এই অতীতৰ চিন মোকামসমূহৰ অধ্যয়নেই হ’ল পুৰাতাত্ত্বিক অধ্যয়ন। মধ্যযুগৰ অসমৰ ইতিহা পুনৰনিৰ্মাণৰ বাবে তথ্যৰ যোগান ধৰা পুৰাতাত্ত্বিক সমলসমূহ হ’ল অসমৰ বিভি স্থানত সিঁচৰতি হৈ থকা মধ্যযুগৰ স্থাপত্য-ভাস্কৰ্যসমূহৰ লগতে এইসমূহ ধ্বংসাৱশেষ, বিভিন্ন মৈদাম, গড়-প্ৰাঞ্চীসমূহ, আলি-পদূলি, পুখুৰী, বিভিন্ন আহিল পাতি, আচবাব ইত্যাদি। এইসমূহৰ ভিতৰত আহোম ৰজাৰ ৰাজধানী গড়গাঁৱ থকা প্রাসাদ আৰু পৰৱৰ্তী সময়ৰ ৰাজধানী ৰংপুৰত (বৰ্তমানৰ শিৱসাগৰ) থকা ৰংঘৰ, তলাতল ঘৰ, মাইবং, খাছপুৰ আদি অঞ্চলত থকা কছাৰী স্থাপত্যসমূহ আৰু আহোম ৰাজত্বকালত বিভিন্ন স্থানত নিৰ্মাণ কৰা মন্দিৰ, দ’ল, দেৱালয়সমূহৰ নাম ল'ব পাৰি। আহোম ৰজা, ৰাজ পৰিয়ালৰ লোক তথা ডা-ডাঙৰীয়াসকলৰ |


    মধ্যযুগত খন্দা কিছুমান পুখুৰীয়ে সেই সময়ৰ আৰ্থ-সামাজিক আৰু ৰাজনৈতিক ইতিহাসৰ সাক্ষ্য বহন কৰিছে। মধ্যযুগৰ কেইটামান উল্লেখযোগ্য পুখুৰী হ’ল— বাদুলী পুখুৰী, ভোগদৈ পুখুৰী, দুৰ্গা সৰোবৰ, গৌৰীসাগৰ পুখুৰী, জয়সাগৰ পুখুৰী, শিৱসাগৰ পুখুৰী, বৰপুখুৰী, লেটেকু পুখুৰী, পদুম পুখুৰী, ৰহদৈ পুখুৰী, ৰাজমাও পুখুৰী, ৰুদ্ৰসাগৰ পুখুৰী, শিলপুখুৰী ইত্যাদি।


    অসমৰ ইতিহাস ৰচনাৰ সমলৰূপে বিবেচনা কৰা অপৰিহাৰ্য্য অংগ আছিল পুখুৰী, গড় আৰু দুৰ্গ আৰু এইবোৰ গুৱাহাটী, তেজপুৰ, ডিমাপুৰ, নগাঁও, শদিয়া ত আদি ঠাইত পোৱা গৈছে।

    তেজপুৰত ‘কুম্ভাণ্ড’ নামৰ পুখুৰী এটা আছে। বাণ ৰজাৰ মন্ত্ৰী কুম্ভাণ্ডই এই পুখুৰীটো কৰিছিল বাবে পুখুৰীটো তেওঁৰ নামেৰে জনা যায়। নৱম শতিকাত কামৰূপৰ ৰজা হৰ্জাৰবৰ্মণে খন্দা শিলৰ পুখুৰীটোক হৰ্জাৰপুখুৰী নামে জনা যায়। হৰ্জাৰ পুখুৰীৰ উত্তৰ পশ্চিমত ‘ডলি পুখুৰী’ খন্দোৱা হৈছিল আৰু হৰ্জাৰ পুখুৰীৰ কিছুদূৰতে আন এটা শিলৰ মন্দিৰ, স্তম্ভ আৰু শিলৰ বহল পাত আছিল। আৰিমৰ ৰজাৰ ৰাজত্বকালৰ বহুতো পুখুৰী আৰু মাটিৰ গড় দেখা যায়। 

    কামাখ্যা দেবীৰ বাবে তেওঁ কামাখ্যা মন্দিৰ নিৰ্মাণ কৰে আৰু এটা পুখুৰী খন্দাইছিল।

    তেজপুৰৰ বিভিন্ন ধ্বংসাবশেষ, অগ্নিগড় পাহাৰ, কুম্ভাণ্ড পুখুৰী, ভালুকপুং দুৰ্গ আদিয়ে বানাসুৰৰ ৰাজত্বৰ সাক্ষ্য বহন কৰিছে।


১৪০০ শতিকাৰ পৰা ১৯০০ শতিকালৈ পুখুৰী
অন্যান্য পুখুৰীসমূহ---

লখিমী পুখুৰীঃ - স্বৰ্গদেউ প্রতাপ সিংহই জয়খামদাং পথাৰ বা খাতৰ কাষতে লখিমী তুলিবৰ কাৰণে এটা ডাঙৰ পুখুৰী খন্দাইছিল। পুখুৰীটো এতিয়াও আছে।

নৰা কোঁৱৰ পুখুৰীঃ- 
বগীদ'ল পুখুৰী
মেচাগড় পুখুৰী
লখিমী পুখুৰী
ৰাজমাও পুখুৰী
সুন্দৰ পুখুৰী
ৰহদৈ পুখুৰী
লেঙীবৰ পুখুৰী
ৰুদ্ৰসাগৰ পুখুৰী
গৌৰীসাগৰপুখুৰী
মগালৌ পুখুৰী
তেলীয়াডোঙা পুখুৰী
শিৱসাগৰ পুখুৰী
শুকান পুখুৰী
থাওৰাপুখুৰী
ডিমৌ পুখুৰী
নিতাই পুখুৰী
নামতিপুখুৰী
পানীবিল পুখুৰী
ধিতাই পুখুৰী
বাউলী পুখুৰী
নেওগ গোঁহাইৰ পুখুৰী
ফুলপানীছিগা পুখুৰী
ৰঙাচিলা পুখুৰী
বেজদলৈ পুখুৰী
গড়গাঁৱৰ পুখুৰী
খনাখোকোৰা পুখুৰী
কপৌ পুখুৰী
হেকেৰাবৰবৰুৱা পুখুৰী
লিগিৰী পুখুৰী
বুঢ়াগোহাইপুখুৰী
সোণাদৈ পুখুৰী
শ ধোৱাপুখুৰী
টেঙাপুখুৰী
ৰহধলা পুখুৰী
সোণাতোলা পুখুৰী
মিঠা পুখুৰী
সেন্দূৰী পুখুৰী
ভোগদৈ পুখুৰী
জহাখাতৰ পুখুৰী
ফুলচেংপুখুৰী
মনখাম পুখুৰী
গাভৰু পুখুৰী
আইদেউ পুখুৰী
খাৰঘৰীয়া ফুকনৰ পুখুৰী
ঘোঁৰাচোৱাপুখুৰী
মনাদৈ পুখুৰী
আচুঁবুলীয়া পুখুৰী
তাওকাকৰ পুখুৰী
অঠাইসাগৰ পুখুৰী
সোণাৰি পুখুৰী
বৰপাত্ৰ পুখুৰী
পেহী পুখুৰী
জয়সাগৰ পুখুৰী
গোঁহাই কুঁৱৰী পুখুৰী
শিল পুখুৰী




Post ID : DABP004798