দ্বিতীয় গোট 

চুটিগল্প   


১। অৰূপা পটঙ্গীয়া গল্প পুথি দুখনৰ নাম লিখা।

উত্তৰঃ অৰূপা পটঙ্গীয়া গল্প পুথি দুখনৰ নাম হ'ল- মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা, ফেলানী।  

২। ঊনবিংশ শতিকাৰ শেষ দশকত কোনখন কাকতৰ বুকুত অসমীয়া চুটি গল্পৰ জন্ম হয়?

উত্তৰঃ ঊনবিংশ  শতিকাৰ শেষ দশকত 'জোনাকী' কাকতৰ বুকুত অসমীয়া চুটি গল্পৰ জন্ম হয়।

৩। অৰূপা পটঙ্গীয়া এগৰাকী কি আছিল ?

উত্তৰঃ অৰূপ পটঙ্গীয়া এগৰাকী শ্ৰেষ্ট গল্পলেখক আছিল। 

৪। ভবেন্দ্ৰ নাথ শইকীয়া কোনখন কলেজৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতকোত্তক ডিগ্ৰী লাভ কৰে?

উত্তৰঃ ভবেন্দ্ৰ নাথ শইকীয়া কলিকতা প্ৰেছিডেন্সি কলেজৰ কলেজৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতকোত্তক ডিগ্ৰী লাভ কৰে ।

৫।  অৰূপা পটঙ্গীয়া কিমান চনত জন্ম হৈছিল? 

উত্তৰঃ অৰূপা পটঙ্গীয়া ১৯৫৬ চনত জন্ম হৈছিল। 

৬। এইচ জি ওৱেলানৰ মতে চুটিগল্প কিমান মিনিটৰ পৰা কিমান মিনিটৰ ভিতৰত শেষ হোৱা বাঞ্ছনীয়?

উত্তৰঃ এইচ জি ওৱেলানৰ মতে চুটিগল্প দহ মিনিটৰ পৰা পঞ্চাশ মিনিটৰ ভিতৰত শেষ হোৱা বাঞ্ছনীয়।  

৭। ভবেন্দ্ৰনাথ শইকীয়াৰ মৃত্যু কিমান  চনত হৈছিল?

উত্তৰঃ ভবেন্দ্ৰনাথ শইকীয়াৰ মৃত্যু ২০০৩ চনত হৈছিল। 

৮। সাম্প্ৰতিক যুগৰ অসমীয়া চুটি গল্পকাৰ দুজনৰ নাম লিখা ?

উত্তৰঃ সাম্প্ৰতিক যুগৰ অসমীয়া চুটি গল্পকাৰসকলৰ নামসমূহ হ'ল- অৰুণ গোস্বামী, অনিল শইকীয়া।

৯। অসমীয়া  চুটিগল্পৰ শেষৰ ছোৱা সময় অৰ্থাৎ কিমান চনৰ পৰা কিমান চনলৈ এই সময়ছোৱাৰ সাম্প্ৰতিক যুগৰ আখ্যা দিয়া হৈছে?

উত্তৰঃ অসমীয়া চুটিগল্পৰ শেষৰ ছোৱা সময় অৰ্থাৎ ১৯৭০ চনৰ পৰা ২০০০ চনলৈ এই সময়ছোৱাৰ সাম্প্ৰতিক যুগৰ আখ্যা দিয়া হৈছে। 

১০। কিমান চনত ভাৰত জুৰি ব্ৰিটিছ সাম্ৰাজ্যবাদ বিৰোধী জাতীয় আন্দোলনৰ সোঁত বৈ গৈছে?  

উত্তৰঃ ১৯২১ চনত ভাৰত জুৰি ব্ৰিটিছ সাম্ৰাজ্যবাদ বিৰোধী জাতীয় আন্দোলনৰ সোঁত বৈ গৈছে।

১১। আৱাহন যুগৰ গল্পকাৰ সকলৰ নাম লিখা। 

উত্তৰঃ আৱাহন যুগৰ গল্পকাৰ সকলৰ নাম হ'ল- নগেন্দ্ৰ নাৰায়ণ চৌধৰী, লক্ষ্মীনাথ বেজবৰুৱা, মহীচন্দ্ৰ বৰা, হলীৰাম ডেকা, ৰমাদাস, বীনা বৰুৱা আদিয়ে উল্লেখযোগ্য।

১২। কিমান চনৰ পৰা সৰ্বভাৰতীয় তথা অসমীয়া সাহিত্যৰ স্বৰূপ সলনি হয়?

উত্তৰঃ ১৯৪০ চনৰ পৰা সৰ্বভাৰতীয় তথা অসমীয়া সাহিত্যৰ স্বৰূপ সলনি হয়। 

১৩। সমকালীন অসমীয়া সমাজৰ কুসংস্কাৰ উদঙাই দাঙি ধৰা চৌধৰীদেৱৰ কি গল্পটো উল্লেখযোগ্য?

উত্তৰঃ সমকালীন অসমীয়া সমাজৰ কুসংস্কাৰ উদঙাই দাঙি ধৰা চৌধৰীদেৱৰ 'ধনভৰাঁল' গল্পটো উল্লেখযোগ্য।

১৪। কোনখন গল্পৰ এখন নাৰীৰ চৰিৎ লিলি?

উত্তৰঃ 'ব্যৰ্থতাৰ দান' গল্পৰ এখন নাৰীৰ চৰিৎ লিলি।

১৫। লক্ষ্মীধৰ শৰ্মাই কোনখন গল্পৰ মাজেৰে প্ৰতিশীল চিন্তাধাৰা আৰু সমকালীন স্থিতিশীল সমাজখন গতিশীল কৰিবলৈ যত্ন কৰিছে?

উত্তৰঃ লক্ষ্মীধৰ শৰ্মাই 'পৰাজয়' গল্পৰ মাজেৰে প্ৰতিশীল চিন্তাধাৰা আৰু সমকালীন স্থিতিশীল সমাজখন গতিশীল কৰিবলৈ যত্ন কৰিছে। 

১৬। ঊনবিংশ শতিকাত শেষত ১৮৮৯ চনত কোনখন আলোচনীৰ পাতত সাহিত্যৰ নব্যনব্যা আন্দোলন আৰম্ভ হয়?

উত্তৰঃ ঊনবিংশ শতিকাৰ শেষত ১৮৮৯ চনত 'জোনাকী' আলোচনীৰ পাতত সাহিত্যৰ নব্যনব্যা আন্দোলন আৰম্ভ হয়। 

১৭। 'জোনাকী' কাকতৰ কিমান বছৰ ৮ম সংখ্যাত লক্ষ্মীনাথ বোজবৰুৱাৰ 'পণ্ডিত মহাশয়',গল্পৰ যোগেদি চুটি গল্পৰ সূচনা হয়?

উত্তৰঃ 'জোনাকী' কাকতৰ চতুৰ্থ বছৰ ৮ম সংখ্যাত লক্ষ্মীনাথ বোজবৰুৱাৰ 'পণ্ডিত মহাশয়', গল্পৰ যোগেদি চুটি গল্পৰ সূচনা হয়।  

১৮।  আধুনিক ওচৰ চপাই দিয়া প্ৰথমজন ব্যক্তিৰ নাম কি?

উত্তৰঃ আধুনিক ওচৰ চপাই দিয়া প্ৰথম জন ব্যক্তিৰ নাম হ'ল- লক্ষ্মীনাথ বেজবৰুৱা। 

১৯। দ্বিতীয় বিশ্বযুদ্ধই সৃষ্টি কৰা বাতাবৰণ কাৰণেই কিমান চনৰ পৰা অসমীয়া সাহিত্যৰ পৰিৱৰ্তন হ'বলৈ লয়। 

উত্তৰঃ দ্বিতীয় বিশ্বযুদ্ধই সৃষ্টি কৰা বাতাবৰণ কাৰণেই ১৯৪০ চনৰ পৰা অসমীয়া সাহিত্যৰ পৰিৱৰ্তন হ'বলৈ লয়।

২০। চুটি গল্পৰ সংজ্ঞাৰ ক্ষেত্ৰত কোনে কৈছে? 

উত্তৰঃ চুটি গল্পৰ সংজ্ঞাৰ ক্ষেত্ৰত এডগাৰ এলেন পো এ কৈছে।


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)





Type- Parina Hazarika                                                                              




Post ID: DABP001696