চতুৰ্থ গোট
কথা সাহিত্য়
1. অসমীয়া গদ্য়ৰ জনক কোন ?
উত্তৰঃ অসমীয়া গদ্য়ৰ জনক হ'ল- ভট্টদেৱ।
2. ভট্টদেৱৰ জন্ম ক'ত হৈছিল ?
উত্তৰঃ বৰ্তমান বৰপেটা ভেৰা গাঁৱত ভট্টদেৱৰ জন্ম হৈছিল।
3. পূৰ্বপুৰুষসকলৰ মতে ভট্টদেৱ ক'ত বসবাস কৰিছিল ?
উত্তৰঃ পূৰ্বপুৰুষসকলৰ মতে ভট্টদেৱ অসমৰ পিঙ্গলা গাঁৱত বসবাস কৰিছিল।
4. কবি সৰস্বতীৰ পত্নীৰ নাম কি ?
উত্তৰঃ কবি সৰস্বতীৰ পত্নীৰ নাম হ'ল- তাৰাদেৱী।
5. তাৰাদেৱীৰ পুত্ৰ সন্তান দুটাৰ নাম কি ?
উত্তৰঃ তাৰাদেৱীৰ পুত্ৰ সন্তান দুটাৰ নাম হ'ল- ৰামকান্ত আৰু বৈকুণ্ঠনাথ।
6. বৰ নগৰৰ ব্ৰাহ্মণ সমাজে বৈকুণ্ঠনাথক কি উপাধি প্ৰদান কৰে ?
উত্তৰঃ বৰ নগৰৰ ব্ৰাহ্মণ সমাজে বৈকুণ্ঠনাথক 'ভাগৱত ভট্টাচাৰ্য' উপাধি প্ৰদান কৰে।
7. ভট্টদেৱে গদ্য়ত ৰচনা কৰা গ্ৰন্থ কেইখন আৰি কি কি ?
উত্তৰঃ ভট্টদেৱে ৰচনা কৰা গ্ৰন্থ তিনিখন। সেইকেইখন হ'ল-
1. কথা ভাগৱত।
2. কথাগীতা।
3. ৰত্নাৱলী।
8. কৌৰৱে কি কাৰণে ভীষ্মক কিনি লৈছিল ?
উত্তৰঃ কৌৰৱে অৰ্থৰ বিনিময়ৰ কাৰণে ভীষ্মক কিনি লৈছিল।
9. স্থিতপ্ৰজ্ঞ কাক বোলে ?
উত্তৰঃ যেতিয়া পুৰুষে আত্ম সুখত তুষ্ট হৈ ক্ষুদ্ৰ বিষয় সুখ ত্য়াগ কৰে তাকেই স্থিতপ্ৰজ্ঞ বোলে।
10. স্থিতপ্ৰজ্ঞৰ লক্ষণবোৰ কি কি ?
উত্তৰঃ স্থিতপ্ৰজ্ঞৰ লক্ষণবোৰ হ'ল- দুখতো ক্ষোভ নকৰে, সুখতো স্পৃহা নকৰে, ক'তো প্ৰীতি বা ভয় নকৰে এয়াই স্থিতপ্ৰজ্ঞৰ লক্ষণ।
11. সংস্কৃত সাহিত্য়ৰ অগাধ পণ্ডিত কোন আছিল ?
উত্তৰঃ ভট্টদেৱ সংস্কৃত সাহিত্য়ৰ অগাধ পণ্ডিত আছিল।
12. ৰঘুনাথ মহন্তৰ পূৰ্বপুৰুষৰ শিষ্য় কোন আছিল ?
উত্তৰঃ ৰঘুনাথ মহন্ত পূৰ্বপুৰুষৰ শিষ্য় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আছিল।
13. হৰিকৃষ্ণৰ পুত্ৰ নাম কি ?
উত্তৰঃ হৰিকৃষ্ণৰ পুত্ৰৰ নাম হ'ল- কৃষ্ণনাথ।
14. কৃষ্ণনাথৰ পুত্ৰ নাম কি ?
উত্তৰঃ কৃষ্ণনাথৰ পুত্ৰ নাম হ'ল- ৰঘুনাথ মহন্ত।
15. ৰঘুনাথ মহন্তৰ কীৰ্তিস্তম্ভস্বৰূপ কি ?
উত্তৰঃ ৰঘুনাথ মহন্তৰ কীৰ্তিস্তম্ভস্বৰূপ হ'ল- 'কথা ৰামায়ণ'।
16. ৰামৰ বন গমনৰ কাহিনীভাগ কেতিয়া পৰা আৰম্ভ হৈছে ?
উত্তৰঃ ৰামৰ বন গমনৰ কাহিনীভাগ ৰামৰ ৰাজ অভিষেকৰ ঘোষণা হোৱাৰ পৰা আৰম্ভ হৈছে।
17. ৰামৰ মাকৰ নাম কি ?
উত্তৰঃ ৰামৰ মাকৰ নাম হ'ল-কৌশলা।
Type-Rajashri Bora