তুমি চোৱা যেতিয়া
তুমি চোৱা যেতিয়া দুচকু তুলি
মোৰ আকাশ ভাঙিলা নামে বিজুলী
ৰ'দে হাঁহে ফুল ফুলে কথা ক'লে
তুমি চুলেই যে বসন্ত
ধুমুহাওঁ যে অশান্ত
তোমাৰ মাজতে জীৱন্ত
সৃস্টি অপৰূপ অনন্ত
মেঘালি চুলিতাৰি
ঢৌ খেলে ৰ'দালি
হাঁহিতে মিচিকনি
সোণাৰুৰে এপাহি
সজল সজল চাৱনি
তৰাৰে জিলকণি
সেন্দুুৰীয়া ওঁঠতে
ককাৰে নিচুকনি
বুকুৰে মাজতে দেখো জাগে সপোন
চকুৰ পতাত আঁকি তোমাক চিকুন
তোমাৰ মৰমৰ জ্বলি ৰ'ম
সকলো হেৰুৱাই
তুমি....
পুৱা দুচকু মেলি
এপল দুপল আবেলি
নিজম নিজম গধূলি
তোমাকে আশা পালি
নিয়ৰ সনা শেৱালি
ধৰি আছে পদূলি
তুমি গৰাকি গ'লে
সিও হ'ব সোণালী
এখোজ দুখোজ
তুমি নিচেই কাষত
উলাহে নধৰা হাঁহি
বুকুৰ মাজত।।
এতিয়া দূৰ আকাশ
পৰেহি দুবাহু পিচলি
তুমি.....।