্ণ। সংবিধানৰ ১৪৩(১)-নং অনুচ্ছেদত কোৱা হৈছে যে ৰাষ্ট্ৰপতিয়ে যদি কেতিয়াবা বিবেচনা  কৰে যে আইন বা তথ্যসংক্ৰান্তীয় কোনো বিষয়ত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উদ্ভৱ হৈছে বা উদ্ভৱ হোৱাৰ সম্ভাৱনা আছে আৰু এই বিষয়ত উচ্চতম ন্যায়ালয়ৰ মতামত লোৱাৰ প্ৰয়োজন, তেন্তে তেওঁ সেই বিষয়টো উচ্চতম ন্যায়ালয়ৰ বিবেচনাৰ বাবে পঠিয়াব পাৰে। উচ্চতম ন্যায়ালয়ৰ এই ধৰণৰ বিষয় বিবেচনা কৰাটো পৰামৰ্শদান ক্ষমতাৰ ভিতৰত পৰে। 

৫। ভাৰতৰ উচ্চতম ন্যায়ালয়ে কেতিয়া পৰামৰ্শমূলক ক্ষমতা প্রয়োগ কৰিব পাৰে ? 

উত্তৰঃ উচ্চতম ন্যায়ালয়ে পৰামৰ্শমূলক ক্ষমতা প্ৰয়োগ কৰিব পাৰে। সংবিধানৰ ১৪৩ নং   অনুচ্ছেদ অনুসৰি ৰাষ্ট্ৰপতিৰ ওচৰত আইন বা তথ্যসংক্ৰান্ত বিষয় উদ্ভৱ হোৱাৰ সম্ভাৱনা থাকিলে , তেওঁ তেনে বিষয়ত উচ্চতম ন্যায়ালয়ৰ মতামত বিচাৰিব পাৰে।    

৬। উচ্চতম ন্যায়ালয় কেনেকৈ গঠন হয় ? 

উত্তৰঃ ভাৰতৰ উচ্চতম ন্যায়ালয় হৈছে ভাৰতৰ বিচাৰ বিভাগৰ শীৰ্ষতম অনুষ্ঠান। সংবিধানৰ ১২৪ নং অনুচ্ছেদ অনুসৰি এজন মুখ্য ন্যায়াধীশ আৰু ৭ জন ন্যায়াধীশক লৈ  উচ্চতম ন্যায়ালয় গঠিত হয়। সংসদে ন্যায়াধীশসকলৰ সংখ্যা বৃদ্ধি কৰিব পাৰে। 

৭। ন্যায়পালিকাৰ দুটা কাৰ্য উল্লেখ কৰা । 

উত্তৰঃ ন্যায়পালিকাৰ দুটা কাৰ্য হৈছে-

(ক) নিযুক্তিঃ বিচাৰপতিৰ নিয়োগ পদ্ধতিৰ ওপৰত ন্যায়পালিকাৰ স্বাধীনতা আৰু নিৰপেক্ষতা বহুতো পৰিমাণে নিৰ্ভৰ  কৰে ভাৰতৰ উচ্চতম আৰু উচ্চ ন্যায়ালয়সমূহৰ বিচাৰকসকলক ৰাষ্ট্ৰপতিয়ে নিয়োগ কৰে। এই ক্ষেত্ৰত তেখেতে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু অন্যান্য জ্যেষ্ঠ ন্যায়াধীশসকলৰ পৰামৰ্শ গ্ৰহণ কৰে। এতেকে ৰাষ্ট্ৰপতিয়ে যোগ্য ব্যক্তিক এই পদত নিয়োগ কৰিব পাৰে। জনমত গঠনৰ দ্বাৰা এই ক্ষেত্ৰত ৰাজনৈতিক প্ৰভাৱো দূৰ কৰিব পাৰি।

(খ) কাৰ্যকালৰ স্থায়িত্বঃ বিচাৰকৰ কাৰ্যকালৰ স্থায়িত্ব বিচাৰ বিভাগৰ স্বাধীনতাৰ পক্ষে অপৰিহাৰ্য। ভাৰতৰ সংবিধানে ইয়াৰ ব্যৱস্থা কৰিছে। ৰাষ্ট্ৰপতিয়ে অকলে বিচাৰকক পদচ্যুত কৰিব নোৱাৰে। সংসদৰ প্ৰস্তাৱ মতে বিচাৰকৰ দুৰ্নীতি আৰু অযোগ্যতাৰ বাবে ৰাষ্ট্ৰপতিয়ে তেওঁক পদচ্যুত কৰিব পাৰে। উচ্চতম ন্যায়ালয়ৰ বিচাৰকে ৬৫ বছৰ পূৰ্ণ হ'লে অৱসৰগ্ৰহণ কৰিব। বিচাৰকৰ কাৰ্যকাল অন্যান্য কৰ্মচাৰীৰ তুলনাত অধিক। এতেকে দেখা যায় যে বিচাৰকৰ চাকৰিৰ স্থায়িত্ব সংবিধানে ৰক্ষা কৰিছে।

৮। স্বাধীন ন্যায়পালিকা মানে কি বুজা ? 

উত্তৰঃ স্বাধীন ন্যায়পালিকা গণতন্ত্ৰৰ এটা অপৰিহাৰ্য অংগ। গণতান্ত্ৰিক শাসনব্যৱস্থা থকা এখন দেশৰ সংবিধানত স্বাধীন ন্যায়াপালিকাৰ ব্যৱস্থা থকাৰ যথেষ্ট প্ৰয়োজনীয়তা আছে। কেৱল স্বাধীন ন্যায়াপালিকাইহে নিঃস্বাৰ্থভাৱে দ্ৰুত বিচাৰকাৰ্য সম্পাদন কৰিব পাৰে, তাকে স্বাধীন ন্যায়াপালিকা বুলি কোৱা হয়।

৯। ন্যায়াধীশ নিযুক্তিৰ বাবে থাকিবলগীয়া দুটা অর্হতা উল্লেখ কৰা । 

উত্তৰঃ ন্যায়াধীশ নিযুক্তিৰ বাবে থাকিবলগীয়া দুটা অৰ্হতা হৈছে-

(ক) তেওঁ ভাৰতীয় নাগৰিক হ'ব লাগিব।

(খ) ৰাষ্ট্ৰপতিৰ বিচাৰ মতে তেওঁ এজন বিশিষ্ট আইনজ্ঞ হ'ব লাগিব।

০। ন্যায়পালিকাৰ স্বাধীনতা ৰক্ষাৰ দুটা উপায় লিখা । 

উত্তৰঃ ন্যায়পালিকাৰ স্বাধীনতা ৰক্ষাৰ দুটা উপায় হৈছে-

(ক) পদচ্যুতিঃ ন্যায়ালয়ৰ স্বাধীনতাৰ কাৰণে ন্যায়াধীশসলকৰ পদৰ নিৰাপত্তাক সংবিধানে সুনিশ্চিত কৰি দিছে। কোনো- সুনিৰ্দিষ্ট অভিযোগ নোহোৱাকৈ আৰু বিশেষ পদ্ধতি অৱলম্বন নকৰাকৈ ন্যায়াধীশসকলক পদচ্যুত কৰিব নোৱাৰি।

(খ) উন্মুক্তিঃ ন্যায়পালিকাই যাতে স্বাধীন আৰু নিৰপেক্ষভাৱে কাৰ্য সম্পাদন কৰিব পাৰে তাৰ ব্যৱস্থা সংবিধানে কৰিছে। ন্যায়াধীশসকলক তেওঁলোকৰ কাৰ্য-কলাপৰ কাৰণে কোনেও সমালোচনা কৰিব নোৱাৰে। ন্যায়ালয়ে বিচাৰ কৰি থকা কোনো গোচৰৰ বিষয়ে কোনো কথা প্ৰকাশ কৰিব নোৱাৰি। ন্যায়ালয়ে ন্যায়ালয়ক অৱমাননা কৰা বাবে কোনো ব্যক্তিক শাস্তি বিহিব পাৰে।

১১। ভাৰতৰ ন্যায়পালিকাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা । 

উত্তৰঃ ভাৰতৰ ন্যায়পালিকাৰ দুটা বৈশিষ্ট্য হৈছে-

(ক) এককেন্দ্ৰিকতাঃ ভাৰতৰ শাসন যুক্তৰাষ্ট্ৰীয় আৰ্হিত গঠিত হ'লেও ইয়াৰ বিচাৰ ব্যৱস্থা এককেন্দ্ৰিক। অন্যান্য যুক্তৰাষ্ট্ৰীয় দেশৰ দৰে ভাৰত যুক্তৰাষ্ট্ৰৰ অংগৰাজ্যসমূহ আৰু কেন্দ্ৰৰ কাৰণে সুকীয়া ন্যায়াপালিকাৰ ব্যৱস্থা নাই।

(খ) সমৰূপতাঃ ভাৰতৰ আইন ব্যৱস্থাত সমৰূপতাও দেখিবলৈ পোৱা যায়। এজন অপৰাধীৰ বিচাৰ সমগ্ৰ দেশত একে ধৰণৰ ন্যায় আৰু ন্যায়ালয়ৰ অধীনত কৰা হয়।

১২। দ্রুত ন্যায়বিচাৰত বাধা থকা দুটা কাৰক লিখা । 

উত্তৰঃ 

১৩। ন্যায়াধীশক অপসাৰণ কৰা পদ্ধতি লিখা ।

উত্তৰঃ উচ্চতম ন্যয়ালয়ৰ মুখ্য় ন্য়ায়াধীশ আৰু ন্যায়াধীসসকল ৬৫ বছৰ বয়সলৈ পদত অধিষ্ঠিত থাকে। তাৰ পিছত তেওঁ অৱসৰ গ্ৰহণ কৰে। এজন ন্যায়াধীশক অসদাচৰণ বা অ-সামৰ্থ্যতাৰ বাবে পদৰ পৰা অপসাৰণ কৰিব পাৰি। অকল ৰাষ্ট্ৰপতিয়ে এজন ন্যায়াধীশক পদচ্যুত কৰিব নোৱাৰে। অসদাচৰণ বা অ-সামৰ্থ্যৰ অভিযোগ সম্বলিত কোনো প্ৰস্তাৱ সমসদৰ উভয় সদনত উপস্থিত আৰু ভোটদানকাৰী  সদস্য়সকলৰ দুই-তৃতীয়াংশৰ আৰু প্ৰত্যেক সদনৰ মুঠ সদস্যৰ অধিকাংসৰ দ্বাৰা সমৰ্থিত হ'লে প্ৰস্তাৱটো ৰাষ্ট্ৰপতিৰ ওচৰলৈ পঠিওৱা হয়। ৰাষ্ট্ৰপতিয়ে এনে  প্ৰস্তাৱ অনুযায়ী ন্যায়াধীশক পদচ্যুত কৰিব পাৰে। এজন ন্যায়াধীশে তেওঁৰ কাৰ্যকাল পূৰ্ণ হোৱাৰ আগতেও পদত্যাগ কৰিব পাৰে।

 বস্তুনিষ্ঠ প্রশ্নাবলী ( Objective type questions ) : 

১। ভাৰতৰ ন্যায়পালিকাৰ শীৰ্ষস্থানত অৱস্থিত ন্যায়ালয়টোক কি বুলি জনা যায় ?

উত্তৰঃ ভাৰতৰ ন্যায়পালিকাৰ শীৰ্ষস্থানত অৱস্থিত ন্যায়ালয়টোক উচ্চতম ন্যায়ালয় বুলি জনা যায়।

২। উচ্চতম ন্যায়ালয় ক’ত অৱস্থিত ? 

উত্তৰঃ দিল্লীত অৱস্থিত।

৩। ভাৰতৰ উচ্চতম ন্যায়ালয়ে লেখ জাৰি কৰিব পাৰে । ( শুদ্ধনে অশুদ্ধ লিখা ) 

উত্তৰঃ শুদ্ধ।

৪। ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শদান ক্ষমতা সংবিধান স্বীকৃত । ( হয় বা নহয় লিখা ) 

উত্তৰঃ হয়। 

৫। ভাৰতৰ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক কোনে নিযুক্তি দিয়ে ? 

উত্তৰঃ ভাৰতৰ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে।

৬। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ কার্যকাল কিমান ?

উত্তৰঃ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ কাৰ্যকাল ৬৫।

৭। “ পি . আই . এল . ( P. I. L. )  - ৰ সম্পূর্ণ অর্থ কি ? 

উত্তৰঃ ''পি . আই . এল . (P .I.L.) -ৰ সম্পূৰ্ণ অৰ্থ - ''ৰাজহুৱা স্বাৰ্থ-জড়িত গোচৰ'' ( Public Interest Litigation) বুলি কোৱা হয়।

৮। এজন নাগৰিকে কেতিয়া উচ্চতম ন্যায়ালয়ৰ ওচৰ চাপিব পাৰে ? 

উত্তৰঃ এজন নাগৰিকে উচ্চতম ন্যায়ালয়ৰ ওচৰ চাপিব পৰা কাৰণ কেইটা হৈছে-  (ক) তেওঁ ভাৰতীয় নাগৰিক হ'ব লাগিব। আৰু (খ) তেওঁ এক বা একাধিক উচ্চ ন্যায়ালয়ৰ বিচাৰপতি হিচাপে অন্ততঃ পাঁচ বছৰ কাম কৰিব লাগিব অথবা তেওঁ অন্ততঃ দহ বছৰ এক বা একাধিক উচ্চ ন্যায়ালয়ৰ এড'ভকেট হিচাপে কাম কৰিব লাগিব অথবা (গ) ৰাষ্ট্ৰপতিৰ বিচাৰ মতে তেওঁ এজন বিশিষ্ট আইনজ্ঞ হ'ব লাগিব।

৯। ১৯৬৭ চনৰ গোলোকনাথ গোচৰৰ সিদ্ধান্ত কি আছিল ? 

উত্তৰঃ ১৯৬৭ চনত গোলোকনাথ বনাম পঞ্জাৱ চৰকাৰ মোকৰ্দমাৰ ৰায়দান কৰোতে উচ্চতম ন্যায়ালয়ে ৰায়দান কৰে যে মৌলিক অধিকাৰ হৰণ বা ক্ষুণ্ণ কৰি ৰাষ্ট্ৰই কোনো আইন ৰচনা কৰিব নোৱাৰে।

১০। আমি কোনখন ৰাষ্ট্ৰৰ পৰা ন্যায়িক সমীক্ষাৰ ধাৰণাটো ধাৰ কৰিছিলো ? 

উত্তৰঃ যুক্তৰাষ্ট্ৰৰ পৰা।

১১। সংসদে ন্যায়পালিকাৰ ক্ষমতা নির্দিষ্ট কৰি দিয়ে । ( হয় নহয় লিখা ) 

উত্তৰঃ হয়।

১২। ন্যায়পালিকাই নাগৰিকৰ অধিকাৰক ৰক্ষণা-বেক্ষণ দিয়ে।  ( শুদ্ধ নে অশুদ্ধ লিখা ) 

উত্তৰঃ শুদ্ধ।

১৩। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ মাহিলি বেতন কিমান ? 

উত্তৰঃ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ মাহিলি বেতন- ১,০০০০০।

১৪। উচ্চতম ন্যায়ালয়ৰ কোনো মৌলিক ক্ষমতা নাই । ( শুদ্ধ নে অশুদ্ধ লিখা ) 

উত্তৰঃ অশুদ্ধ।

শুদ্ধ উত্তৰ বাছি উলিওৱা ( choose the correct answers ) 

১। উচ্চতম ন্যায়ালয়ত এজন মুখ্য ন্যায়াধীশ আৰুঃ

( ক ) ১৩ জন অন্যান্য ন্যায়াধীশ আছে 

( খ ) ২৫ জন অন্যান্য ন্যায়াধীশ আছে 

( গ ) ২০ জন অন্যান্য ন্যায়াধীশ আছে 

( ঘ ) ৩০ জন অন্যান্য ন্যায়াধীশ আছে 

উত্তৰঃ (ঘ) ৩০ জন অন্যান্য ন্যায়াধীশ আছে।

২। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলে বছৰত অৱসৰ লয়—

 (ক) ৬২         (খ) ৬০                  (গ) ৬৫                              (ঘ) ৭০  

উত্তৰঃ (গ) ৬৫

৩। ৰাজহুৱা স্বাৰ্থজড়িত গোচৰ ৰুজু / দাখিল কৰিব পাৰি— 

(ক) ৰাষ্ট্ৰপতিৰ ওচৰত                 

(খ) উচ্চ ন্যায়ালয়ৰ ওচৰত  

(গ) উচ্চতম ন্যায়ালয়ৰ ওচৰত  

(ঘ) উচ্চতম আৰু উচ্চ ন্যায়ালয় উভয়ৰ ওচৰত 

উত্তৰঃ (গ) উচ্চতম ন্যায়ালয়ৰ ওচৰত।

৪। উচ্চতম ন্যায়ালয়ে কাক পৰামৰ্শ আগবঢ়াব পাৰে—  

(ক) ৰাষ্ট্ৰপতিক                                    (খ) সংসদক  

(গ) কেবিনেটক                                   (ঘ) প্রধানমন্ত্রীক 

উত্তৰঃ (ক) ৰাষ্ট্ৰপতিক।

৫। নাগৰিকৰ মৌলিক অধিকাৰৰ ৰক্ষক  হ’ল—  

(ক) সংসদ                            (খ) ৰাষ্ট্ৰপতি  

(গ) কেবিনেট                      (ঘ) উচ্চতম ন্যায়ালয়

উত্তৰঃ (ঘ) উচ্চতম ন্যায়ালয়।

৬। ন্যায়িক সমীক্ষাৰ অধিকাৰী  হ'ল— 

 (ক) সংসদ                                                (খ) উচ্চ ন্যায়ালয়

 (গ) উচ্চতম ন্যায়ালয় আৰু                 (ঘ) উচ্চ ন্যায়ালয় উভয়

উত্তৰঃ উচ্চতম ন্যায়ালয়।

৭। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলক  নিযুক্তি দিয়ে— 

(ক) ভাৰতৰ মুখ্য ন্যায়াধীশে                 (খ) জনসাধাৰণে       

(গ) প্রধানমন্ত্রীয়ে                                      (ঘ) ৰাষ্ট্ৰপতিয়ে

উত্তৰঃ (ঘ) ৰাষ্ট্ৰপতিয়ে।



Type: Himashree Bora.

Author: Pompi Hazarika




Post ID : DABP004962