Chapter 4


স্বাধীন ভাৰত পৰৱৰ্তী সময়ত ৰাষ্ট্ৰীয় শিক্ষা নীতিসমূহ

National Policies On Education in Post Independent India

অতি চমু প্ৰশ্ন আৰু ুউত্তৰ (অতিৰিক্ত)

1. কিমান চনৰ ৰাষ্ট্ৰীয় শিক্ষা নীতি ভাৰতৰ শিক্ষাৰ বুৰঞ্জীত এক গুৰুত্বপূৰ্ণ দিশ।

উত্তৰঃ ১৯৬৮ চনৰ ৰাষ্ট্ৰীয় শিক্ষা নীতি ভাৰতৰ শিক্ষাৰ বুৰঞ্জীত এক গুৰুত্বপূৰ্ণ দিশ।

2. শিক্ষক কি?

উত্তৰঃ শিক্ষক হৈছে সমাজৰ এক গুৰুত্বপূৰ্ণ অংশ।

3. পৰীক্ষাৰ সংস্কাৰ সাধনৰ এক প্ৰধান লক্ষ্য হোৱা উচিত?

উত্তৰঃ পৰীক্ষাৰ সংস্কাৰ সাধনৰ এক প্ৰধান লক্ষ্য হোৱা উচিত যে পৰীক্ষাৰ নিৰ্ভৰযোগ্যতা আৰু বৈধতা বৃদ্ধি কৰা।

4. কিমান চনত ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে ভাৰতৰ শিক্ষা ব্যৱস্থাৰ বিভিন্ন দিশত প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে।

উত্তৰঃ ১৯৬৮ চনত ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে ভাৰতৰ শিক্ষা ব্যৱস্থাৰ বিভিন্ন দিশত প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে।

5. কিমান চনত ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে স্বাধীন ভাৰতত শিক্ষাৰ ক্ষেত্ৰত দিক্ নিৰ্দেশনা প্ৰদানৰ জৰিয়তে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহন কৰিছে।

উত্তৰঃ ১৯৬৮ চনত ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে স্বাধীন ভাৰতত শিক্ষাৰ ক্ষেত্ৰত দিক্ নিৰ্দেশনা প্ৰদানৰ জৰিয়তে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহন কৰিছে।

6. ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আন এটা গুৰুত্বপূৰ্ণ উদ্দেশ্য কি?
 
উত্তৰঃ ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আন এটা গুৰুত্বপূৰ্ণ উদ্দেশ্য হৈছে মাধ্যমিক শিক্ষাৰ গুণগত মানদণ্ডৰ বিকাশ সাধন কৰা।

7. বৰ্তমান আৰু ভৱিষ্যতৰ বাবে শিক্ষা কি?

উত্তৰঃ বৰ্তমান আৰু ভৱিষ্যত বাবে শিক্ষা হৈছে এক অদ্বিতীয় বিনিয়োগ।

8. ৰাষ্ট্ৰীয় শিক্ষা ব্যৱস্থাৰ অৰ্থ কি?

উত্তৰঃ ৰাষ্ট্ৰীয় শিক্ষা ব্যৱস্থাৰ অৰ্থ হ'ল যে এক নিৰ্দিষ্ট স্তৰলৈ জাতি, বৰ্ণ, ধৰ্ম অথৱা লিংগ নিৰ্বিশেষ সকলো শিক্ষাৰ্থীকে সম গুণসম্পন্ন শিক্ষা প্ৰজান কৰা।
 
9. শিক্ষা প্ৰক্ৰিয়াৰ এক গুৰুত্বপূৰ্ণ উদ্দেশ্য কি? 

উত্তৰঃ শিক্ষা প্ৰক্ৰিয়াৰ এক গুৰুত্বপূৰ্ণ উদ্দেশ্য হ'ল জীৱন-জোৰা শিক্ষা।

10. ৰাষ্ট্ৰীয় শিক্ষানীতি আচঁনিয়ে প্ৰধানকৈ দুটা দিশৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে আৰু সেইকেইটা  কি কি?

উত্তৰঃ ৰাষ্ট্ৰীয় শিক্ষানীতি আচঁনিয়ে প্ৰধানকৈ দুটা দিশৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে আৰু সেইকেইটা হ'ল 

(i) সাৰ্বজনীন নামভৰ্তিকৰণ আৰু ১৪ ভছৰ বয়সলৈকে সাৰ্বজনীনভাৱে শিক্ষা গ্ৰহন ।

(ii) শিক্ষাৰ গুণগত দিশৰ বিকাশ সাধন।

11. কি শিক্ষাক এক নিৰ্দিষ্ট শাখা হিচাপে গণ্য কৰা হয়।

উত্তৰঃ বৃত্তিমুখী শিক্ষাক এক নিৰ্দিষ্ট শাখা হিচাপে গণ্য কৰা হয়।

12. কিমান চনত স্থাপন কৰা ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ক অধিক শক্তিশালী কৰি তুলিবৰ বাবে প্ৰস্তাৱ গ্ৰহন কৰা হয়।

উত্তৰঃ ১৯৮৫ চনত স্থাপন কৰা ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ক অধিক শক্তিশালী কৰি তুলিবৰ বাবে প্ৰস্তাৱ গ্ৰহন কৰা হয়।

13. কৰ্ম অভিজ্ঞতা কি?

উত্তৰঃ কৰ্ম অভিজ্ঞতা হৈছে এক উদ্দেশ্যপূৰ্ণ আৰু অৰ্থপূৰ্ণ কাৰ্য যাক শিক্ষণ প্ৰক্ৰিয়াৰ এক অবিচ্ছেদ্য অংশ হিচাপে গণ্য কৰিব লাগে।

14. নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিক কিমান চনত সংসদত গ্ৰহন কৰা হৈছিল।

উত্তৰঃ নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিক ১৯৮৬ চনত সংসগত গ্ৰহন কৰা হৈছিল।

15. শিক্ষাৰ ক্ষেত্ৰত মুঠ জাতীয় উৎপাদনৰ কিমান শতাংশ বিনিয়োগ কৰিব লাগে?

উত্তৰঃ শিক্ষাৰ ক্ষেত্ৰত মুঠ জাতীয় উৎপাদনৰ ৬ শতাংশ বিনিয়োগ কৰিব লাগে।

16. সংসদৰ উভয় সদনত সংসোধিত ৰাষ্ট্ৰীয় শিক্ষানীতিক কিমান চনৰ কিমান তাৰিখে উত্থাপন কৰা হয়।

উত্তৰঃ  সংসদৰ উভয় সদনত সংসোধিত ৰাষ্ট্ৰীয় শিক্ষানীতিক ১৯৯২ চনৰ ৭ মে' তাৰিখে উত্থাপন কৰা হয়।

Question Answer Type- Ikhant Bora