চপলা, একা-বেঁকা, একা-বেঁকা এই নদী
চপলা, একা বেঁকা, একা বেঁকা এই নদী
উঠে ঢৌ, নাচে ঢৌ সোঁতেদি
মৰম এয়া নৈ
গোপনে যা বৈ
আঁৰেদি
মৌচুমী, যদি নামি যায় এই নদী
ফুলি উঠে চাপৰিতে এটি ফুল
প্ৰণয়ৰ এই ফুল
আলফুল, আলফুল
পাহিটি
সুৰভিতে মধুমায়া
মন কৰে মোহনীয়া
উৰে মন স্বপ্নৰ পাৰেদি
জীৱনৰ মৰু সেউজীয়া কৰা
অপৰূপ এই সুঁতি
জিল্মিল্ ৰ'দ ছায়া
দেখি নাচে এই হিয়া
বৰ্ষা ঋতুৰ যেন ময়ূৰটি
এই নদীৰেই
বৰ্ষা ঢল ভাঙে নিয়ৰৰ
গৰাটি।
(কথা : নিৰ্মলপ্ৰভা বৰদলৈ, সুৰ : ভবেন বৰঠাকুৰ)
Post Id:DABP002401
0 Comments