তূতীয় অধ্যায়

ৰাজবংশ সমূহ

প্ৰশ্নাৱলী


অতি চমু প্রশ্ন (Very Short questions ) :

 

 বৰ্মন বংশৰ প্ৰতিষ্ঠাতা কোন আছিল?

(Who was the founder of Varman dynasty ? ) 

উত্তৰঃ বৰ্মন বংশৰ প্ৰতিষ্ঠাতা হল পুষ্যবৰ্মন .

 এলাহাবাদ প্রশস্তিত উল্লেখ থকা এখন ৰাজ্যৰ নাম লিখা

(Write the name of one state mentioned in Allahabad Prasasti.)

উত্তৰঃএলাহাবাদ প্ৰশস্তিত উল্লেখ থকা এজন ৰাজ্যৰ নাম হল কামৰূপ ।

 বৰ্মন বংশৰ কোনজন ৰজাই প্ৰথমে “মহাৰাজাধিৰাজ উপাধি গ্ৰহণ কৰিছিল?

(Name the Varman King who first adopted the title "Maharajadhiraja)"

 উত্তৰঃ পুষ্যবৰ্মনে প্ৰথমে মহাৰাজাধিৰাজ উপাধি গ্ৰহণ কৰিছিল ।

 ‘মৎসায়ন শব্দৰ দ্বাৰা কি বুজোৱা হৈছে?

(What is meant by the word "Matsayana"?).

উত্তৰঃ ৎসায়ন শব্দৰ দ্বাৰা অৰাজকতা আৰু শোষণ অত্যাচাৰ আদি বুজোৱা হৈছিল ।

 চীনদেশলৈ ৰাষ্ট্ৰদূত প্ৰেৰণ কৰা কপিলী উপত্যকাৰ ৰজাজন কোন?

(Who was the king of Kapili Valley who sent ambassadar to China.)

 উত্তৰঃচীনদেশলৈ ৰাষ্ট্ৰদূত প্ৰেৰণ কৰা কপিলী উপত্যকাৰ ৰজাজন হল য়ু-চাই ।

 

 মহেন্দ্ৰবৰ্মনৰ সমসাময়িক এজন গুপ্তৰজাৰ নাম লিখা (Write the name of the Gupta king contemporary to Mahendra Varman.)

 উত্তৰঃ মহেন্দ্ৰবৰ্মৰ  সমসাময়িক এজন গুপ্তৰজাৰ নাম হল স্কন্দগুপ্ত ।

 অশ্বমেধ যজ্ঞ সম্পাদন কৰা এজন বৰ্মন বংশীয় ৰজাৰ নাম লিখা

(Write the name of our Varmana king who performed Asvamedha Sacrifice.)

 উত্তৰঃ অশ্বমেধ যজ্ঞ সম্পাদন কৰা এজন বৰ্মন বংশীয় ৰজাৰ নাম হল মহেন্দ্ৰ বৰ্মন ।

 ভৃতি বৰ্মনে জাৰি কৰা এখন লিপিৰ নাম লিখা

(Write the name of the inscription of Bhuti Varman.) 

উত্তৰঃ বূতি বৰ্মনে জাৰি কৰা এখন লিপিৰ নাম হল বৰগংগা শৈলশাসন ।

 বৈদিক নিয়মেৰে ৰাজ অভিষেক পৰা প্ৰাচীন অসমৰ প্ৰথমজন ৰজা কোন?

(Who was the first king of ancient Assam who performed coronation ceremony with Vedic rites?)

 উত্তৰঃ বৈদিক নিয়মেৰে ৰাজ 0অভিষেক পতা প্ৰাচীন অসমৰ ৰজাজন হল স্থিতবৰ্মন ।

১০ “কুমাৰ ৰজা বুলি কাক কোৱা হৈছিল? (Who was called "Kumar Raja"?)

 উত্তৰঃ কুমাৰ ৰজা বুলি ভাস্কৰ বৰ্মনক কোৱা হৈছিল ।

১১ ভাস্কৰ বৰ্মনে হৰ্ষবৰ্দ্ধনৰ ৰাজসভালৈ পঠোৱা কটকীজনৰ নাম কি? (What was the name of the ambasadar sent by Bhaskar Varma to the Court of Harsa Vardhana?)

 উত্তৰঃ  ভাস্কৰ বৰ্মনে হৰ্ষবৰ্দ্ধনৰ ৰাজসভালৈ পঠোৱা কটকীজনৰ নাম হল হংসবেগ ।

১২ শালস্তম্ভৰ প্ৰতিষ্ঠাতা কোন?

(Who was the founder Salastambha dynasty?)

 উত্তৰঃ শালস্তম্ভৰ প্ৰতিষ্ঠাতা হল শালস্তম্ভ ।

১৩ পাল বংশৰ প্ৰতিষ্ঠাতা কোন?

(Who was the founder of Pala dynasty ?)

 উত্তৰঃ পালবংশৰ প্ৰতিষ্ঠাতা হল  ব্ৰহ্মপাল ।

চমু প্রশ্ন (Short question) :

 “মহাৰাজাধিৰাজ উপাধি গ্ৰহণ কৰা বৰ্মন বংশৰ দুজন ৰজাৰ নাম লিখা

(Write the name of two kings of Varman dynasty who adopted

the title "Maharajadiraja".)

 উত্তৰঃ  মহাৰাজাধিৰাজ উপাধি গ্ৰহণ কৰা বৰ্মন বংশৰ দুজন ৰজাৰ নাম হল 

ক) সমুন্দ্ৰ বৰ্মন ।

খ) পুষ্য বৰ্মন ।

 বৰ্মনসকলৰ দুখন লিপি উল্লেখ কৰা

(Mention two inscriptions of Varmana kings.)

 উত্তৰঃ বৰ্মনসকলৰ দুখন লিপি হল ডুবি তাম্ৰলিপি আৰু নিধানপুৰ তাম্ৰলিপি ।

 ভাস্কৰ বৰ্মনৰ সমসাময়িক উত্তৰ ভাৰতৰ দুজন ৰজাৰ নাম লিখা ।

(Mention two kings of Northern India who were contemporary to Bhaskar Varman.) 

উত্তৰঃ  ভাস্কৰ বৰ্মন সমসায়িক উত্তৰ ভাৰতৰ দুজন ৰজাৰ নাম হল 

ক) প্ৰভাকৰবৰ্দ্ধন ।

খ) শশাংক ।

 ৰাজ্যমতীৰ দেউতাকৰ নাম কি আৰু তেওঁক কোনে বিয়া কৰাইছিল?

(Who vas Rajyamati's father and who married her?)

 উত্তৰঃ ৰাজ্যমতীৰ দেউতাকৰ নাম হল প্ৰভাকৰবৰ্দ্ধন আৰু তেওঁক কনৌজৰ মৌখাৰী ৰজা গ্ৰহবৰ্মনে বিয়া কৰাইছিল ।

 হৰ্জৰ বৰ্মনৰ দুখন লিপিৰ নাম লিখা (Mention two inscriptions of Hajrer Varman'.)

উত্তৰঃ হৰ্জৰ বৰ্মনৰ দুখন লিপিৰ নাম হল 

ক) তেজপুৰ শৈলশাসন 

খ) কুৰুৱাবাহী তাম্ৰশাসন ।

 অশ্বমেধ যজ্ঞ সম্পাদন কৰা প্ৰাচীন অসমৰ দুজন ৰজাৰ নাম লিখা ?

(Write the name of two kings of ancient Assam who Performed asvamedha Sacrifice?)

 উত্তৰঃ  অশ্বমেধ যজ্ঞ সম্পাদন কৰা প্ৰাচীন অসমৰ দুজন ৰজাৰ নাম হল 

ক) মহেন্দ্ৰ বৰ্মন 

খ) স্থিত বৰ্মন 

চমু টোকা (Short Notes) :

 

(a) বৰ্মন সকলৰ আঁতিগুৰি (Origin of the Varmanas);

 উত্তৰঃ বৰ্মনসকলৰ আতিগুৰি সম্পৰ্কে ঐতিহাসিকসকলে একমত হব পৰা নাই । বৰ্মনবংশীয় ৰজাসকলে নিজকে নৰক-ভগদত্ত বংশীয় বা ভৌম বংশীয় হিচাপে চিনাকি দিছিল । প্ৰাচীন ভাৰতৰ ইতিহাস অধ্যয়ন কৰিলে দেখা যায় যে ঐতিৰীয় ব্ৰাহ্মণৰ সময়ৰ পৰাই ৰজা ইশ্বৰ প্ৰেৰিত দূত ধাৰণাটোৰ প্ৰচলিত হৈছিল । সেই সময়ৰ ৰজাসকলে নিজৰ শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰিবৰ বাবে নিজকে বিভিন্ন দেৱতা যেনে চন্দ্ৰ-সূৰ্য ইত্যাদি আৰু ৰামায়ণ-মহাভাৰতৰ নায়কসকলৰ বংশজাত বুলি প্ৰতিষ্ঠা কৰিব বিছাৰিছিল । প্ৰাচীন অসমৰ ৰজাসকলেও এই ধাৰণা প্ৰচাৰৰ দ্বাৰা নিজৰ ৰাজনৈতিক মৰ্যাদা প্ৰতিষ্ঠা কৰিব বিচাৰিছিল । প্ৰাচীন অসমৰ কিংবদন্তীয় ৰজা নৰক ভগৱান বিষ্ণুৰ বৰাহ অৱতাৰত মাতৃ পৃথিৱীৰ গৰ্ভত জন্মবুলি আখ্যান আছে । পৰৱৰ্তী ৰজাসকলে নিজকে বিষ্ণুপুত্ৰ নৰকৰ বংশজাত বুলি পৰাজয় দিয়া দেখা গৈছিল । খৃঃ সপ্তম শতিকাৰ পৰা প্ৰাগজ্যোতিষৰ ৰজাসকলে এনে পৰিচয় দিয়াৰ তথ্য পোৱা গৈছে । বাস্কৰ বৰ্মনৰ ডুবি আৰু নিধানপুৰ তাম্ৰশাসন আৰু বাণভট্টৰ হৰ্ষচৰিতত এনে তথ্য পোৱা গৈছে । চীনা পৰিব্ৰাজক হিউৱেন চাঙে ভাস্কৰ বৰ্মন ব্ৰাহ্মণ আছিল বুলি উল্লেখ কৰিছে । নৰেন্দ্ৰনাথ বসুৱে তেওঁৰ চছিৱেল হিষ্টৰী অৱ কামৰূপ গ্ৰন্থত বৰ্মনসকল ব্ৰাহ্মণ আছিল বুলি উল্লেখ কৰিছে ।

(b) হৰ্জৰ বৰ্মন (Hajara Varman);

উত্তৰঃ আনুঃ খৃ ৮১৫ ত সাৰথিৰ পুত্ৰ হৰ্জৰ বৰ্মন কামৰীপৰ ৰজা হয় । তেওঁৰ মাকৰ নাম হল জীজাদেৱী । বৈদিক প্ৰথাৰে ৰাজ অভিষেক পতা এইজনেই আছিল প্ৰথম শালস্তম্ভীয় বংশৰ ৰজা । বহু ব্ৰাহ্মণ পুৰোহিত, পাৰিষদবৰ্গ, কৰতলীয়া ৰজা, ব্যৱসায়ী, সদাগৰ আদিৰ উপস্থিতিত এই অভিষেক পাতি হৰ্জৰ বৰ্মনে কামৰূপৰ সিংহাসনত আৰোহণ কৰিছিল । হৰ্জৰ বৰ্মনৰ ৰাজত্বকালৰ তিনিখন লিপি এতিয়ালৈকে উদ্ধাৰ হৈছে । প্ৰথমখন তেজপুৰ নগৰৰ পশ্চিম দিশে ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰত ডাঙৰ শিল এটাত খোদিত কৰা হৈছে আৰু এই লিপিখন তেজপুৰ শৈলশাসন হিচাপে জনা যায় । দ্বিতীয়খন লিপি কাৰ্বি আংলং জিলাৰ হয়ুন্ঠালত আৱিস্কৃত হোৱা হয়ুন্ঠাল তাম্ৰশাসনে আৰু তৃতীয়খন হল নগাওঁ জিলাৰ কুৰুৱাবাহী সত্ৰত আৱিস্কৃত কুৰুৱাবাহী তাম্ৰশাসন । তাৰোপৰি এই বংশৰ অন্য দুজন ৰজা বনমাল বৰ্মাদেৱ আৰু তৃতীয় বলবৰ্মনৰ লিপিতো হৰ্জৰ বৰ্মনৰ বিষয়ে উল্লেখ পোৱা যায় । তেজপুৰ শৈল শাসনত গুপাব্দ ব্যৱহাৰ কৰা হৈছে । এই কথাই কামৰূপ াৰু ইয়াৰ দাতি-কাষৰীয়া অঞ্চলসমূহত পূৰ্বৰ বৰ্মনসকলক দিনৰ পৰা থকা গুপ্তসংস্কৃতিৰ প্ৰবাৱৰ বিষয়ে জানিবলৈ দিয়ে । বৰ্মন বংশৰ ৰজাসকলৰ দিনৰ পৰাই ৰাজকীয় নথি-পত্ৰসমূহত প্ৰায়ে গুপ্তাব্দ ব্যৱহাৰ হোৱা দেখা গৈছিল । হয়ুন্ঠাল শাসনৰ পৰা হৰ্জৰ বৰ্মনে পাহাৰীয়া জাতি জনজাতি কিছুমানক তেোঁৰ তলতীয়া কৰি ৰখাৰ তথ্য পোৱা গৈছে । জনজাতি মুখীয়াল সমূহৰ মাজত সঘনাই লাগি থকা বিবাদ হৰ্জৰ বৰ্মনৰ মধ্যস্থতাতে মীমাংসা হৈছিল ।এই দুয়োখন শাসনৰ পৰা জানিব পৰা গৈছে যে হৰ্জৰ বৰ্মনে মহাৰাজাধিৰাজ পৰমভট্টাৰক উপাধি গ্ৰহণ কৰিছিল ।

(c) শালস্তম্ভ (Salastambha

 উত্তৰঃ ভাস্কৰ বৰ্মনৰ মৃত্যুৰ পাছত প্ৰাচীন অসমত বৰ্মন বংশৰ ৰাজত্বৰ অন্ত পৰিছিল । বাস্কৰ বৰ্মন অবিবাহিত আছিল বাবে তেওঁৰ মৃত্যুৰ পাছত সিংহাসনৰ উত্তৰাধিকাৰী লৈ শক্তিশালী মন্ত্ৰী বিষয়াসকলৰ মাজত প্ৰৱল প্ৰৱল প্ৰতিদ্বন্দিতা আৰম্ভ হৈছিল । বেছিভাগ পণ্ডিতৰ মতে এই ৰাজনৈতিক বিশৃংখলতাৰ সুবিধা লৈ শালস্তম্ভ নামৰ এজন ক্ষমতাশালী বিষয়াই কামৰূপৰ সিংহাসন অধিকাৰ কৰে । শালস্তম্ভই কেতিয়া আৰু কেনেকৈ সিংহাসন অধিকাৰ কৰিছিল তাৰ বিতং তথ্য জানিব পৰা হোৱা নাই । ভাস্কৰ বৰ্মনৰ জীৱিত কালত শালস্তম্ব পশ্চিম অঞ্চলৰ শানকৰ্তা আছিল বুলি অনুমান কৰা হৈছে । পালবংশৰ ৰজা দ্বিতীয় ৰত্নপালৰ তামৰ ফলিত শালস্তম্ভক শালগছৰ খুটাৰ দৰে শক্তিশালী হিচাপে বৰ্ণনা কৰিছে । সেই নামৰ পৰাই তেওঁ প্ৰতিষ্ঠা কৰা ৰাজবংশটো শালস্তম্ভ হিচাপে জনা যায় ।

(d) পালসকল (Palas) |

 উত্তৰঃ পালবংশৰ প্ৰতিষ্ঠাতা আছিল ব্ৰহ্মপাল । শালস্তম্ভ বংশৰ শেষ ৰজা ত্যাগ সিংহৰ কোনো উত্তৰাধিকাৰী নথকাত তেওঁৰ মৃত্যুৰ পাছত ব্ৰহ্মপালক কামৰূপৰ ৰজা নিৰ্বাচিত কৰা হয় । ব্ৰহ্মপালৰ ৰাজসিংহাসন  লাভৰ বিষয়ে তেওঁৰ পৰৱৰ্তী ৰজা ৰত্নপালৰ বৰগাঁও তাম্ৰশাসনত এনেদৰে উল্লেখ আছে ----,,, কোনো উত্তৰাধিকাৰী নোহোৱাকৈ শালস্তম্ভ বংশৰ শেষ ৰজা বিখ্যাত ত্যাগ সিংহৰ মৃত্যু হোৱাত তেওঁৰ পাৰিষদবৰ্গই ত্যাগ সিংহৰ কুটুম্ব এজন উপযুক্ত ভৌম বংশীয় লোকক ৰজা পাতিলে ভাল হব বুলি বিবেচনা কৰি ব্ৰহ্মপালক নিৰ্বাচন কৰিলে । এই কথাখিনিৰ পৰা জানিব পাৰি যে ---- 

ক) পুৰ্বৰ ৰাজবংশৰ ৰজাসকলৰ দৰে ব্ৰহ্মপালেও নিজকে নৰক-ভগদত্ত বংশীয় বুলি দাবী কৰিছিল । ভাৰতৰ অন্যান্য প্ৰান্তৰ দৰেই প্ৰাচীন অসমতো ৰজাক দেৱত্ব আৰোপ কৰা প্ৰথা বা ৰজা ইশ্বৰৰ প্ৰতিনিধি ধৰণৰ ব্যাখ্যা সমবহে প্ৰচলিত আছিল ।

খ) উত্তৰাধিকাৰী নোহোৱা অৱস্থাত বিষয়াবৰ্গই ব্ৰহ্মপালক নিৰ্বাচিত কৰাক বহু ঐতিহাসিকে গণতন্ত্ৰৰ বীজ দেখা পাইছে । কিন্তু এনে নিৰ্বাচনৰ ক্ষেত্ৰত উপযুক্ত বিবেচনাৰ বাবে ব্ৰহ্মপাল কৰ্মদক্ষতাতকৈ গোষ্ঠীগত পৰিচয়ৰ ওপৰতহে অধিক গুৰুত্ব দিয়া দেখা গৈছিল ।হৰ -গৌৰী সংবাদত উল্লেখ কৰা হৈছে মাধৱ  বংশৰ শেষত জীতাৰি নামৰ এজন ব্যক্তিয়ে কামৰূপৰ সিংহাসনত অধিকাৰ কৰে । মুঠতে এই বংশৰ আঠজন ৰজাই ৰাজত্ব কৰে ।

ৰচনাধৰ্মী প্রশ্ন (Essay type questions ) : 

 ভাস্কৰ বৰ্মনৰ ৰাজত্বকালৰ বৰ্ণনা কৰা

(Describe the reign of Bhaskar Varman.)

 উত্তৰঃ সুপ্ৰতিষ্ঠিত বৰ্মনৰ মৃত্যুৰ পাছত ভাতৃ ভাস্কৰ বৰ্মন ৰাজপাটত আৰোহণ কৰে । ভাস্কৰ বৰ্মনৰ বিষয়ে তথ্যযোগান ধৰা প্ৰত্যক্ষ সমলসমূহ হল ডুবি তাম্ৰশাসন আৰু নিধানপুৰ তাম্ৰশাসন, নালন্দা মাটিৰ মোহৰ, হিউৱেন চাঙৰ বিৱৰণআৰু বাণভট্টৰ হৰ্ষচৰিত । তেওঁ খৃ ৫৯৪ ৰ পৰা খৃ ৬৫০ লৈ ৰাজত্ব কৰিছিল তেওঁ সিংহাসনত আৰোহণ কৰাৰ সময়ৰ পৰা ভাস্কৰাব্দ আৰম্ভ হৈছিল । বাণভট্টই হৰ্ষচৰিতত ভাস্কৰ বৰ্মনক কুমাৰ বুলি উল্লেখ কৰিছে । দিউৱেন চাঙে তেওঁক কুমাৰ ৰজা বুলি উল্লেখ কৰিছে । এচাম ঐতিহাসিকৰ মতে ভাস্কৰ বৰ্মন কম বয়সতে ৰজা হৈছিল বাবে তেওঁক এনেদৰে বৰ্ণনা কৰা হৈছে । আন এচাম ঐতিহাসিকৰ মতে তেওঁক কুমাৰ ৰজা বা কুমাৰ ভাস্কৰ বৰ্মন বুলি কোৱা কাৰণ হল ৰজা ভাস্কৰ বৰ্মন চিৰকুমাৰ আছিল । খৃ ৬৪৩ মানতহে বাস্কৰ বৰ্মন আৰু হিউৱেন চাঙৰ মুখামুখি হৈছিল আৰু সেই সময়ত ভাস্কৰ বৰ্মনৰ যথেষ্ট বয়স হৈছিল । তাৰোপৰি হৰ্ষববৰ্দ্ধনে আয়োজন কৰা ধৰ্মীয় সভাত ৰজা হৰ্ষই ইন্দ্ৰৰ দৰে সাজ-পোছাক কৰাৰ লগতে ভাস্কৰ বৰ্মনক ব্ৰহ্মাৰ সাজ-পোছাক পিন্ধিবলৈ দিছিল । এনে বয়োজেষ্ঠ লোক এজন অবিবাহিত আছিল বাবে কুমাৰ সম্বোধন কৰাটোৰ যুক্তি আছে । হৰ্ষচৰিতত ভাস্কৰ  বৰ্মনকে পিতামহ ভীস্মৰ লগত তুলনা কৰাৰ পৰাও তেওঁ ভীস্মৰ দৰে চিৰকুমাৰ আছিল বুলি জানিব পাৰি ।

কামৰূপত বাস্কৰ বৰ্মনে ৰাজত্ব কৰাৰ সময়ত উত্তৰ ভাৰতৰ অন্য চাৰিজন শক্তিশালী ৰাজ্য আছিল থানেশ্বৰ, কনৌজ, মালৱ আৰু গৌড় । সেইসময়ত থানেশ্বৰৰ পুষ্যভূতি বংশৰ ৰজা প্ৰভাকৰ বৰ্দ্ধন শক্তিশালী হৈ উঠি ওচৰৰ ৰাজ্যসমূহ জয় কৰিছিল । ইফালে মালৱৰ গুপ্তবংশীয় ৰজা দেৱগুপ্তয়ো গুপ্তসাম্ৰাজ্য হেৰোৱা গৌৰৱ পুনৰোদ্ধাৰৰ বাবে সুযোগ বিছাৰি আছিল ।গৌড়ৰ ৰজা শশাংক অধিক শক্তিশালী হৈ উছিছিল । পূব দিশত কনৌজৰ মৌখাৰী সকলো যথেষ্ট শক্তিশালী হৈ উছিছিল । এনে সময়তে থানেশ্বৰৰ ৰজা প্ৰভাকৰ বৰ্দ্ধনে নিজৰ জীয়েকক ৰাজ্যশ্ৰীক মৌখাৰী ৰজা গ্ৰহবৰ্মনলৈ বিয়া দি থানেশ্বক আৰু কনৌজৰ মাজত ৰাজনৈতিক মিত্ৰতা শক্তিশালী কৰি তুলিছিল । 

 শ্রীহৰ্ষৰ কাৰ্য্যাৱলী বৰ্ণনা কৰা

(Explain the works of Sriharsa.)

 উত্তৰঃ শালস্তম্ভ বংশৰ এজন উল্লেখযোগ্য ৰজা আছিল শ্ৰী হৰ্ষ । তেওঁ আনুমানিক খৃ ৭২৫ত সিংহাসনত আৰোহণ কৰিছিল । হৰ্জৰবৰ্মনৰ হয়ুন্ঠাল তাম্ৰশাসনত তেওঁক হৰ্ষবৰ্মাদেৱ আৰু বনমাল বৰ্মনৰ লিপিত শ্ৰী হৰ্ষ বুলি উল্লেখ কৰা হৈছে । ভাস্কৰবৰ্মনৰ পাচত শ্ৰী হৰ্ষৰ ৰাজত্বৰ সময়তেই প্ৰাচীন অসমৰ ৰাজনৈতিক ক্ষমতা উত্তৰ ভাৰত পৰ্যন্ত বিস্তাৰিত হৈছিল । নেপালৰ পশুপতি মন্দিৰত থকা পশুপতি শিলালিপিত উল্লেখ আছে যে নেপালৰ ৰজা দ্বিতীয় জয়দেৱে গৌড়, ঔদ্ৰ, কলিঙ্গ, কোশল আৰু অন্যান্য অঞ্চলৰ অধিপতি ভগদত্ত বংশীয় ৰজা শ্ৰী হৰ্ষৰ জীয়ৰী ৰাজ্যমতীক বিবাহ কৰাইছিল । এই লিপিখনত শ্ৰী হৰ্ষক গৌড় ,ঔদ্ৰ, কলিঙ্গ, কোশল আদি নাম উল্লেখ কৰিছে যদিও  কতো কামৰূপ বা প্ৰাগজ্যোতিষ শব্দটোৰ উল্লেখ নাই । গতিকে পশুপতি লিপিত উল্লেখ থকা ৰজা শ্ৰী হৰ্ষ কামৰূপৰ শালস্তম্ভীয় বংশৰ ৰজা শ্ৰী হৰ্ষ হয়নে নহয় এই কথা লৈ পণ্ডিতসকলে মাজত বিৰ্তকৰ ওৰ পৰা নাই ।শ্ৰী হৰ্ষৰ ৰাজত্বৰ শেষৰফালে কেইবাটাও বিদেশী আক্ৰমণৰ মুখামুখি হৈছিল । ৰাষ্ট্ৰকুট ৰজা দ্বিতীয় দন্তিবৰ্গৰ সমনগড় লিপিত চালুক্যৰাজ দ্বিতীয় কীৰ্তি বৰ্মনৰ হাতত শ্ৰী হৰ্ষ পৰাজিত হোৱা বুলি উল্লেখ কৰিছে । ঐতিহাসিকসকলে শ্ৰী হৰ্ষক কামৰূপৰ ৰজা বুলি চিনাক্ত কৰিছে । বাকপতিৰ গৌড়বহোত উল্লেখ থকা কনৌজৰ ৰজা যশোবৰ্মনে পৰাস্ত কৰি হত্যা কৰা ৰজাজন শ্ৰী হৰ্ষ বুলি উল্লেখ কৰিছে ।


 শালস্তম্ভ বংশীয় ৰজাসকলে ব্ৰহ্মাণক মাটি দান দিয়াৰ বিষয়ে লিখা

(Discuss about the donation of land to the Brahamana by the Salastambha Kings.)

 উত্তৰঃ শালস্তম্ভ বংশৰ ৰজাসকলৰ জাতিগত পৰিচয় সম্পৰ্কেও পণ্ডিতসকল একমতহব পৰা নাই । এই বংশৰ ৰজাসকলে জাৰি কৰা লিপিসমূহত পূৰ্বৰ বৰ্মন বংশৰ লগত তেওঁলোকৰ কোনো সম্পৰ্ক থকাৰ কথা উল্লেখ কৰা নাই । আনহাতে, তেওঁলোকে নিজকে ভৌম-নৰক বংশৰ বুলি পৰিচয় দিছে । ৰত্নপালৰ বৰগাওঁ তাম্ৰশাসনৰ শালস্তম্ভক ম্লেছাধিনাছ বা ম্লেছসকলৰ অধিকাৰী বা শাসনকৰ্তা হিচাপে উল্লেখ কৰিছে । মুকুন্দ মাধৱ বৰাই ম্লেছ শব্দৰ দ্বাৰা জবান্তাতৰ বা নিম্নখাপৰ লোকসকলক বুজাইছে বুলি কোৱাৰ বিপৰীতে কনকলাল বৰুৱাই শালস্তম্ভক ভাস্কৰ বৰ্মনে ম্লেছ প্ৰদেশত নিযুক্তি দিয়া এজন প্ৰাদেশিক শাসনকৰ্তা হিচাপে অনুমান কৰিছে । এই দুয়োজন পণ্ডিতে শালস্তম্ভক আৰ্য বা আলপাইন গোষ্ঠীয় লোক বুলি অভিহিত কৰিছে । অন্য এচাম পণ্ডিতৰ মতে ভাস্কৰ বৰ্মনৰ লগত শালস্তম্ভৰ সাংস্কৃতিগত পাৰ্থক্য  আছিল । এই সকলৰ মতে বৰ্মনসকলে আদিতে অনাৰ্য মঙ্গোলীয় গোষ্ছীৰ ম্লেছ আছিল আৰু পাছলৈ সংস্কৃতকৰণৰ জৰিয়তে নিজকে আৰ্যসংস্কৃতিৰ ভিতৰুৱা কৰিছিল । আৰ্যসংস্কৃতিৰ প্ৰভাৱত পৰি এই বৰ্মন বংশৰ ৰজাসকলে ব্ৰাহ্মণ সকলক মাটি -বৃত্তি দান কৰি সংস্কৃত শিক্ষাৰ প্ৰসাৰ ঘটোৱাৰ লগতে বৰ্ণাশ্ৰম ধৰ্মৰে ৰক্ষণাবেক্ষণ দিছিল । আৰ্যকৃত এই লোকসকলে অসংস্কৃত অৱস্থাতে এৰি থৈ অহা নিজ গোষ্ঠীৰ লোকসকলক ম্লেছ বুলি হেয়জ্ঞান কৰা বুলি অনুমান হয় । শালস্তম্ভ ৰজাসকলৰ নামসমূহৰ পৰাও তেওঁলোকৰ অনাৰ্যমূলীয় পৰিচয় পোৱা যায় । পালক, প্ৰলস্ত, হৰ্জৰ আৰু এই বংশৰ ৰজাসকলৰ উপাস্য কুলদেৱতা বা ইষ্টদেৱতা হেটুক-শুলীন অনাৰ্য মূলীয় শব্দ । হৰ্জৰ বৰ্মনৰ হয়ুন্ঠাল শাসনত উল্লেখ আছে যে শালস্তম্ভ বংশৰ ৰজাসকল ম্লেছ হিচাপে জনাজাত হব । বহু ঐতিহাসিকে জনজাতীয় মেচ শব্দৰ সংস্কৃতকৰণ হৈ ম্লেছ হোৱা বুলি মতপোষণ কৰিছে । এই সকলোবোৰৰ তথ্যৰ ওপৰত ভিত্তি কৰি শালস্তম্ভ বংশীয় ৰজাসকল অনাৰ্যমূলীয় বা ম্লেছ আছিল বুলি সহজেই অনুমান কৰিব পাৰি

 ৰত্নপালনৰ ৰাজত্বকাল বর্ণনা কৰা

(Explain the reign of Ratnapal.)

উত্তৰঃ পালবংশৰ এজন উল্লেখযোগ্য ৰজা আছিল ৰত্নপাল । তেওঁ নিজ্ জাৰি কৰা তাম্ৰশাসন সমূহত তেওঁক ৰত্নৰ দৰে উজ্জল ব্যক্তিত্ব আৰু অমূল্য গুণৰ অধিকাৰী বুলি বৰ্ণনা কৰা হৈছে । তেওঁ আছিল প্ৰৱল পৰাক্ৰমী ৰজা পূৰ্বৰ ৰজাসকলৰ দৰেই এইজন ৰজাইয়ো মহাৰাজধিৰাজ পৰমেশ্বৰ পৰমভট্ৰাৰক উপাধি গ্ৰহণ কৰিছিল । 

ৰত্নপালে জাৰি কৰা তিনিজন শাসন বৰ্তমানলৈকৈ উদ্ধাৰ হৈছে ।

ক) চোৰাতবাৰী তাম্ৰশাসনঃ এই তাম্ৰশাসনখন তেওঁৰ ৰাজত্বৰ দ্বাদশ বছৰত জাৰি কৰিছিল । এই শাসনৰ জৰিয়তে সিদ্ধপাল নামৰ এজন ব্ৰাহ্মণক হাবুংগা বিষয়ত মাটি দান কৰিছিল । ইয়াত দান কৰি মাটিৰে আঠোদিশৰ বৰ্ণনা দিয়া আছে । এই বৰ্ণনাত চৈচা নামৰ এখন নদীৰ উল্লেখ পোৱা যায় । ঐতিহাসিকসকলে এই হাবুংগা অঞ্চল আৰু চেচা নদী বৰ্তমান লক্ষীমপুৰ জিলাৰ চেচা নদী আৰু হাবুং অঞ্চলৰ লগত চিনাক্ত কৰিছে । এই সিদ্ধিপালৰ পৰিয়ালৰ কোনো সামন্ত ৰজাই বা মুখীয়ালে এই হাবুং অঞ্চলটো শাসন কৰিছিল বুলি অনুমান কৰা হৈছে । এই চিনাক্তকৰণৰ দ্বাৰা ৰত্নপালৰ ৰাজ্য পূবে হাবুং অঞ্চললৈকে বিস্তৃ আছিল বুলি জানিব পাৰি । তাৰোপৰি এই শাসনখন হড়প্যক নামৰ নগৰৰ পৰা জাৰি কৰাৰ কথা উল্লেখ আছে । হডপ্যক নগৰখন হাৰুপেশ্বৰ নগৰখনেই হব । এই কথাৰ পৰা পূৰ্বৰ শালস্তম্ভ ৰজাসকলৰ ৰাজধানী হাৰুপেশ্বৰ বা হটপেশ্বৰতে পালবংশীয় ৰজাসকলেও ৰাজধানী পাতিছিল বুলি জানিব পাৰি .

খ) বৰগাওঁ তাম্ৰশাসনঃ এই তাম্ৰশাসনখন তেওঁৰ ৰাজত্বৰ পঞ্চবিংশ বছৰত জাৰি কৰিছিল । এই শাসনৰ জৰিয়তে উত্তৰকুলৰ এয়োদশ গ্ৰাম বিষয়ৰ লাবুকুতি ক্ষেত্ৰত বীৰদত্ত নামৰ এজন ব্ৰাহ্মণক মাটি দান কৰা হৈছিল । এই তাম্ৰশাসনখন তেজপুৰৰ বৰগাও অঞ্চলৰ পৰা উদ্ধাৰ কৰা হৈছে । সেয়ে এয়োদশ গ্ৰাম বিষয় তেজপুৰ মহকুমাৰ ব্ৰহ্মপুত্ৰৰ সমীপৱৰ্তী অঞ্চল হব পাৰে বুলি অনুমান কৰা হৈছে । এই তাম্ৰশাসনত দুৰ্জনা নামৰ এখন নতুন ৰাজধানীৰ বৰ্ণনা আছে । এই বৰ্ণনাৰ জৰিয়তে ৰত্নপালে দুৰ্জয়া নগৰীত নতুন ৰাজধানী পাতিছিল বুলি জানিব পাৰি ।


Author Ali rani Kakati ( Ba in History Major)