চতুৰ্থ অধ্যায়

মধ্যযুগ

প্ৰাকশঙ্কৰী যুগ


চমু প্ৰশ্নউওৰঃ

১। খ্ৰীষ্টীয় চতুৰ্দশ শতিকাত কেইবাজনো কবিৰ উদ্ভৱ দেখা পাওঁ সেইসকলৰ নাম লিখা।

উওৰঃ খ্ৰীষ্টীয় চতুৰ্দশ শতিকাত উদ্ভৱ দেখা কবিসকলৰ নাম হৈছে- (১)হেম সৰস্বতী, (২)ৰুদ্ৰ কন্দলী, (৩)হৰিহৰ বিপ্ৰ, (৪)কবিৰত্ন সৰস্বতী আৰু (৫)মাধৱ কন্দলী।


২। কিমান খ্ৰীষ্টাব্দত আৰু  সম্ভৱতঃ পৃথুক পৰাভূত কৰি কোনে এজন কৰতলীয়া ৰজা প্ৰতিষ্ঠা কৰি গৌড়লৈ উভতি গৈছিল?

উওৰঃ ১২২৮ খ্ৰীষ্টাব্দত সম্ভৱতঃ পৃথুত পৰাভূত কৰি নাছিৰুদ্দিন ইৱাজে এজন কৰতলীয়া ৰজা প্ৰতিষ্ঠা কৰি গৌড়লৈ উভতি গৈছিল।


৩। প্ৰথম দুবাৰ কামৰূপৰ ৰজা পৃথুৱে কিমান খ্ৰীষ্টাব্দত প্ৰতিহত কৰিছিল?

উওৰঃ প্ৰথম দুবাৰ কামৰূপ ৰজা পৃথুৱে ১২০৫ আৰু ১২২৬ খ্ৰীষ্টাব্দত প্ৰতিহত কৰিছিল।


৪। কিমান খ্ৰীষ্টাব্দত বঙ্গৰ নবাব মালিক উজৰেকে কামৰূপ আক্ৰমণ কৰি শোকাবহভাৱে বন্দী হৈ মুখত পৰে?

উওৰঃ ১২০৫ খ্ৰীষ্টাব্দত বঙ্গৰ নবাব মালিক উজৰেকে কামৰূপ আক্ৰমণ কৰি শোকাবহভাৱে বন্দী হৈ মুখত পৰে।

৫।  বঙ্গৰ নবাবৰ মৃত্যুৰ পাছত মুছলমান সকলে কিমান শতাব্দীলৈ মুছলমানসকলে কামৰূপত আক্ৰমণ কৰা নাছিল?

 উওৰঃ বঙ্গৰ নবাবৰ মৃত্যুৰ পাছত অন্ততঃ ষোড়শ শতাব্দীলৈকে মুছলমানসকলে কামৰূপত আক্ৰমণ কৰা নাছিল।

৬। কছাৰি ৰজাই কোন কোন ঠাই শাসন কৰিছিল?

উওৰঃ মধ্য অসমৰ ব্ৰক্ষ্মপুত্ৰৰ দক্ষিণপাৰে উজনিৰ দিখৌৰপৰা কলং-কপিলীলৈকে কছাৰি ৰজাই শাসন কৰিছিল।

৭। খ্ৰীষ্টীয় ক্ৰয়োদশ শতিকাৰ ভিতৰত কমতাপুৰত কেইজন আৰু কোন ৰজাই ৰাজত্ব কৰিছিল ?

উওৰঃ খ্ৰীষ্টীয় ক্ৰয়োদশ শতিকাৰ ভিতৰত কমতাপুৰত দুজন দুৰ্লভ ৰজাই ৰাজত্ব কৰিছিল বুলি উল্লেখ পুৰণি চৰিত্ৰ পুথিত পোৱা যায়।

৮। কিমান শতিকাৰ শেষভাগত কোনে কমতাপুৰত ৰাজত্ব কৰে? আৰু কিমান খ্ৰীষ্টাব্দত মুছলমানৰ আক্ৰমণত তেওঁৰ ৰাজ্য নষ্টৰ বিৱৰণ পায়?

উওৰঃ পঞ্চদশ শতিকাৰ শেষভাগত খেন ৰজা নীলাম্বৰে কমতাপুৰত ৰাজত্ব কৰে আৰু ১৪৯৮ খ্ৰীষ্টাব্দত মুছলমানৰ আক্ৰমণত তেওঁৰ ৰাজ্য নষ্টৰ বিৱৰণ পায়।

৯। দুৰ্লভেন্দ্ৰ কাৰ  পুত্ৰ?

উওৰঃ অসম বুৰঞ্জী মতে সুশুদ্ধি বা গড়মা কুঁৱৰীৰ সতিনী সুলোচনাৰ পুতেক আছিল দুৰ্লভেন্দ্ৰ।

১০। হেমসৰস্বতী কোন বংশৰ ল'ৰা?

উওৰঃ হেমসৰস্বতী পুৰষানুক্ৰমে পণ্ডিত বংশৰ ল'ৰা।

১১। এখন উপপুৰাণৰ নাম লিখা।

উওৰঃ এখন উপপুৰাণৰ নাম- 'বামন-পুৰাণ'।

১২। ধৰ্মৰ  ক্ষেত্ৰত  উদাৰপন্থী কোন আছিল?

 উওৰঃ তাম্ৰধ্বজ ধৰ্মৰ ক্ষেত্ৰত উদাৰপন্থী আছিল।

১৩। কমতাপুৰৰ ৰজাৰ অনুপ্ৰেৰণা লাভ কৰা কবিসকলৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ৰজাজনৰ নাম কি?

উওৰঃ কমতাপুৰৰ ৰজাৰ অনুপ্ৰেৰণা লাভ কৰা কবিসকলৰ ভিতৰত হৰিহৰ বিপ্ৰ সৰ্বশ্ৰেষ্ঠ ৰজা ।

১৪। কিমান খ্ৰীষ্টাব্দত খেন বংশৰ শেষ ৰজা নীলাম্বৰৰ ৰাজধানী কমতাপুৰত কোনে শাসন কৰে?

উওৰঃ ১৪৯৮ খ্ৰীষ্টাব্দত খেন বংশৰ শেষ ৰজা নীলাম্বৰৰ ৰাজধানী কমতাপুৰ বঙ্গৰ নবাব হোচেন শাহে অধিকাৰ কৰে।

১৫। প্ৰাক্শঙ্কৰী যুগৰ শ্ৰেষ্ঠ কবিজনৰ নাম কি?

উওৰঃ প্ৰাক্শঙ্কৰী যুগৰ শ্ৰেষ্ঠ কবি কবিৰাজ মাধৱ কন্দলী ।

১৬। প্ৰাচীন অসমৰ পূবমধ্যাঞ্চলৰ ৰাজকবি জনৰ নাম কি?

উওৰঃ মাধৱ কন্দলী প্ৰাচীন অসমৰ পূবমধ্যাঞ্চলৰ অধিপতি বাৰাহ ৰজা মহামাণিক্যৰ ৰাজকবি আছিল।

১৭। কছাৰি সকলে ক'ত আৰু কিমান শতিকাত ৰাজত্ব কৰিছিল ?

উওৰঃ কছাৰি জাতিৰে বৰাহী শাখাই উজনি অঞ্চলৰ ব্ৰক্ষ্মপুত্ৰৰ দক্ষিণকুলত খ্ৰীষ্টীয় ক্ৰয়োদক্ষ চতুৰ্দশ শতিকাত ৰাজত্ব কৰিছিল।

১৮। 'প্ৰহ্লাদ চৰিত্ৰ' কোনে সম্পাদনা কৰিছিল?

উওৰঃ কালিৰাম মেধিয়ে 'প্ৰহ্লাদ চৰিত্ৰ' সম্পাদনা কৰিছিল।

১৯। কোনখন কাব্যত মাধৱ  কন্দলীৰ ভণিতা পোৱা যায়?

উওৰঃ 'দেৱজিৎ' নামৰ এখন কাব্যত মাধৱ কন্দলীৰ ভণিতা পোৱা যায়।

২০। 'দেৱজিৎ' কাব্যখনত কাৰ মহাত্ম্য বৰ্ণনা কৰা হৈছে?

উওৰঃ  'দেৱজিৎ' কাব্যখনত নৰনাৰায়ণ অৰ্থাৎ অৰ্জুন আৰু কৃষ্ণৰ মাহাত্ম্য বৰ্ণনা কৰা হৈছে।

২১। 'দেৱজিৎ' কাব্যখনত কিমান পদ আছে?

উওৰঃ 'দেৱজিৎ' কাব্যখনত প্ৰায় তেৰশ পদ আছে।



Author - Pompi Hazarika