মই এটি যাযাবৰ


মই এটি যায়াবৰ

ধৰাৰ দিহিঙে - দিপাঙে লৱৰোঁ

নিবিচাৰি নিজা ঘৰ।

মই লুইতৰপৰা মিছিছিগি হৈ ভল্পাৰ ৰূপ চালোঁ

আটোৱাৰপৰা অষ্ট্ৰিয়া হৈ পেৰিছ সাবটি ল'লোঁ;

মই ইলোৰাৰপৰা পুৰণি ৰহণ চিকাগ'লে কাঢ়িয়ালোঁ

গালিবৰ শ্বেৰ দুশ্বন্বেৰ মীনাৰত শুনা পালোঁ;

মাৰ্ক টোৱেন'ৰ সমাধিত বহি গৰ্কীৰ কথা ক'লোঁ।

বাৰে বাৰে দেখোঁ বাটৰ মানুহো আপোন হৈছে বৰ।

সেয়ে মই যাযাবৰ।

                                                     

 বহু যাযাবৰ লক্ষ্যবিহীন মোৰ পিচে আছে পণ,

ৰঙৰ খনি য'তেই দেখিছো ভগাই দিবৰ মন। 

 মই দেখিলোঁ আনেক গগনচুম্বী অট্ৰালিকাৰ শাৰী

তাৰ ছাঁতেই দেখিছোঁ কতনা গৃহহীন নৰ-নাৰী

মই দেখিছোঁ ঘৰৰ সমূখ বাগিছাৰে আছে ভৰি

মই দেখিছোঁ মৰহা ফুলৰ পাপৰি অকালতে পৰা সৰি।

মনৰ মানুহ বহুতেই দেখোঁ ঘৰতে হৈছে পৰ।

                                        

সেয়ে মই যাযাবৰ

ধৰাৰ দিহিভে-দিপাঙে লৱৰোঁ

নিবিচাৰি নিজা ঘৰ

সেয়ে মই যাযাবৰ -

মই এটি যাযাবৰ।।

                                        

কথা ঃ মই এটি যাযাবৰ

ধৰাৰ দিহিভে-দিপাঙে লৱৰোঁ

নিবিচাৰি নিজা ঘৰ

Type Susmita Kakati


Post Id: DABP003017