নেলাগে বাহিৰ শুৱনি
নেলাগে ৰূপৰ আঙনি
লাগে মন মিঠা সুবাসেৰে ভৰা
নেলাগে মিছা বাঁহীটি
যদিহে নাই তাত সুৰটি
তেতিয়া খহিব মনৰে গড়া
আই তোক নেলাগে তেনেটি দৰা
আই চাবিগৈয়ে তই মনে মনে
ঘৰখন কিমান যে ভাল
মই যে বিচাৰোঁ মৰমৰ ৰ'দালি
নেলাগে ভয়ৰে জাল
নেলাগে আকাশৰ তৰা
লাগে মন মিঠা সুবাসেৰে ভৰা
আই তই শুন মোৰ কথা এই
নেলাগে বেছি মোক একোৱেই
মই যে বিচাৰোঁ ঘৰৰে চোতালত
যুৰীয়া কপৌৰ মাত
বিচাৰোঁ সেইজন যিজনে পাৰে
গঢ়িব সেন্দূৰী বাট
আনিবি, আনিবি তেনেটি দৰা।
(কথা : নিৰ্মলপ্ৰভা বৰদলৈ, সুৰ ঃ ভবেন বৰঠাকুৰ)
Post Id:DABP002355