অধ্য়ায়ঃ- ৪ 

ব্য়ৱসায়-বাণিজ্য আৰু উদ্য়োগ 

(Trade and Industry) 



(১) কিমান চনত ভাৰতে বিশ্বৰ উদ্যোগৰ পৰা উৎপাদনৰ ২৫ শতাংশ উৎপাদান কৰিছিল?

উত্তৰঃ- ১৭৫০ চনত ভাৰতে বিশ্বৰ উদ্যোগৰ পৰা উৎপাদনৰ ২৫ শতাংশ উৎপাদান কৰিছিল। 


(২) কিমান চনৰ পৰা ইংলেণ্ডৰ যন্ত্ৰৰ দ্বাৰা প্ৰস্তুত কৰা কাপোৰ আৰু সূতা ভাৰতৰ বজাৰলৈ আহিছিল?

উত্তৰঃ- ১৮২০ চনৰ পৰা ইংলেণ্ডৰ যন্ত্ৰৰ দ্বাৰা প্ৰস্তুত কৰা কাপোৰ আৰু সূতা ভাৰতৰ বজাৰলৈ আহিছিল। 


(৩) কিমান চনৰ পৰা কিমান চনলৈ ভাৰতত ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰধান লক্ষ্য় আছিল বেহা-বেপাৰ?

উত্তৰঃ- ১৬০০ চনৰ পৰা ১৭৫৭ চনলৈ ভাৰতত ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰধান লক্ষ্য় আছিল বেহা-বেপাৰ। 


(৪) কিমান চনত ব্ৰিটিছ পাৰ্লিয়ামেন্টে এখন আইন প্ৰনয়ণ কৰিছিল?

উত্তৰঃ- ১৭২০ চনত ব্ৰিটিছ পাৰ্লিয়ামেন্টে এখন আইন প্ৰনয়ণ কৰিছিল। 


(৫) কিমান শতিকাৰ মাজভাগত নতুন আৰু উন্নত প্ৰযুক্তিবিদ্যাৰ ভেতিত ইংলেণ্ডৰ বস্ত্ৰ উদ্যোগ গঢ়ি উঠিছিল?

উত্তৰঃ- ১৮ শতিকাৰ মাজভাগত নতুন আৰু উন্নত প্ৰযুক্তিবিদ্যাৰ ভেতিত ইংলেণ্ডৰ বস্ত্ৰ উদ্য়োগ গঢ়ি উঠিছিল। 


(৬) কিমান চনৰ পলাশী যুদ্ধৰ পাছত ভাৰতৰ সৈতে কোম্পানীৰ বাণিজ্যিক নীতিৰ পৰিৱৰ্তন হৈছিল?

উত্তৰঃ- ১৭৫৭ চনৰ পলাশী যুদ্ধৰ পাছত ভাৰতৰ সৈতে কোম্পানীৰ বাণিজ্যিক নীতিৰ পৰিৱৰ্তন হৈছিল। 


(৭) কিমান চনৰ পৰা ভাৰতৰ হস্তশিল্পৰ ওপৰত প্ৰকৃত আঘাট আহিছিল?

উত্তৰঃ- ১৮১৩ চনৰ পৰা ভাৰতৰ হস্তশিল্পৰ ওপৰত প্ৰকৃত আঘাট আহিছিল। 


(৮) কিমান চনৰ পিছত ইংলেণ্ডৰ জনসংখ্যা অতি ক্ষীপ্ৰগতিত বৃদ্ধি হৈছিল?

উত্তৰঃ- ১৭৪০ চনৰ পিছত ইংলেণ্ডৰ জনসংখ্যা অতি ক্ষীপ্ৰগতিত বৃদ্ধি হৈছিল। 


(৯) কিমান চনত ব্ৰিটেইন ৫০,০০০ বাসিন্দাৰে দুখন নগৰ আছিল?

উত্তৰঃ- ১৭৫০ চনত ব্ৰিটেইন ৫০,০০০ বাসিন্দাৰে দুখন নগৰ আছিল। 


(১০) কিমান চনত নগৰৰ সংখ্যা হৈছিল ২৯ খন? 

উত্তৰঃ- ১৮৫১ চনত নগৰৰ সংখ্যা হৈছিল ২৯ খন। 


(১১) ভাৰতৰ পৰা সম্পদৰ বহিঃ নিগৰ্মন কিমান চনৰ পৰা আৰম্ভ হৈছিল?

উত্তৰঃ- ভাৰতৰ পৰা সম্পদৰ বহিঃ নিগৰ্মন ১৭৫৭ চনৰ পৰা আৰম্ভ হৈছিল।  


(১২) কিমান চনৰ পূৰ্বে ভাৰতৰ শিল্পৰ পৰিৱেশ ধ্বংগ হৈছিল?

উত্তৰঃ- ১৮৮০ চনৰ পূৰ্বে ভাৰতৰ শিল্পৰ পৰিৱেশ ধ্বংস হৈছিল। 


(১৩) ভাৰতীয় লোকসকল কিহত যথেষ্ঠ দক্ষ?

উত্তৰঃ- ভাৰতীয় সোকসকল শিল্পকলাত যথেষ্ঠ দক্ষ। 


(১৪) কি কলাত ইউৰোপ বেছি চহকী? 

উত্তৰঃ- হস্তশিল্প আৰু শিল্পকলাত ইউৰোপ বেছি চহকী। 


(১৫) ব্ৰিটিছে ভাৰত দখল কৰাৰ পূৰ্বে ভাৰতৰ উদ্য়োগে কেইটা স্পষ্ট খণ্ডক সামৰি লৈছিল আৰু কি কি? 

উত্তৰঃ- ব্ৰিটিছে ভাৰত দখল কৰাৰ পূৰ্বে ভাৰতৰ উদ্য়োগে দুটা স্পষ্ট খণ্ডক সামৰি লৈছিল। সেইকেইটা হ'ল- গ্ৰাম্য আৰু নগৰীয়া উদ্যোগ। 


(১৬) ব্ৰিটিছ চৰকাৰে কিমান আৰু কিমান চনত আইন প্ৰনয়ণ কৰিছিল? 

উত্তৰঃ- ব্ৰিটিছ চৰকাৰে ১৭০১ আৰু ১৭২০ চনত আইন প্ৰনয়ণ কৰিছিল। 


(১৭) কিমান চনলৈ পুজিৰ বিনিয়োগ গুৰুত্বহীন হৈ আছিল? 

উত্তৰঃ- ১৮৫৭ চনলৈ পুজিৰ বিনিয়োগ গুৰুত্বহীন হৈ আছিল। 


(১৮) কিমান চনৰ বিদ্ৰোহে ভাৰতত আধুনিক উদ্য়োগৰ ক্ৰমবিকাশত এটা নতুন মাইলৰ খুতি স্থাপন কৰিছিল? 

উত্তৰঃ- ১৮৫৭ চনৰ বিদ্ৰোহে ভাৰতত আধুনিক উদ্য়োগৰ ক্ৰমবিকাশত এটা নতুন মাইলৰ খুতি স্থাপন কৰিছিল। 


(১৯) কিমান চনত কোম্পানীৰ বাণিজ্য়িক একচেটীয়া অধিকাৰ উঠাই দিয়া হৈছিল? 

উত্তৰঃ- ১৮৩৩ চনত কোম্পানীৰ বাণিজ্য়িক একচেটীয়া অধিকাৰ উঠাই দিয়া হৈছিল। 


(২০) কফি খেতি ক'ত প্ৰধান কেন্দ্ৰস্থল আছিল? 

উত্তৰঃ- কফি খেতি দক্ষিণ ভাৰতৰ প্ৰধান কেন্দ্ৰস্থল আছিল। 

চমুটোকা লিখা 

ক)  সম্পদৰ বহিঃনিগৰ্মণ 

উত্তৰঃ ভাৰতীয় নেতা দাদাভাই নৌৰজী, ৰমেশ চন্দ্ৰ দদত্ত আদিয়ে ভাৰতীয়সকলৰ সমৃদ্ধিৰ বিপৰীতে তেওঁলোকে ভোগ কৰা দৰিদ্ৰতাৰ কাৰণবোৰ কোম্পানীৰ শাসন আৰম্ভ হোৱাৰ আগলৈ বিশ্লেষণ কৰি সিদ্ঞান্তলৈ আহিছে যে ব্ৰিটিছৰ অবিৰত শোষণ এই পৰিৱৰ্তনৰ প্ৰধান কাৰণ । ব্ৰিটিছসকলে ভাৰতৰ সম্পদ বিভিন্ন  প্ৰকাৰে ইংলেণ্ডলৈ লৈ গৈছিল । ইয়াৰ ফলত ভাৰতীয় মানুহে দাৰিদ্ৰতা, দুৰ্ভিক্ষ, স্বাস্থ্যহীনতা, আৰু দুৰ্যোগত ভূগিছিল । ব্ৰিটিছসকলে ভাৰতৰ ধন আৰু সম্পদৰ এটা অংশ ব্ৰিটেইনলৈ প্ৰেৰণ কৰিছিল যাৰ বাবে বা যাৰ বিনিময়ত ভাৰতে কোনো অৰ্থনৈতিক বা বস্তুগতভাৱে লাভ হোৱা নাছিল । এই অৰ্থনৈতিক নিস্কাশন ব্ৰিটিছ শাসনৰ বিশেষ বৈশিষ্ট্য আছিল । কিন্তু ইয়াৰ আগলৈ অতি দুৰ্বল ৰজাজনেও দেশৰ ধন-সম্পদ দেশৰ ভিতৰতে খৰচ কৰিছিল দেশৰ বাহিৰলৈ যাবলৈ দিয়া নাছিল । ভাৰতীয় ৰজাসকলে জলসিঞ্চন, নলা, বাট-পথ, ৰাজপ্ৰসাদ, মঠ-মন্দিৰ, মছজিদ , যুদ্ধ বিজয় আৰু আৰু লাহ-বিলাসত দিন কটাই ধন খৰচ কৰিছিল যদিও এইবোৰে ভাৰতীয় ব্যৱসায়ত অধিক লাভ কৰিছিল । তাৰোপৰি ই উদ্যোগ স্থাপন আৰু ভাৰতীয় লোকক নিয়োগ কৰাত সহায় কৰিছিল । আনকি বিদেশী আক্ৰমণকাৰী মোগলসকলে ভাৰতত বসবাস কৰি ভাৰক নিজৰ গৃহ হিচাপে গ্ৰহণ কৰি ভাৰতৰ ধন-সম্পদ ভাৰততে খৰচ কৰিছিল । কিন্তু ব্ৰিটিছসকলে সদায় বিদেশী হিচাপে আছিল । ভাৰতৰ উন্নয়ন বা কল্যাণৰ পৰিৱৰ্তে তেওঁলোকে ইংলেণ্ডৰ স্বাৰ্থতহে গুৰুত্ব দিছিল ।

ইংৰাজসকলে ভাৰতত কাম কৰি আৰু বেহা-বেপাৰ কৰি পোৱা সকলো ধন-সম্পদ ইংলেণ্ডত বিনিয়োগ বা খৰচ কৰিছিল । আনহাতে ভাৰতৰ কোম্পানী চৰকাৰে ভাৰতৰ পৰা লাভ কৰা ৰাজহ আৰু অন্যান্য উপাৰ্জন ইংলেণ্ডত খৰচ কৰিছিল , ভাৰতত নহয়, ভাৰতৰ পৰা সম্পদৰ বহিঃনিগৰ্মন ১৭৫৭ চনৰ পৰা আৰম্ভ হৈছিল । যেতিয়া কোম্পানীৰ কৰ্মচাৰীসকলে ভাৰতৰ জমিদাৰ, সদাগৰ সাধাৰণ প্ৰজা আৰু শাসকসকলৰ পৰা আহৰণ কৰা প্ৰচুৰ সম্পদ ইংলেণ্ডলৈ নিছিল । খ

খ) আধুনিক শিল্পৰ বিকাশ 

উত্তৰঃ সকলো সময়ৰ ডাঙৰ সাম্ৰাজ্যবোৰৰ নিৰস ব্যৱসায়িক দিশ থাকে যিটো অবিহনে তেওঁলোকক মহত্ব বা সফলতাত উপনীত হব নোৱাৰে বা মধ্যস্থতাকাৰী হিচাপে দীৰ্ঘদিনলৈ বৰ্তি থাকিব নোৱাৰে । কিন্তু সাধাৰণভাৱে ই হল অৰ্থনৈতিক ক্ষমতা যিটোৱে বিশ্ৰাম আৰু নিৰাপত্তা নিশ্চিত কৰে যত দাৰ্শনিক আৰু ধৰ্মীয় তত্ত্বৰ বিকাশ হয় । তাৰোপৰি তাত সত্যতা অস্বীকাৰ কৰিব নোৱাৰি যে আনকি বিশ্বৰ আটাইতকৈ ডাঙৰ সাম্ৰাজ্যবোৰেও ব্ৰিটিছ অহাৰ পূৰ্বে এটা ৰাজকীয় শক্তি হিচাপে ভাৰতৰ ভূমিত গঢ়ি উঠিছিল । মৌৰ্য্য, গুপ্ত দক্ষিণৰ বাকাটক , মোগল সাম্ৰাজ্য বা মোগলসকলক এই ৰাজ্যবোৰক বিশ্বৰ মহান সাম্ৰাজ্যৰ সৈতে সকলোধৰণেৰে উচ্চমানৰ বুলি তুলনা কৰিছিল । তেওঁলোকৰ ৰাজত্বকালতে ভাৰতৰ অৰ্থনীতি গঢ় লৈ উঠিছিল । ভাৰতৰ শক্তিশালী অৰ্থনীতিৰ ভেটি আছিল কৃষি, উদ্যোগ, আূবৰু বাণিজ্য- ভাৰতৰ পূৰ্বৰ ৰাজবংশবোৰে ভাৰতৰ অৰ্থনীতিৰ ভেটি সুদৃঢ় কৰি থৈ গৈছে । 

ব্ৰিটিছ নিৰপেক্ষতাৰ বাবে গৌৰৱ অৰ্জন কৰিব পাৰে যিটো তেওঁলোকে তেওঁলোকৰ উপনিৱেশসমূহৰ তথ্য আৰু পৰিসংখ্যাৰ পৰা জনা যায় । কিন্তু তেওঁলোকৰ তথ্য আৰু পৰিসংখ্যাৰ ছবিখন প্ৰকৃততে গধুৰ । তথ্যবোৰ বিভ্ৰান্তিমূলক । 

১৮৮০ চনৰ পূৰ্বে ভাৰতৰ শিল্পৰ পৰিৱেশ ধ্বংস হৈছিল । ১৮৮০ চনৰ পিছত ঔপনিবেশিক অৰ্থনীতি বা পৰিপূৰক উদ্যোগীক পৰিৱেশ ব্ৰিটিছসকলে ভাৰতত গঢ়ি তুলিছিল । ভাৰতীয় ৰাজনীতিত হোৱা উত্থান পতনৰ সৈতে ভাৰতত শিল্প উদ্যোগ বিকাশৰ সম্পৰ্ক আছে । মৌৰ্যসকলৰ উত্থানেই হওক বা শক্তিশালী শাসনৰ উত্থানে বিকাশৰ গতিক তুৰাণ্বিত কৰিছিল । 

গ) চাহ আৰু কফি 

উত্তৰঃ  ১৮৩৩ চনত কোম্পানীৰ বাণিজ্যিক একচেতীয়া অধিকাৰ উঠাই দিয়া হৈছিল । কোম্পানীয়ে তাৰ পিছত ভাৰতত চাহৰ বৃদ্ধিৰ প্ৰতি থকা অতিপাত সম্ভাৱনিয়তাৰ প্ৰতি মনোযোগ দিছিল । এন্দ্ৰিউ কাৰ্লটনে অসমত চাহ গছ উদ্ধাৰ কৰিছিল আৰু উইলিয়াম বেন্টিকে ততালিকে ইয়াৰ গুৰুত্ব উপলব্ধি কৰিছিল । তেওঁ ১৮৩৪ চনত এখন চাহ কমিটি গঠন কৰিছিল । পৰীক্ষা-নিৰীক্ষাৰ অন্ত ১৮৩৯ চনত ফেব্ৰুৱাৰীত অসম কোম্পানী প্ৰতিষ্ঠা কৰা হৈছিল । চাহ গছ ৰোপণ কাৰ্যই সফলতা প্ৰমাণ কৰিছিল ।  অসম কোম্পানীয়ে ১৮৬০ চনলৈ ১২ শতাংশ লাভৰ অংশ আদায় দিব লাগিছিল । ইয়ে চাহগছৰ উদ্ভাৱনত যথেষ্ট গতি আনিছিল ।  ১৮৫৯ চনৰ মাজত ২০ টা কোম্পানী চৰকাৰী নথিভূক্ত হৈছিল । তাৰোপৰি অসংখ্য ব্যক্তিগত কোম্পানী গঠিত হৈছিল । ১৮৬৬ -৬৭ বছৰটোত কোম্পানীয়ে প্ৰচুৰ লাভ কৰিছিল । ১৮৭১-১৮৮০ চনৰ মাজত অসম কোম্পানীয়ে ৩৫ শতাংশ লাভৰ অংশ প্ৰদান কৰিছিল । সমান্তৰালভাৱে কফি গছ ৰোপণ কাৰ্যও আৰম্ভ হৈছিল । যিহেতু চাহ খেতি উত্তৰ  ভাৰতৰ এটা অতি গুৰুত্বপূৰ্ণ উদ্যোগ আছিল , কফি খেতিও দক্ষিণ ভাৰতৰ প্ৰধান কেন্দ্ৰস্থল আছিল 

ঘ) মৰাপাট উদ্যোগ 

উত্তৰঃ কাৰখানা শিল্পৰ জন্ম দিয়া তৃতীয়টো গুৰুত্বপূৰ্ণ খেতি আছিল মৰাপাট খেতি । ই আছিল ব্ৰিটিছ বিনিয়োগৰ আটাইতকৈ  বেছি আকৰ্ষণীয় দিশ । ই আমেৰিকা পেনাং আৰু ছিংগাপুৰলৈ ৰপ্তানি কৰা এটা  অতি  গুৰুত্বপূৰ্ণ  সামগ্ৰী । ইয়াৰ চাহিদা আছিল  উৰ্দ্ধমুখী আৰু প্ৰচুৰ লাভ আছিল আৰু ইয়ে ভাৰতত কাৰখানা স্থাপন কৰিবলৈ ব্ৰিছিছসকলক সহায় কৰিছিল । এই সকলোবোৰ বাগিছা উদ্যোগ আৰম্ভণিৰে পৰা কোম্পানীৰ প্ৰাক্তন বা অৱসৰ পোৱা কৰ্মচাৰী বা কোম্পানীৰ সৈতে সম্পৰ্ক থকা লোকেহে লাভ কৰিছিল । পৰিচালনা কৰিছিল আৰু নিয়ন্ত্ৰণ কৰিছিল । তেওঁলোকে প্ৰচুৰ লাভৰ প্ৰতি অধিক আগ্ৰহী আছিল । নীল, চাহ আৰু কফি, আৰু মৰাপাট উদ্যোগে তেওঁলোকৰ মূলধনৰ পৰিমাণ অধিক কৰিছিল । তিন্তু মৰাপাটৰ বাহিৰে বাগিছা উদ্যোগে ভাৰতত উন্নতি লাভ কৰিব পৰা নাছিল । বাগিছাৰ পৰা ৰপ্তানিৰ কেচা সামগ্ৰীবোৰ ৰৈ গৈছিল । 

ৰচনাধৰ্মী প্ৰশ্নঃ 

১। ভাৰতৰ  কুটীৰ উদ্যোগ পতনৰ কাৰণবোৰৰ বিষয়ে লিখা ।

উত্তৰঃ ভাৰতৰ কুটীৰ উদ্যোগ পতনৰ কাৰণবোৰ হল

ক) ৰাজকীয় সভাৰ পতন - প্ৰথমতে স্থানীয় ভাৰতীয় ৰজাবোৰৰ ৰাজসভা বা ৰাজশাসনৰ পতনৰ ফলত হস্তশিল্পৰ পতন হৈছিল । উদাহৰণস্বৰূপে বংগৰ মছজিদ , কপাহ আৰু ছিল্ক উদ্যোগ মোগল সম্ৰাটসকলৰ দ্বাৰা আগবঢ়োৱা পৃষ্ঠপোষকতাৰ ফলত বিকশিত হৈছিল । মোগল সাম্ৰাজ্যৰ পতনৰ লগে লগে বংগত সামগ্ৰীৰ গুৰুত্বও নাইকিয়া হৈছিল । একেদৰে অযোধ্যাৰ নবাবে ৰঙীন কাপোৰৰ বাবে চেন্নাইৰ পৰা ৰং উদ্যোগৰ বিকাশৰ বাবে পৃষ্ঠপোষকতা আগবঢ়াইছিল । তেনেদৰে বহুতো ভাৰতীয় ৰাজ্য আৰু ৰজাৰ পতনৰ বাবে দায়ী আছিল শক্তিশালী জাতি হিচাপে ইংৰাজৰ উত্থান । স্থানীয় ৰজাৰ পতনৰ বাবে শিল্পীসকলে ৰাজকীয় পৃষ্ঠপোষকতাৰ পৰা বঞ্চিত হৈছিল আৰু তেওঁলোকৰ উদ্যোগবোৰৰ পতন হৈছিল ।

খ) বিদেশী শাসনৰ প্ৰতিকূল প্ৰভাৱ- বিদেশী শাসনে ভাৰতৰ কুটীৰ উদ্যোগৰ পতনত অৰিহণা যোগাইছিল । ভাৰতত পীয়ান বিষয়াৰ আৱিৰ্ভাব হৈছিল । ভাৰতৰ ৰজাসকলৰ ৰাজসভাৰ নবল বা সভ্যসকলৰ দৰে এই বিষয়াসকলে দেশীয় উদ্যোগত সামগ্ৰীৰ প্তি সহানুভূতি বা আগ্ৰহ প্ৰকাশ নকৰি ইউৰোপত সস্তীয়া কাপোৰৰ প্ৰতিহে আদৰ বঢ়াইছিল । শিক্ষিত ভাৰতীয়সকলে এই ইউৰোপীয়ান বিষয়াসকলক অনুসৰণ কৰি ইউৰোপীয়ান কপাহী কাপোৰ বা সামগ্ৰী গ্ৰহণ কৰিছিল । পঞ্জাৱত ইউৰোপৰ কপাহী সামগ্ৰীয়ে ভাৰতৰ চিল্কৰ সাজৰ ঠাই পূৰণ কৰিছিল । তাৰোপৰি ভাৰতৰ শিক্ষিত বৃত্তিধাৰী শ্ৰেণীটোৱে ইউৰোপীয়ান বিষয়াসকলে ভাল নোপোৱা সাজ-পোছাক পৰিধান কৰি উচ্চ পদবীধাৰী ইউৰোপীয়ান বিষয়াসকলক অসন্তুষ্ট কৰিব বিচৰা নাছিল । সেয়েহে বাধ্য হৈ তেওঁলোকে ইউৰোপীয়ান সাজ-পোছাক পৰিধান কৰিবলৈ বাধ্য হৈছিল । ব্ৰিটিছসকলেও কিছুমান অলিখিত আইন আৰু প্ৰথা গ্ৰহণ কৰিছিল যাৰ ফলত পশ্চিমীয়া সামগ্ৰীৰ চাহিদা বৃদ্ধি পাইছিল । 

গ) ব্ৰিটিছ ইষ্ট-ইণ্ডিয়া কোম্পানীৰ বিদ্ৰোহী নীতি - বৃটিছ ইষ্ট-ইণ্ডিয়া কোম্পানী আৰু বৃটিছ পাৰ্লিয়ামেন্টৰ বিদ্ৰোহী নীতি ভাৰতীয় হস্তশিল্পৰ পতনৰ বাবে প্ৰধানকৈ দায়ী আছিল ।  কোম্পানীৰ শাসনৰ আৰম্ভণি পৰ্যায়তে ইষ্ট-ইণ্ডিয়া কোম্পানীয়ে ভাৰতীয় হস্তশিল্পক আশ্বাস দিছিল । কাৰণ এইবোৰ সামগ্ৰী ইউৰোপৰ বজাৰত বিক্ৰী কৰি কোম্পানী প্ৰচুৰ লাভৱান হৈছিল । কিন্তু অতি কম দিনৰ ভিতৰতে কোম্পানীয়ে এই নীতি সাল-সলনি কৰিবলৈ বাধ্য হৈছিল ।  তেতিয়াৰে পৰা ইংলেণ্ডৰ কাৰখানাৰ বাবে যিবোৰ কেচামাৱৰ প্ৰয়োজন সেইবোৰহে ৰপ্তানি কৰিবলৈ আদেশ দিছিল । ইংলেণ্ড কাৰখানাত ভাৰতীয় সামগ্ৰী সকলো প্ৰকাৰৰ চেষ্টা অব্যাহত ৰাখিছিল আৰু কোম্পানীয়ে ভাৰতীয় উদ্যোগবোৰৰ বাবে কেনেধৰণৰ উন্নত পদক্ষেপ লোৱাৰ পৰিৱৰ্তে অতিকৈ আশ্বাসিত কৰিছিল । 

১৭০০ আৰু ১৭২১ চনত ভাৰতত চাপ মৰা বা ৰং কৰা কপাহী কাপোৰ পৰিধান কৰাত নিষেধাজ্ঞা আৰোপ কৰিছিল । ভাৰতীয় উদ্যোগবোৰ ধ্বংস কৰাৰ বাবে বাণিজ্যিক শুল্ক আৰোপ কৰা হৈছিল । ভাৰতীয় বস্ত্ৰ প্ৰকৃত মূল্যৰ ওপৰত ৭০ৰ পৰা ৮০ শতাংশ কৰ ধাৰ্য কৰাত ভাৰতীয় বস্ত্ৰই ব্ৰিটিছৰ বস্তুৰ সৈতে ফেৰ মাৰিব নোৱাৰা হৈছিল । এইটো নিশ্চিত আছিল যে যদি ভাৰতীয় বস্ত্ৰ সামগ্ৰীৰ ওপৰত কৰ আৰোপ নকৰিলেহেতেন তেতিয়াহলে যন্ত্ৰচালিত হলেও পেইচলি আৰু মানচেষ্টাৰৰ বস্ত্ৰ মিল তিষ্ঠি থকা কঠিন হৈ পৰিলহেতেন । ১৯ শতিকাৰ মাজভাগৰ পৰা এইবোৰ গধুৰ শুল্ক বাতিল কৰিছিল তেতিয়া ভাৰতীয় উদ্যোগবোৰ অকামিলা হৈ পৰিছিল । ভাৰতৰ কুটীৰ শিল্পৰ পতনে ভাৰতীয় অৰ্থনীতিত জোকাৰণি সৃষ্টি কৰিছিল । ব্ৰিটিছে হাতশাল ধ্বংস কৰিছিল আৰু সুতাকটা চকাই ভাৰতীয় সমাজত এটা সামাজিক বিপ্লৱৰ সূচনা কৰিছিল । ই অকল পুৰণি কাৰখানাৰ নগৰবোৰকে ধ্বংস কৰা নাছিল , ই গাৱলীয়া অৰ্থনৈতিক জীৱনৰ ভাৰসাম্যতা ধ্বংস কৰিছিল । হস্তশিল্পীসকলৰ এক বুজ অংশক কৰ্মহীনতালৈ ঠেলি দিছিল আৰু তেওঁলোকে কৃষিকাৰ্যত ভিৰ কৰিছিল ।  

২। সম্পদৰ বহিঃ নিৰ্গমণৰ বিষয়ে লিখা ।

উত্তৰঃ ভাৰতীয় নেতা দাদাভাই নৌৰজী, ৰমেশ চন্দ্ৰ দত্ত আদিয়ে ভাৰতীয়সকলৰ সমৃদ্ধিৰ বিপৰীতে তেওঁলোকে ভোগ কৰা দৰিদ্ৰতাৰ কাৰণবোৰ কোম্পানীৰ শাসন আৰম্ভ হোৱাৰ আগলৈ বিশ্লেষণ কৰি সিদ্ধান্তলৈ আহিছে যে ব্ৰিটিছৰ অবিৰত শোষণ এই পৰিৱৰ্তনৰ প্ৰধান কাৰণ । ব্ৰিটিছসকলে ভাৰতৰ সম্পদ বিভিন্ন প্ৰকাৰে ইংলেণ্ডলৈ লৈ গৈছিল । ইয়াৰ ফলত ভাৰতীয় মানুহে দৰিদ্ৰতা, দুৰ্ভিক্ষ, স্বাস্থ্যহীনতা আৰু দুৰ্যোগত ভূগিছিল । ব্ৰিটিছসকলে ভাৰতৰ ধন আৰু সম্পদৰ এটা অংশ ব্ৰিটেইনলৈ প্ৰেৰণ কৰিছিল যাৰ বাবে বা যাৰ বিনিময়ত ভাৰতে কোনো অৰ্থনৈতিক বা বস্তুগতভাৱে লাভান্বিত হোৱা নাছিল । এই অৰ্থনৈতিক নিস্কাশন ব্ৰিটিছ শাসনৰ বিশেষ বৈশিষ্ট্য আছিল । কিন্তু ইয়াৰ আগলৈ অতি দুৰ্বল ৰজাজনেও দেশৰ ধন-সম্পদ দেশৰ ভিতৰতে খৰচ কৰিছিল দেশৰ বাহিৰলৈ যাবলৈ দিয়া নাছিল । ভাৰতীয় ৰজাসকলে জলসিঞ্চন , নলা, বাট-পথ, ৰাজপ্ৰসাদ নিৰ্মাণ, মঠ-মন্দিৰ, মছজিদ, যুদ্ধ বিজয় আৰু লাহ-বিলাসত দিন কটাই ধন খৰচ কৰিছিল যদিও এইবোৰে ভাৰতীয় ব্যৱসায়ত আগ্ৰহী কৰি তুলিছিল । 

তাৰোপৰি ই উদ্যোগ স্থাপন আৰু ভাৰতীয় লোকক নিয়োগ কৰাত সহায় কৰিছিল । আনকি বিদেশী আক্ৰমণকাৰী মোগলসকলে ভাৰতত বসবাস কৰি ভাৰতক নিজৰ গৃহ হিচাপে গ্ৰহণ কৰি ভাৰতৰ ধন-সম্পদ ভাৰততে খৰচ কৰিছিল । কিন্তু ব্ৰিটিছসকলে সদায় বিদেশী হিচাপে আছিল । ভাৰতৰ উন্নয়ন বা কল্যাণৰ পৰিৱৰ্তে তেওঁলোকে ইংলেম্ডৰ স্বাৰ্থকহে গুৰুত্ব দিছিল । ইংৰাজসকলে ভাৰতত কাম কৰি আৰু বেহা-বেপাৰ কৰি পোৱা সকলো ধন সম্পদ ইংলেণ্ডত বিনিয়োগ বা খৰচ কৰিছিল । আনহাতে ভাৰতৰ কোম্পানীৰ চৰকাৰে ভাৰতৰ পৰা লাভ কৰা ৰাজহ আৰু অন্যান্য উপাৰ্জন ইংলেণ্ডত খৰচ কৰিছিল , ভাৰতত নহয় । ভাৰতৰ পৰা সম্পদৰ বহিঃনিগৰ্মণ ১৭৫৭ চনৰ পৰা আৰম্ভ হৈছিল যেতিয়া কোম্পানীৰ কৰ্মচাৰীসকলে ভাৰতৰ জমিদাৰ , সদাগৰ, সাধাৰণ প্ৰজা আৰু শাসকসকলৰ পৰা আহৰণ কৰা প্ৰচুৰ সম্পদ ইংলেণ্ডলৈ নিছিল । তেওঁলোকে ১৭৫৮ আৰু ১৭৬৫ চনৰ মাজত প্ৰায় ৬ মিলিয়ন পাউণ্ড ইংলেণ্ডলৈ প্ৰেৰণ কৰিছিল । এই ধন ১৭৬৫ চনত বংগৰ নবাবে সংগ্ৰহ কৰা মুঠ ৰাজহৰ ৪ গুণতকৈ বেছি । 

৩। বাণিজ্য আৰু ৰাজহ নীতিৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ ১৬০০ চনৰ পৰা ১৭৫৭ চনলৈ ভাৰতত ইষ্ট-ইণ্ডিয়া কোম্পানীৰ প্ৰধান লক্ষ্য আছিল বেহা-বেপাৰ । তেওঁলোকে  সামগ্ৰী বা মূল্যবান ধাতু ভাৰতলৈ আনিছিল আৰু সেইবোৰ ভাৰতৰ সামগ্ৰী যেনে বস্ত্ৰ আৰু মচলাৰ সৈতে বিনিময় কৰিছিল যিবোৰ তেওঁলোকে ভাৰতৰ পৰা নি বাহিৰত বিক্ৰী কৰিছিল । ভাৰতৰ সামগ্ৰী বাহিৰত বিক্ৰী কৰি কোম্পানীয়ে যথেষ্ট লাভৱান হৈছিল । স্বাভাবিকতে কোম্পানীয়ে ভাৰতৰ সামগ্ৰীৰে ব্ৰিটেইন আৰু আন ৰাজ্যত নতুন বজাৰ খুলিবলৈ চেষ্টা কৰিছিল । তাৰ দ্বাৰাই ভাৰতীয় সামগ্ৰীবোৰৰ ৰপ্তানি বৃদ্ধি পাইছিল আৰু শেষলৈ তেওঁলোকে ভাৰতৰ পৰা সহযোগো পাইছিল ।  সেইকাৰণে ভাৰতীয় ৰজাসকলে আৰম্ভণিতে কোম্পানীৰ বেপাৰ বাণিজ্যক সুবিধা প্ৰদান কৰিছিল আৰু ভাৰতত ইষ্ট-ইণ্ডিয়া কোম্পানীক বেহা-বেপাৰৰ ঘাটি স্থাপন কৰাাত অনুমতি দিছিল । কিন্তু আৰম্ভণিৰে পৰা বৃটিছ সকলে ব্ৰিটেইনত ভাৰতীয় সামগ্ৰীৰ জনপ্ৰিয়তাত ইৰ্ষান্বিত হৈ পৰিছিল । হঠাতে পোছাকৰ সাজ-সজ্জা আৰু আৰ্হি পৰিৱৰ্তন হৈছিল আৰু কপাহী কাপোৰৰ সলনি ইংলেণ্ডৰ উলৰ সাজ-পোছাক ব্যৱহাৰ হবলৈ ধৰিছিল । ব্ৰিটিছ সামগ্ৰী প্ৰস্তুতকৰ্তাসকলে ভাৰতৰ সামগ্ৰী ইংলেণ্ডত বিক্ৰী হোৱা কাৰ্যত নিষেধাজ্ঞা আৰোপ কৰা বন্ধ কৰিবলৈ হেচা প্ৰয়োগ কৰিছিল । ১৭২০ চনত ব্ৰিটিছ পাৰ্লিয়ামেন্টে এখন আইন প্ৰণয়ন কৰিছিল আৰু তাৰ দ্বাৰা ভাৰতবৰ্ষত সামগ্ৰীৰ আমদানি বন্ধ কৰিছিল তাৰ পিছত ব্ৰিটিছ চৰকাৰে প্ৰণালীবদ্ধভাৱে ভাৰতৰ সামগ্ৰীৰ ৰপ্তানিৰ পৰিৱৰ্তে ভাৰতৰ পৰা কেচামাল সংগ্ৰহৰ আচনি গ্ৰহণ কৰিছিল । ব্ৰিটিছ চৰকাৰে ব্ৰিটিছসকলৰ স্বাৰ্থত বা নিজৰ দেশৰ স্বাৰ্থত এনে নীতি গ্ৰহণ কৰিছিল । তাৰোপৰি অনাড়ম্বৰপূৰ্ণ কপেৰৰ ওপৰত গধুৰ কৰ আৰোপ কৰা হৈছিল । আন ইউৰোপীয়ান ৰাজ্যবোৰে ভাৰতৰ কাপোৰ আমদানি কৰা বন্ধ  কৰিছিল বা গধুৰ আমদানি শুল্ক আৰোপ কৰিছিল । ১৭৫৭ চনৰ পলাশী যুদ্ধৰ পাছত ভাৰতৰ সৈতে কোম্পানীৰ বাণিজ্যিক নীতিৰ পৰিৱৰ্তন হৈছিল । বংগৰ ৰাজনৈতিক অধিকাৰ লাভ কৰাৰ পিছত ভাৰতৰ বেহা-বেপাৰ আৰু বস্তুৰ ওপৰত পোনপটীয়া বা একচেতীয়া অধিকাৰ  প্ৰতিষ্ঠা কৰিব পৰাকৈ ৰাজনৈতিক ক্ষমতা ব্যৱহাৰ কৰিব পৰা হৈছিল । ইয়াৰ উপৰিও ভাৰতৰ সামগ্ৰীৰ ৰপ্তানিৰ বাবে বংগৰ ৰাজহ ব্যৱহাৰ কৰিছিল । কোম্পানীৰ কাৰ্যকলাপে ভাৰতীয়লোকসকলক যথেষ্ট আগ্ৰহী কৰিছিল যিহেতু ব্ৰিটেইনলৈ ৰপ্তানি কৰা ভাৰতীয় সামগ্ৰীৰ পৰিমাণ ১৭৫০-৫১ চনত ১.৫ মিলিয়নৰ  পৰা ১৭৯৭-৯৮ চনত ৫.৮ মিলিয়নলৈ বৃদ্ধি হৈছিল । 

Author- Ali rani Kakati ( Ba in History Major)