অধ্যায় 13

সমমিতি ( Symmetry )

অনুশীলনী 13


1. তলৰ চিত্ৰবোৰৰ সমমিতি অক্ষবোৰ আঁকি দেখুওৱা । অক্ষ এডালতকৈ বেছি থাকিলে আটাইকেইডাল অক্ষ আঁকিবা ।




2. উত্তৰ লিখা ।

(i) এটা সমদ্বিবাহু ত্ৰিভুজৰ সমমিতি অক্ষ কেইডাল থাকে ?

(ii) এটা সমবাহু ত্ৰিভুজৰ সমমিতি অক্ষ কেইডাল থাকে ?

(iii) এটা আয়তৰ সমমিতি অক্ষ কেইডাল থাকে ?

(iv) এটা বৰ্গৰ সমমিতি অক্ষ কেইডাল থাকে ?

(v) এটা ৰম্বাচৰ সমমিতি অক্ষ কেইডাল থাকে ?

(vi) এটা বৃত্তৰ সমমিতি অক্ষ কেইডাল থাকে ?


3. ইংৰাজী ছপা বৰফলা আখৰবোৰৰ ক্ষেত্ৰত -

(i) এডালো সমমিতি অক্ষ নথকা দুটা আখৰৰ উদাহৰণ দিয়া ।

(ii) মাত্ৰ এডালহে সমমিতি অক্ষ থকা দুটা আখৰৰ উদাহৰণ দিয়া ।

(iii) দুডাল সমমিতি অক্ষ থকা দুটা আখৰৰ উদাহৰণ দিয়া ।

(iv) এনে দুটা আখৰৰ উদাহৰণ দিয়া যাৰ সমমিতি অক্ষডাল আনুভূমিক ( অৰ্থাৎ পথালিকৈ থাকে ) ।

(v) এনে দুটা আখৰৰ উদাহৰণ দিয়া যাৰ সমমিতি অক্ষডাল উলম্ব ( অৰ্থাৎ থিয়কৈ থাকে ) ।


4. সত্য নে অসত্য লিখা ।

(i) বূত্তৰ দুডাল সমমিতি অক্ষ থাকে ।

(ii) এটা ত্ৰিভুজৰ এডালতকৈ বেছি সমমিতি অক্ষ থাকিলে ত্ৰিভুজটো সমবাহু হ'বই লাগিব ? 

(iii) এটা সমকোণী ত্ৰিভুজৰ সৰ্বাধিক এডালহে সমমিতি অক্ষ থাকিব পাৰে । 

(iv) এডাল ৰেখাৰ সমমিতি অক্ষ নাথাকে ।

(v) যিকোনো ৰম্বাছ কৰ্ণ দুডাল সাপেক্ষে সমমিতি ।


Question Type By- Himadree Bora



Post ID: DABP001943