10.7 সামৰণি (Conclusion) :

    আমাৰ চুবুৰীয়া দেশকেইখনৰ উন্নয়নৰ অভিজ্ঞতাৰ পৰা আমি কি শিকিলো ? ভাৰত, পাকিস্তান আৰু চীনে পাচঁ দশকৰো অধিক কাল উন্নয়নৰ পথেৰে আগবাঢ়িছে। এই সময়ছোৱাত দেশকেইখনে মিশ্ৰিত ফলাফল লাভ কৰিছে। 1970 ৰ দশকৰ শেহলৈকে তিনিওখন দেশতে উন্নয়ন একে ধৰণৰ নিম্ন আছিল। শেহতীয়া তিনিটা দশকত দেশ তিনিখনৰ উন্নয়নৰ স্তৰ ভিন ভিন হৈছে। গণতন্ত্ৰ প্ৰতিষ্ঠাপনাৰে ভাৰতে মধ্য়মীয়া ধৰণে প্ৰদৰ্শন কৰিছে, কিন্তু ভাৰতত এতিয়াও অধিকাংশ লোকেই কৃষিৰ ওপৰত নিৰ্ভৰশীল। দেশখনৰ সৰহভাগ অঞ্চলতে আন্তঃগাঁথনিত সা-সুবিধাৰ অভাৱ। এতিয়াও দেশখনে দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা এক-চতুৰ্থাংশতকৈও অধিক জনসাধাৰণৰ জীৱন-ধাৰণৰ মানৰ উন্নতি সাধিবলৈ বাকী। পণ্ডিতসকলে মত পোষণ কৰে যে ৰাজনৈতিক অস্থিৰতা, বাহিৰৰ পৰা অহা ধন, বৈদেশিক সাহায্য়ৰ ওপৰত অত্য়ধিক গুৰুত্ব আৰু কৃষি-খণ্ড অস্থিৰ প্ৰদৰ্শন পাকিস্তানৰ অৰ্থনৈতিক মন্থৰতাৰ ঘাই কাৰণ। তথাপি, শেহতীয়াকৈ উচ্চ হাৰত ঘৰুৱা উৎপাদনৰ বৃদ্ধিৰ জৰিয়তে দেশখনে উন্নতিৰ আশা কৰিছে। 2005 চনৰ প্ৰলয়ংকাৰী ভূমিকম্পই সৃষ্টি কৰা বিস্তৰ ক্ষতিৰ পৰা সকাহ পোৱাটোও পাৰিস্তানৰ বাবে এক বৃহৎ প্ৰত্য়াহ্বান। এই ভূমিকম্পত প্ৰায় 7500 লোকৰ মৃত্য়ু আৰু ব্য়য়-বস্তুৰ প্ৰচুৰ ক্ষতি হয়। ৰাজনৈতিক স্বাধীনতাৰ অভাৱ আৰু মানৱ অধিকাৰত তাৰ প্ৰভাৱ চীনৰ বাবে ডাঙৰ চিন্তাৰ বিষয়। তথাপি, যোৱা তিনি দশকত ৰাজনৈতিক দায়বদ্ধতাৰ হীন-ডেঢ়ি নঘটোৱাকৈ বজাৰ ব্য়ৱস্থাৰ প্ৰয়োগেৰে দেশখনে দৰিদ্ৰতা দূৰীকৰণৰ লগতে বৃদ্ধিৰ হাৰ ত্বৰান্ব িত কৰাত সফল হব পাৰিছে। এইটোও দেখা যায় যে, ভাৰত বা পাৰিস্তানৰ দৰে ৰাজহুৱা খণ্ডৰ উদ্য়োগৰ ব্য়ক্তিগতকৰণ নকৰাকৈ চীনে অতিৰিক্ত সামাজিক তথা অৰ্থনৈতিক সা-সুবিধাৰ সৃষ্টিৰ নিমিত্তে বজাৰ ব্য়ৱস্থা প্ৰয়োগ কৰিছে। ভূমিৰ ওপৰত সামূহিক অধিকাৰ বজাই ৰাখি ব্য়ক্তিগতভাৱে কৃষিভূমিৰ ব্য়ৱহাৰ কৰিবলৈ দি চীনে গ্ৰামাঞ্চলত সামাজিক ন্য়ায় সুনিশ্চিত কৰিছে। আনকি অৰ্থনৈতিক সংস্কাৰ ব্য়ৱস্থা হাতত লোৱাৰ আগৰে পৰাই সামাজিক আন্তঃগাঁথনি প্ৰদানত ৰাজহুৱা হস্তক্ষেপেৰে চীনে মানৱ উন্নয়নৰ নিৰ্দেশকসমূহৰ ক্ষেত্ৰত ইতিবাচক ফলাফল দেখুৱাইছে।

Type Janmoni Hazarika