10.3 জনসাংখ্য়িক নিৰ্দেশসমূহ (Demographic Indicators) : 

    পৃথিৱীৰ জনসংখ্যালৈ লক্ষ্য কৰিলে আমি দেখিম যে পৃথিৱীত বসবাস কৰা প্ৰতি ছজন লোকৰ এজন ভাৰতীয় আৰু আনজন  চীনদেশীয় আমি ভাৰতচীন আৰু পাকিস্তানৰ কিছু জনসাংখ্যিক নিৰ্দেশকৰ তুলনা কৰিম পাকিস্তানৰ জনসংখ্যা তেনেই তাকৰ আৰু মোটামুটিভাৱে  ভাৰত বা চীন জনসংখ্যাৰ দহভাগৰ এভাগ

    যদিওবা ভূখণ্ডৰ পৰিসীমাৰে এই তিনিওখন দেশৰ ভিতৰত চীনেই সবাতোকৈ ডাঙৰইয়াৰ জনবসতিৰ ঘনত্ব আটাইতকৈ কম  তালিকা 10.14 পৰা দেখা যায়জনসংখ্যা বৃদ্ধিৰ হাৰ পাকিস্তানত আটাইতকৈ বেছিআৰু এই ক্ষেত্ৰত পাকিস্তানৰ পিছৰ স্থানত আছে ক্ৰমে ভাৰত আৰু চীন পণ্ডিতসকলৰ মতে 1970 দশকৰ শেহভাগত আৰম্ভ কৰা ‘এটি সন্তান নীতিয়ে (one-child norm) চীনৰ নিম্ন জনসংখ্যা বৃদ্ধিৰ ঘাই কাৰণ৷ তেওঁলোকৰ মতে এই ব্যৱস্থাই চীনৰ লিংগ-অনুপাত (sex-ratio) (প্রতি ১০০০ জন পুৰুষৰ বিপৰীতে থকা মহিলাৰ সংখ্যা) অৱনতি ঘটায় অৱশ্যে তালিকাখনৰ পৰা এই কথা দেখা যায় যে তিনিওখন দেশতে লিংগ-অনুপাত নিম্ন আৰু  মহিলা প্রতিকূল ইয়াৰ কাৰণ হিচাপে পণ্ডিতসকলে দেশকেইখনত পুত্ৰ সন্তানৰ প্ৰতি থকা হাবিয়াসকে চিহ্নিত কৰিছে সম্প্রতি এই অৱস্থাৰ উন্নতিৰ কল্পে কেউখন দেশতে ব্যৱস্থাৱলী হাতত লোৱা হৈছে ‘এটি সন্তান নীতি আৰু তাৰ ফলত হোৱা লেহেমীয়া জনসংখ্যা বৃদ্ধিৰ আন কেতবোৰ তাৎপর্যও আছে। উদাহৰণ স্বৰূপে, আৰু কেই দশকমানৰ পিছতে চীনত যুৱকৰ তুলনাত বৃদ্ধলোকৰ সংখ্যা বৃদ্ধি পাব। ইয়াৰ ফলত কম সংখ্যক শ্রমিকেৰে সামাজিক সুৰক্ষা-ব্যৱস্থা গ্ৰহণ কৰিবলৈ দেশখন বাধ্য হব।

    প্ৰজনন হাৰো (fertility rate) চীনত কম আৰু পাকিস্তানত যথেষ্ট বেছি। পাকিস্তান আৰু চীন উভয়তে নগৰীকৰণ (Urbanisation) অধিক। আনহাতে, ভাৰতত মুঠ জনসংখ্যাৰ 28 শতাংশ লোকে নগৰত বাস কৰে। 

Type Janmoni Hazarika 





Post ID : DABP005144