অধ্যায় ৬

 আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক চুকাফা


চমু প্ৰশ্নউওৰঃ


১)চুকাফাই জন্ম গ্ৰহণ কৰা ৰাজ্যখনৰ নাম কি?

উওৰঃ কিং ছেনৰ বা ছিয়েং চেন।

২) ম্যুং মাও ৰাজসিংহাসনৰ উত্তৰাধিকাৰী কোন?

উওৰঃ চুকাফা।

৩) চৰাইদেউৰ পুৰণি নাম কি?

উওৰঃ চেৰাই দয়।

৪) কিমান খ্ৰি.ত চুকাফা জন্ম হয়?

উওৰঃ ১১৯১ খ্ৰি.ত।

৫)কিমান খ্ৰি.ত ম্যুং মাও ৰাজসিংহাসন কোনে ত্যাগ কৰে?

উওৰঃ ১২১৫ খ্ৰি.ত চুকাফা।

৬)চুকাফাৰ দলটো কিমান বছৰ কাল যাত্ৰা ভ্ৰমণ কৰিছিল?

উওৰঃ ১৩ বছৰ।

৭)চুকাফা দলটো কোনখন ৰাজ্য স্থাপন কৰে?

উওৰঃ খামজাং।

৮)কিমান খ্ৰি.ত চুকাফা দলটো লুইত পাৰৰ সৌমাৰ অঞ্চল তিপামত উপস্থিত হয়?

উওৰঃ ১২২৮ খ্ৰি.ত ১৬ আঘোণ।

৯)চুকাফা দলটোৱে কিমান খ্ৰি.ত চৰাইদেউত ৰাজধানী স্থাপন কৰে?

উওৰঃ ১২৫৩ খ্ৰি.ত।

১০) চেৰাই দয়ৰ অৰ্থ কি?

উওৰঃ উজ্জ্বল পাহাৰৰ নগৰ।

১১)আহোম ৰজাসকলৰ প্ৰথম ৰাজধানী কি?

উওৰঃ চৰাইদেউ।

১২) আহোম ৰজা চুকাফাই শাসন কৰিবলৈ লোৱা ঠাইখিনিৰ নাম কি?

উওৰঃ ম্যুং ডুন চূণখাম।

১৩)চুকাফাই ১২১৫ খ্ৰি.ৰ পৰা ১২৫৩ খ্ৰি.লৈ মুঠ কিমান বছৰ কাল ভ্ৰমণ কৰিছিল? 

উওৰঃ ৩৮ বছৰ।

১৪) চৰাইদেউত উপস্থিত হওঁতে চুকাফা কিমান বয়স হৈছিল?

উওৰঃ ৬২ বছৰ।

১৫)ম্যুং ডুন চূণ খাম'ৰ অৰ্থ কি?

উওৰঃ সোণৰ বাগিচাৰে ভৰা দেশ।

১৬) চুকাফা কিমান খ্ৰি.ত মৃত্যু ঘটিল?

উওৰঃ ১২৬৮ খ্ৰি.ত।

১৭)অসমত বুৰঞ্জী লিখা প্ৰথা কোনে প্ৰৱৰ্তন কৰিছিল?

উওৰঃ চুকাফা।

১৮)চুকাফাই ৰাজ্য শাসনৰ সুবিধাৰ্থে কেইগৰাকী  মন্ত্ৰী নিয়োগ কৰিছিল?

উওৰঃ দুই গৰাকী।

১৯)চুকাফা অসমলৈ অহাৰ সময়ত দিখৌ দিচাং নৈৰ মাজৰ ঠাইখিনি কোন জাতিয়ে শাসন কৰিছিল?

উওৰঃ মৰাণ আৰু বৰাহী।

২০) কাৰ আদৰ্শ আৰু নীতিৰ ভিত্তিত 'ম্যুং ডুন খাম' স্থাপিত হৈছিল?

উওৰঃ চুকাফা।



Author : Pompi Hazarika

Check by- Mukesh Borah