10.2 উন্নয়নৰ পথ- এক প্ৰতিচ্ছবি (Development Path-A Snapshot View) :
ভাৰত, পাকিস্তান আৰু চীনৰ উন্নয়ন কৌশলৰ মাজত যে ভালেমান সাদৃশ্য আছে জানানে? তিনিওখন দেশেই প্রায় একে সময়তেই উন্নয়নৰ পথত খোজ দিছিল। ভাৰত আৰু পাকিস্তান উভয়ে স্বাধীন হৈছিল 1947 চনত। আনহাতে, চীন প্রজাতন্ত্র প্রতিষ্ঠা হৈছিল 1949 চনত। সেই সময়ত দিয়া এটি ভাষণত জৱাহৰলাল নেহৰুৱে কৈছিল, ‘বিষয়ৰ ফালৰ পৰা সুকীয়া হ'লেও চীন আৰু ভাৰতৰ এই নতুন আৰু বৈপ্লৱিক পৰিৱৰ্তনসমূহ এছিয়াৰ নতুন উদ্যম আৰু নতুন প্রাণশক্তিৰ প্রতীক— যি এছিয়াৰ দেশসমূহত অভিব্যক্ত হ'বলৈ ধৰিছে।'
এই তিনিওখন দেশেই উন্নয়নৰ কৌশলৰ পৰিকল্পনা একেধৰণে আৰম্ভ কৰিছিল৷ ভাৰতে 1951-56 চনৰ বাবে প্ৰথম পঞ্চবার্ষিক পৰিকল্পনা ঘোষণা কৰিছিল, পাকিস্তানে নিজৰ প্ৰথম পাঁচ বছৰীয়া পৰিকল্পনা Medium Term Plan নামেৰে আৰম্ভ কৰিছিল 1956 চনত। চীনে প্রথম পঞ্চবার্ষিক পৰিকল্পনা ঘোষণা কৰিছিল 1953 চনত। 1998 চনলৈকে পাকিস্তানে আঠখন পঞ্চবার্ষিক পৰিকল্পনা হাতত লৈছে। আনহাতে, চীনৰ দশম পৰিকল্পনাৰ সময় হ'ল 2001-06 চন। ভাৰতৰ বৰ্তমানৰ পৰিকল্পনাৰ আধাৰ হৈছে দশম পঞ্চবার্ষিক পৰিকল্পনা (2002-07)। ভাৰত আৰু পাকিস্তানে গ্রহণ কৰা পৰিকল্পনাৰ কৌশলো আছিল একেধৰণৰ— এক বৃহৎ ৰাজহুৱা খণ্ডৰ সৃষ্টি কৰা আৰু সামাজিক উন্নয়নৰ বাবদ ৰাজহুৱা ব্যয় বঢ়োৱা । 1980ৰ দশকলৈকে তিনিওখন দেশৰে বৃদ্ধিৰ হাৰ আৰু জনমূৰি আয়ো আছিল একেধৰণৰ। এতিয়া তিনিওখন দেশৰ তুলনামূলক স্থিতি কি? এই প্রশ্নৰ উত্তৰ দিয়াৰ আগেয়ে আমি চীন আৰু পাকিস্তানৰ উন্নয়নৰ নীতিৰ ঐতিহাসিক পথৰ সন্ধান কৰোঁহক। আগৰ তিনিটা অধ্যায়ৰ পৰা স্বাধীনতাৰ পিছত ভাৰতে গ্ৰহণ কৰা নীতিৰ বিষয়ে ইতিমধ্যেই আমি জানিব পাৰিছোঁ।
চীন : চীনত একদলীয় প্রজাতন্ত্ৰ প্ৰতিষ্ঠাৰ পিছত যিবোৰ গুৰুত্বপূর্ণ অর্থনৈতিক খণ্ড, উদ্যোগ আৰু ভূমি গাইগুটিয়া ব্যক্তিয়ে অধিকাৰ কৰি আৰু চলাই আছিল সেইবোৰ চৰকাৰৰ নিয়ন্ত্ৰণলৈ অনা হয়। 1958 চনত আৰম্ভ কৰা Great L Forward (GLF) অভিযানৰ লক্ষ্য আছিল গোটেই দেশব্যাপী প্ৰচুৰ পৰিমাণৰ উদ্যোগীকৰণ। জনসাধাৰণক বাৰীৰ চুকতো উদ্যোগ প্ৰতিষ্ঠাৰ বাবে উৎসাহ যোগোৱা হৈছিল। গাঁও অঞ্চলসমূহত ক্ষুদ্র-ক্ষুদ্র প্রজা-সংঘসমূহ (communes) আৰম্ভ কৰা হৈছিল। এনে প্ৰজা-সংঘ ব্যৱস্থা (Commune System) ত মানুহে সামূহিকভাৱে খেতি কৰিছিল। 1958 চনত, গোটেই দেশতে মোটা-মুটিকৈ সমগ্ৰ কৃষক সমাজক সামৰি 26000 এনে প্ৰজা-সংঘ আছিল।
এই GLF অভিযান ভালেমান সমস্যাৰ সন্মুখীন হয়। এক প্রবল খৰাঙত প্ৰায় 30 নিযুত লোকৰ নিদাৰুণ মৃত্যুৱে দেশখনক গুৰুতৰভাৱে জোকাৰি যায়। চীন-ৰাছিয়াৰ সংঘাতৰ সময়ত, ৰাছিয়াই আগেয়ে চীনৰ উদ্যোগীকৰণত সহায় কৰিবলৈ পঠোৱা নিজৰ দক্ষ লোকসকলক ওভতাই নিয়ে। 1965 চনত মাও চে তুঙে আৰম্ভ কৰা মহান সর্বহাৰাৰ সাংস্কৃতিক বিপ্লৱ (Great Proleterian Cultural Revolution, 1966-76)ৰ অংশ হিচাপে ছাত্ৰ আৰু বৃত্তিজীৱীসকলক কাম কৰিবলৈ আৰু শিক্ষা গ্ৰহণ কৰিবলৈ গাঁৱলৈ পঠিওৱা হৈছিল। সাম্প্ৰতিক চীনৰ দ্ৰুত ঔদ্যোগিক বৃদ্ধিৰ গুৰিতে হ’ল 1978 চনত হাতত অর্থনৈতিক সংস্কাৰসমূহ। চীনত এই সংস্কাৰসমূহ আৰম্ভ হৈছিল পর্যায়ক্রমে । প্রথম পর্যায়ত কৃষি, বৈদেশিক বাণিজ্য আৰু বিনিয়োগৰ ক্ষেত্ৰত সংস্কাৰৰ সূচনা কৰা হৈছিল। উদাহৰণস্বৰূপে, কৃষিৰ ক্ষেত্ৰত প্ৰজা-সংঘৰ সামূহিক অধিকাৰত থকা কৃষিভূমিক সৰু-সৰু অংশত ভাগ কৰি ব্যক্তিগত কৃষি কাৰ্যত ব্যৱহাৰৰ বাবে (মালিকীস্বত্ব হস্তান্তৰ নকৰাত) গাইগুটীয়া পৰিয়ালক আৱণ্টন দিয়া হৈছিল। নিৰ্ধাৰিত কৰ পৰিশোধৰ অন্তত এনে মাটিৰ পৰা আহৰিত সকলো আয় এই পৰিয়ালসকলক ভোগ কৰিবলৈ দিয়া হৈছিল। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত উদ্যোগ খণ্ডত সংস্কাৰ আৰম্ভ কৰা হয়। সাধাৰণভাৱে ব্যক্তিগত খণ্ডৰ ব্যৱসায় প্রতিষ্ঠানসমূহ আৰু বিশেষতঃ, নগৰ আৰু গাঁও অঞ্চলৰ উদ্যোগ প্রতিষ্ঠানসমূহ, অর্থাৎ স্থানীয় সমবায়-চালিত অথবা যৌথ-অংশীদাৰী প্রতিষ্ঠানসমূহক নিজাববীয়াকৈ উৎপাদনৰ কৰ্তৃত্ব এৰি দিয়া হয়। এই পৰ্যায়ত, ৰাষ্ট্ৰৰ মালিকীস্বত্বৰ উদ্যোগ প্রতিষ্ঠানসমূহক (State Owned Enterprises যাক আমি ভাৰতত ৰাজহুৱা উদ্যোগ বুলি কওঁ— প্রতিযোগিতাৰ মুখা-মুখি হ’বলৈ এৰি দিয়া হয়। এই সংস্কাৰমূলক প্ৰক্ৰিয়াত দ্বৈত-দৰ ব্যৱস্থা (dual price) প্রচলিত হয়। দ্বৈত-দৰ ব্যৱস্থাত সামগ্রী সমূহৰ দাম দুই ধৰণেৰে নিৰ্ধাৰিত কৰা হয়— কৃষক আৰু উদ্যোগ গোটসমূহক এক নিৰ্দিষ্ট পৰিমাণৰ সমল তথা উৎপাদিত সামগ্ৰীৰ কিনা-বেচা চৰকাৰৰ দ্বাৰা নিৰ্ধাৰিত দামত কৰিবলৈ দিয়া হয়। এই নির্দিষ্ট পৰিমাণতকৈ অধিক পৰিমাণৰ কিনা-বেচা কৰিবলৈ হ’লৈ বজাৰ দৰত কৰিব লাগে। বছৰ বাগৰাৰ লগে লগে উৎপাদিত সামগ্ৰীৰ পৰিমাণ আৰু তাৰ লগে লগে বজাৰ দৰত কিনা-বেচা কৰা সামগ্ৰীৰ পৰিমাণো বৃদ্ধি পাবলৈ ধৰে। বিদেশী বিনিয়োগকাৰীসকলক আকৰ্ষিত কৰিবৰ কাৰণে বিশেষ অর্থনৈতিক মণ্ডল (Special Economic Zone)সমূহ গঠন কৰা হয়।
পাকিস্তান : পাকিস্তানে গ্ৰহণ কৰা বিভিন্ন অর্থনৈতিক নীতিলৈ লক্ষ্য কৰিলে ভাৰতৰ সৈতে ভালেমান মিল চকুত পৰে। পাকিস্তানেও ৰাজহুৱা আৰু ব্যক্তিগত উভয় খণ্ডৰ সহাৱস্থানেৰে মিশ্ৰ অৰ্থব্যৱস্থাৰ আৰ্হি অনুসৰণ কৰে। পঞ্চাশৰ দশকৰ শেষভাগ আৰু ষাঠিৰ দশকত পাকিস্তানে আমদানি প্রতিকল্পন উদ্যোগীকৰণ (Import substitution Industrialisation)ৰ বাবে বিভিন্ন প্ৰকাৰৰ নিয়ন্ত্ৰিত বিধি ব্যৱস্থা প্ৰৱৰ্তন কৰে। এনে নীতিত ভোগ্য দ্রব্যসমূহৰ উৎপাদনৰ ক্ষেত্ৰত সংৰক্ষণমূলক শুল্ক ব্যৱস্থা আৰু দেশীয় দ্রব্যৰ প্ৰতিযোগী সামগ্ৰীৰ আমদানিৰ ওপৰত প্ৰত্যক্ষ নিয়ন্ত্রণমূলক ব্যৱস্থা সন্নিৱিষ্ট কৰা হয়। সেউজ বিপ্লৱে যন্ত্ৰীকৰণ (Mechanisation) আৰু অঞ্চলবিশেষত আন্তঃগাঁথনিমূলক বিনিয়োগৰ পৰিমাণৰ বৃদ্ধি ঘটায় আৰু ইয়াৰ ফলত খাদ্য-শস্যৰ উৎপাদনো বৃদ্ধি পায়। ইয়ে পাকিস্তানৰ কৃষি-ভূমি সংক্রান্তীয় সংগ্ৰথনলৈ নাটকীয় পৰিৱৰ্তন আনে। 1970ৰ দশকত মূলধনজাতীয় সামগ্ৰীৰ (capital goods) উদ্যোগসমূহৰ ৰাষ্ট্ৰীয়কৰণ কৰা হয়। ইয়াৰ পিছত 1970ৰ দশকৰ শেহভাগ আৰু 1980ৰ দশকত পাকিস্তানে অর্থনৈতিক নীতিৰ দিক্-পৰিৱৰ্তন কৰে। এই সময়ছোৱাত অ-ৰাষ্ট্ৰীয়কৰণ (denationalisation) আৰু ব্যক্তিগত খণ্ডক উৎসাহ যোগোৱাটোত গুৰুত্ব আৰোপ কৰা হয়। এইছোৱা সময়তে পাকিস্তানে পশ্চিমীয়া দেশসমূহৰ পৰা আর্থিক সহায় আৰু মধ্য-পূব এছিয়ালৈ ক্রমবর্ধমানভাৱে বহির্গমন কৰা পাকিস্তানীসকলে পঠোৱা ধনো লাভ কৰে। ইয়ে দেশখনৰ অর্থনৈতিক বৃদ্ধি উদ্দীপিত কৰি তোলে। সেই সময়ত চৰকাৰে ব্যক্তিগত খণ্ডলৈ বিশেষ উদগনিমূলক সা-সুবিধা আগবঢ়ায়। এই সকলো মিলি দেশখনত নতুন বিনিয়োগৰ এক অনুকূল পৰিৱেশৰ সৃষ্টি হয়। 1988 চনত দেশখনত অর্থনৈতিক সংস্কাৰ আঁচনি হাতত লোৱা হয়।
চীন আৰু পাকিস্তানৰ কৌশলসমূহৰ থুল-মূল আভাস লোৱাৰ পিছত এতিয়া আমি গৰত, চীন আৰু পাকিস্তানৰ উন্নয়নৰ কেতবোৰ নিৰ্দেশকৰ বিষয়ে তুলনা কৰোঁহক।
Type Janmoni Hazarika
Post ID : DABP005143