6.6 বহনক্ষম উন্নয়ন আৰু জৈৱিক কৃষি পদ্ধতি (Sustainable Development and Organic Farming) :

    সম্প্ৰতি কিছু বছৰ ধৰি আমাৰ স্বাস্থ্য়ৰ ওপৰত ৰাসায়নিক দ্ৰব্য় ভিত্তিক সাৰ আৰু কীটনাশক দ্ৰব্য়ৰ ক্ষতিকাৰক প্ৰভাৱৰ বিষয়ে সজাগতা বৃদ্ধি পাই আহিছে। পৰম্পৰাগত কৃষিকাৰ্য ৰাসায়নিক সাৰ আৰু বিষাক্ত কীটনাশক দ্ৰব্য়ৰ ওপৰত অত্য়ন্ত নিৰ্ভৰশীল। ই খাদ্য় দ্ৰব্য়ত প্ৰৱেশ কৰে, পানীৰ উৎসসমূহৰ গভীৰতালৈ সোমায়, পশুধনৰ ক্ষতি সাধন কৰে, ভূমি অৱক্ষয় কৰে আৰু প্ৰাকৃতিক পৰিৱেশতন্ত্ৰ ধ্বংস কৰে। বহনক্ষম উন্নয়নৰ নিমিত্তে পৰিৱেশ অনুকূল প্ৰযুক্তি কৌশল বিকশিত কৰাৰ প্ৰচেষ্টাৰ প্ৰয়োজন আৰু এনে এক পৰিৱেশ অনুকূল প্ৰযুক্তি হৈছে জৈৱিক কৃষি পদ্ধতি। চমুকৈ, পৰিৱেশতন্ত্ৰৰ সন্তুলনক পুনৰ প্ৰতিষ্ঠা কৰা, অব্য়াহত ৰখা আৰু ইয়াৰ উত্তৰণ ঘটোৱাৰ সমগ্ৰ কৃষি কৰ্মক জৈৱিক কৃষি ব্য়ৱস্থা বোলা হয়। সামগ্ৰী বিশ্বতে খাদ্য় সুৰক্ষা বৃদ্ধি কৰিবলৈ জৈৱিকভাৱে উৎপাদিত খাদ্য়ৰ চাহিদা বৃদ্ধি পাইছে। (কক্ষ নং 6.4 দ্ৰষ্টব্য়)

জৈৱিক কৃষি পদ্ধতিৰ সুফলসমূহ (Benefits of Organic Farming) :

    জৈৱিক কৃষিয়ে স্থানীয়ভাৱে উৎপাদিত জৈৱ উপাদানেৰে ব্য়য়বহুল কৃষি সম্পৰ্কীয় উপাদানসমূহ (যেনে--উচ্চ উৎপাদনক্ষম বীজ, ৰাসায়নিক সাৰ, কীটনাশক দ্ৰব্য়) ৰ প্ৰতিকল্প উপায় আগবঢ়ায়। এই জৈৱ উপাদানসমূহ সুলভ হোৱা হেতুকে এইবোৰে বিনিয়োগৰ ভাল প্ৰতিদান সৃষ্টি কৰে। জৈৱিক কৃষিয়ে আন্তঃৰাষ্ট্ৰীয় ৰপ্তানিৰ জৰিয়তেও আয় উপাৰ্জন কৰায়। কিয়নো জৈৱিকভাৱে উৎপাদিত শস্য়ৰ চাহিদা বৃদ্ধি পাই আছে। বিভিন্ন দেশজুৰি কৰা অধ্য়য়নত দেখা গৈছে যে জৈৱিকভাৱে উৎপাদিত খাদ্য়ৰ পুষ্টিগত মূল্য় ৰাসায়নিক কৃষি পদ্ধতিৰে উৎপাদিত খাদ্য়ৰ তুলনাত যথেষ্ট বেছি আৰু সেয়েহে ইয়াৰ পৰা আমি স্বাস্থ্য় সন্মত খাদ্য় পাওঁ। যিহেতু পৰম্পৰাগত কৃষি কাৰ্যতকৈ জৈৱিক কৃষি কাৰ্যত অধিক শ্ৰমৰ প্ৰয়োজন, ভাৰতবৰ্ষৰ বাবে জৈৱিক কৃষি এক আকৰ্ষণীয় পৰামৰ্শ। আকৌ, উৎপাদিত সামগ্ৰী কীটনাশক দ্ৰব্য়মুক্ত আৰু পাৰিবেশিকভাৱে বহনক্ষম উপায়েৰে উৎপাদিত। (কক্ষ নং 6.5 দ্ৰষ্টব্য়) 

    জৈৱিক কৃষিক জনপ্ৰিয় কৰি তুলিবলৈ নতুন প্ৰযুক্তি কৌশল গ্ৰহণ কৰাৰ বাবে কৃষকসকলৰ সজাগতা আৰু আগ্ৰহৰ প্ৰয়োজন। জৈৱিক কৃষিৰ বৃদ্ধিৰ ক্ষেত্ৰত অ-যথোপযুক্ত আন্তঃগাঁথনি আৰু উৎপাদিত সামগ্ৰীৰ বিপণনৰ সমস্য়া প্ৰধান উদ্বেগৰ বিষয় আৰু যথোপযুক্ত কৃষিনীতি গ্ৰহণৰ উপৰিও এইবোৰৰ সমাধান কৰা আৱশ্য়ক। জৈৱিক কৃষিৰ আৰম্ভণিৰ বছৰসমূহত লাভ কৰা উৎপন্ন আধুনিক কৃষি কাৰ্যৰ তুলনাত কম হোৱা দেখা গৈছে। সেইবাবে ক্ষুদ্ৰ আৰু উপান্ত কৃষকসকলে বৃহৎ মাত্ৰাৰ উৎপাদনৰ লগত খাপ খুওৱাত অসুবিধা পাব পাৰে। জৈৱিক উৎপন্ন সমূহত অধিক খুঁত থাকিব পাৰে। আৰু জনপ্ৰিয় সংৰক্ষক ছটিয়াই ৰখা উৎপন্নতকৈ এইবোৰক মজুত ৰাখিব পৰা সময়ৰ দৈৰ্ঘ্য়ও চুটি। তদুপৰি জৈৱিক কৃষি পদ্ধতিত আবতৰীয়া শস্য় উৎপাদনৰ সুযোগ তেনেই সীমিত। তৎসত্ত্বেও জৈৱিক কৃষি পদ্ধতিয়ে কৃষিৰ বহনক্ষম উন্নয়নত সহায় কৰে আৰু দেশীয় তথা আন্তঃৰাষ্ট্ৰীয় বজাৰৰ উভয়ৰ বাবে জৈৱিক ফচল উৎপাদনৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ বাবে নিঃসন্দেহে সুবিধা আছে।

    এইটো স্পষ্ট হৈ পৰিছে যে যেতিয়ালৈকে আৰু যদিহে কোনো লক্ষ্য়ণীয় পৰিৱৰ্তন নঘটে তেতিয়ালৈকে গ্ৰাম্য় খণ্ড পিছ পৰি থকাটোৰে সম্ভাৱনা আছে। আজি দুগ্ধ উৎপাদন, কুকুৰা পালন, মৎস পালন, শাক-পাচলি আৰু ফলমূল আদিৰ বিভিন্নতাৰ জৰিয়তে আৰু গ্ৰাম্য় উৎপাদন কেন্দ্ৰসমূহক চহৰআৰু বিদেশী বজাৰ (ৰপ্তানি) ৰ লগত সংযোগ ঘটাই গ্ৰামাঞ্চলসমূহলৈ অধিক উদ্দীপনা অনাৰ অধিকতৰ প্ৰয়োজন হৈছে যাতে উৎপাদনৰ বাবে কৰা বিনিয়োগৰ অধিক প্ৰতিদান লাব কৰিব পৰা যায়। তদুপৰি এই খণ্ডৰ সম্পূৰ্ণ সম্ভাৱনা উচল কৰিবলৈ ঋণ, বিপণন আদি আন্তঃগাঁথনিমূলক উপাদানসমূহ; কৃষক অনুকূল কৃষি নীতি, অবিৰত পৰ্যালোচনা তথা কৃষক গোটসমূহ আৰু ৰাজ্য়িক কৃষি বিভাগসমূহৰ মাজৰ আলোচনা অতি প্ৰয়োজনীয়।

    আজি আমি পৰিবেশ আৰু গ্ৰাম্য় উন্নয়নক দুটা পৃথক বিষয় হিচাপে গণ্য় কৰিব নোৱাৰে। বিভিন্ন পৰিস্থিতিতি বহনক্ষম উন্নয়ন সাধিব পৰা পৰিবেশ অনুকূল প্ৰযুক্তি কৌশলৰ বিকল্প সংহতি উদ্ভাৱন বা আয়ত্ত কৰাৰ প্ৰয়োজন হৈছে। এইবোৰৰ পৰা প্ৰতিটো গ্ৰাম্য় সম্প্ৰদায়ে উদ্দেশ্য়ৰ লগত খাপ খোৱা বিধ বাছি লব পাৰিব। তেনেহলে আমি পোন প্ৰথমে বিভিন্ন প্ৰথাসমূহ শিকিব লাগে আৰু 'কামৰ জৰিয়তে শিক্ষণ' প্ৰক্ৰিয়াক ত্বৰান্বিত কৰিবলৈ প্ৰাপ্ত 'সৰ্বোৎকৃষ্ট প্ৰথা'ৰ উদাহৰসমূহৰ পৰা প্ৰাসংগিক প্ৰথাসমূহ প্ৰয়োগৰ চেষ্টা কৰিব লাগে। ('সৰ্বোৎকৃষ্ট প্ৰথা'ৰ উদাহৰণ মানে হল ভাৰতবৰ্ষৰ বিভিন্ন অংশত সদৃশ অৱস্থাত ইতিমধ্য়ে চলোৱা গ্ৰাম্য় উন্নয়নৰ সম্পৰীক্ষা (Experiments) সমূহৰ সফলতাৰ কাহিনী)

Janmoni Hazarika 


Post ID : DABP003693