অধ্যায় ৫

প্ৰতিষ্ঠানিক পৰিকল্পনা 
(Institutional Planning)

প্ৰশ্নাৱলী

1. What do you mean by institutional planning in the field of education. (শিক্ষাৰ ক্ষেত্ৰত প্ৰতিষ্ঠানগত পৰিকল্পনাৰ অৰ্থ কি।)

Answer:  শিক্ষাৰ ক্ষেত্ৰত  প্ৰতিষ্ঠানগত পৰিকল্পনা মানে শৈক্ষিক প্ৰতিষ্ঠানৰ ক্ষেত্ৰত কৰা পৰিকল্পনা।

2. Giva a definition of institutional planning. (প্ৰতিষ্ঠানগত পৰিকল্পনাৰ এক সংজ্ঞা দিয়া।)

Answer:  প্ৰতিষ্ঠানগত পৰিকল্পনাৰ এক সংজ্ঞা তলত দিয়া হ'ল-

এম.বি বুছে সংজ্ঞা প্ৰদান কৰি কয় যে- প্ৰতিষ্ঠানিক পৰিকল্পনা হৈছে শৈক্ষিক অনুষ্ঠানে প্ৰস্তুত কৰা বিকাশ আৰু প্ৰগতিৰ এক কাৰ্যসূচী, যি অনুষ্ঠানটোত উপলব্ধ সম্পদ তথা প্ৰয়োজনীয় সম্পদ সমূহৰ ওপৰত নিৰ্ভৰশীল আৰু যাৰদ্বাৰা বিদ্যালয়ৰ মানদণ্ডৰ বিকাশ সাধন হয়। 

3. Mention one step of institutional planning. (প্ৰতিষ্ঠানগত পৰিকল্পনাৰ এটা পদক্ষেপ উল্লেখ কৰা।)  

Answer:  প্ৰতিষ্ঠানগত পৰিকল্পনাৰ এটা পদক্ষেপ হ'ল-বৰ্তমান পৰিস্থিতিৰ বিশ্লেষণ । 


4. Write about the types of institutional planning. (প্ৰতিষ্ঠানগত পৰিকল্পনাৰ প্ৰকাৰবোৰৰ বিষয়ে লিখা।)

Answer:  প্ৰতিষ্ঠানগত পৰিকল্পনাৰ প্ৰকাৰবোৰৰ বিষয়ে তলত উল্লেখ কৰা হ'ল-

প্ৰশাসনিক পৰিকল্পনা- প্ৰশাসনিক দিশৰ উন্নতিৰ বাবে বা শিক্ষানুষ্ঠানৰ উপযুক্ত প্ৰশাসনৰ বাবে পৰিকল্পনাৰ প্ৰয়োজন। ইয়েই হ'ল প্ৰশাসনিক পৰিকল্পনা।
বিদ্যালয়-সম্প্ৰদায় বিষয়ক পৰিকল্পনা- প্ৰতিষ্ঠানিক পৰিকল্পনাই বিদ্যালয়-সম্প্ৰদায়ৰ সম্বন্ধৰ বিষয়েও পৰিকল্পনা কৰে। এই প্ৰকাৰৰ পৰিকল্পনাত সম্প্ৰদায়ৰ ব্যক্তিসকলক বিদ্যালয়ৰ বিভিন্ন কামত কেনেদৰে জড়িত কৰিব পৰা যায় আৰু তেওঁলোকৰ পৰা কেনেদৰে বৰঙনি লাভ কৰিব পৰা যায় সেই আঁচনি গ্ৰহণ কৰা হয়।
শৈক্ষিক পৰিকল্পনা-  শৈক্ষিক দিশৰ বিভিন্ন কাৰ্য আঁচনিৰ  পৰিকল্পনা এই ভাগত ভিতৰত পৰে। এই প্ৰকাৰৰ পৰিকল্পনাই শিকন শিক্ষণ প্ৰক্ৰিয়াৰ বিকাশ, শিক্ষণীয় সঁজুলিৰ প্ৰয়োগ, আভ্যন্তৰীণ আৰু বাহ্যিক পৰীক্ষা  ব্যৱস্থা, ছাত্ৰ-ছাত্ৰীৰ নিয়মীয়া উপস্থিতি বৃদ্ধি , দৈনন্দিন গৃহকাৰ্য সম্পাদনৰ কৌশল, শাৰীৰিক আৰু মানসিকভাৱে বাধাগ্ৰন্থ সকলৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ আদিৰ ক্ষেত্ৰত আঁচনি প্ৰস্তুত কৰে।
সহ-পাঠ্যক্ৰমিক পৰিকল্পনা-  পাঠ্যক্ৰমিক দিশৰ বাহিৰৰ শৈক্ষিক কাৰ্যসূচীসমূহৰ পৰিকল্পনা এই ভাগৰ ভিতৰত পৰে। এই প্ৰকাৰৰ বিদ্যালয় চৌহদৰ সৌন্দৰ্যকৰণ, শাৰীৰিক শিক্ষা, খেল-ধেমালীৰ বিভিন্ন আভ্যন্তৰীণ আৰু বাহ্যিক কাৰ্যসূূচী, অৱসৰ সময়ৰ উপযুক্ত ব্যৱহাৰ আদিৰ ক্ষেত্ৰত আঁচনি প্ৰস্তুত কৰে। ইয়াৰ বাবে বিদ্যালয়ৰ সুস্থ ৰূপত গঢ় দি তোলাটোও অতি আৱশ্যকীয়।
শিকণ-শিক্ষণ সামগ্ৰীৰ পৰিকল্পনা-  এই প্ৰকাৰৰ প্ৰতিষ্ঠানিক পৰিকল্পনাই শিক্ষা ব্যৱস্থাৰ এক গুৰু বিভাগ শিক্ষাদান কাৰ্যত প্ৰধান ভূমিকা গ্ৰহণ কৰে। এই ভাগটোৱে শিক্ষকৰ নিৰ্দেশনা, পুথি,মেপ, গণিতৰ সঁজুলি, বোৰ্ড, পেপাৰ, চক-পিঞ্চিল, চাৰ্ট, মডেল বা আৰ্হি, আদি উপযুক্ত  পৰিমাণ যোগাৰ ধৰাৰ ক্ষেত্ৰত দৰকাৰ হোৱা আঁচনিৰ পৰিকল্পনা কৰে।



5. What are the characterstics of institutional planning ? (প্ৰতিষ্ঠানগত পৰিকল্পনাৰ কামবোৰ কি কি ?)

Answer:  প্ৰতিষ্ঠানগত পৰিকল্পনাৰ কামবোৰ হ'ল-

১।বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীকলে আঙুলিয়াই দিয়া প্ৰয়োজনীয়তাৰ ওপৰত পৰিকল্পনা প্ৰস্তুত কৰা।
২। বিদ্যালয়ৰ প্ৰগতি  তথা বিকাশ কৰা।
৩। সম্প্ৰদায়ৰ লগত বিদ্যালয়ৰ এক সুস্থ সম্বন্ধ স্থাপন কৰা, আদি। 

6. Multiple choice questions : (একাধিক বিকল্পপ্ৰশ্ন:)

(i) The idea of an institutional plan was first conceived by the. (প্ৰতিষ্ঠানগত পৰিকল্পনাৰ ধাৰণাটো প্ৰথমে কৰ পৰা লোৱা হৈছিল।)

(a) Education commission 1964-66(শিক্ষা আয়োগ ১৯৬৪-৬৬।)  
(b) Review committee 1992. (পৰ্যালোচনা সমিতি ১৯৯২।)
(c) National Policy of Education, 1986. (ৰাষ্ট্ৰীয় শিক্ষা নীতি, 1986।)
(d) None of the above. (ওপৰৰ এটাও নহয়।)

Answer:  (c) National Policy of Education, 1986. (ৰাষ্ট্ৰীয় শিক্ষা নীতি, 1986।

(ii) The headmaster should proceed in a planned step wise manner for the preparation of an. (প্ৰধান শিক্ষকে এটা প্ৰস্তুতিৰ বাবে পৰিকল্পিত কাৰ পদক্ষেপ অনুসৰি আগবাঢ়িব লাগে।)

(a) Information. (তথ্য।)
(b) Institutional plan. (প্ৰতিষ্ঠানগত পৰিকল্পনা।)
(c) All of the above. (ওপৰৰ সকলোবোৰ।)
(d) None of the above. (ওপৰৰ এটাও নহয়।)

Answer:  (c) All of the above. (ওপৰৰ সকলোবোৰ।)

7. What is educational planning ? (শৈক্ষিক পৰিকল্পনা মানে কি?)

Answer:  শিক্ষা ব্যৱস্থাক পৰিকল্পনাৰ জৰিয়তে পূৰ্ব নিৰ্ধাৰিত কৰাকে শৈক্ষিক পৰিকল্পনা বোলে।


8. Define educational planning ? (শৈক্ষিক পৰিকল্পনা নিৰ্ধাৰণ কৰিব পাৰি নেকি?) 

Answer:  শৈক্ষিক পৰিকল্পনা নিৰ্ধাৰিত কৰিব পাৰি।

9. Write two characteristics of educational planning. (শৈক্ষিক পৰিকল্পনাৰ দুটা বিশেষত্ব বিষয়ে লিখা।)

Answer:  শৈক্ষিক পৰিকল্পনাৰ দুটা বিশেষত্ব হ'ল- সমস্যা সমাধান আৰু সহযোগিতা।

10. Mention the principles of educational planning. (শৈক্ষিক পৰিকল্পনাৰ নীতিবোৰ উল্লেখ কৰা।)

Answer:  শৈক্ষিক পৰিকল্পনাৰ নীতিবোৰ তলত উল্লেখ কৰা হ'ল-

১। সৰ্বসাধাৰণ জাতীয় পৰিকল্পনাৰ এটা মাত্ৰ দিশ হ'ল শৈক্ষিক পৰিকল্পনা, ২। পৰিকল্পনাই বিশেষজ্ঞসকলৰ সেৱাক গুৰুত্ব দিয়ে, ৩। পৰিকল্পনাই অবিৰত মূল্যায়নৰ বাবে গ্ৰহণ কৰা হয়, ৪। সাম্প্ৰতিক তথ্যৰ অধ্যয়ন, ৫। পৰিকল্পনা প্ৰস্তুতকৰণ, ৬। শৈক্ষিক পৰিকল্পনা কাৰ্যকৰী কৰাৰ বাবে প্ৰয়োজন হোৱা অৰ্থক দেশৰ সাধাৰণ বিকাশত বিনিয়োগ বুলি কোৱা হয়, ৭। পৰিকল্পনা প্ৰক্ৰিয়া স্পষ্ট আৰু সু-সংগঠিত হব লাগে।

11. What is school time-table ? (বিদ্যালয়ৰ সময়-তালিকা কি?)

Answer:  বিদ্যালয় এখনত নিয়ম-নীতি, শৃংখলাবদ্ধ, আৰু বিষয়বোৰ সঠিক সময়ত কৰিবলৈ যি তালিকা প্ৰস্তুত কৰা হয়, তাকে বিদ্যালয়ৰ সময়-তালিকা বোলে। 

12. Why time - table is important for an educational institution ? (শিক্ষানুষ্ঠান এটাৰ বাবে সময় - তালিকা কিয় গুৰুত্বপূৰ্ণ?)

Answer:  শিক্ষানুষ্ঠান এটাৰ বাবে সময়-তালিকা গুৰুত্বপূৰ্ণ কাৰণ- সময় তালিকাৰ ওপৰত নিৰ্ভৰ কৰিয়েই সকলো কাম-কাজ কৰিবলৈ সুবিধা হয়। বিদ্যালয়খন শৃংখলাবদ্ধভাৱে চলাবলৈ, অপচয় ৰোধ কৰিবলৈ, শিক্ষকৰ মাজত কৰ্মৰ বিতৰণ কৰিবলৈ, আদি কামৰ বাবে সময়-তালিকাৰ প্ৰয়োজন।

13. Write the types of a good time-table. (ভাল সময়-তালিকা এখনৰ প্ৰকাৰবোৰ লিখা।)

Answer:  ভাল সময় তালিকাএখনৰ প্ৰকাৰবোৰ হ'ল- নমনীয়তা, আজৰি সময়, গুৰুত্বপূৰ্ণ আৰু জটিল বিষয়সমূহ, ভিন্নতা, কৰ্মচাৰী, সঁজুলি আৰু বিদ্যালয় গৃহ, আদি।

14. What is co-curricular activities. (সহ-পাঠ্যক্ৰমৰ কাৰ্যকলাপ কি।)

Answer:  শিক্ষাগত মূল্য আৰু বৰঙনি প্ৰদানৰ ক্ষেত্ৰত যি ব্যৱস্থা গ্ৰহম কৰা হয়, তাকে সহ-পাঠ্যক্ৰমৰ কাৰ্যকলাপ বোলে।

15. Give a definition of co-curricular activities. (সহ-পাঠ্যক্ৰমৰ কাৰ্যকলাপৰ এটা সংজ্ঞা দিয়া।)

Answer:   সহ-পাঠ্যক্ৰমৰ অৰ্থ হৈছে কাৰ্যকলাপ, কাৰ্যসূচী, আৰু শিকাৰ অভিজ্ঞতা যি কোনো প্ৰকাৰে, শিক্ষাৰ্থীসকলে বিদ্যালয়ত কি শিকি আছে- অৰ্থাৎ শৈক্ষিক পাঠ্যক্ৰমৰ সৈতে সম্পৰ্কিত বা প্ৰতিফলিত হোৱা অভিজ্ঞতাবোৰৰ পৰিপূৰক।

16. Write any two principles behind organising co-curricular activities (সহ-পাঠ্যক্ৰমৰ কাৰ্যকলাপ আয়োজন কৰাৰ আঁৰত যিকোনো দুটা নীতি বিষয়ে লিখা।)

Answer:   শ্ৰেণীকোঠাৰ পাঠ্যক্ৰমত কোনে প্ৰকাৰে দৃঢ় কৰি তোলা, আৰু শিক্ষাৰ্থীসকলৰ বাবে পৰিপূৰক নিৰ্দেশনা আৰু শিক্ষা প্ৰদান কৰা। এই দুটা সহ-পাঠ্যক্ৰমৰ কাৰ্যকলাপৰ আঁৰত থকা নীতি। 

17. Write three types of co-curicular activities along with examples. (উদাহৰণৰ সৈতে তিনি প্ৰকাৰৰ সহ-পাঠ্যক্ৰমৰ কাৰ্যকলাপ বিষয়ে লিখা।)

Answer: 



18. Write two important points regarding the management of co-curricular activities. (সহ-পাঠ্যক্ৰমৰ কাৰ্যকলাপৰ ব্যৱস্থাপনা সম্পৰ্কে দুটা গুৰুত্বপূৰ্ণ টোকা লিখা।) 

Answer:   

19. Explain briefly the basic essentials of institutional planning. (প্ৰতিষ্ঠানিক পৰিকল্পনাৰ মৌলিক প্ৰয়োজনীয়তাবোৰ চমুকৈ বৰ্ণনা কৰা।)

Answer: প্ৰতিষ্ঠানগত পৰিকল্পনা হৈছে বিদ্যালয়ৰ কাৰ্যসূচী আৰু বিদ্যালয়ৰ পদ্ধতি উন্নত কৰাৰ লক্ষ্যৰে এটা শিক্ষানুষ্ঠানৰ দ্বাৰা ইয়াৰ অনুভৱ কৰা প্ৰয়োজনীয়তা আৰু উপলব্ধ বা উপলব্ধ হোৱাৰ সম্ভাৱনাৰ ওপৰত আধাৰিত কৰি প্ৰস্তুত কৰা বিকাশ আৰু উন্নতিৰ এক কাৰ্যসূচী।

20. What are the advantages of institutional planning. (প্ৰতিষ্ঠানগত পৰিকল্পনাৰ সুবিধাবোৰ কি কি।)

Answer: প্ৰতিষ্ঠানগত পৰিকল্পনাৰ সুবিধাবোৰ হ'ল-  ১।প্ৰতিষ্ঠানগত পৰিকল্পনাই উৎপাদনশীলতা বৃদ্ধি কৰে, ২।শিক্ষাদানত সহায় কৰে, ৩।সহযোগিতা উন্নত কৰে আৰু ৰেকৰ্ড ৰখা উন্নত কৰে, ৪। বেছিভাগ গৱেষণা শাখাত প্ৰগতি ত্বৰান্বিত কৰে, আদি।

21. What steps are involved in executing an institutional plan ? (এটা প্ৰতিষ্ঠানগত পৰিকল্পনা কাৰ্যকৰী কৰাত কি পদক্ষেপ জড়িত আছে? )

Answer:  এটা প্ৰতিষ্ঠানগত পৰিকল্পনা কাৰ্যকৰী কৰাত বিশ্লেষণ, জৰীপ, উন্নতি, ৰূপায়ন,

22. What are the requisites of an institutional plan ? (এটা প্ৰতিষ্ঠানগত পৰিকল্পনাৰ প্ৰয়োজনীয়তা বোৰ কি?)

Answer:  প্ৰতিষ্ঠানিক পৰিকল্পনাৰ প্ৰয়োজনীয়তাসমূহ হ'ল-  ১।বিদ্যালয়ৰ শিক্ষকে আঙুলিয়াই দিয়া বিদ্যালয়খনৰ প্ৰয়োজনীয়তাৰ ওপৰত প্ৰতিষ্ঠানিক পৰিকল্পনা প্ৰস্তুত কৰিব লাগে।
২। ই হৈছে সম্প্ৰদায়, ব্যৱস্থাপক, শিক্ষক-কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীসকলৰ এক সন্মিলিত প্ৰচেষ্টা, এই লক্ষ্য প্ৰণোদিত হব লাগে।
৩। ইয়াৰ এক লক্ষ্য হব লাগে বিদ্যালয়ৰ প্ৰগতি তথা বিকাশ।আদিবোৰ হৈছে প্ৰতিষ্ঠানগত পৰিকল্পনাৰ প্ৰয়োজনীয়তা।

23. Who should be responsible for institutional planning ? why ? (প্ৰতিষ্ঠানগত পৰিকল্পনাৰ বাবে কোন দায়বদ্ধ হোৱা উচিত? কিয়?)

Answer:   প্ৰতিষ্ঠানগত পৰিকল্পনাৰ বাবে বিদ্যালয়ৰ প্ৰধান শিক্ষক দায়বদ্ধ হোৱা উচিত। 

24. Identify the areas in an educational institutions where the process of planning is required. (পৰিকল্পনাপ্ৰক্ৰিয়াৰ প্ৰয়োজন হোৱা শিক্ষানুষ্ঠানএখনৰ ক্ষেত্ৰবোৰ চিনাক্ত কৰক।)

Answer:  পৰিকল্পনা প্ৰক্ৰিয়াৰ প্ৰয়োজন হোৱা শিক্ষানুষ্ঠান এখনৰ ক্ষেত্ৰবোৰ হ'ল- শিক্ষা ব্যৱস্থা, খেল ব্যৱস্থা, আজৰি সময়ৰ ব্যৱস্থা আদি। এই ক্ষেত্ৰবোৰ গুৰুত্বপূৰ্ণ এখন শিক্ষানুষ্ঠানৰ বাবে।

25. Explain the characteristics of educational planning. (শৈক্ষিক পৰিকল্পনাৰ বিশেষত্ববোৰ বৰ্ণনা কৰা। )

Answer:    শৈক্ষিক পৰিকল্পনাৰ বিশেষত্ববোৰ হ'ল- 

১। পৰিকল্পনাই বিশেষজ্ঞসকলৰ সেৱাক গুৰুত্ব দিয়ে।

২। সাম্প্ৰতিক তথ্যৰ অধ্যয়ন কৰিব পাৰি।

৩। পৰিকল্পনা অবিৰত মূল্যায়নৰ বাবে গ্ৰহণ কৰা হয়।
আদিবোৰ হৈছে শৈক্ষিক পৰিকল্পনাৰ বিশেষত্ব।
26. Describe the principles of educational planning. (শৈক্ষিক পৰিকল্পনাৰ নীতিবোৰ বৰ্ণনা কৰা।)

Answer:  শৈক্ষিক পৰিকল্পনাৰ নীতিবোৰ তলত উল্লেখ কৰা হ'ল-

১। সৰ্বসাধাৰণ জাতীয় পৰিকল্পনাৰ এটা মাত্ৰ দিশ হ'ল শৈক্ষিক পৰিকল্পনা।
২। পৰিকল্পনাই বিশেষজ্ঞসকলৰ সেৱাক গুৰুত্ব দিয়ে।
৩। পৰিকল্পনা অবিৰত মূল্যায়নৰ বাবে গ্ৰহণ কৰা হয়।
৪। সাম্প্ৰতিক তথ্যৰ অধ্যয়ন।
৫। শৈক্ষিক পৰিকল্পনা হ'ল সাধাৰণ বিকাশৰ পৰিকল্পনাৰ এক গুৰুত্বপূৰ্ণ অংশ।
৬। শৈক্ষিক পৰিকল্পনা শিক্ষাৰ সংগঠন, পদ্ধতি, বিষয়বস্তু তথা সংখ্যাগত দিশৰ লগত সম্বন্ধিত।আদি।


27. Discuss the problems of educational planning and suggest remedies. (শৈক্ষিক পৰিকল্পনাৰ সমস্যাবোৰ আলোচনা কৰা আৰু প্ৰতিকাৰৰ পৰামৰ্শ দিয়া।)

Answer:   শৈক্ষিক পৰিকল্পনাৰ সমস্যাবোৰ তলত আলোচনা কৰা হ'ল- ১। শৈক্ষিক সমস্যা, ২।সামাজিক সমস্যা, ৩। অৰ্থনৈতিক সমস্যা, ৪। ৰাজনৈতিক সমস্যা।
এই সমস্যাবোৰৰ প্ৰতিকাৰ-
১। শিক্ষাৰ লক্ষ্যসমূহ নিৰ্ধাৰণ কৰোঁতে পৰিকল্পনাকাৰী সকলে পৰিৱৰ্তিত আৰ্থ-সামাজিক দিশৰ প্ৰতি লক্ষ্য ৰখা অতি প্ৰয়োজনীয়।
২। সমাজৰ লোকসকলৰ মাজত কোনো ধৰণৰ ভেদাভেদ নাৰাখি প্ৰত্যেক ব্যক্তিকে জাতি-ধৰ্ম, বৰ্ণ, লিংগ নিৰ্বিশেষে শিক্ষা লাভৰ বাবে সুবিধা প্ৰদান কৰিব লাগে।
৩। ৰাষ্ট্ৰীয় পৰ্যায়ত শৈক্ষিক পৰিকল্পনা কেন্দ্ৰীয় চৰকাৰে সম্পাদন কৰে। আনহাতে ৰাজ্যিক চৰকাৰ আৰু স্থানীয় সংগঠনে ৰাজ্যসমূহৰ শৈক্ষিক পৰিকল্পনা কাৰ্যত ভূমিকা গ্ৰহণ কৰে। গতিকে বিকেন্দ্ৰীকৰণ প্ৰক্ৰিয়াৰ এই ব্যৱস্থাত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহৰ মাজত সহযোগিতা স্থাপন কৰা অতি আৱশ্যকীয়। 
৪। অৰ্থনৈতিক পৰিকল্পনা আৰু শৈক্ষিক পৰিকল্পনা কোনো বেলেগ বেলেগ ধাৰণা নহয়। এটাৰ লগত আনটো সম্পৰ্কযুক্ত ।সেইবাবে ষথা সম্ভৱ অৰ্থনৈতিক পৰিকল্পনা আৰু শৈক্ষিক পৰিকল্পনা সমূহৰ মাজত সম্পৰ্ক ৰক্ষা কৰি চলিব লাগে। কিয়নো শৈক্ষিক আঁচনিৰ কৃতকাৰ্যতা বা সফল ৰূপায়ন নিৰ্ভৰ কৰে বিভিন্ন ক্ষেত্ৰত আৱন্টিত ধনৰ ওপৰত। আদি বহুতো পৰামৰ্শ আছে এই সমস্যাবোৰ প্ৰতিকাৰৰ বাবে।

28. Write a short essay on educational planning in India. (ভাৰতত শৈক্ষিক পৰিকল্পনাৰ ওপৰত এটা চমু টোকা লিখা।)

Answer:  ঐতিহাসিক পটভূমিলৈ দৃষ্টি নিক্ষেপ কৰিলে দেখা যায় যে বৈদিক যুগৰ শিক্ষা ব্যৱস্থাৰ পৰাই শিক্ষা পৰিকল্পনাৰ ধাৰণাৰ উৎপত্তি হোৱা বুলি কব পাৰি। সময়ৰ পৰিৱৰ্তনৰ লগে লগে শৈক্ষিক পৰিকল্পনাৰ ধাৰণা সলনি হৈ আহিছে। পদ্ধতিগতভআৱে ১৮৫৪ চনৰ উডৰ ঘোষণা পত্ৰকে শৈক্ষিক পৰিকল্পনাৰ প্ৰথম পদক্ষেপ বুলি কব পাৰি। ইয়াৰ উপৰিও ১৮৮২ চনৰ ভাৰতীয় শিক্ষা আয়োগ, ১৯০২ চনৰ লৰ্ড কাৰ্জনৰ শিক্ষা নীতি, ১৯১৭ চনৰ কলিকতা বিশ্ববিদ্যালয় শিক্ষা আয়োগ, ১৯২৯ চনৰ হাৰ্গগ আয়োগ, ১৯৩৬ চনৰ উড এৱট ৰিপট, ১৯৪৪ চনৰ চাৰ্জেট ৰিপৰ্ট আদিটো শৈক্ষিক পৰিকল্পনাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছিল। চাৰ্জেন্টৰ ৰিপৰ্টেই হৈছে প্ৰাক স্বাধীনতা কালৰ শেষ শিক্ষা আঁচনি বুলি কব পাৰি।

29. Outline the principles you will bear in mind while framing a time table for a school. (বিদ্যালয় এখনৰ বাবে সময় তালিকা প্ৰস্তুত কৰোঁতে আপুনি মনত ৰাখিব লগা নীতিবোৰ কি।) 
Answer:  বিদ্যালয় এখনৰ বাবে সময়-তালিকা প্ৰস্তুত কৰোঁতে মনত ৰাখিব লগীয়া নীতিবোৰ হ'ল- বিভাগীয় নীতি নিৰ্দেশনা, হাতত থকা সময়ৰ পৰিমাম, নমনীয়তা, গুৰুত্বপূৰ্ণ আৰু জটিল বিষয়সমূহ, ক্লান্তি, ভিন্নতা, কৰ্মচাৰী, সঁজুলি আৰু বিদ্যালয় গৃহ, আজৰি সময়, ন্যায়, আদি।

30. Bring out the need of time-table in the school. (বিদ্যালয়ত সময়-তালিকাৰ প্ৰয়োজনীয়তা উলিয়াই আনা।)
Answer:  বিদ্যালয়ত সময়তালিকাৰ বৰ প্ৰয়োজন। কাৰণ যদি সময়তালিকা নাথাকে কোনটো ক্লাছ কিমান সময়ত, কোনজন শিক্ষকে কোনটো ক্লাছ কৰিব, কিমান সময় কৰিব সেইবোৰ কথা জানিবলৈ অসুবিধা হব। গতিকে সময়সূচীৰ বৰ প্ৰয়োজন।


31. What are the different types of school time table ? Explain. (বিভিন্ন প্ৰকাৰৰ স্কুলটাইম টেবুল কি? ব্যাখ্যা কৰক।)

Answer:  বিভিন্ন প্ৰকাৰৰ স্কুলটাইম টেবুল হ'ল- স্কুলৰ বিভিন্ন সময়ৰ কাৰ্যসূচীৰ সময়। বিভিন্ন ক্লাছ, শিক্ষকৰ ৰুটিন, খেলা-ধূলাৰ সময়সূচী, আজৰি সময়ৰ সময়সূচী আদিৰ বাবে বিভিন্ন ধৰণৰ সময়সূচী থাকে।

32. Explain the various types of co-curricular activities along with their relevant importance. (বিভিন্ন প্ৰকাৰৰ সহ-পাঠ্যক্ৰমৰ কাৰ্যকলাপবোৰৰ প্ৰাসঙ্গিক গুৰুত্বৰ সৈতে বৰ্ণনা কৰা।)

Answer:   বিভিন্ন প্ৰকাৰৰ সহ-পাঠ্যক্ৰমৰ কাৰ্যকলাপবোৰৰ

 প্ৰাসঙ্গিক গুৰুত্বৰ সৈতে বৰ্ণনা কৰা হ'ল-

 দৈহিক আৰু মানসিক বিকাশ- সহঃপাঠ্যক্ৰমিক কাৰ্যসূচীয়ে দৈহিক কাৰ্য। শিশুসকলে এই কাৰ্যসূচীবোৰ অংশগ্ৰহণ কৰে আৰু কাৰ্য সম্পাদনৰ প্ৰচেষ্টা চলায়।

আৱেগিক বিকাশ- সহঃপাঠ্যক্ৰমিক কাৰ্যৱলীয়ে শিশুৰ মনোবৈজ্ঞানিক প্ৰয়োজন পূৰণ কৰে। ইয়ে শিশুৰ আৱেগিক শক্তিসমূহ বিকশাই তোলাত সহায় কৰে।

সামাজিক মূল্য-  সহঃপাঠ্যক্ৰমিক কাৰ্যসূচীবোৰ দৰাচলতে দলীয় কাৰ্যসূচী। ছাত্ৰ-ছাত্ৰীসকলে লক্ষ্যত উপনীত হবৰ বাবে আনৰ লগত একেলগে কৰ্ম সম্পাদন কৰে।

সাংস্কৃতিক মূল্য- কিছু সংখ্যক সহঃপাঠ্যক্ৰমিক কাৰ্যসূচীৰ সাংস্কৃতিক মূল্য আছে কিয়নো এই সমূহৰ জৰিয়তে আমি আমাৰ সংস্কৃতি সম্বন্ধে জানিবলৈ সক্ষম হওঁ।


  
33. How can you manage co-curricular activities as a teacher in your school ? (আপুনি আপোনাৰ বিদ্যালয়ত শিক্ষক হিচাপে সহ-পাঠ্যক্ৰমৰ কাৰ্যকলাপ কেনেদৰে পৰিচালনা কৰিব পাৰে?)

Answer:  নিজৰ বিদ্যালয়ৰ শিক্ষক হিচাপে সহ-পাঠ্যক্ৰমৰ কাৰ্যকলাপ এনেধৰণে পৰিচালনা কৰিম-  এই কাৰ্যকলাপৰ প্ৰতি নিজৰ আগ্ৰহ ৰাখিম, শিক্ষাৰ্থীৰ ফালৰ পৰা সম্পূৰ্ণ আগ্ৰহ দিয়াৰ ব্যৱস্থা কৰিম, সঁজুলিৰ অভাৱ হব নিদিম, নিয়মীয়া সময়সূচী সুবিধা কৰিম, পৰ্যাপ্ত কৰ্মচাৰীৰ ব্যৱস্থা কৰিম।

34. What co-curricular activities would you introduce in your school. (তুমি তোমাৰ বিদ্যালয়ত কি সহ-পাঠ্যক্ৰমৰ কাৰ্যকলাপ আৰম্ভ কৰিবা। )

Answer:  

35. As a head master of Secondary School, what principles will you keep in mind while organising co-curricular activities in our school ? (মাধ্যমিক বিদ্যালয়ৰ এজন মুখ্য শিক্ষক হিচাপে, তোমাৰ বিদ্যালয়ত সহ-পাঠ্যক্ৰমৰ কাৰ্যকলাপ আয়োজন কৰোঁতে তুমি কি নীতি মনত ৰাখিব?)

Answer:  মাধ্যমিক বিদ্যালয়ৰ এজন মুখ্য শিক্ষক হিচাপে, আমাৰ বিদ্যালয়ত সহ-পাঠ্যক্ৰমৰ কাৰ্যকলাপ আয়োজন কৰোঁতে শিক্ষাৰ্থীক নিৰ্দেশনা প্ৰদান নীতিটো মনত ৰাখিব।

36. "The organisation of co-curricular activities in school is an urgent as the imparting of bookish knowledge"-discuss. ("বিদ্যালয়ত সহ-পাঠ্যক্ৰমৰ কাৰ্যকলাপৰ সংগঠন এক জৰুৰী কিয়নো কিতাপৰ জ্ঞান প্ৰদান কৰা হয়"-আলোচনা।)

Answer:   

37. What type of role played by head of an educational institution for distrubuting the responsibility of co-curricular activities among his staff-mamber ? (তেওঁৰ কৰ্মচাৰী-মেম্বাৰৰ মাজত সহ-পাঠ্যক্ৰমৰ কাৰ্যকলাপৰ দায়িত্ব অস্বীকাৰ কৰাৰ বাবে এখন শিক্ষানুষ্ঠানৰ মুৰব্বীয়ে কেনে ধৰণৰ ভূমিকা পালন কৰিছিল?)

Answer:  তেওঁৰ কৰ্মচাৰী-মেম্বাৰৰ মাজত সহ-পাঠ্যক্ৰমৰ কাৰ্যকলাপৰ দায়িত্ব অস্বীকাৰ কৰাৰ বাবে এখন শিক্ষানুষ্ঠানৰ মুৰব্বীয়ে দায়িত্ববোৰ সকলোৰে মাজত সমানেই ভাগ কৰিব লাগিব। কাকো কমাই বা বেছিকৈ দায়িত্ব দিব নোৱাৰিব তেতিয়াহে শিক্ষকে দায়িত্ববোৰ গ্ৰহণ কৰিব।

38. "Co-curricular activities as organised in our schools at present fail to achieve the desired aims", discuss the statement. ("বৰ্তমান আমাৰ বিদ্যালয়সমূহত আয়োজিত সহ-পাঠ্যক্ৰমৰ কাৰ্যকলাপে আকাংক্ষিত লক্ষ্য প্ৰাপ্ত কৰাত ব্যৰ্থ হৈছে", বিবৃতিটো আলোচনা কৰা)

Answer:  যদি প্ৰধান শিক্ষকৰ ফালৰ পৰা আগ্ৰহহীনতা হয়, শিক্ষাৰ্থীৰ ফালৰ পৰা আগ্ৰহহীনতা হয়, সঁজুলিৰ অভাৱ হয়, সময়সূচী নিয়মীয়া নহয়, পৰ্যাপ্ত কৰ্মচাৰীৰ অভাৱ হ'লে, সহ-পাঠ্যক্ৰম আয়োজিত কৰিলেও আকাংক্ষিত লক্ষ্য প্ৰাপ্ত কৰাত ব্যৰ্থ হয়। 

Author-Dikha Bora