অস্ত আকাশৰে
অন্ত আকাশৰে সপোন ৰহণ সানি
ক্লান্ত লুইতৰে হেঙুলীয়া পানী
বৈয়ে যায়, বৈয়ে, যায়, বৈয়ে যায়।।
কোন সুন্দৰৰে শিল্পীয়ে পদুম ফুলৰ নাৱেৰে
ময়ুৰপংখী ৰহণবোৰ দিয়ে ছটিয়াই।
দুয়ো পাৰে কত মানুহ, কত যে ইতিহাস
কত যুগৰ, শত আশা-নিৰাশাৰে নিশ্বাস।
লক্ষ্য যদি দিগন্ত শিল্পী হৈ তোমাৰ
পদুমৰে পানচৈ চপোৱাঁ এবাৰ
দেখিবা জীৱনৰে দিগন্ত অপাৰ
বেলি যে যায়, বেলি যে যায়
বেলি যে যায়।।
Type - Susmita Kakati
Post Id: DABP002922