6.2 গ্ৰাম্য় উন্নয়ন কি (What is Rural Development) :

    গ্ৰাম্য় উন্নয়নৰ ধাৰণাটো ব্য়াপক অৰ্থত ব্য়ৱহৃত হয়। অনিবাৰ্যভাৱে ই গ্ৰামীণ অৰ্থ-ব্য়ৱস্থাৰ সামগ্ৰিক উন্নয়নৰ লগত জড়িত ক্ষেত্ৰতসমূহৰ ভিতৰত যিবোৰ পিছ পৰি আছে সেইবোৰৰ উন্নয়নৰ বাবে প্ৰয়োজনীয় কাৰ্যসমূহত দৃষ্টি নিক্ষেপ পৰে। গ্ৰামীণ ভাৰতবৰ্ষৰ উন্নয়নৰ বাবে নতুন উদ্য়োগৰ আৱশ্য়কতা থকা কিছুমান প্ৰত্য়াহ্বানযুক্ত ক্ষেত্ৰ হৈছে--

* মানৱ সম্পদসমূহৰ উন্নয়ন ---যত সামৰি লোৱা হৈছে

---- সাক্ষৰতা, বিশেষত ঃ মহিলাৰ সাৰক্ষতা, শিক্ষা াৰু অৰ্হতাৰ বিকাশ;

---- অনাময় ব্য়ৱস্থা আৰু জনস্বাস্থ্য় উভয়কে সামৰি লোৱা স্বাস্থ্য় সেৱা;

* ভূমি সংস্কাৰ;

* প্ৰত্য়েক অঞ্চলৰে উৎপাদনক্ষম সম্পদসমূহৰ উন্নয়ন;

* বিদ্য়ুৎ, জনসিঞ্চন, ঋণ, বিপগণ, গ্ৰাম্য় পথ আৰু ৰাষ্ট্ৰীয় ঘাই পথ সংযোগী পথৰ নিৰ্মাণকে ধৰি পৰিবহণ ব্য়ৱস্থা, কৃষি গৱেষণা আৰু সম্প্ৰসাৰণৰ সুবিধাসমূহ আৰু তথ্য়ৰ বহুল প্ৰচাৰকৰণ ইত্য়াদি আন্তঃগাথঁনিৰ উন্নয়ন; 

*দৰিদ্ৰতা দূৰীকৰণ আৰু উৎপানমুখী নিয়োগৰ সুযোগত গুৰুত্ব প্ৰদানৰ জৰিয়তে জনসাধাৰণৰ দুৰ্বল অংশৰ জীৱন ধাৰণৰ অৱস্থাৰ উল্লেখযোগ্য় পৰিৱৰ্তন সাধন কৰিবলৈ প্ৰয়োজনীয় বিশেষ ব্য়ৱস্থাৱলী।

    এই সকলোবোৰৰ অৰ্থ এয়ে যে কৃষিজীৱি সম্প্ৰদায়ক বিভিন্ন খাদ্য়-শস্য়, শাক-পাচলি আৰু ফলমূলৰ উৎপাদনশীলতা বৃদ্ধিৰ সহায়ক হোৱাকৈ বিভিন্ন উপায় আগবঢ়াব লাগিব। তেওঁলোকক খাদ্য় প্ৰক্ৰিয়াকৰণ আদিৰ দৰে বিভিন্ন অনা-কৃষি উৎপাদনমুখী কাৰ্ষৰ যোগেদি লাভৰ বাবে বিভিন্ন সুযোগ দিয়াৰো প্ৰয়োজনীয়তা আছে। দ্ৰুত গ্ৰাম্য় উন্নয়ন সাধিবলৈ হলে তেওঁলোকৰ বাবে সু আৰু সামৰ্থ্য়লভা স্বাস্থ্য় সেৱা, কৰ্মক্ষেত্ৰ আৰু বাসস্থানত অনাময় আৰু সকলোৰে বাবে শিক্ষাৰ ব্য়ৱস্থা কৰাটোত অগ্ৰাধিকাৰ দিয়াৰ প্ৰয়োজন আছে।

    পূৰ্বৰ এটা অধ্য়ায়ত লক্ষ্য় কৰা হৈছে যে যদিও সৰ্বমুঠ ঘৰুৱা উৎপাদনত কৃষি খণ্ডৰ বৰঙণি নিম্নগামী হৈছে, এই খণ্ডত নিৰ্ভৰশীল জনসাধাৰণৰ কোনো উল্লেখযোগ্য় পৰিৱৰ্তন হোৱা নাি। তদুপৰি অৰ্থনৈতিক সংস্কাৰ প্ৰণয়নৰ পিছত 1990 ৰ দশকত কৃষি খণ্ডৰ বৃদ্ধিৰ হাৰ বাৰ্ষিক 2.3 শতাংশলৈ হ্ৰাস পায়। এই হাৰ পূৰ্বৰ বছৰসমূহৰ বৃদ্ধিৰ হাৰতকৈ কম। অৰ্থনীতিবিদসকলে 1991 চনৰ পৰা হোৱা ৰাজহুৱা বিনিয়োগ সংকোচনকে ইয়াৰ প্ৰধান কাৰণ হিচাপে চিনাক্ত কৰিছে। তেওঁলোকে আকৌ কৈছে যে অকুলন আন্তঃগাঁথনি, উদ্য়ােগ বা সেৱা খণ্ডত বিকল্প নিয়োগৰ সুযোগৰ অভাৱ, নিয়োগৰ ক্ৰমাবৰ্ধমান নৈমিত্তিকীকৰণ ইত্য়াদিয়ে গ্ৰাম্য় উন্নয়ন অধিক বাধাগ্ৰস্ত কৰিছে। ভাৰতবৰ্ষৰ বিভিন্ন অংশত কৃষকসকলৰ মাজত দেখা পোৱা ক্ৰমবৰ্ধমান দুৰ্দশাই েই প্ৰপঞ্চটোৰ প্ৰভাৱ প্ৰতিফলিত কৰিছে এই পটভূমিত ঋণ আৰু বিপণন ব্য়ৱস্থা, কৃষ্টি সম্পৰ্কীয় বৈচিত্ৰ্য়কৰণ আৰু বহনক্ষম উন্নয়নৰ  উত্তৰণত জৈৱিক কৃষি কাৰ্যৰ ভূমিকা আদি গ্ৰাম্য় ভাৰতৰ কেইটামান নিৰ্ণায়কৰ কিছু দিশত আমি সমালোচনাত্মকভাৱে দৃষ্টিপাত কৰিম।

Janmoni Hazarika