10.4 মুঠ ঘৰুৱা উৎপাদন আৰু খণ্ডসমূহ (Gross Domestic Product and Sectors) :
বিশ্বত বহু-চর্চিত বিষয়সমূহৰ ভিতৰত চীনৰ মুঠ ঘৰুৱা উৎপাদন (Gross Domestic Product)ৰ বৃদ্ধি অন্যতম। চীনৰ 7.2 ট্রিলিয়ন ডলাৰৰ মুঠ ঘৰুৱা উৎপাদন (ক্রয়শক্তিৰ সমতা অনুসৰি) পৃথিৱীৰ ভিতৰতে দ্বিতীয় বৃহত্তম। ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ পৰিমাণ হ’ল (ক্রয়শক্তিৰ সমতা অনুসৰি 3.3 ট্রিলিয়ন ডালৰ আৰু পাকিস্তানৰ মুঠ ঘৰুৱা উৎপাদনৰ পৰিমাণ ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ শতকৰা 10 ভাগ। ভালেকেইখন উন্নত দেশৰ বাবেই 5 শতাংশ বৃদ্ধিৰ হাৰ অক্ষুণ্ণ ৰখাটো কঠিন হৈ পৰাৰ সময়তো চীনে একেৰাহে দুটা দশক ধৰি দুগুণ অংকৰ (double digit) বৃদ্ধি অটুট ৰাখিব পৰাটো তালিকা 10.2ৰ পৰাই পৰিলক্ষিত হয় ৷ লক্ষ্য কৰিলে দেখা যাব, 1980 দশকত বৃদ্ধিৰ হাৰৰ ক্ষেত্ৰত পাকিস্তানৰ স্থান ভাৰততকৈ আগত আছিল; চীনত বৃদ্ধিৰ হাৰ আছিল দুগুণ অংকৰ আৰু ভাৰতৰ স্থান আছিল সর্বশেষত। নব্বৈৰ দশকত ভাৰত আৰু চীনত বৃদ্ধিৰ হাৰ সামান্য হ্রাস পায়। আনহাতে পাকিস্তানৰ ক্ষেত্ৰত এই হাৰ বাৰুকৈ কমি 3.6 হয়গৈ। এচাম পণ্ডিতে 1988 চনত পাকিস্তানে গ্ৰহণ কৰা সংস্কাৰ ব্যৱস্থাৱলী আৰু দেশখনৰ ৰাজনৈতিক অস্থিৰতাকে এই গতিধাৰাৰ কাৰণ বুলি মতপোষণ কৰে। বৃদ্ধিৰ হাৰৰ এই গতিধাৰালৈ অৰিহণা যোগোৱা খণ্ডসমূহৰ বিষয়ে আমি পিছত অধ্যয়ন কৰিম।
প্রথমে বিভিন্ন খণ্ডত নিয়োজিত লোকসকলে মুঠ ঘৰুৱা উৎপাদনত কিদৰে অৰিহণা যোগায় তাক চোৱা যাওক । ভূ-প্রকৃতিগত কাৰণ আৰু জলবায়ুগত অৱস্থাৰ বাবে চীনত কৃষি-উপযোগী মাটিৰ পৰিমাণ তুলনামূলকভাৱে কম— দেশখনৰ মুঠ ভূ-খণ্ডৰ 10 শতাংশ মাথোন। চীনৰ মুঠ কৃষি-ভূমিৰ পৰিমাণ ভাৰতৰ মুঠ কৃষি-ভূমিৰ শতকৰা 40 ভাগ। আশীৰ দশকলৈকে, জীৱিকাৰ বাবে চীনৰ শতকৰা ৪০ ভাগ মানুহেই একমাত্র কৃষি-কাৰ্যৰ ওপৰত নিৰ্ভৰশীল আছিল। তাৰ পিছৰ পৰাই চৰকাৰে কৃষি কাৰ্যত ব্ৰতী লোকসকলক কৃষিৰ পৰিৱৰ্তে হস্তশিল্প, বাণিজ্য, আৰু যাতায়াত আদিত অংশ ল'বলৈ উৎসাহ যোগায়। 2000 চনত চীনত কৃষি-কাৰ্যত ব্ৰতী লোকৰ পৰিমাণ আছিল দেশখনৰ মুঠ শ্রম শক্তিৰ 54 শতাংশ আৰু দেশখনৰ মুঠ ঘৰুৱা উৎপাদনলৈ ইয়াৰ অৰিহণা আছিল 15 শতাংশ (তালিকা 10.3 চোৱা)।
ভাৰত আৰু পাকিস্তান উভয় দেশতে মুঠ ঘৰুৱা উৎপাদনলৈ কৃষি খণ্ডৰ অৱদান প্রায় সমান — 23 শতাংশ, কিন্তু মুঠ শ্রম শক্তি অনুপাতে কৃষিত নিয়োজিত লোক ভাৰতত অধিক। পাকিস্তানত মুঠ জনসংখ্যাৰ প্রায় 49 শতাংশ কৃষিত নিয়োজিত হোৱাৰ বিপৰীতে ভাৰতৰ ক্ষেত্ৰত এই হিচাপ হ’ল 60 শতাংশ। তিনিওখন দেশৰে উৎপাদন আৰু নিয়োগৰ খণ্ড ভিত্তিক অংশসমূহলৈ লক্ষ্য কৰিলে দেখা যায় যে উদ্যোগ আৰু সেৱা খণ্ডত নিয়োজিত লোক দেশ কেউখনৰ মুঠ শ্ৰম-শক্তিৰ অনুপাতে কম হ’লেও এই খণ্ড দুটাৰ উৎপাদনৰ পৰিমাণ বেছি। চীনত মুঠ ঘৰুৱা উৎপাদনলৈ নির্মাণ খণ্ডই সর্বাধিক বৰঙণি আগবঢ়ায়— 53 শতাংশ। আনহাতে ভাৰত আৰু পাকিস্তানৰ মুঠ ঘৰুৱা উৎপাদনলৈ সেৱা খণ্ডৰ অৰিহণা সৰ্বাধিক। এই দুয়োখন দেশতে মুঠ ঘৰুৱা উৎপাদনৰ শতকৰা 50 ভাগতকৈও অধিক আহে সেৱা-খণ্ডৰ পৰা৷
উন্নয়নৰ স্বাভাৱিক প্ৰক্ৰিয়াত দেশ এখনৰ উৎপাদন আৰু নিয়োগৰ পৰিমাণ প্রথমে কৃষিৰ তুলনাত নিৰ্মাণ খণ্ডত আৰু তাৰ পিছত সেৱাখণ্ডত অধিক হয়। তালিকা 10.4 ৰ পৰা চীনত ঘটি থকা এনে প্ৰক্ৰিয়া পৰিলক্ষিত হ’ব। ভাৰত আৰু পাকিস্তানত মুঠ শ্রম শক্তিৰ নিৰ্মাণ-খণ্ডত নিয়োজিত অংশ কম— ক্ৰমে 16 আৰু 18 শতাংশ মাথোন। দেশ দুখনৰ মুঠ ঘৰুৱা উৎপাদনলৈ উদ্যোগৰ অৱদানো কৃষিৰ প্ৰায় সমান অথবা তাতকৈ সামান্যহে বেছি। সেয়েহে ভাৰত আৰু পাকিস্তানৰ উন্নয়ন প্রক্রিয়াত ঘটা পৰিৱৰ্তন পোনপটীয়াকৈ কৃষিৰ পৰা সেৱালৈ স্থানান্তৰিত হৈছে।
এনেদৰে ভাৰত আৰু পাকিস্তান উভয় দেশতে সেৱা খণ্ডই উন্নয়ন প্ৰক্ৰিয়াত মুখ্য ভূমিকা পালন কৰাটো পৰিলক্ষিত হৈছে। দেশৰ মুঠ ঘৰুৱা উৎপাদনলৈ অধিক অৱদান আগবঢ়োৱাৰ লগতে এই খণ্ডটি এক সম্ভাৱনাপূর্ণ নিয়োগ ক্ষেত্র হৈ উঠিছে। 1980ৰ দশকৰ শ্ৰম-শক্তিৰ অনুপাতলৈ লক্ষ্য কৰিলে দেখা যাব যে ভাৰত আৰু চীনৰ তুলনাত পাকিস্তানে অধিক ক্ষিপ্ৰতাৰে শ্ৰম শক্তি সেৱাখণ্ডলৈ চালিত কৰিছিল৷ আশীৰ দশকত মুঠ শ্ৰম শক্তিৰ ভিতৰত সেৱা খণ্ডত নিয়োজিত লোকৰ সংখ্যা ভাৰত, চীন আৰু পাকিস্তানত ক্ৰমে 17, 12 আৰু 27 শতাংশ আছিল। 2000 চনত ই হ’য়গৈ ক্ৰমে 24, 19 আৰু 37 শতাংশ।
যোৱা দুটা দশকত দেশকেইখনৰ আটাইতকৈ বেছি শ্রম নিয়োজিত কৃষি-খণ্ডৰ বৃদ্ধিৰ হাৰ ক্ৰমান্বয়ে হ্ৰাস পাইছে। উদ্যোগৰ ক্ষেত্ৰত চীনে দহকৰ ঘৰত বৃদ্ধিৰ হাৰ অটুট ৰাখিব পাৰিছে যদিও ভাৰত আৰু পাকিস্তানত এই বৃদ্ধিৰ হাৰ হ্ৰাস পাইছে। সেৱা খণ্ডৰ ক্ষেত্ৰত 1990ৰ দশকত ভাৰতত বৃদ্ধিৰ হাৰ উন্নত কৰিব পাৰিলেও চীন আৰু পাকিস্তানত ই হ্রাস পাইছে। গতিকে দেখা যায় যে চীনৰ বৃদ্ধিৰ হাৰৰ বাবে ঘাইকৈ নিৰ্মাণ খণ্ড আৰু ভাৰতৰ বাবে সেৱাখণ্ডৰ অৱদানেই সৰ্বাধিক। এইছোৱা সময়ত পাকিস্তানৰ তিনিওটা খণ্ডৰ বৃদ্ধিয়েই মন্থৰ।
Type Janmoni Hazarika
Post ID : DABP005145