চতুৰ্থ গোট

চিত্ৰনাট্য় নিৰ্মাণঃ সাহিত্য়ৰ চিত্ৰায়ণ


১। চিত্ৰনাট্য়ৰ ইংৰাজী প্ৰতিশব্দ কি ?

উত্তৰঃ চিত্ৰনাট্য়ৰ ইংৰাজী প্ৰতিশব্দ 'Screenplay' বা 'Film Script'। যাৰ অসমীয়া পাৰিভাষিক শব্দ 'চিত্ৰনাট্য়'।

২। চিনেমাৰ কোনো এক শ্বটৰ লগত আন এক শ্বটৰ অৰ্থহীন বা অৰ্থবোধক ভাব স্পষ্ট ৰূপত ব্য়ক্ত কৰাটোক কি বোলে ?

উত্তৰঃ চিনেমাৰ কোনো এক শ্বটৰ লগত আন এক শ্বটৰ অৰ্থহীন বা অৰ্থবোধক ভাব স্পষ্ট ৰূপত ব্য়ক্ত কৰাটোক 'Montage' বোলে।

৩। চিত্ৰনাট্য়ৰ উপাদান বা অংগ কেইটামানৰ নাম লিখা।

উত্তৰঃ চিত্ৰনাট্য় উপাদান বা অংগ কেইটামানৰ নাম হল- শিৰোনাম, কহিনী, দৃশ্য় বা দৃশ্য়াংশ, চৰিত্ৰ আদি।

৪। কেমেৰা অবিহনে চলচ্চিত্ৰ নিৰ্মাণ কি হৈ নুঠে ?

উত্তৰঃ কেমেৰা অবিহনে চলচ্চিত্ৰ নিৰ্মাণ শুদ্ধ আৰু অৰ্থপূৰ্ণ ৰসগ্ৰাহী হৈ নুঠে।

৫। চিত্ৰনাট্য় যি লিখিত ৰূপ তাত কি কি মাধ্য়মেৰে তাৰ ৰেহৰূপ প্ৰকাশিত হয় ?

উত্তৰঃ চিত্ৰনাট্য় যি লিখিত ৰূপ, তাৰ ৰেহৰূপ প্ৰকাশিত হয় কেমেৰা, সম্পাদনা আৰু সংগীতৰ মাধ্য়মেৰে।

৬। শ্বটিং স্ক্ৰিপট কাক বোলে ?

উত্তৰঃ চিত্ৰনাট্য়ৰ আখ্য়ান কিদৰে চলচ্চিত্ৰলৈ ৰূপান্তৰিত কৰিব পৰা যায়, সেই সংকেত যি চিত্ৰনাট্য়ত থাকে, তাকে শ্বটিং স্ক্ৰিপট বোলে।

৭। চিত্ৰনাট্য় এখনৰ কাহিনী মূলতঃ কি কি দিশত গতি কৰে ?

উত্তৰঃ চিত্ৰনাট্য় এখনৰ কাহিনী মূলতঃ আৰম্ভণি, বিকাশ আৰু সামৰণি এই তিনিটা দিশত গতি কৰে।

৮। কি কি পৰা কাহিনী নিৰ্বাচন কৰিব পাৰি ?

উত্তৰঃ পৌৰাণিক বা বুৰঞ্জীমূলক, সামাজিক বিষয়ৰ  উপৰিও কাৰোবাৰ জীৱন কাহিনী অথবা কোনো সত্য় ঘটনাকেন্দ্ৰিক বিষয়ৰ পৰাও কাহিনী নিৰ্বাচন কৰা হয়।

৯। দৃশ্য় নিৰ্মাণৰ কি কি সলনি হ'লেই বেলেগ দৃশ্য় বুলি গণ্য় কৰা হয় ?

উত্তৰঃ দৃশ্য় নিৰ্মাণৰ স্থান আৰু কাল সলনি হ'লেই বেলেগ দৃশ্য় বুলি গণ্য় কৰা হয়। 

১০। এখন কথাছবিক অধিক মনোগ্ৰাহী কৰি তুলিবৰ বাবে কি ৰচনা কৰা হয় ?

উত্তৰঃ এখন কথাছবিৰ অধিক মনোগ্ৰাহী কৰি তুলিবৰ বাবে সংগীত ৰচনা কৰা হয়।

১১। চলচ্চিত্ৰৰ অৰ্থ কি ?

উত্তৰঃ চলচ্চিত্ৰ মানে হ'ল 'চলি থকা চিত্ৰ' অৰ্থাৎ 'গতিশীল ছবি বা চলমান চিত্ৰ' ।

১২। বোলছবি শব্দটো প্ৰথম কোনে ব্য়ৱহাৰ কৰে ?

উত্তৰঃ বোলছবি শব্দটো প্ৰথম ব্য়ৱহাৰ কৰে পাৰ্বতী প্ৰসাদ বৰুৱাদেৱে ।

১৩। চলচ্চিত্ৰ নিৰ্মাণ পদ্ধতি বুলিলে কি বুজা ?

উত্তৰঃ চলচ্চিত্ৰ নিৰ্মাণ পদ্ধতি বুলি ক'লে সাধাৰণতে চিনেমা এখনৰ পূৰ্ণ ৰূপ দিয়াৰ যি পৰিকল্পনা সুচাৰুৰূপে পালন কৰা হয় তাকে চলচ্চিত্ৰ নিৰ্মাণ পদ্ধতি বোলে।

১৪। চিনেমা নিৰ্মাণৰ মূল যকাটো কি ?

উত্তৰঃ চিনেমা নিৰ্মাণৰ মূল যকাটো হ'ল ইংৰাজী 'প্ৰডাকচন' শব্দটো।

১৫। নিৰ্মাণোত্তৰ মূল কাম কি ?

উত্তৰঃ নিৰ্মাণোত্তৰ মূল কাম হ'ল সম্পাদনা কৰা ।

১৬। পৰিচালক মানে কি ?

উত্তৰঃ পৰিচালক মানে হ'ল কোনো কাম সুচাৰুৰূপে পৰিচালনা কৰা।

১৭। 'পৰিচালনা হ'ল চিত্ৰনাট্য়ৰ সমালোচনা আৰু সম্পাদনা হ'ল পৰিচালনৰ সমালোচনা' এই কথাষাৰ কোনে কৈছিল ?

উত্তৰঃ  'পৰিচালনা হ'ল চিত্ৰনাট্য়ৰ সমালোচনা আৰু সম্পাদনা হ'ল পৰিচালনৰ সমালোচনা' এই কথাষাৰ ফ্ৰাচোৱা ট্ৰুফ্ৰোই কৈছিল।

১৮। চিনেমা এখন নিৰ্মাণৰ বাবে মূল ব্য়ক্তিজন কোন ?

উত্তৰঃ চিনেমা এখন নিৰ্মাণৰ বাবে মূল ব্য়ক্তিজন হ'ল পৰিচালক।

১৯। বিষয়বস্তু অনুসৰি চলচ্চিত্ৰক সাধাৰণতে কেইটা ভাগত ভাগ কৰা হৈছে আৰু কি কি ?

উত্তৰঃ বিষয়বস্তু অনুসৰি চলচ্চিত্ৰক সাধাৰণতে তিনিটা ভাগত ভাগ কৰা হৈছে যেনে- স্মৃতি চিত্ৰ, তথ্য়চিত্ৰ, কাহিনী চিত্ৰ আদি।

২০। চুটি ফিল্ম বুলিলে কি বুজা ?

উত্তৰঃ যি কাহিনী চিত্ৰৰ দৈৰ্ঘ্য় ৪০ মিনিট সময়ৰ বাবে প্ৰদৰ্শন কৰা হয়, তেনে কাহিনী চিত্ৰক চুটি ফিল্ম বুলি কোৱা হয়।

২১। কিমান চনত A. Kricher ৰ Magic Lantern মাধ্য়মত বিভিন্ন ছবিৰ সহায়ত Life of Christ নিৰ্মাণ কৰে ?

উত্তৰঃ ১৬৭১ চনত A. Kricher ৰ Magic Lantern মাধ্য়মত বিভিন্ন ছবিৰ সহায়ত Life of Christ নিৰ্মাণ কৰে।

২২। ভাৰতবৰ্ষত চিনেমাৰ প্ৰথম সূচনা কৰে ?

উত্তৰঃ ভাৰতবৰ্ষত চিনেমাৰ প্ৰথম সূচনা কৰে Laumierre Brothers য়ে।

২৩। কিমান চনত ভাৰতীয় হিন্দী টকি চিনেমা 'আলম আৰা' মুম্বাইত প্ৰদৰ্শন কৰা হয় ?

উত্তৰঃ ১৯৩১ চনত ভাৰতীয় হিন্দী টকি চিনেমা 'আলম আৰা' মুম্বাইত প্ৰদৰ্শন কৰা হয়।

২৪। অসমীয়া চলচ্চিত্ৰ বিকাশৰ যুগ কিমান চনৰ পৰা কিমান চনলৈ আছিল ?

উত্তৰঃ ১৯৫০ চনৰ পৰা ১৯৭০ চনলৈ অসমীয়া চলচ্চিত্ৰ বিকাশৰ যুগ আছিল।

২৫। ড॰ ভূপেন হাজৰিকা পৰিচালিত 'এৰা বাটৰ সুৰ' চিনেমাখনে  অসমীয়া ছবি জগতৰ কি কৰে ?

উত্তৰঃ ড॰ ভূপেন হাজৰিকা পৰিচালিত 'এৰা বাটৰ সুৰ' চিনেমাখনে অসমীয়া ছবি জগতৰ প্ৰথম আধুনিক ধাৰাৰ সূচনা কৰে।

২৬। ভবেন্দ্ৰনাথ শইকীয়া কিহৰ বাবে চিত্ৰনাট্য়ৰ শ্ৰেষ্ঠ বঁটা লাভ কৰে ?

উত্তৰঃ ভবেন্দ্ৰনাথ শইকীয়াৰ 'অগ্নিস্নান' ছবিখনৰ বাবে চিত্ৰনাট্য়ৰ শ্ৰেষ্ঠ বঁটা লাভ কৰে।

২৭। জ্য়োতিপ্ৰসাদ আগৰৱালাৰ স্মৃতি জীয়াই ৰখাৰ বাবে চৰকাৰে কি প্ৰতিষ্ঠা কৰে ?

উত্তৰঃ জ্য়োতিপ্ৰসাদ আগৰৱালাৰ স্মৃতি জীয়াই ৰখাৰ বাবে চৰকাৰে 'জ্য়োতি চিত্ৰবন' ছোছাইটি নামেৰে ষ্টুডিঅ' প্ৰতিষ্ঠা কৰে।

২৮। 'চলচ্চিত্ৰ আৰু সাহিত্য়ৰ সমন্ধ বহুদিনীয়া। এই কথাষাৰ কোনে কৈছিল ?

উত্তৰঃ 'চলচ্চিত্ৰ আৰু সাহিত্য়ৰ সমন্ধ বহুদিনীয়া। এই কথাষাৰ উৎপল দত্তই কৈছিল।

২৯। ছিকুৱেন্স কেনেদৰে গঠিক হয় ?

উত্তৰঃ শ্বট এটাৰ পিছত এটা শ্বট লগ হৈ একোটা ছিকুৱেন্স গঠিত হয়।

৩০। নাট এখন প্ৰদৰ্শনৰ মূল ঠাই কি ?

উত্তৰঃ নাট এখন প্ৰদৰ্শনৰ মূল ঠাই হ'ল মঞ্চ।

৩১। কিং লিয়েৰ আধাৰত কোনখন কথাছবি নিৰ্মাণ কৰে ?

উত্তৰঃ কিং লিয়েৰ আধৰত 'ৰেন' কথাছবি নিৰ্মাণ কৰে।

৩২। পদুম বৰুৱাই কি উপন্য়াসৰ আধাৰত কথাছবি নিৰ্মাণ কৰিছিল ?

উত্তৰঃ পদুম বৰুৱাই 'গঙা চিলনীৰ পাখি' উপন্য়াসখনৰ আধাৰত কথাছবি নিৰ্মাণ কৰিছিল।

৩৩। অসমীয়া চলচ্চিত্ৰ সাহিত্য় চৰ্চাৰ প্ৰথমজন ব্য়ক্তি কোন ?

উত্তৰঃ অসমীয়া চলচ্চিত্ৰ সাহিত্য় চৰ্চাৰ প্ৰথমজন ব্য়ক্তি হ'ল হীৰেণ গোহাঁই।

৩৪। কিমান চনত মনোজ বৰপূজাৰীৰ সম্পাদনাত 'বিষয় চিনেমা' এখন ত্ৰিমাসিক আলোচনী প্ৰকাশ পায় ?

উত্তৰঃ ২০১৮ চনত  মনোজ বৰপূজাৰীৰ সম্পাদনাত 'বিষয় চিনেমা' এখন ত্ৰিমাসিক আলোচনী প্ৰকাশ পায়।

৩৫। উৎপল দত্তৰ কোন দুখন গ্ৰন্থই অসমীয়া সাহিত্য়ক সমৃদ্ধ কৰিছে ?

উত্তৰঃ উৎপল দত্তৰ চলচ্চিত্ৰ কথা আৰু চলচ্চিত্ৰঃ সময়-সমাজ-নন্দনত্ত্বই অসমীয়া সাহিত্য়ক সমৃদ্ধ কৰিছে।

৩৬। কিমান চনত 'London Film Society' নামে লণ্ডনত চলচ্চিত্ৰ সংস্থা প্ৰতিষ্ঠা হয় ?

 উত্তৰঃ ১৯২৫ চনত 'London Film Society' নামে লণ্ডনত চলচ্চিত্ৰ সংস্থা প্ৰতিষ্ঠা হয় ।

৩৭। ভূপেন হাজৰিকাৰ নেতৃত্বত গুৱাহাটীত কি গঠন কৰা হয় ?

উত্তৰঃ ভূপেন হাজৰিকাৰ নেতৃত্বত গুৱাহাটীত 'চিনে ক্লাৱ' গঠন কৰা হয়।

Type Janmoni Hazarika



Post ID : DABP003414