অধ্যায় 8

দশমিক ভগ্নাংশ ( Decimal Fraction )

অনুশীলনী 8 (C)


1. পূৰণ কৰা ।

(i) 0.6 ✖ 3

(ii) 0.7 ✖ 15

(iii) 2.3 ✖ 7

(iv) 5.1 ✖ 11

(v) 4.28 ✖ 5

(vi) 27.5 ✖ 3

(vii) 65.3 ✖ 12

(viii) 38.43 ✖ 19

(ix) 0.269 ✖ 9

(x) 1.495 ✖ 16


2. পূৰণফল উলিওৱা ।

(i) 0.7 ✖ 10

(ii) 0.36 ✖ 10

(iii) 0.978 ✖ 100

(iv) 3.465 ✖ 10

(v) 7.236 ✖ 100

(vi) 8.914 ✖ 100

(vii) 12.67 ✖ 10

(viii) 46.289 ✖ 1000

(ix) 0.0089 ✖ 1000

(x) 0.0943 ✖ 1000


3. পূৰণ কৰা ।

(i) 0.7 ✖ 0.9

(ii) 6.4 ✖ 0.8

(iii) 1.8 ✖ 3.7

(iv) 7.13 ✖ 0.9

(v) 5.23 ✖ 1.3

(vi) 7.29 ✖ 0.46

(vii) 14.84 ✖ 1.98

(viii) 26.3 ✖ 37.8

(ix) 0.625 ✖ 0.16

(x) 47.52 ✖ 36.15


4. এটা কলমৰ দাম 12.75 টকা হ'লে তেনেকুৱা 10টা কলমৰ দাম কিমান ?

5. এটা কোঠাত 25টা একেধৰণৰ কাঠৰ বাকচ আছে । ইয়াৰে এটা বাকচৰ ওজন 35.456 কিগ্ৰা.। আটাইকেইটা বাকচৰ মুঠ ওজন কিমান হ'ব ?


6. অমৰে সদায় ৰাতিপুৱা 12.635 কিমি. দূৰত্ব চাইকেল চলায় । এসপ্তাহত তেওঁ মুঠতে কিমান দূৰত্ব চাইকেল চলাব ?


7. এটা গাখীৰৰ পেকেটত 1.750 লি. গাখীৰ আছে । মোনা এটাত তেনেকুৱা গাখীৰৰ পেকেট 50টা আছে। মোনাটোত মুঠতে কিমান লিটাৰ গাখীৰ আছে নিৰ্ণয় কৰা । যদি 1 লিটাৰ গাখীৰৰ মূল্য 50.70 টকা হয় তেনেহ'লে মোনাটোত থকা গাখীৰখিনিৰ মুঠ মূল্য কিমান হ'ব ?


8. এখন আয়তাকাৰ খেলপথাৰৰ দীঘ 50.5 মি. আৰু প্ৰস্থ 38.8 মি. । পথাৰখনৰ পৰিসীমা আৰু কালি উলিওৱা ।


9. এটা বৰ্গৰ বাহুৰ দীঘ 8.37 ছেমি. । বৰ্গটোৰ পৰিসীমা আৰু কালি নিৰ্ণয় কৰা  ।

[ বৰ্গৰ পৰিসীমা = 4 ✖ বাহু, বৰ্গৰ কালি = বাহু ✖ বাহু ]


10. তোমাৰ বিদ্যালয়ৰ চৌহদৰ চাৰিওসীমাৰ মুঠ দৈৰ্ঘ জুখিবলৈ দিয়া হ'ল । তুমি দীঘল মাৰি এডালেৰে চাৰিওসীমাৰ দীঘ জুখি মুঠতে মাৰিডালৰ 48 গুণ পালা । যদি মাৰিডালৰ দৈৰ্ঘ 8.654 মিটাৰ হয় তেন্তে বিদ্যালয় চৌহদৰ চাৰিওসীমাৰ মুঠ দৈৰ্ঘ কিমান হ'ব নিৰ্ণয় কৰা ।



Question Type By- Himadree Bora


Post ID: DABP001803