অধ্য়ায়-৬

ভাৰতৰ উদ্য়োগ আৰু পৰিবহণ ব্য়ৱস্থা


১। চমু উত্তৰ লিখা

(ক) আকৰিক লো কেঁচামাল হিচাপে ব্য়ৱহাৰ হোৱা এবিধ উদ্য়োগৰ নাম লিখা।

উত্তৰঃ- আকৰিক লো কেঁচামাল হিচাপে ব্য়ৱহাৰ হোৱা এবিধ উদ্য়োগৰ নাম হৈছে লো তীখাৰ উদ্যোগ।



(খ) এবিধ ইন্ধন খনিজৰ নাম লিখা ǀ
উত্তৰঃ- এবিধ ইন্ধন খনিজৰ নাম হৈছে খাৰুৱা তেল।


(গ) ভাৰতৰ এখন কপাহ উৎপাদনকাৰী ৰাজ্যৰ নাম লিখা ǀ
উত্তৰঃ- ভাৰতৰ এখন কপাহ উৎপাদনকাৰী ৰাজ্য়ৰ নাম হৈছে মহাৰাষ্ট্ৰ।


(ঘ) ভাৰতত আটাইতকৈ অধিক পৰিমাণে ব্যৱহৃত পৰিবহন সেৱা বিধৰ নাম লিখা ǀ
উত্তৰঃ- ভাৰতত আটাইতকৈ অধিক পৰিমাণে ব্য়ৱহৃত হোৱা সেৱাবিধৰ নাম হৈছে ৰে'ল পৰিবহন সেৱা।



২) শুদ্ধ উত্তৰটো লিখা-

(ক) অভ্ৰ উৎপাদনত ভাৰতৰ স্থান পৃথিৱীৰ ভিতৰত-

(ক) তৃতীয়   (খ) দ্বিতীয়  (গ) প্ৰথম

উত্তৰঃ- (গ) প্ৰথম।

(খ) ভাৰতত প্ৰথমে ৰে’ল চলিছিল-

(ক) ১৮৩৫ চনত  (খ) ১৯৩৫ চনত  (গ) ১৮৫৩ চনত

উত্তৰঃ- (গ) ১৮৫৩ চনত।

(গ) ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথটো হ’ল-

ক) ১ নং ৰাষ্ট্ৰীয় ঘাইপথ  (খ) ২নং ৰাষ্ট্ৰীয় ঘাইপথ  (গ) ৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথ

উত্তৰঃ- (গ) ৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথ।

(ঘ) ভাৰতৰ আটাইতকৈ বেছি পথৰ ঘনত্ব থকা ৰাজ্যখন হ'ল-

(ক) অসম   (খ) কেৰালা  (গ) অন্ধ্ৰপ্ৰদেশ

উত্তৰঃ- (খ) কেৰালা।


৩) উত্তৰ লিখা- 

(ক) ভাৰতবৰ্ষৰ প্ৰধান খনিজ বলয়সমূহ কি কি ? অসম কোনোবা খনিজ বলয়ত অন্তৰ্ভুক্ত হয়নে ?

উত্তৰঃ- ভাৰতবৰ্ষৰ প্ৰধান খনিজ বলয়সমূহ হৈছে-

         ১। উত্তৰ পূৱ উপদ্বীপীয় বলয়- ছোটানাগপুৰ মালভূমি, উৰিষ্যা, ঝাৰখণ্ড, পশ্চিমবংগ  
         ২। মধ্য বলয়- ছত্তিশগড়, অন্ধ্ৰপ্ৰদেশ, মধ্যপ্ৰদেশ আৰু মহাৰাষ্ট্ৰ
         ৩। দক্ষিণ বলয়- কৰ্ণাটক মালভূমি আৰু তামিলনাডু
         ৪। দক্ষিণ পশ্চিম বলয়-কৰ্ণাটক আৰু গোৱা
         ৫। উত্তৰ পশ্চিম বলয়-আৰাৱলী পৰ্বতৰ সৈতে ৰাজস্থানৰ আৰু গুজৰাট
         ৬। উত্তৰ পূৱ তৈল বলয়- অসমৰ বহ্মপুত্ৰ উপত্যকা 

হয়, অসমৰ বহ্মপুত্ৰ উপত্যকা উত্তৰ পূৱ তৈল বলয়ত অন্তৰ্ভুক্ত হৈ আছে ।

(খ) ভাৰতৰ পাঁচটা প্ৰধান লো-তীখা উদ্যোগৰ নাম লিখা ǀ

উত্তৰঃ- ভাৰতৰ পাঁচটা প্ৰধান লো তীখা উদ্যোগ হৈছে- 

     ১। জামছেদপুৰ টাটা তীখা উদ্যোগ।
    
     ২। বাৰ্ণপুৰ তীখা উদ্যোগ।
    
    ৩। ভদ্ৰাৱতী তীখা উদ্যোগ।
    
    ৪। ভিলাই তীখা উদ্যোগ।
    
    ৫। ৰুৰকেল্লা তীখা উদ্যোগ।

(গ) মুম্বাই আহমেদাবাদ অঞ্চলত বয়ন উদ্যোগসমূহ কিয় গঢ়ি উঠিছে ?

উত্তৰঃ- মুম্বাই আৰু আহমেদাবাদৰ বস্ত্ৰ শিল্পসমূহ প্ৰধানকৈ মহাৰাষ্ট্ৰ আৰু গুজৰাটত উৎপাদিত কপাহৰ ওপৰত নিৰ্ভৰ কৰি গঢ়ি উঠিছে ǀ ভাৰতৰ বস্ত্ৰ উদ্যোগৰ বাবে প্ৰয়োজনীয় ১০.৭৯% সূতা মহাৰাষ্ট্ৰৰ পৰাই যোগান ধৰা হয় ǀ বস্ত্ৰ উদ্যোগৰ বাবে প্ৰয়োজনীয় যন্ত্ৰপাতি, ৰং, ৰাসায়নিক দ্ৰব্য কপাহ আদি আমদানি কৰিবলৈ আৰু উৎপাদিত সামগ্ৰীবোৰ ৰপ্তানী কৰিবলৈ বন্দৰৰ সুবিধা থকাৰ বাবে মুম্বাই আহমেদাবাদ অঞ্চলত বয়ন উদ্যোগসমূহ গঢ়ি উঠিছে ।



৪) বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগে স্থল, জল আৰু বায়ু পৰিবহণৰ ক্ষেত্ৰত কেনেধৰণৰ পৰিৱৰ্তন আনিছে লিখা ।
উত্তৰঃ- অতীজত মানুহে এঠাইৰ পৰা অন্য় ঠাইলৈ খোজ কাঢ়ি  নাইবা হাতী,ঘোঁৰা, গাধ, ম’হ আদি জন্তুৰ সহায়ত অহা যোৱা কৰিছিল । জলভাগত নাওৰ দ্বাৰা মানুহ আৰু বস্তু বাহানি কঢ়িয়াইছিল । পুৰণি যাতায়ত আৰু পৰিবহণ ব্যৱস্থাই মানুহৰ সময়ো লৈছিল আৰু ই কিছু কিছু ক্ষেত্ৰত কষ্টকৰো হৈছিল ।  বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ জৰিয়তে লাভ কৰা সাফল্যৰ বাবে সফল, জল আৰু বায়ু পৰিবহন যথেষ্ঠ সুচল হৈ পৰিছে । দুৰ্গম অঞ্চলবোৰ সফলপথেৰে যোগাযোগ সম্ভৱ হৈছে । কম খৰচী জলপৰিবহনৰ মাধ্যমেৰে এখন দেশৰ লগত আন এখন দেশৰ সামগ্ৰীৰ বেপাৰ বাণিজ্য সম্ভৱ হোৱাৰ লগতে যাত্ৰীসকলো অহা যোৱা কৰিব পাৰিছে ।  বায়ু পৰিবহনৰ জৰিয়তে অতি কম সময়ৰ ভিতৰতে সা সামগ্ৰীবোৰ বিশ্বৰ এটা প্ৰান্তৰ পৰা আন এটা প্ৰান্তঃত উপলব্ধ হৈছে । অৱশ্যে ই আন পৰিবহন ব্যৱস্থাৰ তুলনাত আৰামদায়ক যদিও খৰচী ।
ইয়াৰ উপৰিও বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগে স্থল, জল আৰু বায়ু পৰিবহনৰ ক্ষেত্ৰত যাত্ৰীসকলক আগতকৈ অধিক নিৰাপত্তা প্ৰদান কৰিছে । আধুনিক যুগৰ জি পি এচ, কেমেৰা, ৰেডাৰ আদিৰ দৰে অত্যাধুনিক আহিলাৰ মাধ্যমেৰে পৰিবহনৰ ক্ষেত্ৰত আহিব পৰা বিপদসমূহৰ পৰা আগতীয়াকৈ ৰক্ষা পাব পাৰি ǀ
স্থল, জল আৰু বায়ু পৰিবহনৰ ক্ষেত্ৰত ব্যৱহৃত হৈ থকা আধুনিক  প্ৰযুক্তিসম্বলিত যানবাহনবোৰে আগতকৈ কম পৰিমাণে পৰিবেশ বিনষ্টকাৰী প্ৰদূষক নিষ্কাষণ কৰে ǀ

৫) পৰিবহণ ব্যৱস্থা দেশ এখনৰ সিৰা-উপসিৰাস্বৰূপ । কথাষাৰৰ সমৰ্থনত তিনিটা যুক্তি আগবঢ়োৱা ǀ

উত্তৰঃ- 
১) পৰিবহণ ব্যৱস্থাৰ জৰিয়তে নিত্য ব্যৱহাৰ্য খাদ্যসামগ্ৰী আৰু বস্ত্ৰ আদি দেশৰ এটা অঞ্চলৰ পৰা আন এটা অঞ্চললৈ যোগান ধৰা হয় ।

২) পৰিবহণ ব্যৱস্থাৰ লগত লাখ লাখ লোক প্ৰতক্ষ্য বা পৰোক্ষভাৱে নিয়োজিত হৈ জীৱিকা উপাৰ্জন কৰি আছে । উদাহৰণস্বৰূপে কেৱল ৰে'ল পৰিবহণ  সেৱাতে  ১.৪ নিযুত বিষয়া কৰ্মচাৰী নিযুক্ত হৈ আছে ।

৩) পৰিবহণ ব্যৱস্থাই দেশৰ অৰ্থনীতিকো টনকিয়াল কৰাত সহায় কৰিছে । ৰে'লসেৱাৰ জৰিয়তে দেশে ভালেখিনি ৰাজহ অৰ্জন কৰে। উদাহৰণস্বৰূপে ২০১১-১২ বৰ্ষত  ৰে'ল পৰিবহন ব্যৱস্থাৰ পৰা দেশত ১০৮,২৭,৮৭৯ কোটি টকা উপাৰ্জন হৈছিল ǀ 


৬) ভূচিত্ৰাৱলীৰ সহায়ত লিখা-

ক) অসমত ৰাষ্ট্ৰীয় ঘাইপথসমূহে চুই যোৱা জিলা সদৰসমূহৰ নাম লিখা ǀ
                
উত্তৰঃ- তিনিচুকীয়া, ডিব্ৰুগড়, শি‌ৱসাগৰ, যোৰহাট, গোলাঘাট, ডিফু, হাফলং, শিলচৰ, হাইলাকান্দি, কৰিমগঞ্জ, ধেমাজী, উত্তৰ লক্ষীমপুৰ, তেজপুৰ, নগাঁও, মৰিগাঁও, দৰঙ, ওদালগুৰি নলবাৰী, গোৱালপাৰা, বৰপেটা, বাক্সা, কাজলগাওঁ, বঙাইগাঁও, ধুবুৰী, কোকৰাঝাৰ ইত্যাদি ।

খ) ৰে'লপথে সংযোগ নকৰা উত্তৰ-পূৱ ভাৰতৰ ৰাজ্যকেইখনৰ নাম লিখা ।

উত্তৰঃ- নাগালেণ্ড,মণিপুৰ,মিজোৰাম আৰু মেঘালয়।

গ) ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে ধেমাজী জিলাত থকা ৰে’লপথৰ শেষৰ ৰে’ল ষ্টেচনটোৰ নাম লিখা ǀ

উত্তৰঃ- ব্ৰহ্মপুত্ৰ উত্তৰ পাৰে ধেমাজী জিলাত থকা ৰে’লপথৰ শেষৰ ৰে’ল ষ্টেচনটোৰ নাম হৈছে মোকংচেলেক।


Question Type- Bikash Bora
Author: Chinmay Kakati
Spelling Check By- Himadree Bora