8.4  ভাৰতবৰ্ষৰ আন্তঃগাঁথনিৰ অৱস্থা (The State of Infrastructure in India) :

    পৰম্পৰাগতভাৱে, দেশৰ আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে একমাত্ৰ চৰকাৰেই দায়িত্ব লৈ আহিছে। কিন্তু দেখা গৈছে যে এইক্ষেত্ৰত বিনিয়োগৰ পৰিমাণ যথোপযুক্ত নহয়। অৱশ্য়ে। অৱশ্য়ে, সম্প্ৰতি ব্য়ক্তিগত খণ্ডই নিজাববীয়াকৈ আৰু চৰকাৰী খণ্ডৰ লগত যুটীয়া অংশীদাৰী হিচাপে (Joint Partnership) আন্তঃগাঁথনিৰ উন্নতিৰ হকে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে। 

    ভাৰতৰ অধিকাংশ লোকোই এতিয়াও গ্ৰামাঞ্চলত বাস কৰে। বিশ্বত প্ৰযুক্তিগত উন্নয়ন যথেষ্ট হোৱা সত্ত্বেও গ্ৰামাঞ্চলৰ মহিলাই শক্তিৰ প্ৰয়োজনীয়তা পূৰাবৰ বাবে এতিয়াও শস্য়ৰ অৱশিষ্ট, গোৱৰ আৰু কাঠ খৰি আদি জৈৱ-ইন্ধন ব্য়ৱহাৰ কৰি আছে। তেওঁলোকে খৰি, পানী আৰু অন্য়ান্য় মৌলিক প্ৰয়োজনীয়সমূহ সংগ্ৰহ কৰিবলৈ বহুদূৰ বাটকুৰি বাব লাগে। 2001 চনৰ লোকপিয়ল অনুসৰি গ্ৰামীণ ভাৰতবৰ্ষৰ মাত্ৰ 56 শতাংশ পৰিয়ালতহে বিদ্য়ুৎ সংযোগ আছে আৰু 43 শতাংশ পৰিয়ালে এতিয়াও কেৰাচিন তেল ব্য়ৱহাৰ কৰে। গ্ৰামাঞ্চলৰ প্ৰায় 70 শতাংশ পৰিয়ালেই ৰন্ধৰ বাবে জৈৱ ইন্ধন ব্য়ৱহাৰ কৰে। নলৰ পানীৰ সুবিধা মাত্ৰ 24 শতাংশ গ্ৰাম্য় পৰিয়ালৰ মাজতে সীমাবদ্ধ। মুঠ জনসংখ্য়াৰ প্ৰায় 76 শতাংশ লোকেই খোৱাপানী বিভিন্ন মুকলি উৎস, যেনে --কুঁৱা, পুখুৰী, খাল, হ্ৰদ, নদী আদিৰ পৰা সংগ্ৰহ কৰে। ৰাষ্ট্ৰীয় প্ৰতিদৰ্শ সমীক্ষা সংগঠন (NSSO : National Sample Survey Organisation) -এ কৰা আন এটা অধ্য়য়নে লক্ষ্য় কৰিছিল যে 1996 চনত গ্ৰামাঞ্চলত উন্নতমানৰ অনাময় ব্য়ৱস্থাৰ সুবিধা াছিল মাত্ৰ 6 শতাংশ।

    8.1 নং তালিকালৈ মন কৰা। এই তালিকাই অইন কিছুমান দেশৰ তুলনাত ভাৰতবৰ্ষৰ আন্তঃগাঁথনিৰ অৱস্থা দৰ্শাইছে। আন্তঃগাঁথনি উন্নয়নৰ ভেটি বুলি সহজে বোধগ্ৰম্য় যদিও ভাৰতবৰ্ষত এই সন্দৰ্ভত এতিয়ালৈ জাগৰণৰ সৃষ্টি হোৱা নাই। ভাৰবৰ্ষই মুঠ ঘৰুৱা উৎপাদনৰ (GDP) মাত্ৰ 5% আন্তঃগাঁথনিত বিনিয়োগ কৰে। এই পৰিমাণ চীন আৰু ইণ্ডোনেচিয়াৰ তুলনাত বহু কম। 

কিছুমান অৰ্থনীতিবিদে অহা কেই দশকমানৰ ভিতৰত ভাৰতবৰ্ষ পৃথিৱীৰ ভিতৰতে তৃতীয় বৃহৎ অৰ্থব্য়ৱস্থা হৈ উঠিব বিলে পূৰ্বানুমান কৰিছে। এইটো হবলৈ হলে ভাৰতবৰ্ষই আন্তঃগাঁথনিত বিনিয়োগ বৃদ্ধি কৰিব লাগিব। যিকোনো দেশতেই আয় বৃদ্ধিৰ লগে লগে বিভিন্ন আন্তঃগাঁথনিমূলক প্ৰয়োজনীয়তাৰ গঠনত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন ঘটে। নিম্ন আয়ৰ দেশসমূহৰ বাবে সলসিঞ্চন, পৰিবহণ আৰু শক্তি আদি মৌলিক আন্তঃগাঁথনিমূলক সেৱাসমূহ অধিক গুৰুত্বপূৰ্ণ। যেতিয়া কোনো দেশৰ অৰ্থনীতিয়ে পৰিপক্কতা লাভ কৰে আৰু দেশৰ মৌলিক ভোগ চাহিদাৰ সৰহখিনি পূৰণ হয়, তেতিয়া অৰ্থনৈতিক ব্য়ৱস্থাত কৃষিৰ অংশ হ্ৰাস পায় আৰু সেৱা সম্পৰ্কিত আন্তঃগাঁথনিৰ অধিক প্ৰয়োজন হয়। সেইবাবেই উচ্চ আয়ৰ দেশবোৰত শক্তি আৰু টেলিসংযোগৰ আন্তঃগাঁথনিসমূহ অংশ অধিক। এনেদৰে আন্তঃগাঁথনিৰ উন্নতি আৰু অৰ্থনৈতিক উন্নয়নে হাতত ধৰি আগবাঢ়ে। কৃষিকাৰ্য যথেষ্ট পৰিমাণে জলসিঞ্চন ব্য়ৱস্থাৰ যথোযুক্ত সম্প্ৰসাৰণ আৰু বিকাশৰ ওপৰত নিৰ্ভৰ কৰে। ঔদ্য়োগিক প্ৰগতি নিৰ্ভৰ কৰে শক্তি আৰু বিদ্য়ুৎ উৎপাদন, পৰিবহণ আৰু যোগাযোগ ব্য়ৱস্থাৰ উন্নয়ন আদিৰ ওপৰত। আন্তঃগাঁথনিৰ উন্নয়নৰ ক্ষেত্ৰত যথোচিত মনোযোগ নিদিলে অৰ্থনৈতিক উন্নয়নৰ পথত এক প্ৰৱল বাধাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা ধুৰূপ। এই অধ্য়ায়ত শক্তি আৰু স্বাস্থ্য় লগত জড়িত মাত্ৰ দুই ধৰণৰ আন্তঃগাঁথনিৰ ওপৰত আলোকপাত কৰা হব।

Type janmoni Hazarika