নাটক

চতুৰ্থ গোট

১। জ্যোতিপ্ৰসাদ আগৰৱালা জন্ম কিমান চনত হয়।

উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালা জন্ম ১৯০৩ চনত হয়।

২।  জ্যোতিপ্ৰসাদ আগৰৱালা কিমান চনত ' ইন্দ্ৰ মালতী' নিৰ্মাণ কৰি উলিয়াই?

উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালা ১৯৩৯ চনত ' ইন্দ্ৰ মালতী' নিৰ্মাণ কৰি উলিয়াই।

৩। জ্যোতিপ্ৰসাদ আগৰৱালা এক মাত্ৰ কবিতাপুথি খনৰ নাম কি? 

উত্তৰঃ জ্যোতি প্ৰসাদ আগৰৱালা এক মাত্ৰ কবিতাপুথি খনৰ নাম হ'ল 'লুইতৰ পাৰৰ অগ্নিসুৰ'।

৪। জ্যোতিপ্ৰসাদ আগৰৱালা নাটৰ প্ৰকাশভংগী ৰীতি অনুসৰি কেই ধৰণে বিভক্ত?

উত্তৰঃ জ্যোতি প্ৰসাদ আগৰৱালা নাটৰ প্ৰকাশভংগী ৰীতি অনুসৰি দুই ধৰমে বিভক্ত।

৫। জ্যোতিপ্ৰসাদ আগৰৱালা ৰচিত নাটক দুখনৰ নাম লিখা। 

উত্তৰঃ জ্যোতি প্ৰসাদ আগৰৱালা ৰচিত নাটক দুখনৰ নাম হ'ল 'কাৰেঙৰ লিগিৰী', 'খনিকৰ'>

৬। জ্যোতিপ্ৰসাদ আগৰৱালা ১৯৩৫ চনত কোনখন বোলছবি নিৰ্মাণ কৰিছিল?

উত্তৰঃ জ্যোতি প্ৰসাদ আগৰৱালা ১৯৩৫ চনত 'জয়মতী' বোলছবি নিৰ্মাণ কৰিছিল।

৭। জ্যোতিপ্ৰসাদ আগৰৱালা স্কুলীয়া শিক্ষা ক'ত আছিল?

উত্তৰঃ জ্যোতি প্ৰসাদ আগৰৱালা স্কুলীয়া শিক্ষা তেজপুৰত আছিল।

৮। জ্যোতিপ্ৰসাদ আগৰৱালা ' ৰূপালীম' কেইটা অংকত বিভক্ত?

উত্তৰঃ জ্যোতি প্ৰসাদ আগৰৱালা ' ৰূপালীম' সাতোটা অংকত বিভক্ত।

৯। জ্যোতিপ্ৰসাদ আগৰৱালা কিমান বছৰ বয়সত শোণিত কুৱঁৰী নাটক ৰচনা কৰিছিল?

উত্তৰঃ জ্যোতি প্ৰসাদ আগৰৱালা চৈধ্য বছৰ বয়সত শোণিত কুৱঁৰী নাটক ৰচনা কৰিছিল।

১০। লভিতা নাটকখন কিমান চনৰ ভাৰতীয় গণবিপ্লৱ আৰু দ্বিতীয় মহাসমৰৰ সময়ত অসমৰ ৰাজনৈতিক অৱস্থাৰ পটভূমিত ৰচিত?

উত্তৰঃ লভিতা নাটকখন ১৯৪২ চনৰ ভাৰতীয় গণবিপ্লৱ আৰু দ্বিতীয় মহাসমৰৰ সময়ত অসমৰ ৰাতনৈতিক অৱস্থাৰ পটভূমিত ৰচিত।

১১। লভিতা সম্পৰ্কে জ্যোতিপ্ৰসাদ আগৰৱালা লভিতা নাটকৰ পাতনিত কোনে লিখিছে?

উত্তৰঃ লভিতা সম্পৰ্ক জ্যোতিপ্ৰসাদ আগৰৱালা লভিতা নাটকৰ পাতনিত ড॰ শৈলেন ভৰালীয়ে লিখিছে।

১২। জ্যোতিপ্ৰসাদ আগৰৱালা লভিতা নাটকখন কিমান চনৰ গণ আন্দোলনৰ আৰু দ্বিতীয় মহাযুদ্ধৰ বাস্তৱিক প্ৰতিছবি প্ৰতিফলিত হৈছে?

উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালা লভিতা নাটকখন ১৯৪২ চনৰ গণ আন্দোলনৰ আৰু দ্বিতীয় মহাযুদ্ধৰ বাস্তৱিক প্ৰতিছবি প্ৰতিফলিত হৈছে। 

১৩। লভিতা নাটকৰ কেন্দ্ৰ ক'ত?

উত্তৰঃ লভিতা নাটকৰ কেন্দ্ৰ গোলাঘাটৰ লহৰজান মৈজাৰ ফুলগুৰি গাওঁ।

১৪। লভিতাই আজাদ হিন্দ্ ফৌজৰ হাতত বন্দী হৈ আন অসমীয়া সকলৰ লগত কোনটো ফৌজন যোগদান কৰে?

উত্তৰঃ লভিতাই আজাদ হিন্দ্ ফৌজৰ হাতত বন্দী হৈ আন অসমীয়া সকলৰ লগত আই এন. এ. ফৌজত যোজত যোগদান কৰে। 

১৫। জ্যোতিপ্ৰসাদ আগৰৱালা নাটৰ আন এটা বৈশিষ্ট্য কি ?

উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালা নাটৰ আন এটা বৈশিষ্ট্য হৈছে নাৰী চৰিত্ৰ। 

১৬। জ্যোতিপ্ৰসাদ আগৰৱালা লভিতা নাটকখনৰ জীৱনৰ মূল লক্ষ্য কি?

উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালা  লভিতা নাটকখনৰ  সত্যৰ প্ৰতি গভীৰ নিষ্ঠা আৰু অন্যায়ৰ প্ৰতিবাদ কৰাই জীৱনৰ মূল লক্ষ্য।

১৭ গোলাপ চৰিত্ৰটো কি প্ৰজন্মৰ প্ৰতিনিধি?

উত্তৰঃ গোলাপ চৰিত্ৰটো নতুন প্ৰজন্মৰ প্ৰতিনিধি। 

১৮। জ্যোতি প্ৰসাদে লভিতাক বাস্তৱসন্মত দৃষ্টিভংগীৰে প্ৰগতিৰ পথত আগবাঢ়ি অহা নতুন যৰগৰ কি চৰিত্ৰ হিচাপে প্ৰতিপন্ন কৰিছে?

উত্তৰঃ জ্যোতি প্ৰসাদে লভিতাক বাস্তৱসন্মত দৃষ্টিভংগীৰে প্ৰগতিৰ পথত আগবাঢ়ি অহা নতুন যৰগৰ নাৰী চৰিত্ৰ হিচাপে প্ৰতিপন্ন কৰিছে।

১৯। লভিতা নাটকৰ আন এটা নাৰী চৰিত্ৰ কি?

উত্তৰঃ লভিতা নাটকৰ আন এটা চৰিত্ৰ হ'ল মৌজাদাৰণী।

২০। জ্যোতিপ্ৰসাদ আগৰৱালা কিহৰ অৱস্থাৰ পৰাই নাট্য-প্ৰতিভা প্ৰকাশ পাইছিল?

উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালা ছাত্ৰ অৱস্থাৰ পৰাই নাট্য-প্ৰতিভা প্ৰকাশ পাইছিল।


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)








Type By- Parina Hazarika 




Post ID: DABP001698