Chapter- 2

স্বাধীনতাৰ পৰৱৰ্তী সময়ত মাধ্যমিক শিক্ষাৰ বিকাশ

(Development of Secondary education in the post independent period)

অতি চমু প্ৰশ্ন আৰু উত্তৰঃ

1. কিমান চনত মাধ্যমিক শিক্ষাৰ লক্ষ্য আৰু কাৰ্যাৱলী হতাশজনক আছিল?

উত্তৰঃ ১৯৪৭ চনত মাধ্যমিক শিক্ষাৰ লক্ষ্য আৰু কাৰ্যাৱলী হতাশজনক আছিল।

2. কিমান চনত ভাৰত চৰকাৰে কাৰ সভাপতিত্বত ভাৰতবৰ্ষত মাধ্যমিক শিক্ষাৰ পুনৰ সংগঠনৰ বাবে এখন কমিটি নিয়োগ কৰে?

উত্তৰঃ ১৯৮৪ চনত ভাৰত চৰকাৰে ড॰ তাৰা চান্দৰ সভাপতিত্বত ভাৰতবৰ্ষত মাধ্যমিক শিক্ষাৰ পুনৰ সংগঠনৰ বাবে এখন কমিটি নিয়োগ কৰে।

3. প্ৰাথমিক আৰু মাধ্যমিক শিক্ষাৰ পাঠ্যক্ৰম অতি কমেও কিমান বছৰ হ'ব লাগে?

উত্তৰঃ প্ৰাথমিক আৰু মাধ্যমিক শিক্ষাৰ পাঠ্যক্ৰম অতি কমেও ১২ বছৰ হ'ব লাগে

4. মাধ্যমিক শিক্ষা আয়োগৰ সদস্যসকলৰ নাম লিখা।

উত্তৰঃ 

(১) ড॰ লক্ষ্মণ স্বামী মুডালিয়াৰ আয়োগৰ অধ্যক্ষ যি সেই সময়ত মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আছিল।

(২) ড॰ এ. ন. বসু, কেন্দ্ৰীয় শিক্ষা অনুষ্ঠানৰ অধ্যক্ষ।

(৩) ড॰ চাৰি, ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ এজন পদাধিকাৰী।

(৪) শ্ৰীমতী হংস মেহতা, বৰোডা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য।

(৫) জন খৃষ্টি, জেচনিট কলেজৰ অধ্যক্ষ, অক্সফ'ৰ্ড।

(৬) কেনেঠ ৰাষ্ট্ৰ উইলিয়ামচ, সহযোগী সঞ্চালক দক্ষিণ আঞ্চলিক শৈক্ষিক পৰিসদ। আটলান্টা আমেৰিকা।

(৭) শ্ৰী কে. জি. চায়াছেইন।

(৮) শ্ৰী এম. টি. ব্যাস।

(৯) শ্ৰী জে. এ. তাৰাপোৰৱালা।

5. এজন ভাল নাগৰিক সদায় এজন কি হোৱা উচিত?

উত্তৰঃ এজন ভাল নাগৰিক সদায় এজন সঁচা দেশপ্ৰেমিক হোৱা উচিত।

6. গণতান্ত্ৰিক দেশৰ প্ৰধান লক্ষ্য কি?

উত্তৰঃ গণতান্ত্ৰিক দেশৰ প্ৰধান লক্ষ্য হৈছে শিক্ষাৰ্থীসকলৰ বৃত্তীয় আৰু কাৰিকৰী শিক্ষাৰ যোগেদি উৎপাদন ক্ষমতা বৃদ্ধি কৰি তোলে।

7. পুথিগত আয়োগে কি অনুভৱ কৰিছিল?

উত্তৰঃ পুথিগত আয়োগে অনুভৱ কৰিছিল যে মাধ্যমিক শিক্ষা পুথিগত আৰু যান্ত্ৰিক।

8. মাধ্যমিক শিক্ষা প্ৰকৃতাৰ্থতে কি?

উত্তৰঃ মাধ্যমিক শিক্ষা প্ৰকৃতাৰ্থতে বাস্তৱ জীৱনৰ পৰা বিচ্ছিন্ন।

9. মাধ্যমিক শিক্ষাত কি ভাষাৰ ওপৰত অধিক প্ৰাধান্য দিয়া হৈছিল?

উত্তৰঃ মাধ্যমিক শিক্ষাত ইংৰাজী ভাষাৰ ওপৰত অধিক প্ৰাধান্য দিয়া হৈছিল।

10. কি ভাষাৰ দৰে অন্যান্য বিষয়সমূহৰ অধ্যয়নত কিন্তু গুৰুত্ব আৰোপ কৰা নাছিল?

উত্তৰঃ ইংৰাজী ভাষাৰ দৰে অন্যান্য বিষয়সমূহৰ অধ্যয়নত কিন্তু গুৰুত্ব আৰোপ কৰা নাছিল।

11. মাধ্যমিক শিক্ষাৰ প্ৰচলিত পাঠ্যক্ৰম আছিল কি?

উত্তৰঃ মাধ্য়মিক শিক্ষাৰ প্ৰচলিত পাঠ্যক্ৰম আছিল সংকীৰ্ণ ধাৰণাৰ।

12. কেন্দ্ৰীয় চৰকাৰৰ অধীনত কোনটো বিভাগ থাকিব লাগে?

উত্তৰঃ কেন্দ্ৰীয় চৰকাৰৰ অধীনত N.C.C বিভাগটো থাকিব লাগে।

13. শিক্ষকসকলৰ প্ৰশিক্ষণৰ বাবে কেইধৰণৰ শিক্ষানুষ্ঠান থকা উচিত?

উত্তৰঃ শিক্ষকসকলৰ প্ৰশিক্ষণৰ বাবে দুই ধৰণৰ শিক্ষানুষ্ঠান থকা উচিত।



Author: Ikhant Bora