অধ্যায়-৬      

ভাৰতৰ জলসম্পদ

        তোমালোকে কেতিয়াবা ভাবি চাইছানে যে আজি যিবোৰ ভৌগোনিক অৱয়ব যেনেদৰে ভৱিষ্যতেও তেনেকৈ থাকিব নাইবা ভৱিষ্যতে কিছুমান পৰিৱৰ্তন হব পাৰে। এয়া ন দি কব পাৰি যে সমাজত জনসাংখ্যিক পৰিবৰ্তন হব ,জনসংখ্যাৰ ভৌগোলিক স্থানান্তৰ হব, কাৰিকৰী বিষয়ক অগ্ৰগতি হব পৰিৱেশৰ অৱনতি বা বিঘতন হব আৰু পৃথিৱীত ব্যৱহাৰযোগ্য পানীৰ অভাৱে দেখা দিব। এই সকলোবোৰ সমস্যাৰ ভিতৰত ব্যৱহাৰযোগ্য জলৰ অভাব আটাইতকৈ ডাঙৰ সমস্যাৰূপে দেখা দিব। কিয়নো পানীৰ চাহিদা প্ৰতিদিনেই ত্ৰুমে বৃদ্ধি হৈছে। জলভাগৰ অত্যধিক ব্যৱহাৰৰ বাবে গুণগত আৰু পৰিমাণগত অৱনতিৰ উপৰিও ই প্ৰদূষিত হৈও জীৱ মণ্ডললৈ ভবুকিৰ সৃষ্টি কৰিছে। পৃথিৱীৰ প্ৰায় ৭১ শতাংশ ঠাই জলভাগেৰে আবৰা যদিও মাথোন ৩ শতাংশ জলভাগহে নিৰ্মল অৰ্থাৎ ব্যৱহাৰযোগ্য। নিৰ্মল পানীৰূপে অভিহিত এই অলবণীয় পানীৰ যোগান অঞ্চল আৰু সময়ভেদে সমপৰিমাণৰ নহয়। সেয়েহে এি জল সম্পদক লৈ ঠায়ে ঠায়ে স্থানীয়, আঞ্চলিক, ৰাষ্ট্ৰীয়, আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বহুধৰণৰ বাবিদৰ সূত্ৰপাত হোৱা দেখা যায়। এনেবোৰ কাৰণতে এখন ৰাষ্ট্ৰৰ পক্ষে মুঠ জলসম্পদৰ খতিয়ান, উপযুক্ত ব্যৱহাৰ আৰু ইয়াৰ ফলোদ্ভৱ উন্নয়নৰ বিষয়টো অতি গুৰুত্বপূৰ্ণৰূপে বিবেচনা কৰা হয়। এই অধ্যাটোত আমি ভাৰতৰ বিভিন্ন প্ৰাকৃতিক উৎসত নিহিত জলসম্পদৰ আঞ্চলিক বিতৰণ, বিভিন্ন অৰ্থনৈতিক খণ্ডত ইয়াৰ ব্যৱহাৰ আৰু এই অমূল্য সম্পদৰ উপযুক্ত সংৰক্ষণ সম্পৰ্কে প্ৰাৰম্ভিক পৰ্যায়ত আলোকপাত কৰিম।

 ভাৰতৰ জলসম্পদঃ

    সমগ্ৰ পৃথিৱীৰ প্ৰায় ২.৪৫ শতাংশ ঠাই আগুৰি থকা ভাৰতবৰ্ষত ভূভাগৰ প্ৰায় ৪ শতাংশ জলসম্পদ আৰু বিশ্বৰ প্ৰায় ১৬ শতাংশ মানুহ আছে। ক্ষেত্ৰফল অনুপাতে ভাৰতৰ জলসম্পদৰ পৰিমাণ গোলকীয় গড় হিচাপতকৈ ১.৬ গুণ অধিক যদিও জনমুৰি উপলদ্ধ জলসম্পদৰ পৰিমাণ গোলকীয় পৰিসংখ্যাৰ চাৰিভাগৰ এভাগহে। সমগ্ৰ ভাৰতবৰ্ষত বছৰি হোৱা মুঠ বৃষ্টিপাত প্ৰায় ৪,০০০ ঘন কিলোমিটাৰ। দেশখনৰ ভূপৃষ্ঠৰ জলাশয় আৰু ভূগৰ্ভ উৎসৰ পৰা সংগ্ৰহযোগ্য এইখিনি জলসম্পদৰ মাত্ৰ ৬০ শতাংশ, অৰ্থাৎ ১,১২০ ঘন কিলোমিটাৰ পৰিমাণৰ পানীহে বছৰি আহৰণ কৰিব পাৰি।

    ভাৰতৰ পৃষ্ঠ জলসম্পদ

     ভাৰতৰ পৃষ্ঠজলসম্পদ চাৰিটা উৎসৰ আহৰণ কৰা হয়। সেইকেইটা হল সৰু - বৰ নদ - নদী, হ্ৰদ, বিল আৰু পুখুৰী। বৃহ আৰু মজলীয় আকাৰৰ ১.৬ কিলোমিটাৰতকৈ অধিক দৈৰ্ঘ্যৰ ভাৰতত মুঠ ১০,৩৬০ খন নদ - নদী আছে। সৰু বৰ উপ - নদীৰ ধাৰাৰে পুষ্ট এই নদীসমূহেৰে গড়ে বছৰি ১,৯৬৯ ঘন কিলোমিটাৰ জল প্ৰবাহিত হয়। হ্ৰদ, বিল, পুখুৰী প্ৰভৃতি বিভিন্ন স্থানত বিভিন্ন পৰিৱেশত সিঁচৰতি হৈ থকা সৰু - বৰ স্থবিৰ জলাশয়সমূহত সঞ্চিত হৈ থকা ব্যৱহাৰযোগ্য পানীৰ পৰিমাণ কম যদিও এেবোৰ জলাশয় দেশৰ অধিকাংশ লোকৰ ঘৰুৱা ব্যৱহাৰ্য পানীৰ উৎস হোৱাৰ লগতে বহুতো ক্ষুদ্ৰ আৰু মজলীয়া কলেবৰৰ উদ্যোগ আৰু বামিজ্যিক কাম - কাজত ব্যৱহাৰ কৰা হয়। মণিপুৰৰ লেগটক, কাশ্মীৰৰ ঊলাৰ, ডাল প্ৰভৃতি নিৰ্মল পানীৰ হ্ৰদসমূহ জলসিঞ্চন, পৰ্যটন আদি বাণিজ্যিক জলসম্পদৰো উৎস হিচাপে বিবেচিত হৈছে। নদ - নদীৰ জলাধাৰা আৰু স্থবিৰ জলাশয়সমূহ মৎস্য উৎপাদনৰো উৎস।

    ব্ৰক্ষপুত্ৰ, গংগা আৰু সিন্ধুৰ অববাহিকা বিশাল আৰু এই অঞ্চলত হোৱা বৃষ্টিপাত আৰু তুষাৰগলা পানীৰে পুষ্ট তিনিখন নদীত ভাৰতৰ পৃষ্ঠ জলসম্পদৰ প্ৰায় ৬০ শতাংশ পোৱা যায়। কিন্ত প্ৰচাৰ সম্ভাৱনাপূৰ্ণ এই জলসম্পদৰ আজিকোপতি পূৰ্ণ ব্যৱহাৰ হোৱা নাই। আনহাতে দাক্ষিণাত্যৰ মহানদী, গোদাবৰী, কৃষ্ণা, কাবেৰী, নৰ্মদা, তাপী আদি নৈবোৰৰ পানী বিভিন্ন প্ৰকাৰে সংৰক্ষণ কৰি কৃষিৰ উপৰিও জলবিদ্যুৎ উৎপাদন আদি বহুমুখী কাৰ্যত ব্যৱহাৰ কৰা হৈছে। 

ভূ - গৰ্ভীয় জলসম্পদঃ

    ভাৰতৰ পুনৰ্ভৰণক্ষম ভূগৰ্ভীয় জলসম্পদৰ মুঠ পৰিমাণ ৪৩২ ঘন কিলোমিটাৰ। অৰ্থাৎ দেশৰ বিভিন্ন অঞ্চলত ভূগৰ্ভত সঞ্চিত হৈ থকা পানী বিভিন্ন প্ৰত্ৰুিয়াৰে আহৰণ কৰি বিভিন্ন কাৰ্যত ব্যৱহাৰ কৰিলে প্ৰাকৃতিকবাবেই সিমান পৰিমাণৰ পানী পুনৰ সঞ্চিত হব পাৰে।

    গংগা আৰু ব্ৰক্ষপুত্ৰ উপত্যকাতেই ভাৰতৰ ৪৬ শতাংশ পুনৰ্ভৰণক্ষম পৰ্যায়ৰ জলসম্পদ আছে। দেশৰ সকলো অৱস্থানতেই পুনৰ্ভৰণক্ষম জলভাণ্ডাৰৰ স্থিতি একে নহয়। উত্তৰ - পশ্চিম ভাৰতৰ নদী উপত্যকা আৰু দক্ষিণৰ নদ - নদীসমূহৰ অববাহিকা অঞ্চলত ভূগৰ্ভীয় পানীৰ ব্যৱহাৰ অধিক।

    পঞ্জাব, হাৰিয়ানা, ৰাজস্থান আৰু তামিলনাডুত ভূগৰ্ভীয় জলসম্পদৰ ব্যৱহাৰ অধিক। ছত্তিশগড়, উৰিষ্যা আৰু কেৰালাত ইয়াৰ সামান্য অংশহে উত্তোলন কৰে। গুজৰাট, উত্তৰপ্ৰদেশ, বিহাৰ, ত্ৰিপুৰা আৰু মহাৰাষ্ট্ৰত এই উৎসৰ জলসম্পদৰ উত্তোলন মধমীয়া জোখৰ। এনেকুৱা গতিত পানীৰ চাহিদা চলি থাকিলে পানীৰ যোগান যিহেতু সীমিত, সেয়েহে উন্নয়নৰ বাধা অৱশ্যম্ভাৱী আৰু বহুক্ষেত্ৰত সামাজিক অস্থিৰতাৰ সৃষ্টি কৰিব পাৰে।

    ভাৰতৰ মূল ভূভাগৰ প্ৰায় ৬,১০০ বৰ্গ কিলোমিটাৰ দৈৰ্ঘ্যৰ উপকূল ৰেখাক অৱলম্বন কৰি বহুতো লেগুণ আৰু পশ্চাদজল গঢ় লোৱা দেখা যায়। কেৰালা, উৰিষ্যা আৰু পশ্চিমবংগত এই লেগুণ আৰু পশ্চাদ জলাশয়ত যথেষ্ট পৰিমাণৰ পৃষ্ঠীয় জলসম্পদ আছে। চিলকা কোলাৰ আৰু পুলিকট এই তিনিওটা লেগুণ আৰু অন্যান্য পশ্চাদজলাশয়বোৰৰ পানী ঈষৎ লুণীয়া হোৱা সত্ত্বেও এইবোৰক মৎস্যক্ষেত্ৰৰূপে ব্যৱহাৰ কৰা হয়। তদুপৰি নাৰিকল আৰু কিছুমান নৱণাগ্ৰহী প্ৰজাতিৰ ধানৰ পথাৰত এই পানী ব্যৱহাৰযোগ্য।

    পানীৰ চাহিদা আৰু ব্যৱহাৰ

    পৰম্পৰাগতভাৱে ভাৰত এখন কৃষিপ্ৰধান দেশ আৰু এই দেশৰ মুঠ জনসংখ্যাৰ প্ৰায় দুই তৃতীয়াংশ লোকেই কৃষিৰ ওপৰত নিৰ্ভৰশীল। সেয়েহে ভাৰতৰ প্ৰতিটো পঞ্চবাৰ্ষিক পৰিকল্পনাকালতে জলসিঞ্চন আঁচনিৰ সম্প্ৰসাৰণ কাৰ্যসূচীক অগ্ৰাধিকাৰ দি অহা হৈছে। ভাকৰানাংগল, হীৰাকুঁড, দামোদৰ, উপত্যকা, নাগাৰ্জন সাগৰ, ইন্দিৰা গান্ধি খাল প্ৰভৃতি ভালেসংখ্যাক বহুমুখী অথবা জলসিঞ্চন প্ৰকল্প দেশৰ ঠায়ে ঠায়ে গঢ়ি উঠা দেখা যায়। প্ৰকৃতাৰ্থত, ভাৰতৰ বৰ্তমান পানীৰ চাহিদা জলসিঞ্চনৰ প্ৰয়োজনতেই সৰ্বাধিক। ভাৰতত সংগ্ৰহ কৰি অহা মুঠ পৃষ্ঠ জলসম্পদৰ ৮৯ শতাংশ আৰু ভূগৰ্ভীয় জলৰ ৯২ শতাংশ কেৱল জলসিঞ্চন কাৰ্যত ব্যৱহাৰ কৰা হয়। আনহাতে দেশত উদ্যোগ খণ্ডত পৃষ্ঠ জলৰ ২ শতাংশ ভূগৰ্ভীয় জলৰ ৫ শতাংশহে ব্যৱহাৰ হয়। এতিয়ালৈকে ভাৰতৰ মুঠ জলসম্পদৰ বৃহৎঅংশটো কৃষিখণ্ডত বিনিয়োগ কৰি অহা হৈছে। যদিও অদূৰ ভৱিষ্যতে দেশৰ ঔদ্যোগিক উন্নয়ন লগে লগেই উদ্যোগ আৰু ঘৰুৱা খণ্ডৰ কাম - কাজতো পানীৰ বিনিয়োগ বৃদ্ধি পোৱাটো নিশ্চিত।

    জলসিঞ্চনৰ বাবে পানীৰ চাহিদা

    ভাৰতবৰ্ষত বৃষ্টিপাতৰ বিতৰণ সমান নহয়। মৌচুমী জলবায়ুৰ ওপৰত ভাৰতৰ কৃষি অধিক নিৰ্ভৰশীল। কিন্ত মৌচুমী প্ৰবাহৰ কোনো নিশ্চয়তা নাই। কিছুমান ঠাই খৰাংপ্ৰৱণ আৰু আনহাতে আন কিছুমান ঠাই অল্প বৃষ্টিপুষ্ট। এনেকুৱা অৱস্থাই কেইবাখনো ৰাজ্যক সামৰি প্ৰায় এক নিযুত বৰ্গ কিলোমিটাৰমান হবগৈ। উত্তৰ - পষ্চিম ভাৰত আৰু দাক্ষিণাত্য মালভূমি স্পল্পবৃষ্টিৰ অঞ্চল। কৃষি নিৰ্ভৰশীল ভাৰতত বৰ্ধিত জনসংখ্যাক ভৰণ - পোষণৰ বাবে অধিক খাদ্য - শস্যৰ প্ৰয়োজন। কৃষি ভূমিৰ পৰিমাণ সীমিত। সেয়েহে অধিক শস্য উৎপাদন কৰিবলৈ হলে জলসিঞ্চন ব্যৱস্থাৰ বাদে আন একো উপায় নাই। গংগা, ব্ৰক্ষপুত্ৰ উপত্যকাত বৃষ্টিপাত অধিক হলেও বৃষ্টি দিৱসৰ সংখ্যা কম হোৱা হেতুকে খেতিপথাৰত পানীৰ চাহিদা অধিক। বিশেষকৈ শালিধান আৰু বড়ো ধানৰ খেতিপথাৰত বৃষ্টিহীন কালছোৱাত কৃষিকাৰ্য অব্যাহত ৰখাৰ স্বাৰ্থত জলসিঞ্চন অপৰিহাৰ্য। পঞ্চাব, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ পশ্চিমাঞ্চলত সেউজ বিপ্লৱৰ সফলতাৰ অন্তৰালতো জলসিঞ্চন ব্যৱস্থাৰ সম্প্ৰসাৰণ কাৰ্যই মূল কাৰক হিচাপে। চিহিত হৈছে। জলসিঞ্চন ব্যৱস্থাৰ ফলত একেডৰা কৃষিভূমিত কৃষিবৰ্ষৰ একেটা পৰিসৰত কেইবাটাও খেতি শস্যাৱৰ্তন আৰু আন্তঃশস্য প্ৰণালীৰে কৰিব পাৰি।

    পঞ্জাব, হাৰিয়ানা আৰু উত্তৰপ্ৰদেশৰ পশ্চিম অঞ্চলৰ কৃষিভূমিসমূহত সৰ্বমুঠ ৮৫ শতাংশ কৃষিভূমিত জলসিঞ্চনৰ সুবিধা আছে। এই অঞ্চলটোৰ প্ৰধান প্ৰধান শস্য হল ধান আৰু ঘেঁহু। পঞ্জাব আৰু হাৰিয়ানাৰ মুঠ জলসিঞ্চন এলেকাৰ আকৌ যথাত্ৰুমে ৭৬.১ শতাংশ আৰু ৫১.৩ শতাংশ কৃষিক্ষেত্ৰত কুঁৱা আৰু গভীৰ নলীনাদৰ উৎসৰ পৰা পানী আহৰণ কৰি খেতিপথাৰত যোগান ধৰা হয়। ভূগৰ্ভীয় উৎসৰ পৰা অধিক পৰিমাণৰ পানী উত্তোলন কৰাৰ ফলত ভূগৰ্ভৰ জলপৃষ্ঠৰ অধোগতি ইতিমধ্যেই আৰম্ভ হৈছে। এনে ব্যৱস্থাৰ ফলত ভূগৰ্ভীয় জলভাণ্ডাৰত ফ্লৰাইড আৰু আৰ্চেনিকৰ পৰিমাণ ক্ষতিকৰ মাত্ৰালৈ বৃদ্ধি পাইছে।

Type - Boby Bora 





Post ID : DABP004570