4.8 সামৰণি (Conclusion) :

    স্বাধীনতা লাভৰ পৰা এতিয়ালৈ আমি প্রায় ছয়টা দশক অতিক্ৰম কৰিলোঁ সমতা আৰু সামাজিক ন্যায়ৰ ভিত্তিত দ্রুত আৰু সন্তুলিত অর্থনৈতিক উন্নয়ন সাধন কৰাটোৱেই আমাৰ  সকলো নীতিৰ উদ্দেশ্য বুলি কোৱা হৈছে। ক্ষমতাত যি চৰকাৰে নাথাকক কিয়, নীতি নিৰ্ধাৰকসকলে দৰিদ্ৰতা দূৰীকৰণৰ বিষয়টোক ভাৰতবৰ্ষৰ প্ৰধান প্ৰত্যাহ্বানবোৰৰ অন্যতম বুলি গণ্য কৰি আহিছে। দেশত পৰম দৰিদ্ৰ লোকৰ সংখ্যা সামগ্ৰিকভাৱে হ্ৰাস পাইছে আৰু কিছুমান ৰাজ্যত দৰিদ্ৰৰ অনুপাত ৰাষ্ট্ৰীয় গড়তকৈ তলত আছে। তথাপি সমালোচকসকলে আঙুলিয়াই দিছে যে এনে আঁচনিবোৰত বৃহৎ পৰিমাণৰ সম্পদ ধার্য আৰু ব্যয় কৰা সত্ত্বেও আমি এতিয়াও উপনীত হব লগা মূল লক্ষ্যৰ পৰা বহু পিছ পৰি আছোঁ। অৱশ্যে, জনমূৰি আয় আৰু জীৱন ধাৰণৰ মান হিচাপত কিছু পৰিমাণে উন্নতি হৈছে। প্রাথমিক প্রয়োজনীয়তাসমূহ পূৰণৰ ক্ষেত্ৰতো কিছু প্রগতি লাভ কৰা হৈছে। তথাপি অন্যান্য দেশৰ অগ্ৰগতিৰ তুলনাত আমাৰ এই সাফল্য উৎসাহজনক নহয়। তদুপৰি উন্নয়নৰ সুফলসমূহে সমাজৰ সকলো স্তৰৰ জনসাধাৰণক এতিয়াও সমানে স্পৰ্শ কৰিব পৰা নাই। সামাজিক আৰু অর্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত আমাৰ দেশৰ জনসাধাৰণৰ কিছু অংশ, অৰ্থ ব্যৱস্থাৰ কিছু খণ্ড আৰু কিছু অঞ্চলে আনকি উন্নত দেশসমূহৰ লগত ফেৰ মাৰিব পৰা হৈছে; তথাপি, এতিয়াও দাৰিদ্ৰ্যৰ কুটিল পাকচক্ৰৰ পৰা ওলাই আহিবলৈ সক্ষম নোহোৱা অন্য বহু লোক আছে।

Janmoni Hazarika