হাতো মেমেলিবি, ফুলো নিচিঙিৰি
হাতো নেমেলিবি, ফুলো নিছিঙিবি
পাট-কাপোৰৰ লগতে মাহী আই খুন্দিলে
তেজীমলাহে মই
ক’ৰে নাৱৰীয়া তই
কাৰেনো বিননি শুনি হায়
বতাহৰ বুকুতে উটি উটি উটি যায়
কোন সাউদৰ জীয়ৰীৰে মনৰ হুমুনিয়াহ
তেজীমলা যাৰ নাম
কেঁচাসোণ বৰণৰ গাভৰু দেহাটি
ৰূপৰে উঠিলে বান
বণিজ বেহাবলে সাউদে ওলালে
মাহীমাক ঘৰতে ৰ’ল
বাটৰে কাঁইটকে গুচাবলে বুলি
সুৰুঙা বিচাৰি ৰ'ল
লখিমী তেজাকে শাখিনী পাতিলে
ঢেঁকীৰে খুন্দিলে দেহা
লাও হৈ গজিলে, ফুল হৈ ফুলিলে
ইনো কি আচৰিত বেহা
লখিমী তেজাকে...
সঁচা যাতনাকে তুমি ঢাকিবা কিদৰে
নল মৰি মৰি জীয়ে
সঁহাৰি দিবহি যুগ যুগ ধৰি
তেজীমলা ৰূপ লৈয়ে
(কথা-নিৰ্মলপ্ৰভা বৰদলৈ, সুৰ- মুকুল বৰুৱা)
Post Id:DABP002384
0 Comments