4.7 দৰিদ্ৰতা দূৰীকৰণ আঁচনিসমূহ--এক সমালোচনাত্মক মূল্য়ায়ন (Poverty Allev-Iation Programmes-- A Critical Assessment) :

  কিছুমান ৰাজ্যত সম্প্ৰতি পৰম দুখীয়া লোকৰ সংখ্যা ৰাষ্ট্ৰীয় গড়তকৈ কম হোৱাটোৱেই সূচায় যে স্বাধীনতাৰ পিছত দৰিদ্ৰতা দূৰীকৰণৰ প্ৰচেষ্টা পোন প্ৰথমবাৰৰ বাবে ফলৱতী হৈছে দৰিদ্ৰতা দূৰীকৰণৰ বাবে বিভিন্ন আঁচনি আৰু কাৰ্যসূচী থকা সত্ত্বেও ক্ষুধাপুষ্টিহীনতানিৰক্ষৰতা আৰু মৌলিক সা-সুবিধাবোৰৰ অভাৱ এতিয়াও ভাৰতবৰ্ষৰ সৰহ সংখ্যক ৰাজ্যৰে সাধাৰণ বৈশিষ্ট্য হৈ আছে দৰিদ্ৰতা দূৰীকৰণৰ নীতিসমূহ ক্ষীপ্ৰতাৰে ক্ৰমবিকশিত হৈছে যদিও যোৱা চাৰে পাঁচটা দশকত ইয়াৰ কোনো মৌলিক পৰিৱৰ্তন ঘটা নাই সময়ে সময়ে আঁচনিবোৰৰ শিৰোনামা পৰিৱৰ্তনএকত্ৰীকৰণ আৰু উৎপৰিৱৰ্তন দেখা যায় তথাপি সম্পদৰ স্বত্বাধিকাৰউৎপাদন পদ্ধতি আৰু অভাৱীসকলৰ বাবে মৌলিক সা-সুবিধাবোৰৰ উন্নতিৰ ক্ষেত্ৰত আমূল পৰিৱৰ্তন একোৱেই সাধিব পৰা নাই এই কাৰ্যসূচীবোৰৰ মূল্যায়ন কৰি পণ্ডিতসকলে এইবোৰৰ সফল কাৰ্যকৰীকৰণত বাধা প্ৰদান কৰা তিনিটা প্ৰধান উদ্বিগ্নতাৰ ক্ষেত্ৰ আঙুলিয়াই দিছে ভূমি আৰু অন্যান্য পৰিসম্পদৰ অসমতাপূর্ণ বিতৰণৰ বাবে দৰিদ্ৰতা দূৰীকৰণ কাৰ্যসূচীবোৰৰ প্রত্যক্ষ সুবিধাসমূহ আর্থিকভাৱে স্বচ্ছল লোকে আত্মসাৎ কৰাৰ সুযোগ পাইছে দৰিদ্ৰতাৰ মাত্ৰাৰ তুলনাত এনে কাৰ্যসূচী বা আঁচনিবোৰত ধার্য কৰা পৰিমাণ যথেষ্ট নহয় তদুপৰি এই আঁচনিবোৰৰ কাৰ্যকৰীকৰণ প্রধানতঃ চৰকাৰী আৰু বেংক বিষয়াসকলৰ ওপৰত নিৰ্ভৰ কৰে। এই বিষয়াসকল প্ৰায়ে কু-অভিপ্ৰায় প্ৰৱণ (ill motivated), কম প্রশিক্ষণপ্রাপ্ত, শোষণমুখী আৰু স্থানীয় সবল শ্ৰেণীৰ বিভিন্ন চাপৰ প্ৰতি আনুগত্য প্ৰৱণ হোৱা হেতুকে সম্পদবোৰৰ অদক্ষ ব্যৱহাৰ আৰু অপচয় ঘটে। আঁচনিবোৰৰ কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত স্থানীয় পৰ্যায়ৰ অনুষ্ঠানবোৰৰ অংশগ্রহণ বিমুখতাও দেখা যায়।

    দাৰিদ্র্য সীমাৰেখাত নাইবা এই সীমাৰেখাৰ নামমাত্র ঊর্ধ্বত থকা বৃহৎ সংখ্যক আর্থিকভাৱে দুৰ্বল লোকক সামৰি লোৱাত চৰকাৰী আঁচনিসমূহো ব্যৰ্থ হৈছে। ইয়াৰ পৰা এইটোও প্রমাণিত হয় যে  দৰিদ্ৰতা হ্ৰাসকৰণৰ ক্ষেত্ৰত কেৱল মাত্ৰ উচ্চহাৰৰ অর্থনৈতিক বৃদ্ধিয়ে যথেষ্ট নহয়। দুখীয়াসকলৰ সক্রিয় অংশগ্রহণ অবিহনে কোনো আঁচনিৰে সফল ৰূপায়ণ সম্ভৱ নহয়। যেতিয়া সমাজৰ দুখীয়া শ্ৰেণীয়ে সক্রিয়ভাৱে জড়িত হৈ অৰ্থনৈতিক বৃদ্ধিৰ প্ৰক্ৰিয়াত অৰিহণা যোগাবলৈ আৰম্ভ কৰিব তেতিয়াহে দৰিদ্ৰতাৰ সমস্যাক ফলপ্ৰসূভাৱে নিৰ্মূল কৰিব পৰা যাব। সামাজিক সমবেতকৰণ, দুখীয়াসকলক অংশগ্ৰহণৰ উৎসাহ প্রদান আৰু তেওঁলোকৰ সৱলীকৰণৰ জৰিয়তেহে এইটো সম্ভৱপৰ হব। নিয়োগৰ সুবিধা সৃষ্টিৰ জৰিয়তে আয় বৃদ্ধি, অৰ্হতা তথা স্বাস্থ্য আৰু শিক্ষাৰ বিকাশতো ই সহায়ক হব। তদুপৰি দাৰিদ্র্য পীড়িত অঞ্চলবোৰ চিনাক্ত কৰি সেই বোৰত বিভিন্ন আন্তঃগাঁথনি, যেনে শিক্ষানুষ্ঠান ৰাস্তা-ঘাট, শক্তি যোগান, দূৰ-সংযোগ, তথ্য প্রযুক্তি সেৱা, প্ৰশিক্ষণ প্রতিষ্ঠান আদিৰ সুবিধা প্ৰদান কৰাটো প্ৰয়োজনীয়।

Janmoni Hazarika